Class 10 Assamese Chapter 11 অৰণ্যযাত্রা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
📘 পাঠৰ তথ্য (Chapter Details)
- 📖 Chapter Name: অৰণ্যযাত্রা
- 🏫 Class: 10
- 📚 Subject: Assamese (অসমীয়া)
- 🧾 Section: গদ্যাংশ (Prose)
- 🏛️ Board: SEBA / SCERT Assam
- 📘 Book: Class 10 Assamese Textbook
✨ পাঠৰ সংক্ষিপ্তসাৰ (Summary)
“অৰণ্যযাত্রা” পাঠটোৱে লেখকজনে নিজে অভিজ্ঞতাৰ আধাৰত বনাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য, জীৱবৈচিত্র্য, আৰু অৰণ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। এই পাঠৰ মূল উদ্দেশ্য হৈছে বন-জীৱন, পৰিবেশ সংৰক্ষণ আৰু জীৱ-প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ বিষয়ে ছাত্ৰ-ছাত্রীসকলক সচেতন কৰা।
✅ Class 10 Assamese Chapter 11 – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ
অৰণ্যযাত্রা
Class 10 Assamese Chapter 11 | অৰণ্যযাত্রা Complete Question Answer in Assamese Medium
অৰণ্যযাত্রা
দশম শ্ৰেণী
অসমীয়া
পাঠ 11
১/ ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰ: বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল।
খ) পল আৰু পাহি কোন কোন শ্রেণীত পঢ়ে?
উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।
গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি কৈছিল?
উত্তৰ: পলে খোৱা কাঁহী-বাটি ধোঁৱা কাম ছোৱালীৰ বুলি কৈছিল।
ঘ) লর্ড কার্জন কোন?
উত্তৰ: লর্ড কার্জন আছিল ব্রিটিছ ভাইচৰয়।
2/ লৰা-ছোৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক কি কৈছিল?মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তৰ: ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক এনেদৰে প্রশ্ন কৰিছিল-“মা, ল’ৰা-ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? ছোৱালীয়ে কৰা কামবোৰ ল’ৰাই কৰিব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি? পাহিৰ প্রশ্নৰ প্রত্যুত্তৰত মাকে এনেদৰে বুজনি দিছিল যে তেওঁ ল’ৰা-ছোৱালী দুয়োকে যি বয়সত যি কাম শিকিব লাগে সকলো শিকাই গৈছে। পঢ়া-শুনা শেষ কৰি যেতিয়া ব্যৱসায় বা চাকৰি সংক্ৰান্তত ঘৰৰ পৰা আঁতৰি থাকিব লগা হ’ব, তেতিয়া নিজৰ কাম নিজেই কৰিব লাগিব। আৰু কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ’ব লাগিব। তেতিয়া সময় আৰু মানুহৰ ওচৰত ঠগ খাব লাগিব।
৩/ প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ: প্রকৃতিৰ প্রতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন; তামোল-গছৰ কাষতে থকা আমগছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলা-প্রীতিৰে থাকে। আকৌ কলগছ জোপাৰ কাষতে থাকে নেমুগছজোপা, নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্রকৃতিৰ এনেবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে।
৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ: কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক দেউতাকে এনেদৰে কৈছিল- “শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা।”
মাকে কৈছিল-” তোমালোক পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা।”
৫/ ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকে কাম ভাগ কৰি দিছো তেনেকৈ কৰা।’- এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’ব লগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
উত্তৰ: উক্ত কথাষাৰৰ বক্তা অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা চাৰ।
অধীৰ আগ্ৰহেৰে ছাত্র-ছাত্রী সকল অৰণ্যযাত্রাৰ বাবে বাছত উঠিল।কাজিৰঙা অভয়াৰণ্যৰ দিশে বাছ আগবাঢ়িল। বাছৰ ভিতৰতে শিক্ষক সকলে ছাত্র-ছাত্রীৰ মাজৰ পৰা নেতা-নেত্রী পাতি দিলে আৰু কামৰ দায়িত্ব দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ’ল বাছত থকা ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধা সমূহলৈ মন দিবলৈ। সৌৰত আৰু আফতাৰক দায়িত্ব দিয়া হ’ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাবে বিতৰণ কৰিবলৈ। সৌৰতে সেইটো কাম কৰিবলৈ অনিচ্ছা প্রকাশ কৰি পাহি আৰু বিদিশাক দিয়া কামটোহে সিহঁতক দিব লাগে বুলি ক’লে। আফতাৰেও সৌৰভৰ কথাত হয়ভৰ দিলে। তেতিয়া অংকৰ শিক্ষক ৰঞ্জিত চাৰৰ খং উঠিল আৰু উক্ত কথাষাৰ ক’বলগীয়া হ’ল।
৬/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাৰহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পোৱাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সকলোৱে জিৰণি লোৱাৰ সময়তে পল, আফতাৰ আৰু সৌৰভে কোনেও নজনাকৈ আবাস গৃহৰ পিছফালে গৈ চন্তৰীবোৰে নেদেখাকৈ লোহাৰ জপনা বগাই এখন বিলৰ পাৰ পালেগৈ, বিলৰ এচুকত এখন নাঁও বান্ধি থোৱা আছিল। সিহঁতে নাও খন খুলি মেটেকা ভৰা বিলখনত চলাবলৈ ধৰিলে। কিছুদূৰ যোৱাৰ পাছত নাওখন মেটেকাৰ মাজত সোমাই পৰিল। ইফালে নাঁওখনৰ তলিত থকা ফুটাটোৰে পানী সোমাবলৈ ধৰিলে। নাঁও আগলৈ পিছলৈ নোযোৱা হ’ল। আসন্ন বিপদৰ পৰা সিহঁতক বচাবলৈ ওচৰত কোনো মানুহ নাছিল। হঠাতে সিহঁতৰ চকুত পৰিল দূৰৈৰ পথাৰখনত মাছ ধৰি আহি থকা কেইজনীমান ছোৱালী। ছোৱালী কেইজনীক উদ্দেশ্যি সিহঁতে বচোৱা ,বচোৱা বুলি পাৰে মানে চিঞৰিবলৈ ধৰিলে। ছোৱালীকেইজনী দৌৰি আহি বিলৰ ওচৰ পালেহি। তেনেতে নাওখন কাতি হৈ পৰাত পল পানীত পৰি গ’ল। দুজনী ছোৱালীয়ে তৎক্ষণাত বিলত
জঁপিয়াই সাতুৰি পলক উদ্ধাৰ কৰিলে। আন এজনীয়ে নাওখন পাবলৈ আনিবলৈ চেষ্টা কৰোঁতে কাতি হৈ যোৱাৰ ফলত সৌৰভ আৰু আফতাৰ পানীত পৰি গ’ল। ছোৱালী কেইজনীয়ে সিহঁতকো উদ্ধাৰ কৰিলে।এনেদৰে আসন্ন মৃত্যুৰ পৰা সৌৰভ, আফতাৰ আৰু পলক মাছ-মৰীয়া ছোৱালী কেইজনীয়ে বচাবলৈ সক্ষম হল।
৭/ শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দর্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা
উত্তৰ: পল, আফতাৰ আৰু সৌৰভে অৰণ্য যাত্ৰাৰ নীতি-নিয়ম ভংগ কৰি, শিক্ষকৰ অনুশাসন অৱমাননা কৰি যি নকৰিব লগীয়া কাম কৰিলে, আৰু আসন্ন মৃত্যুৰ পৰা কথমপিহে প্রাণ ৰক্ষা পৰিল, সেই অভাৱনীয় ঘটনাৰ বাবেই শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। কিয়নো ছাত্র-ছাত্রী সকলক সুস্থ শৰীৰে ওভতাই নিয়াটো তেওঁলোকৰ প্রধান দায়িত্ব।হাজৰিকা চাৰে সেই কথা ঘোষণা কৰাৰ লগে লগে কোঠালিটো কাঁহ পৰি জীণ গ’ল। সকলোৰে মুখৰ মাত হেৰাল। পল, আফতাৰ আৰু সৌৰভলৈ আটাইয়ে খঙেৰে চালে। তেনেতে পাহিয়ে থিয় হৈ সিহঁতৰ মাজৰে ছাত্রই গর্হিত কাম কৰি সকলোৰে আশাত চেঁচাপানী ঢলাৰ বাবে দুঃখিত হৈ ক্ষমা বিচাৰিলে। লগতে তাই ক’লে যে দোষীয়েহে শাস্তি পোৱা উচিত। গতিকে অৰণ্য দর্শন বাতিল নকৰি, সিহঁতক লগত নিনিবৰ বাবে মত আগবঢ়ায়। পাহিৰ কথাত সকলোৱে হয়ভয় দিলে। পলেও নিজৰ অক্ষমনীয় দোষৰ বাবে যি শাস্তি দিয়ে দিয়ক, তথাপি অৰণ্য দর্শন বাতিল কৰিব নালাগে বুলি ক্ষমা বিচাৰিলে।
শেষত ৰাতিৰ আহাৰ গ্ৰহণ কৰা পিছত সকলো ছাত্র-ছাত্রীক উদ্দেশ্যি এটা স্বর্ত আৰোপ কৰিলে যে ইয়াৰ পৰা গৈ ছাত্র-ছাত্রী সকলে যাত্ৰাৰ অভিজ্ঞতাৰে একোখনকৈ ৰচনা লিখিব লাগিব। পল, সৌৰভ আৰু আফতাৰে কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব।তেতিয়াহে পুৱাই আমি সকলো অৰণ্য দৰ্শন কৰিবলৈ যাম। চাৰৰ সিদ্ধান্তত সকলো মান্তি হ’ল আৰু আনন্দত হাত চাপৰি বজালে।
৮/ মহীচন্দ্র মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ: মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া।
তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেই কথা সমগ্র জগতক প্রথম জনালে। এনেদৰে বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তি হিচাপে তেওঁ পৰিগণিত হ’ল।
৯/ নিগনা চিকাৰীৰ প্রকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?
উত্তৰ: নিগনা চিকাৰীৰ প্রকৃত নাম আছিল বাপীৰাম হাজৰিকা। তেওঁ এজন ভাল হাতী মাউত আছিল।তেওঁ লর্ড কার্জনৰ পত্নী মেৰী কার্জনক কাজিৰঙাৰ গঁড় দেখুৱাইছিল।
১০/ কাজিৰঙালৈ যাত্রা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থী সকলে শিক্ষক-শিক্ষয়িত্রী সকলক অৱগত কৰিছিল?
উত্তৰ: কাজিৰঙালৈ যাত্রাকৰি শিক্ষার্থী সকলে লাভ কৰা বিশেষ শিক্ষা কেইটা হ’ল-
ক) নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।
খ্) ল’ৰা আৰু ছোৱালী সকলো সমান।
গ) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূর্খৰ কাম।
ঘ) গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, গছ নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে। আৰু
ঙ) দলীয় ভাবে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো জৰুৰী কথা।
১২/ মুর্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দশোৱা:
অৰণ্য: ণত্নবিধি মতে একেটা পদতে ঋ, ৰ আৰু ষ থাকিলে ‘ন’ৰ ঠাইত ‘ণ’ হয়। অৰণ্য শব্দটোত ‘ৰ’ থকাৰ বাবে ‘ণ’ হৈছে।
অর্পণ: ণত্নবিধি মতে একেটা শব্দত ঋ ,ৰ বা ষ আৰু ন-ৰ মাজত-স্বৰবৰ্ণ, ক বর্গ বা প বৰ্গৰ আখৰ থাকিলে ‘ন-ৰ ঠাইত’ণ’ হয়, অর্পণ শব্দটোত অ-ৰ পিছত প আৰু ৰ(/) থকাৰ বাবে ণ হৈছে।
কণ্ঠ: ণত্নবিধি মতে ‘ট’বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে ‘ন-ৰ ঠাইত ‘ণ’ হয়। কণ্ঠ শব্দটোত ঠ- ৰ লগত যুক্ত হোৱা বাবে ‘ণ’ হৈছে।
ওৰণি: ণত্নবিধি মতে একেটা শব্দত ঋ, ৰ বা ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বর্গ বা প বৰ্গৰ আখৰ থাকিলে ‘ন-ৰ ঠাইত ‘ণ’ হয়। ওৰণি শব্দটো উক্ত নিয়ম মতে ‘ণ’ হৈছে।
পোৰণি: ণত্নবিধি মতে একেটা শব্দত ঋ, ৰ বা ষ আৰু ন-ৰ মাজত স্বৰবণ, ক-বর্গ বা পবৰ্গৰ আখৰ থাকিলে ‘ন-ৰ ঠাইত ‘ণ’ হয়। পোৰণি শব্দটো উক্ত নিয়ম মতে ‘ণ’ হৈছে।
আড়স্বৰপূর্ণ: ণত্নবিধি মতে একেটা শব্দত ঋ, ৰ বা ষ থাকিলে ‘ন’-ৰ ঠাইত ‘ণ’ হয়। আড়ম্বৰপূর্ণ শব্দটোত ‘ৰ’ থকাৰ বাবে ‘ণ’ হৈছে।
অৰণ্যযাত্রা পাঠটোৱে আমাৰ পৰিৱেশৰ গুৰুত্ব বুজাবলৈ সহায় কৰে। প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বনাঞ্চলৰ প্ৰতি আমাৰ দায়িত্ববোধ বুজাবলৈ ই এক গুৰুত্বপূৰ্ণ পাঠ। এই পাঠৰ প্ৰশ্ন-উত্তৰসমূহ মনোযোগসহকাৰে অধ্যয়ন কৰিলে SEBA Class 10 পৰীক্ষাত ভাল নম্বৰ লাভৰ সম্ভাৱনা বৃদ্ধি পাব।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
Class 10 Assamese Chapter 11 অৰণ্যযাত্রা Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam