Class 10 Assamese Chapter 3 প্রশস্তি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
📚 পাঠৰ নামঃ প্রশস্তি
- Subject: Assamese (অসমীয়া)
- Class: 10
- Chapter No.: 3
- Chapter Type: পদ্যাংশ (Poetry)
- Board: SEBA / SCERT Assam
- Medium: Assamese
🧾 পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary)
“প্ৰশস্তি” কবিতাটো এখন দেশপ্ৰেম আৰু মহান আদৰ্শৰে পৰিপূৰ্ণ পদ্য। ইয়াত দেশৰ গৌৰৱ, মনুষ্যত্ব আৰু দায়িত্ববোধৰ কথাই কাব্যিক ভঙ্গিমাৰে প্ৰকাশ পায়। কবিয়ে আদৰ্শ সমাজৰ এটি ৰূপ দাঙি ধৰিবলৈ চেষ্টা কৰিছে য’ত সন্মান, ধৰ্মনিরপেক্ষতা আৰু জাতীয়তা জীয়াই থাকে।
এই পাঠটোৱে শিক্ষাৰ্থীসকলৰ মনত দেশৰ প্ৰতি গৌৰৱ আৰু দায়িত্বৰ বোধ সৃষ্টি কৰে।
✅ Class 10 Assamese Chapter 3 – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ
প্রশস্তি
Class 10 Assamese Chapter 3 প্রশস্তি – ৰঘুনাথ চৌধাৰী Complete Question Answer in Assamese Medium
প্রশস্তি
– ৰঘুনাথ চৌধাৰী
দশম শ্ৰেণী
অসমীয়া
পাঠ ৩
১) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰ: ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।
খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হৈছে ‘সাদৰি’ আৰু ‘কাৰবালা’।
গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰ: প্রকৃতিক নব কিশলয়দলে সাদৰি আনিলে বুলি কবিয়ে কৈছে।
ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰ: মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে।
ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰ: জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰ: মহামহিমৰ গান মোহন কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।
২/ কবিতাটোও কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰ প্রকৃতি কবি ৰঘুনাথ চৌধাৰীদেৱৰ প্রকৃতি বিষয়ৰ কবিতাবোৰৰ ভিতৰত এটা অন্যতম সুন্দৰ কবিতা হৈছে আমাৰ পাঠ্য ক্রমৰ অন্তর্গত ‘ প্ৰশস্তি’ কবিতাটো। এই কবিতাটোৰ মাজেৰে কবিয়ে প্রকৃতিৰ বিভিন্ন উপাদানক টানি আনিবলৈ সক্ষম হৈছে।
কবিতাটিত কবিয়ে প্রকৃতিৰ বিচিত্র সৌন্দর্যৰ বর্ণনাৰ মাজেৰে চিৰসুন্দৰৰ আৰাধনা কৰিছে। বেলিৰ পোহৰে মুখাৰিত কৰা পৃথিৱীত গছ বনে প্ৰকৃতিক যেন ন ৰূপেৰে সজাই তুলিছে। ন ন কুঁহিপাতেৰে প্রকৃতিক যেন ন সাজেৰে সজাইছে। চৌদিশে ফুলি থকা ফুলবোৰত প্রাণ আনন্দৰে ভৰি পৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্রকৃতিক প্রেম যাচিছে। চৰাই- চিৰিকটিৰ সুমধুৰ গীতে জল, স্থল, অন্তৰীক্ষ সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে।
এইদৰে প্রকৃতি কবি চৌধাৰীদেৱে প্রকৃতিৰ প্রতিটো বিষয়তে সুন্দৰৰ অফুৰন্ত সমল বিচাৰি পাইছে আৰু লগতে প্রকৃতিৰ বিভিন্ন উপাদানক টানি আনি ৰাতিপুৱাৰ এটি সুন্দৰ বর্ণনা দাঙি ধৰিছে।
৩/ কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
উত্তৰ:- ‘বিহগী’ কবি আৰু ‘প্রকৃতি’ কবি নামেৰে পৰিচিত ৰঘুনাথ চৌধাৰী দেৱে প্রকৃতি জগতৰ বিভিন্ন উপাদানৰ মাজত সৌন্দর্যৰ সমল বিচাৰি পাইছে। প্রকৃতিৰ ৰূপ বা সুন্দৰৰ আঁৰত চিৰ সুন্দৰৰ স্বৰূপ উপলব্ধি কৰা কবিয়ে কবিতাটিৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে।
কবিতাটোত কবিয়ে প্রকৃতিৰ বিচিত্র সৌন্দর্যৰ বর্ণনাৰ মাজেৰে চিৰ সুন্দৰৰ আৰাধনা কৰিছে। বেলিৰ পোহৰত মুখাৰিত কৰা পৃথিৱীত গছ- বনে প্রকৃতিক যেন ন ৰূপেৰে সজাই তুলিছে। ন ন কুঁহিপাতে প্রকৃতিক নতুন ৰূপত সজাই পৰাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্রাণ আনন্দৰে ভৰি পৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও এই সৌন্দর্যত নিজৰ প্ৰেম পৰিমল যাচি দিছে। চৰাই – চিৰিকটিবোৰেও সুমধুৰ গীত গাই গাই সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে, অমৃতৰ সন্তান মানৱক কালৰাত্রিৰ শেষত মুক্তিৰ পথ আহ্বান জনাইছে। কীচক বেণুৱে যেন বতাহত সৃষ্টি কৰ্তাৰ স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্ত সকলক তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। প্রকৃতিৰ অপৰূপ সৌন্দর্যত মাজত কবিয়ে চিৰ সুন্দৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু কবিয়ে সকলোকে ঈশ্বৰৰ প্ৰশস্তি বা আৰাধনা কৰিবলৈ আহ্বান জনাইছে।
৪। কবিতাটোত প্রকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰ প্রকৃতি কবি আৰু বিহগী কবি উপমাৰে বিভূষিত ৰঘুনাথ চৌধাৰী দেৱৰ এটা অনন্য সুন্দৰ কবিতা হৈছে ‘ প্ৰশস্তি’। এই কবিতাটোত কবিয়ে প্রকৃতিৰ অপৰূপ সৌন্দর্যৰ মাজত ঈশ্বৰৰ অস্তিত্ব বৰ গভীৰ ভাৱে অনুভৱ কৰিছে।
সুন্দৰৰ উপাসক আৰু প্রকৃতিপ্রেমী কবিয়ে প্রকৃতিৰ প্রতিটো উপাদানতে সুন্দৰৰ অফুৰন্ত সমল বিচাৰি পাইছে। ৰাতিপুৱা সূৰুযৰ ৰাঙলী আভাই উদ্ভাসিত কৰা মনোৰম পৃথিৱী, গছ-লতাৰ ন কুঁহিপাত, ফুলৰ সৌন্দর্য চৰাই-চিৰিকটিৰ মধুৰ কলৰৱ এই সকলোবোৰ উপাদানৰ মাজত কবিয়ে অপৰূপ ৰূপৰ সন্ধান লাভ কৰিছে। কবিয়ে প্রকৃতিৰ এই অপৰূপ ৰূপৰ আঁৰত লুকাই থকা চিৰসুন্দৰ জনৰ অস্তিত্ব গভীৰ ভাৱে অনুভৱ কৰিছে। কবিয়ে ভক্ত সকলক তন্দ্রাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈ আহ্বান জনাইছে। প্রকৃতৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে।
এক আধ্যাত্মিক স্বৰে কবিতাটাক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে বুলি ক’ব পাৰি।
৫. ‘ প্ৰশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ বিহগী’ কবি উপমাৰে বিভূষিত ৰঘুনাথ চৌধাৰী দেৱৰ প্রকৃতি বিষয়ক কবিতাবোৰৰ ভিতৰত এটা অন্যতম সুন্দৰ কবিতা হৈছে আমাৰ পাঠ্যক্রমৰ অন্তর্গত প্ৰশস্তি’ নামৰ কবিতাটো। এই কবিতাটোত কবিয়ে প্রকৃতিৰ অপৰূপ সৌন্দর্যৰ মাজেৰে ঈশ্বৰৰ অস্তিত্ব বৰ সুন্দৰ ভাবে প্রকাশ কৰিছে। তলত কবিতাটোৰ মূলভাৱটো বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ’ল-
প্রশস্তি কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দর্যৰ বর্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্রশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীর্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ বনে প্রকৃতিক ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুল বোৰৰ প্রাণ আনন্দেৰে ভৰি পৰিছে । চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানৱক কালৰাতিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্রষ্টাৰ গান গাইছে কবিয়ে ভক্ত বৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈহে কৈছে । প্রকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্রকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ সোমাই আছে । এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টি কৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
কবিতাটোৰ মূলভাৱ অথবা অন্তনিহিত অর্থ কৈ বা লিখি সমাপ্ত কৰিব নোৱাৰি যদিও কবিতাটোৰ কিছু সাম্যক ধাৰনা ওপৰত প্রতিস্থাপন কৰা হৈছে।
৬। ‘উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য’ত মুক্তি পথযাত্রী।’
–কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰ উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে অমৃতৰ সন্ধান মানুহক তন্দ্রাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰি মুক্তি পথৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে।
প্রভাতী পুৱাৰ মধুৰ ক্ষণত মানুহৰ মনত সকলো বেয়াভাৱ, ধাৰণা, চিন্তা ত্যাগ কৰি সকলোকে মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে । দিনৰ পোহৰে ৰাতিৰ আন্ধাৰ নাশ কৰাৰ দৰে মানুহেও কালৰাতিৰ শেষত মনৰ মাজত থকা কুভাৱ চিন্তা আদি ত্যাগ কৰি মুক্তি পথৰ সন্ধান কৰিব লাগে। সেয়ে মানুহে নিজৰ মনত থকা মলিনতা আৰু আৰু অজ্ঞানতা দূৰ কৰি সকলোৱে এক ধ্যান সুন্দৰৰ আৰাধনা কৰিব লাগে বুলি কবিয়ে সকলোকে আহ্বান জনাইছে।
৭/ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
উত্তৰ: প্রকৃতিৰ ৰূপ সৌন্দৰ্যৰ ধ্যানে মানুহৰ মনত দিয়ে অনাবিল আনন্দ, সুখ আৰু প্রশান্তি। দেহ মনত যোগায় কর্ম শক্তি। এই ৰূপ সৌন্দৰ্যৰ মাজতে অনেকে বিচাৰি পায় নতুন নতুন সৃষ্টিৰ উৎস। প্রকৃতিৰ ৰূপ ধ্যানে মানুহক অধ্যাত্মিক শক্তিৰো যোগান ধৰে। সেয়ে কবিয়ে ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
৮। ব্যাখ্যা কৰাঃ
(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
উত্তৰ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত কবি ৰুঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত ‘ প্ৰশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
প্রকৃতিৰ প্রতিটো বস্তুতেই নেদেখা জনৰ অস্তিত্ব আৰু ৰূপ ধ্যান কৰিবলৈ গৈ কবি চৌধাৰী দেৱে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
প্ৰকৃতি কবি চৌধাৰীদেৱ প্রকৃতিৰ উপাসক। প্রকৃতিৰ প্রতিটো উপাদানতেই তেওঁ সৌন্দর্যৰ আকৰ বিচাৰি পায়। ৰাতিপুৱা সূৰুযৰ ৰাঙলী আভাৰে সমগ্র পৃথিৱীকে ন ৰূপত সজাই তুলে। সেই মনোমোহা পৰিৱেশত চিত্তধাৰী ফুলবোৰো আনন্দত নাচি উঠে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও তাতে প্রেম পৰিমল যাচি দিয়ে। এনে সুন্দৰ পৰিৱেশত চৰাই চিৰীকটি বোৰেও সুমধুৰ গীত গাই জল, স্থল, আকাশ আদি সকলোতে যেন দেৱতাহে সন্ধান কৰিছে।
এইদৰে কবিয়ে প্রকৃতিৰ সুন্দৰ চিত্র অং কনেৰে প্রকৃতিৰ প্রতিটো বস্তুতেই নেদেখাজনা অস্তিত্ব অনুভৱ কৰিছে।
(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্রী
উত্তৰ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত কবি ৰুঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত ‘ প্ৰশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
নৱ প্রভাতত প্রকৃতি জগতৰ সকলোতে কবিয়ে অপূর্ব সৌন্দর্য অনুভৱ কৰিছে । সুৰুযৰ ৰাঙলী আভাহে পৃথিৱীক এক ন ৰূপত সজাই তুলিছে। সেই মনোৰম পৰিৱেশত চিত্তধাৰী ফুল বোৰেও আনন্দত নাচি উঠে। এনে সুন্দৰ পৰিৱেশত চৰাই-চিৰিকটি বোৰেও সুমধুৰ গীত গাই জল, স্থল, আকাশ আদি সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। পুৰণি সকলো কলুষ কালিমা ভৰা কালৰাতি আঁতৰি গৈছে। সেয়েহে কবিয়ে এই নৱ প্রভাতত অমৃতৰ সন্তান মানুহক তন্দ্ৰা মোহ ত্যাগ কৰি মুক্তিৰ পথ বিচাৰিবলৈ কাতৰ আহ্বান জনাইছে।
এইদৰে কবিয়ে প্রকৃতিৰ সকলো উপাদানত মাজত ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলোকে তন্দ্ৰা মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
গ) মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দহ্ল
সুন্দৰৰ কৰা ৰূপধ্যান।
উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তর্গত কবি ৰুঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত ‘ প্ৰশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
গুণানুকীর্তন কৰাৰ লগে লগে কবিয়ে ভক্ত বৃন্দক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ কোৱাৰ প্রসংগত কবি চৌধাৰী দেৱে কবিতাফাকি উল্লেখ কৰিছে।
প্ৰশস্তি’ কবিতাটি কবিয়ে প্রকৃতিৰ সৌন্দর্যৰ বর্ণনাৰ মাজেৰে চিৰ সুন্দৰৰ আৰাধনা কৰিছে । দোক মোকালিৰ সময়ত বেলিৰ হেঙুলীয়া পোহৰে পোহৰাই তোলা পৃথিৱীৰ অপৰূপ সৌন্দর্যত কবিয়ে দেৱতাৰ সন্ধান কৰিছে ।প্রকৃতিক সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে। কবিক অনুভৱত কীচক বেণুৱেও যেন ভগৱানৰ হে গুণানু কীর্তন কৰিছে। কবিয়ে অমৃতৰ সন্তান মানৱক তন্দ্ৰা মোহ ত্যাগ কৰি সুন্দৰৰ আৰাধনাৰ মাজেৰে মুক্তিৰ পথ কাতৰে আহ্বান জনাইছে।
উক্ত কবিতাফাকিৰ মাজেৰে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ ফুটি উঠিছে।
১) অর্থ লিখা:
কিশলয়- কুঁহিপাত/গজালি
চিত্তহাৰী- মন-প্রাণ হৰি নিয়া
অন্তৰীক্ষ- আকাশ
তন্দ্রালস- টোপনি যোৱা অৱস্থা
২/ বাক্য ৰচনা কৰা:
দশোদিশ: সুর্যৰ কিৰণে দশোদিশ পোহৰাই তোলে।
উপেক্ষিত: সমাজৰ কোনো লোকেই উপেক্ষিত হ’ ব নালাগে।
জৰাজীর্ণ: জৰাজীণ ঘৰটোত এতিয়া কোনেও বাস নকৰে।
অমৃত: অমৃত পান কৰি দেৱতা সকল অমৰ হৈছিল।
মোহ: – সকলো মানুহেই মায়া মোহত আৱদ্ধ।
৩। সমার্থক শব্দ
তৰু – গছ
মুক্তি – মুকলি হোৱা
সুমধুৰ -মধুৰ / সিট।
অভিমান -অন্বেষণ
ধ্যানী -ধ্যানৰত
“প্ৰশস্তি” কবিতাখনে শিক্ষাৰ্থীসকলক দেশ আৰু সমাজৰ প্ৰতি দায়িত্বশীল আৰু আদৰ্শবান নাগৰিক হোৱাৰ বাবে উৎসাহিত কৰে। এই পাঠৰ সহায়ত তেওঁলোকে অসমীয়া সাহিত্যৰ গভীৰতা বুজি পোৱাৰ লগতে, নিজৰ ব্যাক্তিত্বৰ গঠনো কৰিব পাৰে।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
Class 10 Assamese Chapter 3 প্রশস্তি Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam