Assam Board Exam

ইন্টাৰনেটৰ তিতা-মিঠা | Class 10 Assamese Chapter 9

Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

📘 পাঠৰ তথ্য (Chapter Overview)

  • 📖 Chapter Name: ইন্টাৰনেটৰ তিতা-মিঠা
  • 🏫 Class: 10
  • 📚 Subject: Assamese (অসমীয়া)
  • 📘 Section: গদ্যাংশ (Prose)
  • 🏛️ Board: SEBA / SCERT Assam
  • ✍️ Book: Class 10 Assamese Textbook

✍️ পাঠৰ সংক্ষিপ্তসাৰ

“ইন্টাৰনেটৰ তিতা-মিঠা” অধ্যায়টোৱে ইণ্টাৰনেটৰ সদুপযোগিতা আৰু অপব্যৱহাৰৰ বিষয়ে আলোচনা কৰে। ইণ্টাৰনেট আজিৰ যুগত তথ্য, শিক্ষা, ব্যৱসায় আৰু সামাজিক সংযোগৰ অন্যতম শক্তিশালী মাধ্যম, কিন্তু ইয়াৰ অপব্যৱহাৰে বহুবিধ সমস্যাৰো সৃষ্টি কৰিছে। পাঠটো শিক্ষাৰ্থীসকলক সজাগ আৰু দায়িত্বশীল ব্যৱহাৰকাৰী হিচাপে গঢ়ি তোলাত সহায় কৰে।


✅ Class 10 Assamese Chapter 9 – সম্পূর্ণ প্ৰশ্ন-উত্তৰ

Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Complete Question Answer in Assamese Medium


ইন্টাৰনেটৰ তিতা-মিঠা

দশম শ্ৰেণী

অসমীয়া

পাঠ 9

১। ) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

উত্তৰ: কুঁৱলীয়ে নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ হোৱা বাবে দেউতাকে তাইক কম্পিউটাৰ উপহাৰ দিছিল।


) ইন্টাৰনেট কি?

উত্তৰ: ইন্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। এখন নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্রকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট।


) কুঁৱলীয়ে প্রথমে কালৈ মেইল কৰিছিল?

উত্তৰ: কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।


) পূজাৰ বন্ধত কুঁৱলীহঁতে লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰ: পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।


) ভাইৰাচ কি?

উত্তৰ: ভাইৰাচ হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্রস্তুত কৰা এক কম্পিউটাৰ প্রগ্রেম। ইয়াৰ সম্পূর্ণ ৰূপ হৈছে- Vital information resources under seize.


2/ WWW বা ৱেব কি?

উত্তৰ: WWW ষ সম্পূর্ণ ৰূপ হৈছে বর্ল্ড ৱাইড ৱেব  (World-wide web)। পৃথিৱী জুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰম্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব।


/ কুঁৱলীয়ে মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰ: ই-মেইলৰ জৰিয়তে কুঁৱলীয়ে তাইৰ বান্ধৱী সকলৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভঙ্গীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰিলে। কিছুমান ঠাইৰ ৰঙীন ফটো চোৱাৰ উপৰিও সেই ঠাইবোৰৰ বিষয়ে সাম্যক জ্ঞান লাভ কৰিব পাৰিলে। ভিডিঅ’ কলিঙৰ যোগেদি কুঁৱলীৰ এক ৰোমাঞ্চ ভৰা অভিজ্ঞতা হ’ল। দূৰ-দূৰণিত থকা বন্ধু-বান্ধৱীৰ লগত যেন মুখামুখিকৈ বহিহে কথা পাতিছে, তেনে অনুভবে তাইৰ মন আপ্লুত কৰি তুলিলে।


/ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

উত্তৰ: ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বহুতো নতুন অভিজ্ঞতা লাভ কৰিব পাৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইট সমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকিব পাৰিলে। মনোৰঞ্জনৰ আমেজ ল’ব পাৰিলে। নীতি শিক্ষা থকা চিনেমা, সুগায়ক-গায়িকাৰ চিৰযুগমীয়া গীত সমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰিলে।

তাৰোপৰি ভ্ৰমণৰ বাবে টিকট কটা, হোটেল বন্দবস্ত কৰা, ই-বেংকিঙৰ যোগেদি টকা পৰিশোধ কৰা, ই কমাৰ্চৰ যোগেদি ঘৰৰ পৰাই প্রয়োজনীয় সামগ্রী ক্রয় কৰা আদি বিভিন্ন অভিজ্ঞতা লাভ কৰিলে।


/ ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰ: ভাইৰাচ হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্রগ্রেম। ই ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে নিজকে কম্পিউটাৰত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। ভাইৰাচে কম্পিউটাৰত থকা ফাইলবোৰ নাইকীয়া (delete) কৰি দিব পাৰে। ভাইৰাচ সোমালে ইন্টাৰনেট সংযোগী কোনো কাম কৰাটো সম্ভৱ নহয়। ভাইৰাচ যুক্ত কম্পিউটাৰৰ দ্বাৰা একে নেটৱৰ্কত থকা আন কম্পিউটাৰ সমূহৰো বিজুতি ঘটিব পাৰে।


/ ‘ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।

কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰ: উক্ত কথাষাৰৰ বক্তা শ্বৱানা বাইদেউ।

এই বিশ্বব্রহ্মাণ্ডৰ প্রতিটো ভৌতিক বস্তুৱেৰ ভাল আৰু বেয়া দুটা দিশ থাকে। ইন্টাৰনেটৰো ভাল-বেয়া দুয়োটা দিশ আছে। ইণ্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্রম লাঘৱ কৰি থাওকতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে। ছাত্র-ছাত্রী সকলে বিভিন্ন বিষয়ৰ তথ্য আৰু জ্ঞান সহজ উপায়েৰে পাবলৈ সক্ষম হৈছে। বিভিন্ন ঠাইৰ সঠিক তথ্য জনাৰ লগতে ইন্টাৰনেটৰ সহায়ত ভ্ৰমণৰ বাবে টিকটৰ ব্যৱস্থা কৰা, ই-বেংকিঙৰ যোগেদি টকা-পইচাৰ লেনদেন কৰা, ই-কমাৰ্চৰ যোগেদি ঘৰৰ পৰাই বয়-বস্তু ক্ৰয় কৰা,মনোৰঞ্জনৰ বিভিন্ন সুবিধা লাভ কৰাৰ উপৰিও খেলা-ধূলা আৰু বিশ্বৰ বিভিন্ন বা-বাতৰি ক্ষন্তেকতে পাব পাৰি।

ইন্টাৰনেটৰ উপৰুক্ত ভাল দিশবোৰৰ সমান্তৰাল ভাৱে কিছুমান বেয়া বা তিতা দিশো নোহোৱা নহয়। ইন্টাৰনেটৰ প্রতি বাঢ়ি অহা আসক্তিয়ে ছাত্র-ছাত্রী সকলক অধ্যয়ন বিমুখীতা কৰিছে। পৰিয়াল তথা আত্মীয় স্বজনৰ লগত সম্পর্ক কমাই আনিছে। তাৰোপৰি ছাত্র-ছাত্রী সকলক অসুস্থ আৰু কর্মবিমুখ কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা আঁতৰাই আনিছে, যিটো সমাজ জীৱনৰ বাবে মুঠেই শুভ লক্ষণ নহয়।

উপৰোক্ত দোষ গুণ সমূহৰ বাবেই কোৱা হৈছে ‘ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।’


) ‘ইন্টাৰনেটৰ তিতামিঠাগল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰ: এই বিশ্বব্ৰহ্মাণ্ডৰ প্রতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থাকে। ঠিক সেইদৰে ইন্টাৰনেটৰো ভাল-বেয়া দুয়োটা দিশ আছে। ইণ্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্রম লাঘৱ কৰি থাওকতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে। ছাত্র-ছাত্রী সকলে বিভিন্ন বিষয়ৰ তথ্য আৰু জ্ঞান সহজ উপায়েৰে পাবলৈ সক্ষম হৈছে। বিভিন্ন ঠাইৰ সঠিক তথ্য জনাৰ লগতে ইণ্টাৰনেটৰ সহায়ত ভ্ৰমণৰ বাবে টিকটৰ ব্যৱস্থা কৰা, ই-বেংকিঙৰ যোগেদি টকা-পইচাৰ লেনদেন কৰা, ই-কমাৰ্চৰ যোগেদি ঘৰৰ পৰাই বয় বস্তু ক্ৰয় কৰা, মনোৰঞ্জনৰ বিভিন্ন বা-বাতৰি ক্ষন্তেকতে পাব পাৰি। এইবোৰ হৈছে ইন্টাৰনেটৰ মিঠা সুবিধা।

ইন্টাৰনেটৰ উক্ত ভাল দিশবোৰৰ সমান্তৰালভাবে কিছুমান তিতা বা বেয়া দিশ নোহোৱা নহয়। ইন্টাৰনেটৰ প্রতি বাঢ়ি অহা আসক্তিয়ে ছাত্র-ছাত্রী সকলক অধ্যয়ন বিমুখীতা কৰিছে। পৰিয়াল তথা আত্মীয় স্বজনৰ লগত সম্পর্ক কমাই আনিছে। তাৰোপৰি ছাত্র-ছাত্রী সকলক অসুস্থ আৰু কৰ্ম বিমুখ কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা আঁতৰাই আনিছে। এইবোৰ সমাজ জীৱনৰ বাবে মুঠেই শুভ লক্ষণ নহয়।

লেখিকাই গল্পটোৰ যোগেদি ইন্টাৰনেটৰ ভাল-বেয়া তথা তিতা-মিঠ। দুয়োটা দিশ অতি সুন্দৰকৈ বর্ণনা কৰিছে। সেয়ে গল্পটিৰ নাম ‘ইন্টাৰনেটৰ তিতা মিঠা’ ৰখাটো যথোচিত হৈছে বুলি ক’ব পাৰি।


৮। ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্রছাত্রীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰ: ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্র-ছাত্রীৰ জীৱনত বহুতো ঋণাত্মক প্রভাৱ পেলোৱা দেখা গৈছে। ফেচবুক, ৱাটচ্ এপ আদি চ’চিয়েল মিডিয়াৰ জগতখনত ছাত্র-ছাত্রী সকল বেছিকৈ সোমাই পৰিছে। ফলত তেওঁলোকে কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয় খেলা-ধূলাৰ ফালেও সম্পূর্ণ পিঠি দিছে। অতি সহজতে সকলো বিষয়ৰ প্রশ্ন-উত্তৰ লাভ কৰা বাবে ছাত্র-ছাত্রী সকল অধ্যয়নবিমুখ হৈ পৰিছে। ইন্টাৰনেটৰ প্রতি বাঢ়ি অহা আসক্তিয়ে ছাত্র-ছাত্রী সকলক পৰিয়াল তথা আত্মীয় স্বজনৰ স্নেহ বন্ধনৰ পৰা বিচ্ছিন্ন কৰিছে। সুস্থ সামাজিক আচৰণ তথা দায়িত্ববোধ পাহৰাই পেলাইছে আৰু অসুস্থ আৰু কর্মবিমুখ কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা আঁতৰাই আনিছে।


১১/ অর্থ লিখা:

ক্ষতি- হানি/লোকচান

বিজুতি – বিকল

গুণা-গঁথা -চিন্তা কৰা

উদাস – বৈৰাগ্য

পুঞ্জীভূত – স্তূপীকৃত


এই পাঠটোৱে ডিজিটেল যুগত ইণ্টাৰনেটৰ প্ৰভাৱ, উপকাৰিতা আৰু বিপদসমূহৰ ওপৰত গভীৰ চিন্তাৰ আহ্বান জনায়। পাঠটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেটক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাৰ গুৰুত্ব বুজিব পাৰে।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment