Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
🧾 অধ্যায় ৭ – ভাৰতীয় সংস্কৃতি
- Subject: Assamese
- Class: 10 (X)
- Chapter No.: 7
- Chapter Name: ভাৰতীয় সংস্কৃতি
- Category: গদ্যাংশ
- Board: SEBA / SCERT Assam
- Medium: Assamese
🖊️ পাঠৰ সংক্ষিপ্তসাৰ (Summary of the Chapter)
এই পাঠখনত ভাৰতীয় সংস্কৃতিৰ ঐতিহাসিক গঠনৰ বিষয়ে বিস্তৃত আলোচনা কৰা হৈছে। ভাৰত এখন বহুজাতিক, বহুভাষিক, আৰু বহুধাৰ্মিক দেশ। ইয়াৰ সংস্কৃতি বৈচিত্ৰ্যপূৰ্ণ কিন্তু একতাৰ জড়িয়েই গঠিত। ভাষা, ধৰ্ম, শিল্প, সঙ্গীত, সাহিত্য আদি সকলোতে ভাৰতীয় সংস্কৃতিৰ গভীৰতা আৰু দীৰ্ঘ ঐতিহ্য প্ৰকাশ পাইছে।
✅ Class 10 Chapter 7 Question Answer (Assamese Medium)
ভাৰতীয় সংস্কৃতি
Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি – হেম বৰুৱা Complete Question Answer in Assamese Medium
ভাৰতীয় সংস্কৃতি
হেম বৰুৱা
দশম শ্ৰেণী
অসমীয়া
পাঠ – 7
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰ: ভাৰতীয় সংস্কৃতিৰ প্রাণ হৈছে ক্রমবর্দ্ধমান শক্তি।
২/ ‘ফ্রম ভল্গা টু গংগা’ কাৰ ৰচনা?
উত্তৰ: ‘ফ্রম ভল্গা টু গংগা’ পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা।
৩। সর্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমনৰ কি আখ্যা দিছে?
উত্তৰ: সৰ্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমনৰ আখ্যা এনেদৰে দিছে যে ই আৰ্যই অনার্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
৫/ শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল।
৬। ইছলামীয় ভাস্কর্যৰ মূল সম্পদ কি?
উত্তৰ: গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কর্যৰ মূল সম্পদ।
৭। অজন্তাৰ ছবিবোৰত প্রকাশ পোৱা ভাববস্তু দুটা কি কি?
উত্তৰ: অজন্তাৰ ছবিবোৰতপ্রকাশ পোৱা ভাববস্তু দুটা হৈছে-সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।
৮)গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?
উত্তৰ: গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।
৯/ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰ: সুকুমাৰ কলাৰ ভিতৰত চিত্র শিল্পক বেছি স্থায়ী বোলা হৈছে।
১০। হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
উত্তৰঃ- অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল। “মমতাৰ চিঠি”, “আইতা”, “জাৰৰ দিনৰ সপোন” আদি তেখেতৰ বিখ্যাত কাব্য। “বালিচন্দা (১৯৫৯)” আৰু “মনময়ূৰী (১৯৬৫)” তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে “আধুনিক সাহিত্য”, “সাগৰ দেখিছা”, “সানমিহলি”, “ৰঙা কৰবীৰ ফুল”, “কিউপিড আৰু ছাইকী”, “বালিচন্দা”, “এই গাঁও এই গীত”, “মেকং নৈ দেখিলো”, “ইজৰাইল”, “স্মৃতিৰ পাপৰি” ইত্যাদি উল্লেখযোগ্য। বৰুৱা দেৱে “The Red River and the Blue Hill” নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল। “পছোৱা” নামৰ মাহেকীয়া আলোচনীখন তেখেতে সম্পাদনা কৰিছিল।
১২। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।’
— এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, পাঠৰ আধাৰত বিচাৰ কৰা।
উত্তৰ: মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ-আচৰণ নৈতিকতা, উৎসৱ-অনুষ্ঠান, আইন কানোন, শিল্পকলা, আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্রিক ৰূপটোকে সংস্কৃতি বোলা হয়।
ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতবৰ্ষ এখন বহুজাতিক আৰু বহুভাষিক ৰাষ্ট্র। ইয়াত অনেক জাতি-জনগোষ্ঠীয়ে বাস কৰে। এই দেশত অতীতৰে পৰা বাস কৰা জাতি জনগোষ্ঠী সমূহৰ বাহিৰেও বিভিন্ন সময়ত অনেক বহিৰাগত জাতি জনগোষ্ঠীৰ সোঁত বৈছিল। এই বহিৰাগত গোষ্ঠীসমূহে নিজ নিজ ঠাইৰ ভাষা, ৰীতি-নীতি, খাদ্য প্রকৰণ, ধর্মীয় আচাৰ নীতি আদি লগত লৈ আহিছিল। বহিৰাগত গোষ্ঠীসমূহৰ যি সকল লোকে ভাৰতত নিগাজিকে থাকিবলৈ ল’লে, তেওঁলোকে পূর্বৰে পৰা ভাৰতত বাস কৰা লোকসকলৰ সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। নিজৰ সংস্কৃতিৰ কিছু এৰিলে আৰু স্থানীয় সংস্কৃতিৰ কিছু ধৰিলে। এইদৰে এৰা ধৰাৰ নিয়ম গ্রহণ কৰি সংস্কৃতিৰ সমন্বয় হ’ল। ভাৰতৰ স্থানীয় অনেক জাতি-জনগোষ্ঠী আৰু বাহিৰৰ দেশৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয় স্থাপন হৈ বিৰাট ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হল। সেয়ে কোৱা হয়, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ।
১৩। ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰ:- সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পার্থক্য পৰিলক্ষিত হয় যদিও দুয়োটা দুয়োটাৰে পৰিপূৰক।
সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। এটা জাতি সুসভ্য হ’ব পাৰে, কিন্তু ইয়াৰ কোনো সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰিব পাৰে।সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱনৰ প্রতিনিধিত্ব কৰে। মানুহে নিজৰ মস্তিষ্কৰ কর্ষণ আৰু বুদ্ধিৰ যথার্থ প্রয়োগৰ যোগেদি সভ্যতা নির্মাণ কৰে। আনহাতে হৃদয়বৃত্তিৰ কর্ষণ আৰু শৈল্পিক কাৰুকার্য নির্মাণেৰে সংস্কৃতি নির্মাণত সহায় কৰে।
১৪। উত্তৰ ভাৰতীয় ভাস্কর্য বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ: উত্তৰ ভাৰতৰ ভাস্কর্য সংহতিৰ ভাস্কর্য। এই অঞ্চলৰ ভাস্কর্যত ইছলামীয় ভাস্কর্যৰ ভালেখিনি প্রভাৱ পৰা দেখা যায়। উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্রাদুর্ভাৱ সৰহ। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সুক্ষ্মতাৰ জৰিয়তে প্রকাশ পাইছে। এই গঠনৰ সূক্ষ্মতা ইছলামীয় ভাস্কর্যৰ সম্পদ। গতিকে উত্তৰ ভাৰতীয় ভাস্কর্য হিন্দু আৰু ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ সৃষ্টি হোৱা এক নতুন পদ্ধতি।
১৫/ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উত্তৰ: অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাস যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ’ল চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলতঃ দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ, প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ-মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।
১৬/ মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্রৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰ: মোগল সম্রাট বাবৰৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্রৱেশ কৰে। এই চিত্রশিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবোধ। এনেধৰণৰ ব্যক্তিবাদী আর্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ।
১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰ:উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়।গাম্ভীর্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্রভাৱ বুলিব পাৰি।
১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উত্তৰ: বিভিন্ন জাতি-উপজাতি, বিভিন্ন সভ্যতা সংস্কৃতি, বিভিন্ন ধর্ম তথা ধর্মাৱলম্বী লোকৰ সমন্বয়ৰ ভাৰতীয় সংস্কৃতিলৈ ইছলামৰ অৰিহণা লেখত ল’বলগীয়া। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ইছলামীয় ভাস্কর্য ,স্থাপত্য, সুকুমাৰ কলা আদিয়ে ভাৰতীয় সংস্কৃতিলৈ অৰিহণা আগবঢ়াইছে। বিশেষকৈ ইছলাম ধৰ্মৰ ছুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি কোৱা হয় যদিও ছুফিবাদ আৰু ভাৰতীয় শাস্ত্র উপনিষদৰ মাজত বহুতো মিল আছে। আনহাতে ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্ৰদান কৰিছে। ফলত নতুন ধাৰাৰ সৃষ্টি হোৱাত “তাজমহলৰ দৰে অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। ভাৰতৰ প্রচলিত চিত্রশিল্পৰ লগত ইছলামীয় চিত্রশিল্পৰ মিলন হৈ ভাৰতীয় চিত্রশিল্পক এক বৈচিত্র প্রদান কৰিছে। ইছলাম ধৰ্মৰ আধ্যাত্মিকতাবাদেও হিন্দু সমাজৰ ওপৰত সুকীয়া প্ৰভাৱ পেলাইছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰপৰা দূৰৈত ৰাখিছিল। অর্থাৎ ইছলাম ধৰ্মৰ প্রচলিত মানুহৰ মুক্তিৰ বাণীৰ দ্বাৰা ভাৰতীয়সকল প্ৰভাৱান্বিত হৈছিল। সাহিত্যৰ ক্ষেত্ৰতো পাঠান আৰু মোগল সাম্রাজ্যৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল। মুঠৰ ওপৰত স্থাপত্য, ভাস্কর্য, সংগীত, সাহিত্য আদি সকলোতে ইছলাম ধৰ্মৰ অৱদান অপৰিসীম ।
১৯। প্রাক্ মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে লিখা।
উত্তৰ: প্রাক্ মুছলিম যুগৰ ভাস্কর্য সমূহৰ আকাৰ বিশাল। এই ভাস্কর্য সমূহত কোণ আৰু সৰল ৰেখাৰ প্রাদুর্ভাব সৰহ। আনহাতে মুছলিমযুগৰ ভাস্কর্য সমূহৰ গঠন অতি সুক্ষ্ম। এই ভাস্কর্যসমূহত বৃত্ত আৰু বক্ৰ’ ৰেখাৰ প্রাদুর্ভাব সৰহ।
প্রাক মুছলিম যুগৰ শিল্পকলাত জনজীৱন বা সমধি জীৱনৰ আভাস পোৱা যায়। আনহাতে মুছলিম যুগৰ শিল্পকলাত ব্যক্তিবাদী, ইয়াৰ লক্ষ্য ব্যক্তিৰ জীৱন প্রকাশ।
২০/ ব্যাখ্যা কৰা-
ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
উত্তৰ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি “অসমীয়া সাহিত্য চয়নিকা”ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে।
ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাস সু-দীর্ঘ অর্থাৎ অতি প্রাচীন। আর্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল। ভাৰতীয় সংস্কৃতিৰ মূল সূতি এই আর্যপূর্ব সংস্কৃতি আজিলৈকে প্রবাহিত হৈ আছে। ইয়াৰ প্রবাহ বাধাহীন গতিৰ বোৱঁতী সূতি আৰু নিৰবিচ্ছিন্ন ভাবে বৈ আহিছে। ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবর্ষলৈ নানা সংস্কৃতি সম্পন্ন জনগোষ্ঠীৰ আগমণ ঘটিছিল। এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্রভাৱত পৰি নিজৰ সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰি তুলিছে।
ভাৰতীয় সংস্কৃতি কেৱল নিজৰ ভূ-খণ্ডৰ মাজতে সীমাবদ্ধ নাথাকি এচিয়াৰ সমগ্র দক্ষিণ পূব অঞ্চলতে বিয়পি পৰিছিল। ইয়াৰ প্রমাণ ব্রহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেচিয়া আদি ঠায়ে আজিও যোগান ধৰে।
শেষত ক’ব পাৰি বৈচিত্যময় ভাৰতভূমিৰ বিশাল সংস্কৃতিৰ সোঁত কোনো কালে স্তব্ধ হোৱা নাই, আৰু সংস্কৃতিৰ এই অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
উত্তৰ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি “অসমীয়া সাহিত্য চয়নিকা”ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
লিখকে বিভিন্ন উত্থান-পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে।
অতীতৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা আজিৰ দৰে নাছিল। দেশখন বহুতো সৰু সৰু ৰাজ্যত বিভক্ত আছিল। প্রতিখন ৰাজ্যৰ শাসন ভাৰ লৈছিল একো একোজন ৰজাই। এনেদৰে পৰিয়ালকেন্দ্রীক শাসন ব্যৱস্থা প্রচলন আছিল। ৰজাসকলৰ মাজত বুজা-বুজি আৰু একতাৰ ভাব নাছিল। ৰজাসকলৰ মাজত ইজনে সিজনক আক্রমণ কৰি ৰাজ্য অধিকাৰ কৰাটোৱেই আছিল মূল লক্ষ্য। গতিকে কাৰোবাৰ উত্থান হৈছিল আৰু কাৰোবাৰ পৰাজয় হৈছিল। এই সকলোবোৰ বিৱৰণ ভাৰত বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ আছে।তাৰোপৰি বিভিন্ন সময়ত বাহিৰা শত্রুৰ আক্রমণেও ৰজাসকলক জুৰুলা কৰিছিল। বাহিৰা শত্রুৰ লগত হোৱা যুদ্ধ সমূহতো কেতিয়াবা জয় হৈছিল আৰু কেতিয়াবা পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল। এই সকলোবোৰ যুদ্ধ বিগ্রহৰ সবিশেষ বিৱৰণ- ভাৰত বুৰঞ্জীৰ পাতত সুন্দৰকৈ বর্ণিত হৈ আছে। সেয়ে কোৱা হৈছে- “ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।”
গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
উত্তৰ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি “অসমীয়া সাহিত্য চয়নিকা”ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সকলো শিল্প সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াক প্রকাশ কেনেকৈ কৰা হয়, তাকে এই কথাষাৰৰ জৰিয়তে ক’ব খোজা হৈছে।
আর্ট বা কলাৰ বিষয়বস্তু দুই ধৰণৰ এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। বাহ্যিক কলাৰ উদ্দেশ্য কাৰুকার্য আৰু জাক জমকতাৰ সৃষ্টি। আনহাতে আভ্যন্তৰিণ কলাৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দুষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে আমাক অন্তৰাত্মা স্পর্শ কৰি অভিভূত কৰে। প্রথমটোৱে প্রায়ে বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোয়ে নকৰে। প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে,দ্বিতীয়টোৰ নাই। গতিকে দেখা সায় সকলো কলা বা আর্টত এই দুই বিপৰীত পন্থাই কাম কৰে।
📚 মুখ্য দিশসমূহ (Key Points for Revision) – Class 10 Assamese Chapter 7
- ভাৰতৰ বহু ধৰ্মীয়, ভাষিক আৰু জাতিগত গঠন
- ধৰ্মীয় সহিষ্ণুতা আৰু সামাজিক সংহতি
- সংস্কৃতিৰ ধাৰাবাহিকতা আৰু ঐতিহ্য
- ভাৰতীয় সাহিত্য, সংগীত আৰু কলা
- গ্লোবেলাইজেচনৰ প্ৰভাৱত সংস্কৃতি
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
ভাৰতীয় সংস্কৃতি অধ্যায়টো ছাত্ৰ-ছাত্ৰীৰ বাবে ভাৰতৰ জাতীয় একতা, ধৰ্মীয় সহিষ্ণুতা, আৰু সাংস্কৃতিক গৌৰৱৰ বিষয়ে গভীৰ জ্ঞান আনে। এই পৃষ্ঠাটোত সকলো প্ৰয়োজনীয় তথ্য, প্ৰশ্ন-উত্তৰ, আৰু ভিডিঅ’ সহ এক সম্পূৰ্ণ সহায়িকা দিয়া হৈছে।
📌 Bookmark this page for easy reference during exam prep.
Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতিComplete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam