Class 10 Assamese Chapter 15 বিষাদ যোগ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
📚 পাঠৰ নামঃ বিষাদ যোগ
- Subject: Assamese (অসমীয়া)
- Class: 10
- Chapter No.: 15
- Chapter Type: গদ্যাংশ (Gadya)
- Board: SEBA / SCERT Assam
- Medium: Assamese
🧾 পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary)
“বিষাদ যোগ” পাঠখন মহাভাৰতৰ কৌৰৱ-পাণ্ডৱৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বৰ এক গুৰুত্বপূৰ্ণ দৃশ্য বৰ্ণনা কৰে। পাঠখনত অৰ্জুনৰ মানসিক সংঘাত, ধৰ্ম, কৰ্তব্য আৰু আত্মিক বোধৰ সমন্বয়ে গীতাৰ মুল সাৰ কথা প্ৰকাশ পায়। এই পাঠটোৱে ধৰ্ম আৰু কৰ্তব্যৰ গভীৰ অৰ্থ ছাত্ৰ-ছাত্ৰীসকলক বুজাই।
✅ Class 10 Assamese Chapter 15 – সম্পূর্ণ প্ৰশ্ন-উত্তৰ
বিষাদ যোগ
Class 10 Assamese Chapter 15 বিষাদ যোগ– ভট্টদেৱ Complete Question Answer in Assamese Medium
বিষাদ যোগ
– ভট্টদেৱ
দশম শ্ৰেণী
অসমীয়া
পাঠ 15
ভাব-বিষয়ক:
১। চমু উত্তৰ দিয়া:
(ক) মহাৰথী কাক বোলে?
উত্তৰ: যিজন বীৰে একেসময়তে দশ সহস্র ধানুকীৰ লগত বা দহহাজাৰ ধনুর্দ্ধৰ বীৰৰ লগত যুঁজিব পাৰে, তেনে যুঁজাৰুক মহাৰথী বোলে।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰ : কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে-গুৰু দ্রোণাচার্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৰ্ণ মহাৰথী কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ, সোমদত্ত পুত্র ভূৰিশ্ৰবা।
গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰ: সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।
(ঙ) আততায়ী কাক বোলে?
উত্তৰ: যিজনে আনক বিষ দিবলৈ চেষ্টা কৰে, জুই লগাই দিয়ে ধন-সম্পত্তি হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে , ভাৰ্যাক অপমান কৰে, অস্ত্র লৈ যুদ্ধ কৰে এই ছয় দোষৰ দোষীক আততায়ী বোলে।
(চ) কুলক্ষয় দোষ কি?
উত্তৰ: যি দোষ কৰিলে নিজৰ কুল বা বংশ ক্ষয় হয় অর্থাৎ নিজৰ বংশ অধোগামী হয়, তাকে কুলক্ষয় দোষ বোলে।
২/ তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰ: ‘বিষাদ যোগ’ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱ আছিল এনেধৰণৰ – শুকুলা বৰণৰ ঘোঁৰাৰ মহাৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ বজালে, কৃষ্ণই পাঞ্চজন্য শঙ্খ বজালে, অর্জুনে দেৱদত্ত শঙ্খ বজালে, ভীমে পৌণ্ড্রক নামৰ শঙ্খ বজালে, যুধিষ্ঠিৰে অনন্ত নামৰ মহাশঙ্খ বজালে, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক ধ্বনি কৰিলে। কাশীৰাজ, সাত্যকি, ধৃষ্টদুমন , বিৰাট, দ্রুপদ, দ্রৌপদীৰ পাঁচপুত্র, অভিমন্যু আদি সকলো বীৰে পৃথকে পৃথকে শঙ্খ বজাই মহাশব্দৰ সৃষ্টি কৰি আকাশ-পৃথিৱী দশোদিশে মহাভয় জন্মালে।
৩/ অর্জুনে শ্রী কৃষ্ণক উভয় সেনাৰ মাজত ৰণ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰ যুদ্ধক্ষেত্রলৈ আহি অর্জুনে তেওঁৰ ৰথৰ সাৰথি কৃষ্ণক কৌৰৱ আৰু পাণ্ডৱ সেনাও মাজত ৰথখন ৰখাবলৈ কৈছিল। যাতে তেওঁ যুঁজাৰু বীৰ সকলক এবাৰ দর্শণ কৰিব পাৰে। তেওঁ কাৰ সৈতে নো যুদ্ধ কৰিব আৰু দুষ্টমতি দুর্যোধনক সহায় কৰিবলৈ কোন কোন বীৰ যোদ্ধা আহিছে, সেইসকলোকো তেওঁ এবাৰ চাব বিচাৰিছিল।
৪/ অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রী কৃষ্ণক কি ক’লে, তোমাৰ কথাৰে লিখা।
উত্তৰ:- অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ দুয়োপক্ষত সৈন্যসকললৈ দৃষ্টি নিক্ষেপ কৰিছিল। সৈন্যসকলৰ মাজত তেওঁ পিতামহ ভীষ্ম, দ্রোণাচার্য, কৃপাচার্য আদিৰ লগতে সমৰলৈ অহা তেওঁৰ ভ্রাতৃসকল, ভাতৃ – পুত্র, মাতুল (সোমাই), পৌত্ৰ, সখি আদি সুহৃদয় সকলক দেখা পাইছিল।যুদ্ধক্ষেত্রত আত্মীকসকলক দেখা পাই অর্জুনে মনত বৰ দুখ পাইছিল। তেওঁ শ্ৰী কৃষ্ণৰ আগত মনৰ অৱস্থা প্রকাশ কৰি কৈছিল যে যুদ্ধক্ষেত্রত আত্মীয়সকলক দেখি তেওঁৰ হাত-ভাৰি ভাঙি যোৱা যেন হৈছিল। মুখ শুকাইছিল, শৰীৰ কঁপনি উঠিছিল,গাৰু নোম শিয়ৰি উঠিছিল, হাতৰ গাণ্ডীৱ ধনু খহি পৰিছিল। তেঁও যুদ্ধ কৰাটো দূৰৰ কথা তেওঁলোকৰ সন্মুখত থাকিবলৈকে ইচ্ছা নোহোৱা হৈছিল। চাৰিওফালে অমংগলে দেখা দিছিল, মূৰৰ ওপৰত শগুণ উৰিছিল, শিয়ালে হোৱা দিছে। অৰ্জুনে কৃষ্ণৰ আগত কৈছে যে যুদ্ধত আত্মীয়-স্বজন বধ কৰি কোনো সুফল পোৱা নাযায়।তেনে বিজয় লাভ কৰি ৰাজভোগ কৰাৰ ইচ্ছাও তেঁও নাই। কৌৰৱ সকলে লোভত পৰি কুলক্ষয়, মিত্রদোষ পাপ কৰিছে যদিও তেওঁ এই দোষ কৰিব নোৱাৰে। গতিকে, অর্জুনে, আত্মীয়-স্বজন বধ কৰি পাপৰ ভাগী হ’ব নোখোজে।তেওঁ অস্ত্র নধৰিলে দুৰ্যোধনে যদি তেওঁক বধো কৰে, তথাপিও তেওঁ মঙ্গল হব। কিয়নো তেতিয়া তেওঁৰ পাপ নহ’ব।
৫/ কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
উত্তৰ: কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলতো অধর্ম ব্যাপে।অধর্ম ব্যাপিলে কুলৰ স্ত্রী সকল দুষ্ট হয়। স্ত্রী দুষ্ট হ’লে বর্ণসঙ্কৰ হয়, আৰু গোটেই কুল বা বংশ নৰকলৈ গতি কৰে। তেতিয়া পিতৃপুৰুষৰ লুপ্তপিণ্ড জলাঞ্জলিহীন হৈ পৰে। এনে দোষে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম সকলো নষ্ট কৰে আৰু মানুহে নৰকত বাস কৰিবলগীয়া হয়। সেয়ে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।
৬/ ‘জানা ৰাজা, যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা–।” -এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰ: উক্ত বাক্যশাৰী সঞ্জয়ে ধৃতৰাষ্ট্রক কৈছিল।
অর্জুনে যুদ্ধক্ষেত্রত বিপক্ষ সেনাৰ মাজত নিজৰ আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱক দেখি শোকত ভাগি পৰি কৃষ্ণক কৈছিল হে মাধৱ , বন্ধুসৱক বধি এই জীৱনত কেনেকৈ সুখী হ’ম? দুর্যোধনৰ দৰে মই পাপত নিবৃত্ত হ’ব নোৱাৰো। কুলক্ষয় দোষ মহাপাপ। ৰাজ্য সুখৰ লোভত স্বজন বধি এনে মহাপাপ কৰাতকৈ মই অস্ত্র নধৰি মৌন হৈ ৰ’ম। যদি দুর্যোধনে মোক অস্ত্র ধৰি বধ কৰে তেতিয়া ভালেই হ’ব। অন্তত মই মহাপাপৰ পৰা ৰক্ষা পৰিম। এনেদৰে কৈ অর্জুন ৰথৰ ওপৰত বহি পৰিল।
ভাষা বিষয়ক:
১/ সমার্থক শব্দ:
নিপুণ- পাকৈত
সমীপ – ওচৰ
বিস্তৰ – বহুত
সহস্র – হাজাৰ
সদৃশ -সমতুল্য
বাদ্য – বাজনা
কৰ-চৰণ- হাত-ভষি
চর্ম – চাল
শ্রুতি – বেদ
বিমঙ্গল – অমঙ্গল
বান্ধৱ – বন্ধু
২/ আধুনিক ৰূপ লিখা:
হুয়া – হৈ
কহা – কলে
চক্ষু – চকু
কৰিলা – কৰিলে
চাঞো – চাই
বুলিলা- বুলিলে/ ক’লে
খাস – খহা
ফুঙ্গিলা – ফু দিলে। ফুৱালে
বাইলা – বালে
ৰহিবে – ৰব
৩/ ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য সমূহ এনেধৰণৰ –
ক) তেখেতৰ গদ্য বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদ্য নহয়।
খ) ভট্টদেৱৰ গদ্য সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্রভাৱান্বিত।
গ) তেখেতৰ গদ্যত ছন্দৰীতিৰ কিছু লক্ষণ দেখা যায়।
ঘ) ভট্টদেৱৰ গদ্যত তত্ত্বগধুৰ কথা ৰচনাৰ আর্হি বিদ্যমান।
“বিষাদ যোগ” পাঠটো কেৱল এক ধৰ্মীয় গ্ৰন্থৰ অংশ নহয়, ই জীৱনৰ দিশা আৰু কৰ্তব্যৰ ওপৰত এক গুৰুত্বপূৰ্ণ পাঠ। এই পাঠৰ সঠিক অনুশীলনে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ আৰু পৰীক্ষাত সফলতা দুয়ো সহজ কৰিব।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now
Class 10 Assamese Chapter 15 বিষাদ যোগ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam