Assam Board Exam

জিকিৰ | Class 10 Assamese Chapter 2

Class 10 Assamese Chapter 2 জিকিৰ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10


📚 অধ্যায়ৰ নাম: জিকিৰ

📖 শ্ৰেণী: দশম
🏫 পাঠ্যক্ৰম: SEBA / SCERT Assam
🗒️ মাধ্যম: অসমীয়া
📂 বিষয়: অসমীয়া (অসমীয়া সাহিত্য – পদ্যাংশ)
🧠 বিষয়বস্তু: প্ৰশ্ন-উত্তৰ, ব্যাখ্যা, অৰ্থ, কবিতাৰ মূল ভাব


🧾 অধ্যায়টোৰ সংক্ষিপ্ত ব্যাখ্যা:

‘জিকিৰ’ হৈছে এটি ধৰ্মীয় আৰু আধ্যাত্মিক পদ। ই পীৰ আযান ফকীৰে ৰচিত আৰু সমাজ, ভাতৃত্ব, আৰু নৈতিকতাৰ বাণী বহন কৰে। এই কবিতাটো ভাৰতীয় সাংস্কৃতিক ঐক্য আৰু ধৰ্মীয় সহভাৱৰ এক উৎকৃষ্ট উদাহৰণ।

Class 10 Assamese Chapter 2 জিকিৰ– আজান ফকিৰ | Complete Question Answer in Assamese Medium


জিকিৰ

আজান ফকিৰ

দশম শ্ৰেণী

অসমীয়া

পাঠ 2

1. অতি চমু উত্তৰ দিয়া।

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰঃ আজান ফকিৰ।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ হিন্দুৰ ভক্তিমূলক-প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?

উত্তৰঃ ‘জিকিৰ’ শব্দটো ‘জিকৰ’ শব্দৰ পৰা ওলাইছে।


২। তলৰ শব্দবোৰৰ অৰ্থ লিখা:

ৰছুল, মোমিন, ৰহম, কুটুব 

উত্তৰঃ ৰছুল – দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।

মোমিন – বিশ্বাসী মুছলমান।

ৰহম – দয়া।

কুটুব – ধ্রুব নক্ষত্র।


৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷

উত্তৰ উল্লেখিত কবিতা ফাঁকিৰ অন্তনির্হিত ভাৱ খিনি তলত বিশ্লেষণ কৰা হ’ল

“আল্লাক বিচাৰি পোৱাটো সাধাৰণ জীৱৰ বাবে যে অতি কঠিন কাম তাকেই ক’বলৈ গৈ কবি আজান ফকিৰে উক্ত জিকিৰ ফাঁকি উল্লেখ কৰিছে। মায়াত আসক্ত জীৱই নিজ আত্মাত বাস কৰা আল্লাক বিচাৰি ওৰে জীৱন হাবাথুৰি খায়। বৈষয়িক সুখত নিমজ্জিত থকা জনেও অৱশেষত আল্লকে বিচাৰি মক্কাৰ দৰে পৱিত্ৰ তীর্থ  স্থানলৈ  ঢাপলি মেলে। কিন্তু মক্কালৈ গৈও তেওঁলোকে আল্লাক বিচাৰি নাপায়। কিয়নো জীৱন কালত কোনো দিনে তেওঁলোকে আল্লাই নির্দেশ কৰা পথেৰে খোজ দিয়া নায়। কেৱল বিষয়-বাসনাত নিমজ্জিত হৈ নিজ  স্বার্থ পুৰণৰ বাবে এটাৰ পিছত এটা পাপ কৰি গৈছে। শাল আৰু শ’ল মাছৰ লগত দৰিকা মাছৰ টপালিয়ে যিদৰে ফেৰ মাৰিব নোৱাৰে সেইদৰে যিজনে আল্লাক চিনি নাপায়, তেওঁ মক্কালৈ গৈ হাবাথুৰি খালেও আল্লাক বিচাৰি নাপায়। দৰাচলতে সৎ কর্ম আৰু সৎ জীৱন যাপনৰ মাজেদি দিন কটোৱা প্রকৃত মুছমানৰ দেহতহে  আল্লা সদায় বিৰাজমান।


৪। ব্যাখ্যা কৰা:

(ক) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।

খোদা ৰছুল লুকাই আছে , মোমিনৰ আঁৰত ৷৷

উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যমুথিৰ অন্তর্গত ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ ৰ অন্তর্গত আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

মোহাচ্ছন্ন জীৱই নিজ আত্মাতে বসবাস কৰা আল্লাৰ সান্নিধ্য লাভ কৰাটোৱে যে কিমান কঠিন, তাকে ক’বলৈ গৈ কবিয়ে উক্ত  জিকিৰ ফাঁকিৰ অৱতাৰণা কৰিছে।

আল্লাৰ সান্নিধ্য লাভ কৰাটো মায়ত আসক্ত জীৱৰ বাবে অতি কঠিন কাম। নিজৰ  অন্তর্নিহিত শক্তিৰ কথা উপলব্ধি কৰিব  নোৱাৰি পানীয়ে যিদৰে পিয়াহত আৰু  অগ্নিয়ে যিদৰে জাৰত মৰে একেদৰে মোহাচ্ছন জীৱই ওৰে জীৱন নিজ আত্মাতে বসবাস কৰা অল্লাক বিচাকি হাবাথুৰি খায়। পানীয়ে পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই প্ৰকৃততে অসম্ভৱ। পানীৰ পিয়াহত আতুৰ  জনে পানী চিনি নাপালে বা জাৰত কপি থকা জনে জুইৰ অস্তিতৰ কথা  নাজানিলে তাক বিচাকি হাবাথুতি খালেও বিচাৰি নাপায়। ঠিক তেনেদবে আল্লা বা ভগৱান আমাৰ  হৃদয়তে আছে। কিন্তু তেওঁৰ অপাৰ মহিমাৰ কথা নুবুজিলে এই বিশ্ব  চলাথ কৰিলেও বা মন্দিৰ- মছজিদ দর্শন কৰি ফুৰিলেও আল্লা বা ভগৱানক বিচাৰি পোৱা নাযায়। যিজন সৎ কর্মত বিশ্বাসী, প্রকৃত মুছলমানৰ কর্তব্য পালনত  ব্রতী তেওঁ হৃদয়তে আল্লা বিৰাজমান। ইয়ে পৰম সত্য।


(খ ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ৷

উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যমুথিৰ অন্তর্গত ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ ৰ অন্তর্গত আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

“মায়াত আসক্ত জীৱই জীৱনৰ অন্তিম ক্ষণত ভগৱানৰ সান্নিধ্য বিচাৰি যে হাবাথুৰি খায়, তাকেই ক’বলৈ গৈ কবিয়ে উক্ত কবিতা ফাঁকি উল্লেখ কৰিছে।

মক্কা হল পবিত্র তীর্থস্থান। মক্কাক তিৰবেণীৰ ঘাট বুলি কোৱা হয়। তিৰবেণী অর্থৎ ত্রিবেণী হৈছে হিন্দুৰ এক পবিত্র তীর্থস্থান।য’ত গংগা, যমুনা, সৰস্বতীয়ে মিলিত হৈছে। প্রতিগৰাকী হিন্দুৱে  ত্রিবেণী লৈ গৈ  তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে সকলো পাপ খণ্ডন হোৱাৰ লগতে   মুক্তি পায় বুলি বিশ্বাস কৰে। সেয়েহে মক্কাক ত্রিবেণীৰ লগত তুলনা কৰা হয়। প্রতিগৰাকী মুছলমানে জীৱনত এবাৰ মক্কালৈ যাব পাৰিলে জীৱনত মুক্তি প্রাপ্তি অর্থৎ আল্লাৰ সৈতে মিলন হোৱা বুলি বিশ্বাস কৰে। কিন্তু সংসাৰৰ মায়াজালত বন্দী মানৱে মক্কা বা তিবেণীলৈ গলেও প্রকৃত সুখ , শান্তি বিচাৰি নাপায়। সংসাৰত মায়াই মুক্তিৰ পথত বাধা দিয়াৰ বাবে জীৱনত সুখৰ সলনি দুখহে পাব লগা হয় ।


গ ) সঁজাৰ মইনাটিৰ অনেক যুগুতি ।

দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি ।

উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যমুথিৰ অন্তর্গত ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ ৰ অন্তর্গত আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতা ফাঁকি  জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তি সম্পর্কে ক’বলৈ বিচাৰিছে।

শৰীৰ বা দেহ অতি অনিত্য, ক্ষণস্থায়ী; আত্মাহে  অবিনশ্বৰ। দেহ আৰু আত্মাৰ সম্পর্ক যেন সঁজা আৰু মইনাৰ সম্পর্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহটোৰো কোনো অর্থ নাই। মইনা চৰাইটি  সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আত্মাকো দেহ ৰূপী সজাত বন্দী কৰি ৰখা হয়। সজাত বন্দী মইনাই যিদৰে মিঠা মাত মাতি মানুহৰ  মন ভুলায়, তেনেদৰে মানৱ দেহ ৰূপী সজাত বন্দী আত্মায়ো নানা সুখবিলাসী কর্মৰে  জীৱক মায়াত বন্দী কৰে। পার্থিৱ  সুখত মগ্ন হৈ  জীৱই জীৱনৰ প্রকৃত অর্থ পাহৰি যায়। ফলত নানা দুখ- কষ্টত ভূগে। দেহৰ সুখ বিচাৰি থাকোঁতে আত্মাই এদিন দেহটোক ত্যাগ কৰে। ‘আত্মাহীন দেহৰ কোনো মূল্য নাই। গতিকে দেহটোক পুৰি পেলোৱা হয়। মৃত্যৰ পিছত সঁজা ত্যাগী মইনাই যিদৰে সঁজা আৰু গৃহস্থৰ ‘মায়াৰ পৰা  মুক্ত, তেনেদৰে আত্মায়ো সংসাৰৰ মায়া-মোহ আৰু প্রেম-প্ৰীতিৰ পৰা মুক্ত হৈ পৰে ।


৫। সমার্থক শব্দ লিখা:

চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল

উত্তৰঃ চিন্তো – ভাবোঁ।

ঘাট – পাৰ।

পীৰিতি – প্রেম।

আচমান – আকাশ।

দৰিয়া – সাগৰ, নদী

পিয়াহ তৃষ্ণা

বাট পথ

ভেল মৰাশ


Class 10 Assamese Chapter 2 ‘জিকিৰ’ এখন গুৰুত্বপূর্ণ অধ্যায়। ইয়াৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু নৈতিক দিশসমূহ বুজিব পাৰে।

📌 নিয়মিত অধ্যয়ন কৰক, ভিডিঅ’ চাওক, আৰু সঠিক প্ৰশ্ন উত্তৰসমূহেৰে আপোনাৰ প্রস্তুতি দৃঢ় কৰক।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Assamese Chapter 2 জিকিৰ Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment