Class 10 Assamese Chapter 10 অৰুণিমা সিনহা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
📘 পাঠৰ তথ্য (Chapter Overview)
- 📖 Chapter Name: অৰুণিমা সিন্হা
- 🏫 Class: 10
- 📚 Subject: Assamese (অসমীয়া)
- 📘 Section: গদ্যাংশ (Prose)
- 🏛️ Board: SEBA / SCERT Assam
- ✍️ Book: Class 10 Assamese Textbook
✨ পাঠৰ সংক্ষিপ্তসাৰ
“অৰুণিমা সিন্হা” অধ্যায়টোৱে ভাৰতৰ প্ৰথম মহিলা পৰ্বতাৰোহী অৰুণিমা সিন্হাৰ জীৱন সংগ্ৰাম আৰু সাহসৰ কাহিনী বৰ্ণনা কৰে। এক দুৰ্নিবাৰ দুৰ্ঘটনাৰ পাছতো তেওঁ কিদৰে মনোবল আৰু দৃঢ় ইচ্ছাশক্তিৰ জৰিয়তে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে, সেই সকলোবোৰ অনুপ্ৰেৰণাদায়কভাৱে প্ৰকাশ পাইছে।
এই পাঠটোৱে ছাত্ৰ-ছাত্রীসকলক আত্মবিশ্বাস, অধ্যৱসায় আৰু মনোবলৰ মূল্য বুজাবলৈ সহায় কৰে।
✅ Class 10 Assamese Chapter 10 – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ
অৰুণিমা সিনহা
Class 10 Assamese Chapter 10 অৰুণিমা সিনহা Complete Question Answer in Assamese Medium
অৰুণিমা সিনহা
দশম শ্ৰেণী
অসমীয়া
পাঠ 10
১। ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰ: অৰুণিমা সিন্হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।
খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত?
উত্তৰ: অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত।
গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল?
উত্তৰ: হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ উচ্চতম শৃংগলে উঠাৰ সপোনে তীব্র ৰূপ লৈছিল।
ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰ: চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল।
ঙ) মাউন্ট এভাৰেষ্টত অৰুণামাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
উত্তৰ: অৰুণিমাই ২০১৩ চনৰ ২১ মে’ তাৰিখে মাউন্ট এভাৰেষ্টত আৰোহণ কৰিছিল। তাত তেওঁ প্রায় ডেৰ ঘণ্টা সময় আছিল।
2/ অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰ: ৰেলযাত্ৰাৰ সময়ত অৰুণিমা এটা ডকাইতৰ দলৰ কবলত পৰিছিল। ডকাইতৰ দলটোৱে অৰুণিমাক সোণৰ চেইনডাল দিবলৈ দাবি কৰিছিল। সিহঁতে বাৰে বাৰে সোণৰ চেইনডাল বিচাৰি অৰুণিমাক ধমকি দিছিল। অৰুণিমাই কোনোপধ্যেই চেইনডাল দিবলৈ মান্তি নোহোৱাত ডকাইতৰ দলটোৱে তাইক চলন্ত ৰেলগাড়ীৰ পৰা বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল। অৰুণিমাৰ শৰীৰটো কাষেৰে পাৰহৈ যোৱা আন এখন ৰেল গাড়ীত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গৈছিল।এই দুর্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ’ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই চলা ফুৰা কৰিবৰ ব্যৱস্থা কৰা হ’ল।
৩/ অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰ: অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রিপালে যথেষ্ট সহায় কৰিছিল। বাচেন্দ্রি পালৰ উচিত পৰামৰ্শ, সহায় আৰু প্রশিক্ষণৰ বলত অৰুণিমাই এভাৰেষ্ট আৰোহণৰ সপোন দিঠকত পৰিণত কৰিব পাৰিছিল। বাচেন্দ্রিপালৰ পৰামৰ্শতে অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যোগ দিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত অৰুণিমাই বাচেন্দ্রিপালৰ তত্ত্বাবধানত অনুশীলন কৰি এভাৰেষ্ট আৰোহণৰ বাবে নিজকে প্রস্তুত কৰিছিল।
৪/ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰ: এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত বাচেন্দ্রিপালৰ তত্ত্বাবধানত অনুশীলন চলাইছিল।
শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ় আৰু অধ্যৱসায়ী অৰুণিমাই প্রায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমর্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্রত সেয়া তিনিঘন্টাও লাগিছিল। কেতিয়াবা তেওঁৰ ভৰি দুখন তেজেৰে তুমৰলি হৈছিল। তথাপিও আশা এৰি নিদি অৰুণিমাই অদম্য সাহসেৰে অনুশীলন চলাই গৈছিল।
৫/ অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নোৱাৰিলে?
উত্তৰ: মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২২,৭৯৮ ফুট। অৰুণিমাই ২১,১০৮ ফুট উচ্চতালৈকে আৰোহণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেই সময়ত বতৰ অত্যন্ত প্রতিকূল বা বেয়া আছিল। তেনে প্রতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল। সেয়ে অৰুণিমাই চামছেৰ কাংৰিৰ অভিযান -সম্পূর্ণ কৰিব নোৱাৰিলে।
৬/ অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বর্ণনা দিয়া।
উত্তৰ: অৰুণিমা সিনহা আছিল উত্তৰ প্রদেশৰ এগৰাকী চাব্বিশ বছৰীয়া যুৱতী। ৰেল যাত্রাত দুর্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱাব লগীয়া হৈছিল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই চলা-ফিৰা কৰিব লগীয়া হৈছিল। তেনেকুৱা অৱস্থাৰেই তেওঁ এভাৰেষ্ট আৰোহণৰ প্ৰৱল ইচ্ছাশক্তিক বাস্তৱত পৰিণত কৰিছিল।হস্পিতালৰ পৰা ওলাই অৰুণিমাই পোনে পোনে পোনে বাচেন্দ্রিপালৰ ওচৰলৈ গৈ এভাৰেষ্ট আৰোহণৰ তীব্ৰ হেঁপাহৰ কথা জনায় আৰু তেওঁৰ পৰা উচিত দিহা-পৰামৰ্শ আৰু প্রশিক্ষণ বিচাৰে। অৱশেষত বাচেন্দ্রিপালৰ তত্ত্বাৱধানত অৰুণিমাই এবছৰ কাল কঠোৰ অনুশীলন কৰে। অনুশীলনৰ কালচোৱা অৰুণিমাৰ বাবে অতি কষ্টসাধ্য আছিল। প্রথমে তেওঁ মাউন্ট ছামছেৰ কাংৰিঙলৈ অভিযান চলাইছিল। সেইবাৰ তেওঁ ২১,১০৮ ফুট উচ্চতালৈকে আৰোহণ কৰি প্রতিকূল বতৰৰ বাবে অভিযান সামৰিব লগা হৈছিল। অৱশ্যে সেই অসম্পূর্ণতাই তেওঁৰ সংকল্প অধিক দৃঢ় কৰি তুলিছিল।
অৱশেষত অৰুণিমা মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল। লগত ল’লে দুটাকে কেমেৰা, পানী আৰু অক্সিজেন। চাৰি নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। অক্সিজেনো প্রায় শেষ হওঁ হওঁ হৈছিলগৈ। তথাপিও হাৰ নামানি অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গ’ল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্রায় আঠবজাত তেওঁ ৮৮৪৮ মিটাৰ উচ্চতাৰ মাউন্ট এভাৰেষ্টত পদার্পণ কৰিবলৈ সক্ষম হ’ল।
৭/ একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্রজনৰ বাবে আশা আৰু প্রেৰণাৰ বতৰা কঢ়িয়াই আনে।” কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰ: সমাজৰ সকলোবোৰ লোক সমান প্রতিভাসম্পন্ন নহয় যদিও কম বেছি পৰিমাণে সকলোৰে কিছুমান নিজস্ব প্রতিভা থাকে। নিজৰ সুপ্ত প্রতিভাক জাগ্ৰত কৰি বিশ্বৰ দৃষ্টি আকর্ষণ কৰিব পৰা লোকৰ সংখ্যা তেনেই তাকৰ। নিজৰ প্রতিভাক জাগ্রত কৰি এজন সফল ব্যক্তি হিচাপে প্রতিষ্ঠিত কৰিবৰ বাবে থাকিব লাগিব এটা দৃঢ় প্রতিজ্ঞ মন আৰু সাহস। এই দুয়োটা গুণ অৰুণিমা সিন্হাৰ গাত আছিল। তেওঁ দুয়োটা ভৰি বিকলাঙ্গ হোৱা সত্ত্বেও যি দুৰন্ত সাহস আৰু আত্মবিশ্বাসেৰে এভাৰেষ্ট বিজয় কৰিলে, তেনে উদাহৰণ বিৰল। সুস্থ শৰীৰৰ অজস্ৰ মানুহে কৰিব নোৱাৰা এটা দুঃসাহসিক কাম কৰি তেওঁ বিৰল চানেকি দেখুৱাই দিলে। তেওঁৰ আদর্শই আন বহুতক অনুপ্রেৰণা যোগাব। প্রৱল ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু সাহস থাকিলে যে মানুহে কৰিব নোৱাৰা কাম একো নাই, সেই কথা অৰুণিমাই প্রমাণ কৰি দেখুৱালে।
৮/ ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?
উত্তৰ: যুৱৰাজ সিং ভাৰতীয় ক্রিকেট দলৰ এজন আগশাৰীৰ খেলুৱৈ। এই মহান খেলুৱৈজন দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত হৈছিল। কর্কট ৰোগত আক্রান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্রতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে, আৰু জীৱনৰ উত্তৰণৰ বাটটো ই হেঙাৰ হ’ব নোৱাৰে। যুৱৰাজৰ এনে আদর্শই অৰুণিমাক মনোবল অটুত ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল।
৯/ চমুটোকা লিখা –
ক) বাচেন্দ্রি পাল = বাচেন্দ্রিপাল প্রথম ভাৰতীয় মাউন্ট এভাৰেষ্ট আৰোহণকাৰী মহিলা। তেওঁৰ জন্ম হৈছিল ১৯৫৪ চনৰ ২৪ মে’ তাৰিখে উত্তৰ কাশীত। ১৯৮৪ চনত তেওঁ পৃথিৱীৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণ কৰি ইতিহাস সৃষ্টি কৰিছিল। ভাৰত চৰকাৰে ২০১৯ চনত তেওঁক দেশৰ তৃতীয় সর্বোচ্চ সন্মান ‘পদ্ম ভূষন’ প্রদান কৰে। বৰ্তমান তেওঁ ‘টাটা ষ্টীল এডভেন্সাৰ ফাউণ্ডেচন’ৰ মুখ্য প্রশিক্ষকৰূপে কার্যনির্বাহ কৰি আছে।
খ) টেনজিং নৰগে: টেনজিং নৰগে আছিল প্রথম মাউন্ট এভাৰেষ্ট আৰোহণকাৰী। তেওঁ আছিল ভাৰতীয় নেপালী লোক। তেওঁৰ জন্ম হৈছিল ১৯১৪ চনৰ ২৯ মে’ তাৰিখে উত্তৰ-পূব নেপালৰ খুম্বুত। ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে তেওঁৰ সহযোগী এডমাণ্ড হিলাৰীৰ সৈতে পৃথিৱীৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহন কৰি প্রথম আৰোহণকাৰী হিচাপে ইতিহাসৰ পাতত নিজৰ নাম খুদিত কৰিবলৈ সক্ষম হয়। এইজনা ব্যক্তিৰ মৃত্যু হৈছিল ১৯৮৬ চনৰ ৯ মে’ তাৰিখে।
গ) ষ্টিফেন হকিং: বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেনউইলিয়াম হকিঙৰ জন্ম হৈছিল ১৯৪২ চনৰ ৮ জানুৱাৰী তাৰিখে, ইংলেণ্ডত। তেওঁ আছিল ইংলিছ মিঅ’ৰিটিকেল ফিজিচিষ্ট, কচমলজিষ্ট আৰু লেখক। মাত্র ২১ বছৰ বয়সতে জটিল স্নায়ুৰোগত আক্রান্ত হোৱা হকিঙে এখন হুইল চেয়াৰত বহিয়ে সাধনা কৰি যায় আৰু বিজ্ঞান জগতলৈ অশেষ অৱদান আগবঢ়ায়।বিজ্ঞান জগতলৈ আগবঢ়োরা তেখেতৰ উল্লেখযোগ্য অৱদান সমূহৰ ভিতৰত-The Big Bang Theory, Black Hole Radiation, ইত্যাদি বিশেষভাবে উল্লেখযোগ্য। তাৰোপৰি তেখেতে ভালেমান গ্রন্থ উপহাৰ দি গৈছে।এইজনা মহান বিজ্ঞানীৰ মৃত্যু হয় ২০১৮ চনৰ চৈধ্য মার্চ তাৰিখে।
১০/ সন্ধি ভাঙা:
সংশয় – সম্+শয়
পর্বতাৰোহণ – পর্বত + আৰোহণ
উৎসাহ – উৎ+ সাহ
হিমালয় – হিম + আলয়
প্রত্যাহ্বান- প্রতি আহ্বান
বিপদাপন্ন- বিপদ + আপন্ন
১১/ উপসর্গ ভাঙি দেখুওৱা:
অনুৰাগ – অনু+ ৰাগ
অনুভৱ – অনু+ভৱ
অভিনয়- অভি + নয়
প্রতিফল – প্রতি+ ফল
এই পাঠটোৱে জীৱনত সংঘটিত কঠিন পৰিস্থিতিতো মনোবল অটুট ৰাখিলে কিদৰে সফলতা লাভ কৰিব পাৰি, তাৰ এটি জীৱন্ত উদাহৰণ। অৰুণিমা সিন্হাৰ জীৱনকাহিনীৰ জৰিয়তে ছাত্ৰ-ছাত্রীসকলেও নিজৰ লক্ষ্যৰ বাবে সাহসেৰে আগবাঢ়ি যাব পৰা মনোবল লাভ কৰিব।
Chapter Summary (সংক্ষেপ)
এই পাঠৰ মাজেৰে, নেপালী বা গোর্খা জনগোষ্ঠীৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু পৰম্পৰা সম্পৰ্কে ধাৰণা দিব পৰা যায়। অসমত তেওঁলোকৰ অৱদান আৰু সমাজত অৱস্থিতি বুজা যায়।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
Class 10 Assamese Chapter 10 অৰুণিমা সিনহা Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam