Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
Class 10 Assamese Chapter 14 – “ধৰ ঝাড়ু ধৰ ভাই” is a beautifully written lesson included in the SCERT Assam textbook. This chapter explores the values of responsibility, discipline, and community participation through engaging poetic language. To help you prepare for the SEBA 2025 exam, we’ve compiled all important question answers, extra notes, and downloadable resources.
পাঠ পৰিচয় (Chapter Overview)
এই পাঠটোৰ মূল উদ্দেশ্য হ’ল সমাজত দায়িত্বশীলতা আৰু পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা বুজোৱা। কবিয়ে শুদ্ধ ভাষা আৰু আকৰ্ষণীয় ছন্দৰে এই বাৰ্তা দিছে।
কবিৰ সংক্ষিপ্ত পৰিচয়
এই পাঠৰ কবি — [অম্বিকাগিৰি ৰায়চৌধুৰী] । তেওঁ সমাজমূলক চিন্তাধাৰা আৰু সচেতনতা বিস্তাৰ কৰিবলৈ কাব্যিক ভাষা ব্যৱহাৰ কৰিছে।
ধৰ ঝাড়ু ধৰ ভাই
Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই | Complete Question Answer in Assamese Medium
ধৰ ঝাড়ু ধৰ ভাই
অম্বিকাগিৰি ৰায়চৌধুৰী
দশম শ্ৰেণী
অসমীয়া
পাঠ 14
ভাব-বিষয়ক প্রশ্নোত্তৰ
প্রশ্ন । অতি চমু উত্তৰ লিখা—
( ক ) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীক ‘অসম কেশৰী ’ আখ্যা দিয়া হৈছিল ।
( খ ) ‘সাতাম পুৰুষীয়া সোণৰ চোতাল – ঘৰ ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
উত্তৰঃ ‘সাতাম পুৰুষীয়া সোণৰ চোতাল – ঘৰ ’ বহু যুগৰ ভূহুঁৰ পৰি ’ অৰ্থাৎ পৰাধীনতাৰ কালিমাৰে পোত খাই আছে বুলি কবিয়ে কৈছে ।
( গ ) আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উত্তৰঃ আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ।
( ঘ ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উত্তৰঃ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে অৰ্থাৎ পৰাধীনতাৰ কলংকেৰে ভৰি পৰিল বুলিছে ।
প্রশ্ন ২। ‘হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই ।’
—ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?
উত্তৰ: এটা জাতিৰ সকলো লোকৰ বা সম্প্রদায়ৰ মাজত একতাৰ ভাৱ থাকিলেহে জাতিটোৱে প্রগতিৰ পথত আগবাঢ়িব পাৰিব আৰু বিশ্ব-দৰবাৰত এখন উচ্চ স্থান দখল কৰিব পাৰিব। ঝাড়ুৱে যিদৰে সাৰি-পুচি ঠাই এখন পৰিষ্কাৰ কৰিব পাৰি, সেই একেদৰে আমাৰ মাজত থকা জাবৰ সদৃশ পৰস্পৰ ভেদাভেদ, হিংসা, ঘৃণা আদি বদ গুণবোৰ নাইকীয়া কৰি এটা সবল জাতি ৰূপে গঢ়ি তুলিবলে সকলোৱে প্রয়াস কৰিব লাগিব। নহ’লে জাতিটোৰ কোনো অস্তিত্ব নাথাকিব আৰু আনৰ তলতীয়া হৈ হীনে-ঘিণে জীয়াই থাকিব লাগিব। সেয়ে কবিয়ে পলম নকৰি সকলোকে ঝাড়ুদাৰৰূপী হৈ হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘূণি, স্বার্থ-ভেম আদিবোৰ নাইকীয়া কৰিবলৈ আহ্বান জনাইছে।
প্রশ্ন ৩। ‘নহ’লে যে বিশ্বসভাত
নহ’ব তোৰ বহাৰ ঠাই । ”
–বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে?
উত্তৰ: বিশ্বসভাত বহাৰ ঠাই পাবলৈ হলে বা বিশ্বত এটা সবল, শক্তিশালী জাতি হিচাপে থিয় দিবলৈ হ’লে জাতিটোৰ সকলো লোকৰ মাজত থাকিব লাগিব ঐক্য-সম্প্রীতি আৰু কর্মসংস্কৃতি। কিন্তু আমাৰ সমাজত বহু যুগৰ পৰা পৰস্পৰ হিংসা, ভেদাভেদ, ঘৃণা-ঘূণি আদি মলিয়ন চিন্তাধাৰাই বিৰাজ কৰি আহিছে। এইবোৰে জাতিটোৰ প্রগতিত বাধা দিয়াৰ লগতে বহিঃ শত্রুকো সুবিধা লোৱাত সহায় কৰিছে। সেয়ে কবিয়ে বিশ্ব সভাত বহাৰ ঠাই পাবলৈ অর্থাৎ বিশ্বত এক সবল শক্তিশালী জাতি হিচাপে চিনাকি দিবলৈ এনে মলিয়ন মানসিকতাক ত্যাগ কৰিবৰ বাবে আহ্বান জনাইছে।
প্রশ্ন ৪। ‘ ধৰ ঝাড়ু ধৰ ভাই ‘ — কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰ: অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ দেশপ্রেমমূলক কবিতাসমূহৰ ভিতৰত এটি অন্যতম কবিতা হৈছে আমাৰ পাঠ্যক্রমৰ অন্তর্গত ‘‘ ধৰ ঝাড়ু ধৰ ভাই ‘। এই কবিতাটোৰ মূলভাৱ তলত বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হ’ল।
বিপ্লৱী কবি ৰায়চৌধুৰী দেৱে অসমীয়া সমাজখনক আগুৰি থকা এলান্ধু আতঁৰাই সমাজখনক নিকা কৰাৰ প্ৰয়াস কৰিছিল। সেয়েহে তেওঁ প্ৰতিটো কবিতাতে গভীৰ স্বদেশ-প্রেমৰ লগতে অসম বাসীৰ প্ৰতি তীব্র ক্ষোভো ফুটি উঠিছে।
ঝাড়ুৰে সাৰি-পুছি/ মচি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ সমাজ ব্যৱস্থাত থকা মলি স্বৰূপ পৰস্পৰৰ ভেদাভেদ, হিংসা, ঘূণা আদি নাইকীয়া কৰিবলৈ হ’লে সকলোৱে এক গোট হৈ ঝাড়ুদাৰৰ ভূমিকাত অৱতীৰ্ণ হ’ব লাগিব। তেতিয়াহে দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্ব দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব। সেয়েহে কবিয়ে সমূহ অসমীয়াকে ঝাড়ুদাৰ ৰূপত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছে।
কবিতাটোৰ মূলভাৱটো স্বদেশ প্ৰেমেৰে সিক্ত ফলত কবিতাটোৱে এক অনন্য সৌন্দৰ্য্য লাভ কৰিবলৈ সক্ষম হৈছে।
প্রশ্ন ৫। ব্যাখ্যা কৰা ।
( ক ) ‘ হিংসা – দ্বেষৰ , ভেদা – ভেদৰ ,
ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ
কত যে কি মলি – মামৰ
ভৰি জাতিৰ জীৱন য়ায়।
উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ দ্বাৰা বিৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
হিংসা – দ্বেষ আৰু ভেদা ভেদে অসমীয়া জাতিটোক কিদৰে অধ: পতনলৈ ঠেলি দিছিল তাকেই ক’বলৈ যোৱাৰ প্ৰসংগত উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।
যুগ যুগ ধৰি অসম ইংৰাজৰ তলতীয়া হৈ আছিল। ইংৰাজে সৃষ্টি কৰা বিভাজান নীতিৰ ফলত মানুহৰ মাজত সৃষ্টি হৈছিল হিংসা – দ্বেষ , ভেদাভেদৰ , ঘৃণা। ইংৰাজৰ প্ৰলোভনত ভোল গৈ মানুহ হৈ পৰিছিল স্বাৰ্থপৰ। নিজ জাতি তথা দেশৰ অস্তিত্বৰ কথা পাহৰি মানুহে ভেম আৰু অহংকাৰতহে গুৰুত্ব দিছিল। অসমৰ জনগনৰ জাতীয় চেতনাৰ অভাৱত জাতিটো মৃতপ্ৰায় অৱস্থাত উপনীত হৈছিল।তেনে মনোভাবক কবিয়ে ‘মলি-মামৰৰ লগত তুলনা কৰি কৈছে যে মলি-মামৰ সদৃশ নিকৃষ্ট মনোভাব বোৰক নাইকীয়া কৰিব পাৰিলেহে জাতিয়ে পুনৰ প্রাণ পাই উঠিব।
(খ ) ‘ধৰ ঝাড়ু ধৰ ভাই !
আৰু চাবৰ সময় নাই
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল ছাই।”
উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ দ্বাৰা বিৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
দেশবাসীক ঝাড়ুদাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ দেশ খনক মুক্ত কৰিবলৈ আহ্বান জনাবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।
পৰাধীনতাৰ কৱলত পৰা ভাৰতবাসীৰ নিজৰ ভিতৰতে হিংসা – দ্বেষ , ভেদাভেদ , ঘৃণা, স্বাৰ্থ- ভেমৰ মলি মামৰ দেখিবলৈ পোৱা গৈছিল। দেশ জাতি ধ্বংস হৈ অধ্বপতনৰ কৰালত গ্ৰাসত পৰিছিল। এই অৱস্থা চাই থাকিও জনগনৰ চকু মেল খোৱা নছিল। মুখত কাজল ছাই পৰা মানুহৰ দৰে মাথোন চাই ৰৈছিল। কবিয়ে অন্তৰে উপলব্ধি কৰিছে যে এটা জাতি বা এখন দেশ নি:শেষ হ’বলৈ ধৰা অৱস্থাক চাই থাকিবৰ আৰু সময় নাই। সেয়েহে ঝাড়ুদাৰৰ ৰূপত অৱতীৰ্ণ হৈ অজ্ঞানতা, অন্ধকাৰ সাৰি মচি পোহৰৰ সন্ধান কৰিবলৈ দেশবাসীক কাতৰ আহ্বান জনাইছে।
প্রশ্ন ৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।
উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটো কবি অম্বিকাগিৰী ৰায়চৌধুৰী দেৱৰ আকুন্ঠ স্বদেশপ্রেম প্রকাশ পোৱা এটি উৎকৃষ্ট কবিতা। আমাৰ দেশ পৰাধীন হৈ থাকোঁতে, স্বাধীনতা আন্দোলনত সক্রিয় অংশ গ্রহণ কৰা বাবে তেখেতে কাৰাবাস খাটিব লগীয়া হৈছিল। সেই সময়তে তেওঁ আমাৰ জাতিটোক পৰাধীনতাৰ পৰা মুক্ত কৰি বিশ্বদৰবাৰত এখন উচ্চ আসনত বহুওৱাৰ সপোন দেখিছিল। সেয়ে কাৰাগাৰৰ পৰাই তেওঁ জাতিক উদ্দেশ্যি লিখিছিল “ধৰ ঝাড়ু ধৰ ভাই”। সকলোকে জাতিৰ ঝাড়ুদাৰ হৈ ইমানদিনে চলি অহা পৰস্পৰ ভেদাভেদ, হিংসা, ঘৃণা আদি মনোভাববোৰ নাইকীয়া কৰি একগোট হৈ থিয় দিবলৈ আহ্বান জনাইছে। তাতে তেওঁৰ জাতিটোৰ প্রতি থকা দায়বদ্ধতাৰ প্রমাণ পোৱা যায়। কবিতাটোৰ প্রতিটো শাৰীতে নিহিত আছে পৰাধীনতাৰ দুখ আৰু স্বদেশৰ উন্নতিৰ বাবে থকা দৃঢ় আকাংক্ষা। সেয়ে তেওঁ বীৰবেশেৰে ঝাড়ু ধৰি জাতিটোৰ মাজত থকা মলি-মামৰ সদৃশ কু-মনোভাৱ বোৰ আঁতৰ কৰিবলৈ আহ্বান জনাইছে। সেই আহ্বানত সোমাই আছে তেখেতৰ স্বদেশৰ প্রতি থকা গভীৰ প্রেম।
ভাষা-বিষয়ক প্রশ্নোত্তৰ
প্রশ্ন ১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্যৰচনা কৰা :
(ক) হীনে-ঘিণে (খ) ধাৰে-ঋণে (গ) ঘৃণা-ঘৃণি (ঘ) জাহি-জাবৰ (ঙ) সাৰি-পুছি (চ) মলি-মামৰ।
উত্তৰ:- (ক) হীনে-ঘিণে : পৰাধীন জাতি হীনে-ঘিণে জীয়াই থাকিব লগা হয়।
(খ) ধাৰে-ঋণে : ৰিতুৱে ধাৰে-ঋণে হ’লেও কোনোমতে ঘৰটো সাজিলে।
(গ) ঘৃণা-ঘৃণি : আনৰ প্রতি ঘৃণা-ঘৃণি কৰাটো সজ লোকৰ কৰ্ম নহয়।
(ঘ)জাহি জাবৰ : চোতালখন জাহি-জাবৰে ভৰি পৰিছে।
(ঙ) সাৰি-পুছি : পুৱা-গধূলি মানুহে ঘৰ-চোতাল সাৰি-পুছি ঘৰখন পৰিষ্কাৰকে ৰাখে।
(চ) মলি-মামৰ : ঘৰত ব্যৱহিত বস্তুবোৰ মলি-মামৰ নলগাকৈ ৰাখিব লাগে।
২। তলৰ শব্দবোৰৰ মূর্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শানা :
(ক) সোণ (খ) ঘৃণা (গ) ঋণ।
উত্তৰ:– (ক) সোণ — স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হৈছে।
(খ) ঘৃণা — ‘ঋ’ , ৰ ,ষ পাছত দন্ত্য ন সদায় মূৰ্দ্ধন্য ণ হয় । সেই বাবে ইয়াত ঋ কাৰৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
(গ) ‘ঋণ’ — ‘ঋ’ , ৰ ,ষ পাছত দন্ত্য ন সদায় মূৰ্দ্ধন্য ণ হয় । সেই বাবে ইয়াত ঋ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হৈছে।
৩। বিপৰীত শব্দ লিখা :
উত্তৰ:-
শব্দ | বিপৰীত শব্দ |
(ক) ঘৃণা | প্ৰেম, আদৰ, সমাদৰ |
(খ) স্বাৰ্থ | ৰ্নিস্বার্থ |
(গ) জীৱন | মৰণ |
(ঘ) বীৰ | কাপুৰুষ , ভীৰু |
(Summary)
“ধৰ ঝাড়ু ধৰ ভাই” পাঠটোত কবিয়ে পঢ়ুৱৈক পৰিচ্ছন্নতাৰ বাবে নিজৰ দায়িত্ব লৈ সজাগ হ’বলৈ আহ্বান জনাইছে। সমাজ আৰু নিজৰ মাজত শৃংখলা ৰখাৰ প্ৰয়োজনীয়তা এই পাঠৰ মূল বক্তব্য।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam