Class 10 Assamese Chapter 5 দৃশ্যান্তৰ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
🧾 অধ্যায় ৫ – দৃশ্যান্তৰ
- Subject: Assamese
- Class: 10
- Chapter Name: দৃশ্যান্তৰ
- Category: পদ্যাংশ
- Board: SEBA / SCERT Assam
- Medium: Assamese
🖊️ পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary)
‘দৃশ্যান্তৰ’ এখন আধুনিক পদ্য, য’ত জীৱনৰ পৰিৱৰ্তনশীলতা, সামাজিক দৃষ্টিভংগীৰ পৰিবর্তন, আৰু মানুহৰ চিন্তাভাবনাৰ ৰূপান্তৰ বর্ণনা কৰা হৈছে। কবিয়ে জীৱনৰ দৃশ্যবিন্যাসৰ সৈতে এক গভীৰ আত্মপৰিচয় স্থাপন কৰিছে।
✅ Class 10 Chapter 5 Question Answer (Assamese Medium)
দৃশ্যান্তৰ
Class 10 Assamese Chapter 5 দৃশ্যান্তৰ – হৰেকৃষ্ণ ডেকা Complete Question Answer in Assamese Medium
দৃশ্যান্তৰ
হৰেকৃষ্ণ ডেকা
দশম শ্ৰেণী
অসমীয়া
পাঠ 5
১ (ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰ: কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।
খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ: মানুহজন কুকুৰীকণা আছিল, সেইবাবে তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
উত্তৰ: মানুহজনে নিজৰ ঘৰৰ পদূলি নঙলামুখতে বিচাৰিছিল।
ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
উত্তৰ: মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগীত আছিল।
ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
উত্তৰ: কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।
২/ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ: সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল। সেয়ে তেওঁ সন্দেহৰ দৃষ্টিয়ে কবিলৈ চাই সুধিছিল যে ভাৰাঘৰ বিচাৰি আহিছে নেকি? যদি আহিছে কুবেৰৰ মহলাত ভাৰাঘৰ বিচাৰি পোৱাটো ইমান সহজ নহয় আৰু পালেও তাত শান্তিৰে থাকিব নোৱাৰিব বুলি কৈছিল। কাৰণ তাত যখৰ পোৱালী সদৃশ কিছূমান স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক মানুহে বসবাস কৰে, যিয়ে কাৰো দুখ , মৰম চেনেহ উপলব্ধি নকৰে। আনকি কাৰোবাৰ মৃত্যু হলেও দাহ কৰিবলৈ কোনো আগবাঢ়ি নাহে।
৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ: ‘দৃশ্যান্তৰ’ কবিতাটো কবি হৰেকৃষ্ণ ডেকাৰ এটি উৎকৃষ্ট সামাজিক কবিতা। দুটা দৃশ্যত উপস্থাপিত কথাৰ বর্ণনাৰ পার্থক্যৰে সময়ৰ সোঁতত পৰিৱর্তন হোৱা মানৱ সভ্যতাৰ ব্যাখ্যাই কবিতাটোৰ প্রকৃত মূলভাৱ।
কবিতাটোৰ প্রথম দৃশ্যত বর্ণিত হৈছে এখন সুন্দৰ গাঁৱলীয়া চিত্র, য’ত আছে কেঁচা আলি, নঙলা, কাকিনী তামোল, বাঁহগছ আদিৰে পৰিবেষ্টিত পজা ঘৰ। সেইখন চিত্রত অংকিত হৈছে মানুহৰ মৰম-চেনেহ, আন্তৰিকতা আৰু এজনৰ আনজনৰ প্রতি থকা দায়বদ্ধতা।কবিতাটোৰ দ্বিতীয় দৃশ্যত অর্থাৎ পঁচিশ বছৰৰ পিছত একেডোখৰ ঠাইৰে পৰিৱৰ্তিত ৰূপ দেখুওৱা হৈছে। য’ত আছে ওখ ওখ অট্টালিকাৰে ভৰা এখন নগৰৰ প্রতিচ্ছবি। এই কংক্রীটৰ নগৰত বাস কৰা মানুহবোৰৰ মাজত নাই মৰম, ভালপোৱা, আন্তৰিকতা, সহায় সহযোগিতা ইত্যাদি। মানুহবোৰ কেৱল আত্মকেন্দ্রীক আৰু স্বাৰ্থ পৰ। যিয়ে কাৰো দুখ , মৰম, চেনেহ উপলব্ধি নকৰে। আনকি কাৰোবাৰ মৃত্যু হ’ লেও দাহ কৰিবলৈ কোনো আগবাঢ়ি নাহে।এইদৰে কবিতাটোত দুটা দৃশ্যৰ মাজেৰে আধুনিক সমাজত হেৰাই যোৱা মানৱতা, আন্তৰিকৰ্তা আৰু আত্মীয়তা গুণৰ অভাৱৰ কথা সুন্দৰ আৰু সাৱলীল ভাৱে কবিয়ে কবিতাটিৰ মাজেৰে ফুটাই তুলিছে। আধুনিক মানুহে বাহ্যিক সুখ বহুত পাইছে যদিও প্রকৃত সুখৰ পৰা যে বঞ্চিত হৈ গৈ যে আছে, তাকে কবিয়ে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে।
৪/ ‘বৰ শান্তিত আছো
এই পঁজাটিত।’
কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মোকলাই লিখা।
উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘দৃশ্যান্তৰ’ নামৰ কবিতাটোৰ অন্তৰ্গত।
পঁচিশ বছৰৰ আগত কবিয়ে যেতিয়া কুকুৰীকণা মানুহজনক হাতত ধৰি আগুৱাই দিছিল, তেতিয়া মানুহজনে এইদৰে কৈছিল। ঠাইডোখৰ আছিল গাঁৱলীয়া। কেঁচা আলি কেকুৰি, পজা ঘৰ, কাকিনী তামোল, বাঁহ গছ আদিৰে পৰিপূর্ণ এখন সুন্দৰ গাঁৱৰ প্রতিচ্ছবি। তাত বাস কৰা মানুহবোৰৰ মাজত আছিল মৰম-চেনেহ, আন্তৰিকতা আৰু দায়বদ্ধতা। সেয়ে পঁজা ঘৰত থাকিও কুকুৰীকণা মানুহজনে অকলশৰীয়া অনুভৱ কৰা নাছিল। ওচৰ চুবুৰীয়াৰ মৰম-চেনেহত তেওঁ সুখ-শান্তি বিচাৰি পাইছিল।
এয়ে’ হৈছে কথাষাৰৰ অন্তর্নিহিত ভাৱ।
৫/ হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?-কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উত্তৰ: উক্ত কথাষাৰ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ লোকজনে কবিক সুধিছিল।
নগৰৰ কংক্রীটৰ উচ্চ অট্টালিকাত নিঃসঙ্গ ভাবে দুর্বিসহ জীৱন কটোৱা লোকজনে কবিয়ে তাত ভাৰাঘৰ বিচাৰি যোৱা বুলি ভাবিছিল।সেয়ে তেওঁ কবিক বুজাব বিচাৰিছিল যে সেই কুবেৰৰ মহলাত যদি তেওঁ ভাৰাঘৰ বিচাৰি আহিছে তেনেহ’লে তাত কোনো শান্তিত থাকিব নোৱাৰিব, কিয়নো তাত বাস কৰা মানুহবোৰৰ মাজত নাই মৰম-চেনেহ, আন্তৰিকতা, সামাজিক দায়বদ্ধতা ইত্যাদি। কথাষাৰৰ যোগেদি তেওঁ নগৰীয়া জীৱনৰ ৰুক্ষ বাস্তৱ প্রতিফলিত কৰিছে।
৬/ ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, ‘তোমাৰ ভাষাৰে বুজাই’ লিখা।
উত্তৰ: সমাজ পৰিৱৰ্তনশীল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিবৰ্তন হয় সামাজিক অৱস্থাৰ আৰু মানুহৰ নৈতিক আৰু আধ্যাত্মিক চেতনা-বোধৰ।
‘দৃশ্যান্তৰ’ কবিতাটিত কবিয়ে এখন গাঁৱলীয়া ঠাই আৰু এখন নগৰীয়া ঠাইৰ ছবি সুন্দৰকৈ প্রতিফলিত কৰিছে। কেঁচা আলি পদুলিৰে আবৃত পজা ঘৰত বাস কৰা সহজ-সৰল মানুহবোৰৰ মাজত থকা মৰম-চেনেহ, আন্তৰিকতা আৰু সামাজিক দায়বদ্ধতাৰ বিপৰীতে নগৰৰ ওখ ওখ অট্টালিকাত বাস কৰা মানুহবোৰৰ আন্তৰিকতা শূন্য যান্ত্রিক জীৱনৰ প্রতিচ্ছবি কবিতাটোত সুন্দৰকৈ বর্ণিত হৈছে। কবিয়ে লগ পোৱা কুকুৰীকণা মানুহজন যেতিয়া গাঁৱত বাস কৰিছিল, পজা ঘৰত থাকিয়ে তেওঁ বহুত শান্তিত আছিল তাত তেওঁ মানুহৰ মৰম-চেনেহ, সহায় সহযোগিতাৰ অভাৱ পোৱা নাছিল। একেডোখৰ ঠাই নগৰলৈ পৰিৱৰ্তন হোৱাৰ পাছত, সেই একেজন মানুহ যেতিয়া কংক্রীটৰ অট্টালিকাত থাকিব লগীয়া হল, তাত তেওঁ অতি নিসঙ্গ আৰু অশান্তিৰ জীৱন কটাব লগীয়া হৈছে। এনেদৰে কবিতাটোত কবিয়ে গ্রাম্য জীৱনৰ অকপট ৰূপ আৰু চহৰীয়া জীৱনৰ ৰুক্ষতাৰ সফল ছবি দাঙি ধৰিছে।
৭/ ‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া।
উত্তৰ: ‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে হৰেকৃষ্ণ ডেকা তেখেতৰ জন্ম হৈছিল ১৯৪৩ চনত, তিনিচুকীয়াত। ইংৰাজী বিষয়ত এম.এ পাছ কৰি তেখেতে প্রথমে গুৱাহাটী কমার্চ কলেজত অধ্যাপনা কৰে আৰু পিছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়।
অসমীয়া সাহিত্যলৈ আগবঢ়োরা তেখেতৰ অৱদান বোৰ এনেধৰণৰ-
১/ কবিতা পুথি: ৰাতিৰ শোভাযাত্রা, আন এজন, Sea-Scare
২/ গল্প পুথি: গল্প আৰু কল্প, মধুসুদনৰ দলং, বন্দীয়াৰ আৰু মৃত্যুদণ্ড
৩/ উপন্যাস: আগন্তুক
তেখেত ‘The Sentinel ‘ আৰু ‘গৰিয়সী’ আলোচনীৰ সম্পাদক আছিল।
তেখেতে ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত কথা বঁটা আৰু ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।
৮। ব্যাখ্যা কৰাঃ
(ক) “মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।”
উত্তৰঃ- উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমিয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।
বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল’ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা-দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সৰলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে-আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক’ব বিচাৰিছে উক্ত কবিতাফাঁকিৰ দ্বাৰা।
খ) ‘যখৰ পোৱালিহঁতে কাক কোনে চায়।
উত্তৰঃ- প্ৰসংগঃ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
আধুনিক জীৱনত মানুহৰ মাজত যে মানৱতা, আত্মীয়তা আদি মানৱীয় গুণবোৰ হেৰাই গৈছে, তাকে ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
কবিয়ে পঁচিশ বছৰ আগতে এজন মানুহ লগ পাইছিল ‘সম্পূর্ণ গাৱলীয়া সহজ সৰল পৰিৱেশত, যিজন মানুহে উৰুখা পজাত বাস কৰিও পৰম শান্তিৰে থকা বুলি কৈ সন্তুষ্টি পাইছিল। পঁচিশ বছৰ পিচত কবিয়ে সেইদোখৰ ঠাইতে পুনৰ সেই মানুহজনক মুখামুখি হৈছে ওখ অট্টালিকা, উচ্চ সভ্যতা তাত বিৰাজ মান যদিও সহজ সৰল মানুহৰ মনবোৰ যেন হেৰাই গৈছে। তেতিয়া মানুহজনে ওখ অট্টালিকাত বাস কৰিও অসন্তুষ্টি প্ৰকাশ কৰিছে। কাৰণ সেই কংক্রীটৰ অৰণ্যত মৃতদেহ দাহ কৰাৰ দৰে মহৎ কর্ম কৰিবলৈ মানুহ পাবলৈ নাই। সেই মানুহবোৰক যখৰ পোৱালি’ বুলি কৈ মানুহজনে কৈছিল যে সেইবোৰে কাকো চিনি নাপায়। আৰু চিনিবলৈ ইচ্ছাও নকৰে। সকলো নিজক লৈয়ে ব্যস্ত। মানৱতা, আত্মীয়তা আদি শব্দবোৰ যেন হেৰাই গৈছে।
গ) ‘এই কংক্রীটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু
উত্তৰঃ- উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
কংক্রীটৰ অৰণ্য অর্থাৎ আধুনিকতা কৃত্রিমতাৰ মাজত যে মানুহৰ সৰলতা নৈতিকতা আদি গুণবোৰ ক্রমান্বয়ে হেৰাই যাব ধৰিছে। তাকেই প্রকাশ কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকি উল্লেখ কৰিছে।
সময় পৰিৱর্তনশীল। এই পৰিৱৰ্তনশীল মানুহক মন, সাজ-সজ্জা, ধৰন-কৰণ আদি সকলোতে প্রভাৱ পেলায়। কবিয়ে পঁচিশ আগতে সম্পূর্ণ গাৱলীয়া সহজ সৰল পৰিৱেশত এজন মানুহ লগ পাইছিল, যিজনে উৰুখা পঁজাতে থাকিও সন্তুষ্ট আছিল। পশিচ বহুৰ পিছত সেই একেদোখৰ ঠাইতে ভিন্ন পৰিৱেশত সেই মানুহজনকে কবিয়ে চৰম অসন্তুষ্টি ৰূপত লগ পাইছিল। মানুহজনৰ চৰম অসন্তুষ্টি ব্যক্ত হৈছে, মৃতকত দাহ- সংস্কাৰ কৰিবলৈ মানুহ পাবলৈ নাই বোলা কথাষাৰত। এয়াই মানৱতাৰ চৰম অৱক্ষয় । সেই কৃত্রিম পৰিৱেশত সহজ সৰল মানুহজন হেৰাই গ’ল| কবিয়ে পুনৰ বিচাৰি নাপালে তেওঁক।
৯/ বিপৰীত শব্দ লিখা:
কেঁচা -পকা
গধূলি – পুৱা
পোহৰ – আন্ধাৰ
শান্তি – অশান্তি
ৰূপ- কুৰূপ
১০/ এটাকে সমার্থক শব্দ লিখা:
জোন-চন্দ্র
ঘৰ – গৃহ
চৰা – বেছি
দাহ- পোৰা/ জ্বলোৱা
উভতি – উলটি
১১। নঞার্থক শব্দ গঠন কৰা:
শান্তি- অশান্তি
চিনাকি –
সহায় – অসহায়সহায় – অসহায়
📚 মুখ্য দিশ (Key Points for Exam) – Class 10 Assamese Chapter 5
- কবিতাৰ আধুনিক দৃষ্টিভংগী
- শব্দচয়ন আৰু অলংকাৰ ব্যৱহাৰ
- দৃশ্যান্তৰৰ মানৱিক আবেদন
- নৱজাগৰণমূলক দৃষ্টিভংগী
- কবিৰ সমকালীন সমাজচিন্তা
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
দৃশ্যান্তৰ কবিতাটোৱে ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশত সহায় কৰে। পাঠটো মনোযোগ সহকাৰে পঢ়ি কবিৰ অনুভৱ বুজি পোৱাটো অতি প্ৰয়োজনীয়। এই পৃষ্ঠাটো Class 10 SEBA পৰীক্ষাৰ বাবে এক উৎকৃষ্ট সহায়িকা।
Class 10 Assamese Chapter 5 দৃশ্যান্তৰ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam