📖 অধ্যায়-৮ : অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Subject: Assamese (অসমীয়া)
Class: 10 (X)
Board: SEBA / SCERT Assam
Medium: Assamese
Chapter Name: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter Number: 8
Category: গদ্যাংশ (Prose)
✍️ পাঠৰ সংক্ষিপ্তসাৰ (Chapter Summary in Assamese)
অসম এখন বৈচিত্র্যপূৰ্ণ সংস্কৃতিৰ ৰাজ্য। ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে – আদিবাসী, উপজাতি, অনান্য ভাষাভাষী লোক। এই অধ্যায়ত অসমত বাস কৰা এইসকল জনগোষ্ঠীৰ ভাষা, পৰম্পৰা, পৰিধান, খাদ্যাভ্যাস, সামাজিক সংস্কৃতি আদিৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠই শিক্ষাৰ্থীসকলক অসমৰ জনজীৱনৰ সংহতি আৰু একতাৰ বুজাবুজি আগবঢ়ায়।
✅ প্ৰশ্ন-উত্তৰ (All Question Answer – SEBA Format)
Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি – আব্দুছ ছাত্তাৰ Complete Question Answer in Assamese Medium
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
আব্দুছ ছাত্তাৰ
দশম শ্ৰেণী
অসমীয়া
পাঠ – 8
ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
উত্তৰ: ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত’ গোষ্ঠীটো আছিল মঙ্গোলীয় গোষ্ঠী।
খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উত্তৰ: প্রাচীন কালৰে পৰা অসমদেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।
গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?
উত্তৰ: ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।
ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
উত্তৰ: সকলোকে বান্ধি থোৱাএনাজৰীডাল আছিল অসমীয়া ভাষা।
ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোন বিলাক?
উত্তৰ: অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোকসকল হ’ল- আহোম, বড়ো, কার্বি, মিচিং, গাৰো, ৰাভা আদি।
২/ চমু উত্তৰ লিখাঃ
ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰ: অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কার্বি আদি লোক সকলক বুজায়।
খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালা ভাষা চলিছিল?
উত্তৰ: ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙালা ভাষা চলিছিল।
গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰঃ চাহ-উদ্যোগৰ কৰ্মী সকল হৈছে- চাওঁতাল, কুর্মি, মোছহৰ, মুস্তা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।
তেওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ-প্রদেশৰ পৰা অসমলৈ আহিছিল।
৩/ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে-
অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।
৪/ ‘অসমৰ বৈচিত্রপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা।
উত্তৰ: মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ-আচৰণ, নৈতিকতা, উৎসৱ-অনুষ্ঠান, আইন-কানোন, শিল্পকলা আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্রিক ৰূপটোকে সংস্কৃতি বোলা হয়।
অসমীয়া সংস্কৃতি হৈছে বহুজাতিৰ সংমিশ্রিত সংস্কৃতি। অতীজতে অসম আছিল অনার্য সকলৰ যেনে- কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীৰ বসতিস্থান। তাৰ পাছত মঙ্গোলীয় বহিৰাগত লোক সকল আহিল। ক্রমান্বয়ে বিভিন্ন কাৰণত বিভিন্ন ঠাইৰ পৰা অসমলৈ অনেক জাতি জনগোষ্ঠীৰ প্রব্রজন ঘটিল। এই বহিৰাগত জনগোষ্ঠী সমূহে নিজ নিজ ঠাইৰ ভাষা-সংস্কৃতি লগত লৈ আহিছিল। কালক্রমত বাহিৰৰ পৰা অহা জনগোষ্ঠীসমূহৰ বহুতো লোকে অসমতে নিগাজিকে থাকিবলৈ ল’লে আৰু অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। সংস্কৃতিৰ এৰা-ধৰা আৰু দিয়া-লোৱা প্রথা আৰম্ভ হ’ল। এটা সম্প্রদায়ে আন এটা সম্প্রদায়ৰ ভাল লগা কিছু নিয়ম গ্রহণ কৰিবলৈ ধৰিলে। এনেদৰে স্বতঃস্ফূর্ত ভাৱে বিভিন্ন সম্প্রদায়ৰ মাজত সংস্কৃতিৰ আদান প্রদান ঘটিল আৰু বৃহৎ অসমীয় সংস্কৃতিৰ সৃষ্টি হ’ল।
গতিকে অসমীয়া সংস্কৃতি বুলিলে কোনো এটা বিশেষ জাতি-জনগোষ্ঠীৰ সংস্কৃতিক নুবুজায়। অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বাস কৰা সকলো জাতি-উপজাতি আৰু জনগোষ্ঠীৰ বিচিত্র সংস্কৃতি মিলন ঘটি অসমীয়া সংস্কৃতি গঢ়ি উঠিছে।
৫/ ‘বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’-ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বিচাৰ কৰা।
উত্তৰঃ ইয়াত চাহ উদ্যোগৰ আৱেষ্টনীৰকথা উল্লেখ কৰিছে।
অসমলৈ বৃটিছসকল অহাৰ পিছতে তেওঁলোকে চাহ উৎপাদন আৰম্ভ কৰিছিল। এই চাহ উদ্যোগ হ’ল শ্রমিক প্রধান উদ্যোগ। শ্রমিকৰ চাহিদা পূৰাবৰ বাবে বৃটিছসকলে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা শ্রমিক আমদানি কৰিলে। এই শ্রমিক সকলৰ ভিতৰত চাঁওতাল, কুর্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং তাঁতী, লোহাৰ আদি উল্লেখযোগ্য। এই শ্রমিকসকল অসমলৈ আহিয়েই একো একোটা চাহ উদ্যোগিক এলেকাত থাকিবলৈ লৈ শ্রম দান কৰিবলৈ ল’লে। একোটা নির্দিষ্ট বাগান অঞ্চল বা ঔদ্যোগিক আৱেষ্টনীৰমাজত থাকি কঠোৰ শ্রমদানত ব্যস্ত থাকিবলগীয়া হোৱা বাবে এই শ্রমিক সকলে অসমৰ বৃহত্তৰ সমাজ-সংস্কৃতিৰ লগত পৰিচয় হোৱাৰ সুযোগ নাপালে। তদুপৰি এই লোক সকলৰ শিক্ষা-দীক্ষাৰ বাবেও কোনো পদক্ষেপ লোৱা নহ’ল। সেয়ে তেওঁলোক থলুৱা সংস্কৃতিৰ পৰা বহু আঁতৰি থাকিব লগীয়া হ’ল।
৬। ‘এটা সংমিশ্রিত-সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই।’- লেখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। ‘নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই’- বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।
উত্তৰ: সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰো ৰূপান্তৰ ঘটে। একেটা ভৌগোলিক এলেকাত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্রদায়ৰ মাজত সংস্কৃতিৰ আদান প্রদান হৈ এটা সংমিশ্রিত আৰু শক্তিশালী সংস্কৃতিৰ গঢ় লয়।অসম এখন বহুজাতিক ৰাজ্য। অসমীয়া সংস্কৃতিও বহুজাতিৰ সংস্কৃতিৰ সংমিশ্রণ ঘটি সৃষ্টি হোৱা এক শক্তিশালী সংস্কৃতি। অসমত পূর্বৰে পৰা বসবাস কৰি অহা অনার্য জাতি সমূহৰ সংস্কৃতিৰ লগত বাহিৰৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্রণ ঘটি এক বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিল। সংস্কৃতিৰ এই সমন্বয় ইমান গাঢ় আছিল যে তাক পৃথক পৃথককৈ বিচাৰি চোৱাৰ অৱকাশ নাই। অনেক জাতি-জনগোষ্ঠীৰ সংস্কৃতি জাহ গৈ অসমীয়া সংস্কৃতিৰ সৃষ্টি হ’ল আৰু আৰু এই সাংস্কৃতিক বান্ধোনে অসমীয়া জাতিক এক শক্তিশালী সংস্কৃতিসম্পন্ন জাতি হিচাপে প্রতিষ্ঠিত কৰিলে। এই কথা নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই।
৭/’লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। – কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উত্তৰ: পৰম্পৰাগত ভাবে চলি অহা সংস্কৃতিৰ ধাৰাই এক নতুনত্ব লাভ কৰাটোকে সংস্কৃতিৰ ৰূপান্তৰ ঘটা বুলিব পাৰি। অসমলৈ বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগোষ্ঠীৰ প্রব্ৰজন ঘটিছিল। এই বহিৰাগত লোক সকলে ক্রমান্বয়ে অসমৰ থলুৱা ভাষা সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। নিজৰ লগত লৈ অহা ভাষা সংস্কৃতিৰ কিছু এৰিলে আৰু স্থানীয় সংস্কৃতিৰ কিছু ধৰিলে। এনেদৰে এৰাধৰা আৰু আদান-প্রদানৰ যোগেদি সংস্কৃতিৰ সংমিশ্রণ ঘটিল আৰু পৰম্পৰাগত সংস্কৃতিত এক নতুনত্বই দেখা দিলে। এটা জাতিৰ ভাল লগা ৰীতি-নীতি, সাজ-পাৰ, খাদ্যাভাস আদি আন এটা জাতিয়ে গ্রহণ কৰিবলৈ ধৰিলে। ফলত জাতিসমূহৰ মৌলিক সংস্কৃতি লুপ্ত হৈ এক সংমিশ্রিত সংস্কৃতিৰ সৃষ্টি হ’ল। এনেকৈ বহিৰাগত লোক সকলৰ আগমণৰ লোক পিছতে অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ।
৮/ তাৎপর্য ব্যাখ্যা কৰা:
ক) দেখা যায় সকলোকে বান্ধি যোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱে লিখা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ‘নামৰ পাঠটিৰ পৰা অনা হৈছে।
অসম এখন বহুজাতিক আৰু বহুভাষিক ৰাজ্য। বহিৰাগত লোকসকল অসমলৈ অহাৰ আগতে অসমত বহুকেইটা জনজাতীয় গোষ্ঠীয়ে বাস কৰিছিল। ক্রমান্বয়ে বিভিন্ন ঠাইৰ পৰা বিভিন্ন কাৰণত অসমলৈ বহিৰাগত জাতি জনগোষ্ঠীসমূহৰ সোঁত বলৈ ধৰিলে। ইয়াৰে বহুসংখ্যকে অসমতে নিগাজীকে থাকিবলৈ ল’লে। এই আটাইবোৰ লোকৰ নিজৰ নিজৰ ভাষা, দোৱান বা উপভাষা আছে। কিন্তু সকলোবোৰ জাতি জনগোষ্ঠীৰ মাজত ভাৱৰ আদান প্রদানৰ একমাত্ৰ সামূহিক ভাষাটো হ’ল অসমীয়া ভাষা। অসমত বাস কৰা সকলো লোকে নিজৰ নিজৰ দোৱান বা উপভাষা ব্যৱহাৰ নকৰি অসমীয়া ভাষাৰ মাধ্যমেৰে ভাবৰ বিনিময় কৰে। আগৰ বৰ অসমৰ আটাইবোৰ ৰাজ্যৰ লোক আৰু বৰ্তমানৰ অসমত বাস কৰা সকলো লোকৰে ভাব বিনিময়ৰ উমৈহতীয়া ভাষাটো হ’ল ‘অসমীয়া ভাষা’ যি সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশতে সকলোকে একত্রিত কৰি সবল অসমীয়া জাতি ৰূপে পৰিচয় দিয়াত সহায় কৰিছে।
খ) এই গোটেইবোৰ হল স্বতঃপ্রণোদিত ভাবে হোৱা প্রক্রিয়া।
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱে লিখা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ‘নামৰ পাঠটিৰ পৰা অনা হৈছে।
বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্রণ হৈ বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। অসমলৈ বিভিন্ন সময়ত বিভিন্ন কাৰণত বহুতো বহিৰাগত জাতি জনগোষ্ঠী আহিছিল।এই বহিৰাগত গোষ্ঠী সমূহৰ বহুসংখ্যক লোক অসমতে নিগাজিকৈ থাকিবলৈ ল’লে। লাহে লাহে তেওঁলোকে অসমত আগৰে পৰা বাস কৰি অহা লোক সকলৰ সংস্কৃতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিলে। নিজৰ লগত লৈ অহা সংস্কৃতিৰ কিছু এৰিলে আৰু স্থানীয় সংস্কৃতিৰ কিছু ধৰিলে। এনেদৰে সংস্কৃতিৰ সমন্বয় হ’ল এটা সম্প্রদায়ৰ ভাললগা বোৰ আন এটা সম্প্রদায়ে গ্রহণ কৰিবলৈ ধৰিলে। কালক্ৰমত সামাজিক ব্যৱধান কমি আহিল। জাত-কুলৰ বিচাৰ হেৰাই গ’ল। চুৱাৰ অন্ত পৰিল। সকলো সম্প্রদায়ৰ লোকে হোটেলত একেলগে আহাৰ পৰিৱেশন কৰিবলৈ ল’লে। সামাজিক অনুষ্ঠানত হিন্দু-মুছলমান সকলোৱে যোগ দিয়া হ’ল। মৰা শ’ সৎকাৰ আৰু উৎসৱ-পার্বণত সকলো সম্প্রদায়ৰ লোকে যোগ দিবলৈ ল’লে। এই গোটেইবোৰ হ’ল স্বতঃ প্রণোদিত ভাবে হোৱা প্রক্রিয়া। কোনেও কাকো বল প্রয়োগ কৰি জাপি দিয়া নাই।
গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱে লিখা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ‘নামৰ পাঠটিৰ পৰা অনা হৈছে।
ত্রয়োদশ শতিকাৰ পৰা অসমলৈ বহুতো বহিৰাগত লোকৰ আগমণ ঘটিছিল। আহোম, মুছলমান আৰু -ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোক ইয়ালৈ আহি নিগাজিকে থকাৰ সুযোগ পালে। সেই সময়ৰ অসমৰ স্থানীয় বাসিন্দা সকলে নির্বিবাদে এই লোক সকলক গ্রহণ কৰি ল’লে। সকলোৱে নিজ নিজ ধর্ম সংস্কৃতি ৰক্ষা কৰি চলিছিল। লাহে লাহে একে ভৌগোলিক পৰিবেষ্টনিত ওচৰা উচৰিকৈ থাকি এটা সম্প্রদায় আন এটা সম্প্রদায়ৰ দ্বাৰা প্ৰভাৱিত হল।বহিৰাগত লোক সকলে নিজৰ ভাষা-সংস্কৃতি এৰি স্থানীয় ভাষা-সংস্কৃতি গ্রহণ কৰিবলৈ ধৰিলে। এনেদৰে এৰা-ধৰা আৰু দিয়া লোৱাৰ ফলত বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিল।এটা সম্প্রদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে। খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সাল-সলনি হল। পোছাক পৰিচ্ছদতো পৰিবর্তনে দেখা দিলে। দৈনন্দিন ব্যৱহাৰৰ আচবাব পত্ৰতো পৰিৱৰ্তন সূচালে। এই গোটেইবোৰ আছিল দিয়া-লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। কোনেও কাকো জাপি দিয়া নাছিল।
ভাষা- বিষয়কঃ
১। সন্ধি ভাঙাঃ
সংস্কৃতি, জলাঞ্জলি, স্বাধীন।
উত্তৰঃ- সংস্কৃতি = সম্ + কৃতি
জলাঞ্জলি = জল + অঞ্জলি
স্বাধীন = স্ব + অধীন
২। ‘প্ৰ’ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উত্তৰঃ- প্ৰয়োগ, প্ৰগতি, প্ৰণাম।
🎓 শিক্ষাৰ্থীসকলৰ বাবে সহায়ক
এই অধ্যায়ৰ দ্বাৰা শিক্ষাৰ্থীসকলে লাভ কৰিব:
- ✅ অসমত থকা বিভিন্ন জনগোষ্ঠীৰ সম্পর্কে বুজাবুজি
- ✅ SEBA পৰীক্ষাৰ বাবে মুখ্য প্ৰশ্নৰ উত্তৰ
- ✅ সমীক্ষা, MCQ, Fill in the blanks (অতি শীঘ্ৰে সংযোজিত হ’ব)
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now
Class 10 Assamese Chapter 8 | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি অধ্যায়টো শিক্ষাৰ্থীসকলক অসমীয়াৰ সমাজ জীৱনৰ বৈচিত্ৰ্য আৰু সংহতিৰ বুজাবুজি দিয়ে। এই পৃষ্ঠাটোত Class 10 Assamese Chapter 8 ৰ সকলো প্ৰশ্ন-উত্তৰ, মুখ্য দিশ, আৰু ভিডিও সহ একেবাৰে সম্পূৰ্ণ সহায়িকাৰূপে দিয়া হৈছে।
📌 Bookmark this page and stay updated for more Class 10 Assamese content.