Assam Board Exam

প্রাচীন ভাৰতীয় শিক্ষা | Class 10 Assamese Chapter 16

Class 10 Assamese Chapter 16 প্রাচীন ভাৰতীয় শিক্ষা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

📚 পাঠৰ নামঃ প্রাচীন ভাৰতীয় শিক্ষা

  • Subject: Assamese (অসমীয়া)
  • Class: 10
  • Chapter No.: 16
  • Chapter Type: গদ্যাংশ
  • Board: SEBA/SCERT Assam
  • Medium: Assamese

🧾 পাঠৰ সংক্ষিপ্তসাৰ

এই পাঠটোৱে প্রাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। যিসকল শিক্ষা প্ৰথা বৈদিক যুগ, গৌতম বুদ্ধৰ সময়ত আৰু প্ৰাচীন বিশ্ববিদ্যালয়বোৰত প্ৰচলিত আছিল, সেইবোৰৰ ব্যাখ্যা দিয়া হৈছে। পাঠটোৱে গৰুকুল, তক্ষশিলা, নালন্দা আদি শিক্ষাকেন্দ্ৰৰ বিষয়ে আলোচনাৰে ভাৰতীয় শিক্ষা ঐতিহ্যৰ গভীৰতা উন্মোচন কৰে।


✅ Class 10 Assamese Chapter 16 – সম্পূর্ণ প্ৰশ্ন-উত্তৰ

Class 10 Assamese Chapter 16 প্রাচীন ভাৰতীয় শিক্ষাহেমচন্দ্ৰ গোস্বামীComplete Question Answer in Assamese Medium


প্রাচীন ভাৰতীয় শিক্ষা

– হেমচন্দ্ৰ গোস্বামী

দশম শ্ৰেণী

অসমীয়া

পাঠ 16

১/ ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰ: তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম-জীৱক, পাণিনি, চাণক্য আৰু চৰক ।

খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল?

উত্তৰ: তক্ষশীলাত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা, বেকট্রিয়া আৰু মগধ দেশৰ পৰা ছাত্র আহিছিল।বুদ্ধ বিশ্ববিদ্যালয় হোৱাৰ পিছত তক্ষশীলালৈ চীন দেশৰ পৰাও বহুত ছাত্র আহিছিল।

গ) নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?

উত্তৰ: নাগার্জুন আছিল এজন প্রসিদ্ধ বৌদ্ধ দার্শনিক পণ্ডিত। তেওঁ অম্ৰাৱতী নগৰৰ ওচৰত আছিল আৰু শ্রীধান্যকটক বিশ্ববিদ্যালয়ত প্রধান শিক্ষকতা কৰিছিল।

ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজা জন কোন?

উত্তৰ: কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রজন আছিল হিউয়ান চাং। নিমন্ত্রণ কৰা ৰজাজন আছিল- ভাস্কৰ বৰ্মা।

ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?

উত্তৰ: উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল মুছলমানসকলে ১২০২ খ্রীষ্টাব্দত ধ্বংস কৰিলে।

চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?

উত্তৰঃ উজ্জয়িনী বিশ্ববিদ্যালয়, ৰজা বিক্রমাদিত্যৰ দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনক্ষেত্র আছিল।


২। ‘প্রাচীন ভাৰতীয় শিক্ষা’পাঠটিৰ কথাখিনি চমুকৈ লিখা ।

উত্তৰঃ আর্য শিক্ষাৰ মূলমন্ত্র মোক্ষ লাভ হ’লেও তাক কর্ম , ভক্তি আৰু জ্ঞানৰ দ্বাৰাহে লাভ কৰাৰ বিধান আছে । প্রতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগত ভাগ কৰিছিল— ধর্ম , অর্থ , কাম , আৰু মোক্ষ । মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰী স্বভাৱতে কম হ’ব বুলি ভাবি সর্বসাধাৰণ মানুহৰ বাবে বাকী তিনি বর্গৰ সাধনা বিধান কৰিছিল । ত্যাগ শিক্ষাৰ চৰম উদ্দেশ্য হ’লেও অনাসক্ত ভোগকহে প্রকৃত ত্যাগ বুলিছিল ।

এনেবোৰ শিক্ষাৰ কাৰণে প্রাচীন ভাৰতত ছয়টা বিশ্ববিদ্যালয় আছিল । এই ছয়টা হ’ল— তক্ষশীলা , শ্রীধান্যকটক , নালন্দা , উদান্তপুৰী , দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী ।

i) তক্ষশীলা বিশ্ববিদ্যালয়:- এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠীৰ আছিল। তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্র হ’ল — বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ’ল।

ii) শ্ৰীধান্যকটক বিশ্ববিদ্যালয় :- শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতীনগৰৰ ওচৰত আছিল । ই খ্রীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল । ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছিল । নাগার্জুন আছিল ইয়াৰ প্রধান শিক্ষক ।

iii) নালন্দা বিশ্ববিদ্যালয়: বিহাৰৰ নালন্দা বিশ্ববিদ্যালয় প্রাচীন ভাৰতৰ এখন উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠান আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে আছিল পণ্ডিত শীলভদ্র আছিল ইয়াৰ বিখ্যাত অধ্যক্ষ। এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসাশাস্ত্র, দর্শনশাস্ত্র আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’ আৰু ই ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল আছিল। দেশ-বিদেশৰ ছাত্ৰ আহি এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

iv) উদান্তপুৰ বিশ্ববিদ্যালয়: নালন্দা বিশ্ববিদ্যালয়ৰ পিছতে দ্বিতীয়খন প্রাচীন বিখ্যাত বিশ্ববিদ্যালয় আছিল উদান্তপুৰ বিশ্ববিদ্যালয়। বিহাৰত অৱস্থিত এই বিশ্ববিদ্যালয় খন খ্রীষ্টিয় অষ্টম শতাব্দীত প্রতিষ্ঠা কৰা হৈছিল। এই বিশ্ব বিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰে।

v) বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়: প্রাচীন বিহাৰৰ আন এখন প্রখ্যাত বিশ্ববিদ্যালয় হৈছে-বিক্রমশীলা বিশ্ববিদ্যালয়। খ্রীষ্টীয় অষ্টম শতিকাত ধর্মপাল ৰজাৰ দিনত এই বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই বিশ্ববিদ্যালয় প্রধানকৈ বৌদ্ধ শিক্ষাৰ প্রাণকেন্দ্র আছিল। এই বিশ্ববিদ্যালয়ৰ তলত দুটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ছাত্র সকলে বিনা খৰচত থাকিবৰ বাবে ছাত্রাবাসৰ সুবিধা আছিল।

vi)উজ্জয়িনী বিশ্ববিদ্যালয়: উজ্জয়িনী বিশ্ববিদ্যালয় প্রাচীন ভাৰতৰ এখন প্রখ্যাত বিশ্ববিদ্যালয় আছিল। ৰজা বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত এই বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনক্ষেত্র। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্রৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ দিনতো এই বিশ্ববিদ্যালয় প্রখ্যাত আছিল।

আর্য শিক্ষাৰ কলাবিদ্যা চৌষধি বিধ। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত এই চৌষষ্টি বিধ কলা বিদ্যা মুঠ এঘাৰট। বিভাগত দিয়া হৈছিল। এই বিভাগ কেইটা হৈছে ১। সাহিত্য, ২। গৃহপাল বিদ্যা, ৩। ৰন্ধন বিদ্যা ৪/ সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, ৫। হাতেৰে কাম কৰা বিদ্যা, ৬। শিল্প-বিদ্যা, ৭/ বিজ্ঞান, ৮/সংগীত বিদ্যা ৯/ নাট্য বিদ্যা, ১০/ শিষ্টাচাৰ বিদ্যা, ১১/ শাৰীৰিক ব্যায়াম বিদ্যা

প্ৰাচীন কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা।


৩/ প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া।

উত্তৰ: প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় কেইখনৰ নাম হৈছে-তক্ষশীলা, শ্রীধান্য কটক, নালন্দা, উদান্তপুৰী, দেবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী

i) তক্ষশীলা বিশ্ববিদ্যালয়:- এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠীৰ আছিল। তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্র হ’ল — বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ’ল।

ii) শ্ৰীধান্যকটক বিশ্ববিদ্যালয় :- শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতীনগৰৰ ওচৰত আছিল । ই খ্রীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল । ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছিল । নাগার্জুন আছিল ইয়াৰ প্রধান শিক্ষক ।

iii) নালন্দা বিশ্ববিদ্যালয়: বিহাৰৰ নালন্দা বিশ্ববিদ্যালয় প্রাচীন ভাৰতৰ এখন উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠান আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে আছিল পণ্ডিত শীলভদ্র আছিল ইয়াৰ বিখ্যাত অধ্যক্ষ। এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসাশাস্ত্র, দর্শনশাস্ত্র আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’ আৰু ই ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল আছিল। দেশ-বিদেশৰ ছাত্ৰ আহি এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

iv) উদান্তপুৰ বিশ্ববিদ্যালয়: নালন্দা বিশ্ববিদ্যালয়ৰ পিছতে দ্বিতীয়খন প্রাচীন বিখ্যাত বিশ্ববিদ্যালয় আছিল উদান্তপুৰ বিশ্ববিদ্যালয়। বিহাৰত অৱস্থিত এই বিশ্ববিদ্যালয় খন খ্রীষ্টিয় অষ্টম শতাব্দীত প্রতিষ্ঠা কৰা হৈছিল। এই বিশ্ব বিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰে।

v) বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়: প্রাচীন বিহাৰৰ আন এখন প্রখ্যাত বিশ্ববিদ্যালয় হৈছে-বিক্রমশীলা বিশ্ববিদ্যালয়। খ্রীষ্টীয় অষ্টম শতিকাত ধর্মপাল ৰজাৰ দিনত এই বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই বিশ্ববিদ্যালয় প্রধানকৈ বৌদ্ধ শিক্ষাৰ প্রাণকেন্দ্র আছিল। এই বিশ্ববিদ্যালয়ৰ তলত দুটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ছাত্র সকলে বিনা খৰচত থাকিবৰ বাবে ছাত্রাবাসৰ সুবিধা আছিল।

vi) উজ্জয়িনী বিশ্ববিদ্যালয়: উজ্জয়িনী বিশ্ববিদ্যালয় প্রাচীন ভাৰতৰ এখন প্রখ্যাত বিশ্ববিদ্যালয় আছিল। ৰজা বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত এই বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনক্ষেত্র। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্রৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ দিনতো এই বিশ্ববিদ্যালয় প্রখ্যাত আছিল।


৪/ আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৱতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

উত্তৰ: আর্য শিক্ষাৰ কলাবিদ্যা চৌষধি বিধ। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত এই চৌষষ্টি বিধ কলা বিদ্যা মুঠ এঘাৰট। বিভাগত দিয়া হৈছিল। এই বিভাগ কেইটা হৈছে ১। সাহিত্য, ২। গৃহপাল বিদ্যা, ৩। ৰন্ধন বিদ্যা ৪/ সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, ৫। হাতেৰে কাম কৰা বিদ্যা, ৬। শিল্প-বিদ্যা, ৭/ বিজ্ঞান, ৮/সংগীত বিদ্যা ৯/ নাট্য বিদ্যা, ১০/ শিষ্টাচাৰ বিদ্যা, ১১/ শাৰীৰিক ব্যায়াম বিদ্যা ।


৫/ আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলোচনা কৰা।

উত্তৰ: প্রাচীন কালৰ ভাৰতৰ শিক্ষা আৰু আজিকালিৰ শিক্ষাৰ মাজত যথেষ্ট পার্থক্য আছে। প্রাচীন কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা। কিন্তু বৰ্তমানৰ শিক্ষাৰ উদ্দেশ্য হৈছে কোনোমতে চাকৰি এটা যোগাৰ কৰা। এই শিক্ষা ব্যৱস্থাত প্রকৃত জ্ঞান লাভৰ অৱকাশ সীমিত।

প্রাচীন কালৰ শিক্ষাত আধ্যাত্মিক জ্ঞান লাভৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছিল যিটো বৰ্তমানৰ শিক্ষা ব্যৱস্থাত মুঠেই দেখা নাযায় ।প্রাচীন কালৰ শিক্ষাত জীৱন-যাপনৰ বাবে প্রয়োজনীয় প্ৰায়বোৰ কলাৰ শিক্ষা দিয়া হৈছিল। কিন্তু বর্তমান শিক্ষা ব্যৱস্থাত সকলো ছাত্র-ছাত্রীকে পাঠ্যপুথিৰ সীমিত জ্ঞানৰ -মাজতে আৱদ্ধ কৰা হয়, ফলত শিক্ষা সাং কৰি ছাত্র-ছাত্রী সকল নিবনুৱা বা বেকাৰ হৈ পৰে।


৭/ ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্রৱন্ধটোৰ পৰা কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

উত্তৰ: ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰৱন্ধটোৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিব পাৰিলোঁ। ভাৰতবৰ্ষৰ প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাৰ আভাস পোৱাৰ লগতে পাঠটোৰ পৰা আমি সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য, বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম, শিক্ষক-ছাত্ৰৰ আচৰণ আদিৰ বিষয়ে জানিব পাৰিলোঁ। লগতে বর্তমান শিক্ষা ব্যৱস্থাত দেখা দিয়া কেৰোণ বোৰৰ বিষয়েও পাঠটোৰ পৰা বহু কথা জানিব পাৰিলোঁ।


ভাব-বিষয়ক:

১। বাক্য ৰচনা কৰা:

ক) স্বাধীন চিন্তা: স্বাধীন চিন্তাই মানুহৰ সৃজনশক্তি বঢ়ায়।

খ) জ্যোতিষ শাস্ত্র: প্রাচীন ভাৰতীয় বিশ্ববিদ্যালয়বোৰত জ্যোতিষশাস্ত্রৰ শিক্ষা দিয়া হৈছিল।

গ) পোৰা মাটি: অসমৰ কেইবাঠাইতো পোৰা মাটিৰ কুঁৱাৰ অবশেষ পোৱা গৈছে।

ঘ) বাহিৰে-ভিতৰেঃ ঘৰখন বাহিৰে-ভিতৰে বৰ ধুনীয়া।


২) সন্ধি ভাঙা:

শিক্ষাগাৰ – শিক্ষা+গাৰ

বিদ্যালয় – বিদ্যা+আলয়

পুৰুষাৰ্থ = পুৰুষ + অর্থ


প্রাচীন ভাৰতীয় শিক্ষা” পাঠটোৱে আমাৰ শিক্ষা ঐতিহ্যৰ গভীৰতা জনাই। এই পাঠৰ প্ৰশ্ন-উত্তৰ আৰু টীকা অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected


📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now



Class 10 Assamese Chapter 16 প্রাচীন ভাৰতীয় শিক্ষা Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment