Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
🧾 অধ্যায় ১৩ – কানাইৰ চাতুৰী
- Subject: Assamese
- Class: 10
- Chapter Name: কানাইৰ চাতুৰী
- Category: পদ্যাংশ
- Board: SEBA / SCERT Assam
- Medium: Assamese
🖊️ পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary)
“কানাইৰ চাতুৰী” কবিতাটোত কৃষ্ণৰ বাল্যকালৰ এক মজাৰ ঘটনা উপস্থাপন কৰা হৈছে। কানাইৰ চতুৰতা, বুদ্ধিমত্তা আৰু কথাৰ জাদু কবিতাটোৰ মূল কেন্দ্ৰবিন্দু। কবিৰ ৰসিকতাপূৰ্ণ ভাষা আৰু কৃষ্ণৰ শিশুসুলভ আচৰণই ছাত্ৰ-ছাত্ৰীৰ মন আকৰ্ষণ কৰে।
✅ Class 10 Chapter 13 Question Answer (Assamese Medium)
কানাইৰ চাতুৰী
Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী– শ্রীধৰ-কন্দলী Complete Question Answer in Assamese Medium
কানাইৰ চাতুৰী
– শ্রীধৰ-কন্দলী
দশম শ্ৰেণী
অসমীয়া
পাঠ 13
১। অতি চমু উত্তৰ দিয়া:
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
উত্তৰ:- কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰ:- কৃষ্ণই চাৰি পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।
গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ?
উত্তৰ:- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল ।
(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তৰ:- কপিল মুনিৰ মাতৃ আছিল দেৱহুতি ।
(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উত্তৰ:- বামণ ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ।
২। তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জিউ
এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উত্তৰ এই কথাষাৰ স্ত্রী কৃষ্ণৰ উক্তি।কৃষ্ণই মাকক উদ্দেশ্য কৰি এইদৰে কৈছিল। মাতৃ যশোদাক দেখি শিশু জীউ উৰি গৈছিল।
শ্ৰী কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ। শিশু অৱস্থাত তেওঁ যশোদাৰ দ্বাৰা লালিত পালিত হৈছিল। যশোদাই কৃষ্ণক নিজ পুত্র বুলিয়ে ভাবিছিল আৰু কৃষ্ণই দুষ্টালি কৰোতে যশোদাই শাসন কৰিছিল। কৃষ্ণইও এটি সাধাৰণ মানৱ শিশুৰ দৰে মাক যশোদাৰ শাসনলৈ ভয় কৰি দেখুৱাইছিল আৰু ভয়ত জীউ উৰি যায় বুলি কৈছিল।
৩। ‘মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম।”
কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱায় দেৱতাৰ কাৰ্য সাধন কৰিছিল,খৰচি মাৰি লিখা
উত্তৰ: ভগৱান কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।
তেওঁ দেৱতা সকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল।
এবাৰ দেৱতা আৰু অসুৰসকলৰ মাজত অমৃত মন্থন লৈ তুমুল প্রতিযোগিতা হৈছিল। সেই প্রতিযোগিতা অনুসৰি যি সকলে প্রথমে অমৃত খাব পাৰিব তেওঁলোক অমৰ হ’ব। অমৃত মন্থনত অসুৰ সকলক আগবঢ়া দেখি শ্রী কৃষ্ণই তেওঁলোকক বাধা দিবৰ বাবে কৌশল ৰচনা কৰিলে, কিয়নো অসুৰ সকল অমৰ হ’লে অসুৰৰ দপদপনিত দেৱতাসকল থাকিব নোৱাৰা হ’ব। সেয়ে শ্রী কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি অসুৰ সকলৰ দৃষ্টি তেওঁৰ ফালে ঢাল খুৱালে। অসুৰ সকলে তধা লাগি মোহিনী নাৰীৰ ৰূপ চাই থাকোতেই দেৱতাসকলে অমৃত পান কৰিলে। এইদৰে শ্রী কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ কাৰ্য সাধন কৰিছিল।
৪/ মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু- কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।
উত্তৰ: শিশু কৃষ্ণই মাক যশোদাক অতি কৃপণ বুলি কৈছে। পুত্ৰ পৰিচৰ্যাৰ ক্ষেত্ৰত যশোদাই কৰা কৃপণালীৰ কথা ক’বলৈ কৃষ্ণৰ লাজ লাগে বুলি কৈছে।
বাঁহৰ বাঁহী বজোৱাৰ বাবে কৃষ্ণৰ দুই ওঁঠ ফাটি তেজ ওলায়। মাকে এই কথা জানিও তেওঁক ছয় ৰতি সোণেৰে এটা বাঁহী গঢ়াই নিদিয়ে। ৰাজ পটেশ্বৰী হৈও পইচা খৰচ নকৰা বাবে কৃষ্ণই লাজ পাইছে। গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে এমুঠি ভাত দি পঠিয়ায়, যি মুঠিৰে তেওঁৰ পেট নভৰে। এগৰাহ খাই আনগৰাহ খাবলৈ নুজোৰে, ফলত আধা পেটেৰে থাকিব লগা হয়। সৰু গামোচাৰ দৰে নটুৱা পিন্ধি দিনটো গৰু চৰাই থাকোতে তেওঁক কাঁইটে বিন্ধে, অথচ মাকৰ খবৰেই নাই। চুলিত ধূলি পৰি পৰি জটা বান্ধি যায়, কিন্তু মাকে তেল লগাই নিদিয়ে। মাকৰ এনেবোৰ গুণৰ কথাকে ক’বলৈ কৃষ্ণৰ লাজ লাগে বুলি কৈছে।
৫/ চমুটোকা লিখা:
ক) বামন: বামন আছিল বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। তেওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে বলিক পাতাললৈ পঠাইছিল। অর্থাৎ দান কৰা বাবে বলিৰ যি অহংকাৰ হৈছিল তাক বিনাশ কৰিছিল।
খ) দেবহুতি: দেবহুতি আছিল স্বায়ম্বুব মনুৰ কন্যা, কর্দম প্রজাপতিৰ পত্নী আৰু’ কপিল মুনিৰ মাক। ভগৱান কৃষ্ণই কর্দম প্রজাপতিৰ ঘৰত কপিল মুনি ৰূপে অৱতাৰ ধাৰণ কৰি, তত্ত্ব বিচাৰ কৰি দেবহুতিক তাৰিছিল।
গ) কপিল: কপিল আছিল এজন প্রসিদ্ধ মুনি। তেওঁ কর্দম মুনি আৰু দেৱহুতিৰ পুত্র। কপিল মুনি আছিল সাংখ্যা-দর্শনৰ প্রবর্তক। তেওঁ বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়। তেওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হেজাৰ পুত্র ভষ্মীভূত হয়।
ঘ) শ্রী ধৰ কন্দলী : শ্রীধৰ কন্দলী আছিল মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। শ্রীধৰ কন্দলীৰ কাব্যত বৈষ্ণৱ ধর্মৰ প্রভাৱ স্পষ্ট। তেওঁ ‘কাণখোৱা’ আৰু ঘুনুচা কীর্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰিছিল।
কংস – দৈৱকী আছিল দেৱকৰ জীয়েক, বসুদেৱৰ পত্নী আৰু ভগৱান কৃষ্ণৰ মাক। দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত ভায়েক কংসৰ মৃত্যু হ’ব বুলি আকাশবাণী শুনাৰ পিছতে কংসই দৈৱকী আৰু বসুদেৱক বন্দী কৰি ৰাখিছিল আৰু এটা এটাকে দৈৱকীৰ সাতটা সন্তান কংসই বধ কৰিছিল।
৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ: কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চৰিত্ৰৰ প্রদর্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গোপ শিশুসকল উপস্থিত হয় আৰু মাতৃ যশোদাক কৃষ্ণক খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগাই কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক’লে যে তেওঁ চাৰি-পাঁচ দিনৰ লৈকে নুঠো আৰু নাখাও। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে তেওঁৰ প্ৰাণে আৰু নশহা হৈছে।
কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক’লে যে, তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়ো মই তোমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছো।
নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰো, মোৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে মই ব্ৰহ্মৰ যোগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালো। তোমাৰ ঘৰলৈ আহি মোৰ সকলো ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মোক চিন্তা কৰাত মোৰ চতুর্ভূজ ৰূপ দেখি ত্রিদশৰ সকলো মোহিত হৈছিল। এতিয়া তুমি মোক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।
মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰিলো। মোক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অৱতাৰত মই বলিক ছলনা কৰিছিলো। কিন্তু, তুমি মোক মাটিখোৱা বুলি ককৰ্থনাহে কৰিলা। মোৰ ইমানবোৰ মহিমা দেখাৰ পাছতো তোমাৰ মনত আক্রোশৰ শেষ নাই।
ইমান দিনে কাঠবাঁজী বুলি সমস্ত জগতে তোমাক হাঁহিলে। মই পুত্রৰূপে উপজি তোমাৰ সেই দুখ দূৰ কৰিলো। তথাপিও তুমি মোৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়ো তুমি ছয়ৰতি খৰচ কৰি মোক এটা সোণৰ বাঁহী বনাই দিব নোৱাৰিলা। বাঁহৰ বাঁহী বজাই মোৰ দুই ওঁঠ ফাটি গৈছে। গৰু চৰাওঁতে ধূলি লাগি মোৰ কেঁকোৰা চুলিত জটা বান্ধিছে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পোৱা নাই। এইবোৰ কথা ক’বলৈ গ’লে মোৰ চকুলো নিগৰি পৰে। ইমানবোৰ দুখ-কষ্ট সহ্য কৰিব নোৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তোমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ।
তেতিয়াহে তুমি মোৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশোদাই পুনৰ কৃষ্ণক চেনেহ কৰিবলৈ ধৰিলে আৰু ক’লে যশোদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশোদায়ে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।
৭/ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।
উত্তৰ: কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰি বহুতো কার্য সাধন কৰিছিল। তেওঁ নাৰায়ণ ৰূপে জলত শয়ন কৰি নাভিৰ পৰা ব্রহ্মাক উপজাই তিনিভূৱন সৃষ্টি কৰিছিল। চতুর্ভুজ ৰূপ ধৰি অসুৰ সকলক অচেতন কৰাইছিল। মোহিনী ৰূপ ধৰি দেৱতা সকলক অমৃত খুৱাই অমৰ কৰিছিল। কপিল মুনিৰ ৰূপ ধৰি দেৱহুতি মাতৃক তাৰিছিল। বামন ৰূপ ধৰি বালিক ছলনা কৰি দর্পচূর্ণ কৰিছিল।
এনেদৰে কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰি বহুতো কার্য সাধন কৰিছিল।
৮/ কবিতাটোত ‘কাঠবাঁজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তৰ: কবিতাটোত ‘কাঠবাজী বুলি যশোদাক কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে সন্তান নথকা তিৰোতা।
কাঠবাঁজী বুলি পোৱা অপবাদৰ পৰা যশোদাক কৃষ্ণই ৰক্ষা কৰিলে।
কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ আৰু দৈৱকী ‘বসুদেৱৰ অষ্টম সন্তান। মহাপ্রতাপী কংসক বধ কৰিবৰ বাবে তেওঁ এই অৱতাৰ ধাৰণ কৰিছিল। জন্মৰ লগে লগে কৃষ্ণই আকাশবাণী কৰি তেওঁক নন্দৰাণী যশোদাৰ কোলাত দিবলৈ আৰু যশোদাৰ কোলাৰ পৰা যোগমায়াক আনি দৈৱকীৰ কোলাত দিবলৈ আদেশ কৰিছিল। সেইমতে পিতৃ বসুদেৱে শিশু কৃষ্ণক নি যশোদাৰ কোলাত দিছিলগৈ আৰু যোগমায়াক আনি দৈৱকীৰ কোলাত দিছিল। এই কথা জগতৰ কোনেও গম পোৱা নাছিল। আনকি দৈৱকী আৰু যশোদাইও নাজানিছিল। যশোদাই কৃষ্ণকে নিজ পুত্র বুলি ভাবি ডাঙৰ দীঘল কৰিছিল।
এনেদৰে কৃষ্ণই পুত্র ৰূপে যশোদাৰ কোলা শুৱনি কৰি কাঠবাজী বুলি পোৱা অপবাদৰ পৰা ৰক্ষা কৰিছিল।
৯/ তাৎপর্য ব্যাখ্যা কৰা:
ক) কাঠবাঁজী বুলি জগতে হাসয় দেখিলে সুমৰো হবি।
মই আসি তোৰ ঘৰে পুত্র ভৈলো সিটো দুখ দূৰ কৰি “
উত্তৰঃ উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা(নতুন) ৰ অন্তৰ্গত শ্রীধৰ-কন্দলীয়ে লিখা ‘কানাইৰ চাতুৰী’ নামৰ পদ্যটিৰ পৰা তুলি অনা হৈছে।
উক্ত কবিফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দর্শাই আছে, মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উক্ত কবিতা শাৰী অৱতাৰণা কৰা হৈছে।
কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ ।শিশু অৱস্থাত তেওঁ যশোদাৰ দ্বাৰা লালিত-পালিত হৈছিল।আনহাতে যশোদা আছিল সন্তানহীনা। সন্তান নথকা বাবে যশোদাক সকলোৱে কাঠবাঁজী বুলি উপহাস কৰিছিল।সেই দুখৰ পৰা মুক্তি পাবৰ বাবে তেওঁ একান্ত চিত্তে ভগৱানৰ আৰাধনা কৰিছিল। ভগবান কৃষ্ণই যশোদাৰ পুত্ৰ ৰূপে আবির্ভাৱ হৈ সেই কাঠবাঁজী বুলি পোৱা অপবাদৰ পৰা ৰক্ষা কৰিছিল।মাক যশোদাই কৃষ্ণক ভালদৰে যত্ন নলয় বুলি মাকৰ ওপৰত অভিমান কৰি যশোদাক সেই কথা সোঁৱৰাই দিছে।
এয়ে হৈছে উক্ত পদফাঁকিৰ তাৎপর্য।
(খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ বক্তা হ’ল শ্রীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে। কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ-সন্মান নকৰে।
ভগৱান বিষ্ণুৱে বিভিন্ন সময়ত বিভিন্ন ৰূপ ধৰি অনেক কার্য সাধন কৰিছিল। এবাৰ দেৱতা আৰু অসুৰসকলৰ মাজত অমৃত মন্থন লৈ তুমুল প্রতিযোগিতা হৈছিল। অমৃত মন্থনত অসুৰ সকল আগবঢ়া দেখি কৃষ্ণই মোহিনী নাৰীৰ ৰূপ ধাৰণ কৰি অসুৰ সকলৰ দৃষ্টি তেওঁৰ ফালে ঢাল ঘোৰালে। সেই সুযোগতে দেৱতাসকলে অমৃত পান কৰি অমৰত্ব লাভ কৰিছিল।
এইজনা মহিমাময়ী ভগৱান বিষ্ণুৱে কৃষ্ণৰূপে মানৱ অৱতাৰ ধৰি যশোদাৰ ঘৰত দধিচোৰ নাম পাইছিল মাক যশোদাৰ ওপৰত অভিমান কৰি আক্ষেপেৰে কৃষ্ণই তেনেদৰে কৈছিল।
এয়ে হৈছে উক্ত পদ ফাঁকিৰ তাৎপর্য।
(গ) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।।
উত্তৰঃ- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
জগতৰ সৃষ্টিকর্তা’ নাৰায়ণ’ অর্থাৎ ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ হৈছে কৃষ্ণ। শিশু কালত কৃষ্ণ যশোদাৰ দ্বাৰা লালিত-পালিত হৈছিল। যশোদাই কৃষ্ণক নিজ পুত্র বুলি ভাবি ডাঙৰ কৰিছিল আৰু প্রয়োজন অনুসৰি শাসনো কৰিছিল। কৃষ্ণই নিজৰ ঐশ্বৰিক মহিমা নেদেখুৱাই যশোদাৰ ওচৰত এটি সাধাৰণ মানৱ শিশুৰ দৰে আচৰণ কৰিছিল আৰু মাকলৈ ভয় কৰি দেখুৱাইছিল।
মাক যশোদাই কৃষ্ণক অৱহেলা কৰে বুলি অভিমান কৰি মাকৰ বদগুণ বখানি কৈছে যে মই জগতৰ কাৰণ নাৰায়ণ, সৃষ্টি কৰ্তা আৰু পালন কৰ্তা। কিন্তু তুমি এজনী সাধাৰণ গোৱালৰ জীয়েক। তথাপি তোমাক দেখিলে মোৰ ভয়ত জীৱ উৰি যায়। বিশ্বব্রহ্মাণ্ডৰ অধিপতি হৈয়ো এজনী সাধাৰণ গোৱালৰ জীয়েকক ভয় কৰাতে ফুটি উঠিছে শিশু কৃষ্ণৰ মানৱ চৰিত্ৰৰ প্রকাশ। এয়ে হৈছে পদফাঁকিৰ তাৎপর্য।
ভাষা-বিষয়কঃ
১। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ
(ক) আসি
(খ) খেড়ি
(গ) পুহাইল
(ঘ) নুজুৰাই
(ঙ) বিগুটিয়া
(চ) কিসৰ
উত্তৰঃ-ক) আসি 一 আহি
খ) খেড়ি 一 খেলা
গ) পুহাইল 一 পুৱাল
ঘ) নুজুৰাই 一 জুৰ নপৰে
ঙ) হন্তে 一 পৰা
চ) বিগুটিয়া 一 ঠাট্টা কৰা
২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰাঃ
(ক) সুন্দৰী
(খ) মাতৃ
(গ) মামা
উত্তৰঃ-
ক) সুন্দৰী 一 সুন্দৰ
খ) মাতৃ 一 পিতৃ
গ) মামা 一 মামী
৩। বিপৰীত শব্দ লিখাঃ
(ক) বিশ্বাস
(খ) দোষ
(গ) আনন্দ
(ঘ) অপমান
(ঙ) অমৃত
উত্তৰঃ-
ক) বিশ্বাস 一 অবিশ্বাস
খ) দোষ 一 গুণ
গ) আনন্দ 一 বিষাদ
ঘ) অপমান 一 সন্মান
ঙ) অমৃত 一 বিষ।
📚 মুখ্য টপিক (Key Points for Exam)
- কৃষ্ণৰ বুদ্ধিমত্তা আৰু কথোপকথন
- হালকা-ফুলকা ৰস আৰু কাব্যৰ চলচিত্র
- কবিতাৰ ছন্দ, অলংকাৰ আৰু ধ্বনি-সৌন্দর্য
- সামাজিক আৰু ধৰ্মীয় দিশৰ পৰিপ্ৰেক্ষিত
কানাইৰ চাতুৰী কবিতাটো ৰস, চাতুৰতা আৰু কৃষ্ণৰ ব্যতিক্ৰমী ব্যক্তিত্বৰে ভৰপূৰ। ছাত্ৰ-ছাত্ৰীয়ে এই পাঠৰ মাজেৰে কেৱল কাব্যিক অভিজ্ঞতাই নহয়, বৰং এক চহজ মানবিকতা আৰু সমাজবোধো বিকাশ কৰিব পাৰে।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam