Class 10 Assamese Chapter 1 বৰগীত– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
বৰগীত
Class 10 Assamese Chapter 1 বৰগীত – শ্ৰী শ্ৰী মাধৱদেৱ Complete Question Answer in Assamese Medium
বৰগীত
– শ্ৰী শ্ৰী মাধৱদেৱ
দশম শ্ৰেণী
অসমীয়া
পাঠ ১
১। চমুকৈ উত্তৰ দিয়া
(ক) “…..নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিৰ অনুৰোধ কৰিছে।
(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’
– সনক, সনন্দ আদি যোগীসকলে কান ধ্যান কৰে বুলি কৈছে?
উত্তৰঃ ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’
– সনক, সনন্দ আদি যোগীসকলে শ্ৰী হৰিক ধ্যান কৰে বুলি কৈছে।
গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ কবি সাংসাৰিক দুখ , বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ বৰগীতটি শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা।
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ কবিয়ে ‘বান্ধৱ’ বুলি হৰিক সম্বোধন কৰিছে।
(ছ) ‘মোহ-পাশ’ মানে কি?
উত্তৰ ‘মোহ-পাশ’ মানে হৈছে মায়াৰ বান্ধোন।
২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ নৱবৈষ্ণৱ ধর্মৰ অন্যতম প্ৰচাৰক শ্রী শ্রী মাধৱদেৱে গুৰুৰ পদাংকক অনুসৰণ কৰি শাস্ত্রীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ সম্পন্ন নির্দিষ্ট সংখ্যক বৰগীত লিখিছিল। মাধৱদেৱৰ বৰগীত সমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
আমাৰ পাঠ্যক্রমৰ অন্তর্গত ‘বৰগীত ‘টোও ইয়াৰ ব্যতিক্রম নহয়। এই গীতৰ মাজেৰে দ্ৰাস্য ৰসৰ সুন্দৰ প্রকাশ ঘটিছে। তলত বৰগীতটিৰ মূলভাৱটো বিশ্লেষণ কৰিবলৈ প্রয়াশ কৰা হল
হৰিৰ মহিমা অপাৰ । যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেঁও মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণকমলত আশ্রয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণযুগল হ’ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ’ল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিনে মানুহে মোহ- পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে।
মূল ভাৱটো বিশ্লেষণ কৰি গম পোৱা যে উক্ত বৰগীতটি মাধবদেৱৰ দাস্যভক্তিৰ এটা উৎ কৃষ্ট নিদর্শন।
৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্রচাৰক শ্ৰী শ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’। তেওঁৰ আন আন ৰচনাসমূহ হ’ল-
আখ্যানমূলক ৰচনা-ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তত্ত্বমূলক ৰচনা-জন্মৰহস্য, ভক্তি-ৰত্নাবলী, নামমালিকা।
নাট-অর্জুন-ভঞ্জন বা দধিমথন।
ঝুমুৰা- চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজনবিহাৰ।
গীতঃ বৰগীত আৰু ভটিমা ।
এইগৰাকী মহান সাহিত্যিকৰ ১০৭ বছৰ বয়সত ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত দেহাৱসান ঘটে ।
৪। ব্যাখ্যা কৰাঃ
(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰ উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত শ্রী শ্রী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
হৰিৰ মহিমা যে অপাৰ বা সীমাহীন আৰু তেওঁক যে সহজে লাভ কৰিব নোৱাৰি তাকে ক’বলৈ গৈ কবিয়ে উক্ত বৰগীত ফাঁকি উল্লেখ কৰিছে।
হৰিৰ মহিমা অপাৰ। সনক সনন্দ আদি সিদ্ধ মহা মুনিগণে ধ্যান কৰিও হৰিৰ মহিমা আয়ত্ব কৰিব নোৱাৰে । নিগম শাস্ত্রই তেওঁৰ মহিমা কৈ অন্ত পেলাব নোৱাৰে । তেওঁক কোনো সীমাৰ পৰিধিৰে আবৃত কৰিব পৰা নাযায়। জগতৰ সৃষ্টিকর্তা ভগৱানৰ পৰিধি বিশাল। পৰম জ্ঞানী সকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ ওচৰ চপাতো অসাধ্য কাম। তেনে স্থলত হৰিৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অতি কঠিন কাম। কবিয়ে গভীৰ ভাৱে উপলব্দি কৰিছে যে হৰিৰ কৃপা অবিহনে তেওঁৰ অপাৰ মহিমা আয়ত্ব কৰাতো কেতিয়াও সম্ভৱ নহয়।উক্ত বৰগীত ফাঁকিৰ মাজেৰে কবিৰ দাস্য ভক্তি সুন্দৰ ভাৱে ফুটি উঠিছে।
(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰ উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত শ্রী শ্রী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
উক্ত বৰগীত ফাঁকি মাজেৰে কবিয়ে সংসাৰৰ মায়া-মোহ, বিষয় বাসনাৰ পৰা মুক্তিৰ পথ দেখুৱাবলৈ হৰিক কাতৰভাৱে প্রার্থনা জনাইছে।
কবি সাংসাৰিক জীৱ। বৈষয়িক সুখৰ স্থলী এই সংসাৰ দৰাচলতে সকলো যন্ত্রণাৰ উৎস। পার্থিৱ সুখ সম্পদে মানুহক এনেদৰে মোহিত কৰে যে তেওঁলোকে সাংসাৰিক সুখকে জীৱনৰ একমাত্র সত্য বুলি ভুল কৰে। বিষয়-বাসনাত অৱদ্ধ জীৱই এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে আৰু পৰিত্ৰানৰ উপায়- বিচাৰি হাহাকাৰ কৰে। নিৰুপায় হৈ অইন জীৱৰ দৰে কবিয়েও হৰিৰৰ চৰণত শৰণ লৈছে। কিয়নো কবিয়ে গভীৰ ভাৱে বিশ্বাস কৰে যে সংসাৰৰ সমস্ত যন্ত্রণাৰ পৰা একমাত্র হৰিয়েহে জীৱক মুক্তি দিব।
কবিতা ফাঁকিত জৰিয়তে হৰিৰ প্রতি ভক্ত হৃদয়ৰ আকুলতা গভীৰভাৱে স্পষ্ট হৈছে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।
উত্তৰ উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত শ্রী শ্রী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
প্রকৃত ভক্তৰ কাৰণে ভগৱানৰ চৰণ যুগলেই যে অমূল্য সম্পদ তাকে ক’বলৈ করিয়ে উক্ত বৰগীত ফাঁকিৰ উল্লেখ কৰিছে।
ভক্ত কবিৰ মনত ভগৱানৰ চিৰপূজ্য, চিৰনমস্য আৰু সৃষ্টিকর্তা। তেওঁ সকলোকে উর্ধত। এই জগতৰ সকলো জীৱ জড়, পদার্থ তেওঁৰেই দান। গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতত মূল্যবান সম্পদ লাভ কৰাৰ সমান। কবিয়ে বিশ্বাস কৰে যে এয়া জীয়নৰ একান্ত আকাংশিত মহাধন। সেয়েহে সংসাৰত মায়া-মোহত অস্থিৰ কবিয়ে হৰিৰ কমল সদৃশ চৰণ দুখনিত শৰণ লৈ এই সংসাৰৰ জ্বলা যন্ত্রণাৰ পৰা উদ্ধাৰ পাবলৈ বিচাৰিছে, জীৱনৰ সমস্ত দুঃখ-যন্ত্রণা পৰা।
কবিতা ফাঁকিৰ মাজেৰে কৃপাৰ সাগৰত হৰিৰ কৃপাভিক্ষা কবিয়ে অতি কাতৰ ভাৱে কৰিছে।
৫। ‘সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাক বিচাৰি নাপাই ।’
一তাৎপর্য বিচাৰ কৰা ।
উত্তৰ হৰিৰ মহিমা অপাৰ। তেওঁৰ কৃপা লাভ কৰাটো ইমান সহজ নহয়। সনক, সনন্দৰ দৰে যোগী সকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ধ্যান কৰে। বিভিন্ন শাস্ত্রত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বিস্তৃত বৰ্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্রসমূহ অধ্যয়ন কৰিও ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। কবিয়ে কৈছে যে ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে গভীৰ তপস্যা কৰাতকৈ বা শাস্ত্র আদিৰ অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধ চিত্তে একন্তে মনে ভগৱানক প্রার্থনা কৰাহে প্রয়োজন ।.
৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?
উত্তৰ বৰগীতৰ চাৰিটা লক্ষণ হ’ল 一
ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ–তালযুক্ত গীত।
খ) বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী ।
গ) বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাবেশ ঘটিছে।
ঘ) বৰগীত সমূহ হ’ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।
ভাষা-বিষয়কঃ
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
উত্তৰ
শব্দ — আধুনিক শব্দ
নপাৱন্ত – নাপায়।
কেনে – কিদৰে, কেনেকৈ।
ভৈলোহো – হলোঁ।
তুমিসে – তুমিয়েই, তুমিহে।
জনেৰ – সকলৰ, জনৰ।
কহয় – কয়।
২) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য়সমূহ উল্লখ কৰা।
উত্তৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত কৰা হ’ল 一
ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা।
খ) ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্রিম সাহিত্যিক ভাষা।
গ) শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম ভাষাৰ মাধ্যমত ভগবান শ্রীকৃষ্ণৰ লীলা বিষয়ক গীত-পদৰ সৃষ্টি হৈছিল। এই ভাষাটোক ব্রজবুলি, ব্রজবোল আৰু অসমীয়াত ব্রজাবলী ভাষা বোলা হয়।
ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ
পৰিছে।
Class 10 Assamese All Question Answer- Click Here
Class 10 Assamese Chapter 1 বৰগীত Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam