Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘দেউৰীসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
The second chapter of বৈচিত্র্যময় অসম, titled “দেউৰীসকল”, offers an insightful glimpse into the life and traditions of the Deori community of Assam. Included in the SEBA Class 10 Assamese Rapid Reader, this chapter helps students appreciate Assam’s ethnic diversity. Below, you’ll find all essential resources like summary, key questions, and answers in Assamese medium – perfect for your 2025 exam preparation.
পাঠ পৰিচয়
এই পাঠটোত দেউৰী জনগোষ্ঠীৰ ইতিহাস, ধৰ্মীয় বিশ্বাস, ভাষা, আঞ্চলিক বিভাজন, পৰম্পৰা, খাদ্যাভ্যাস, পৰিধান আদিৰ বৰ্ণনা দিয়া হৈছে। দেউৰীসকলৰ সাংস্কৃতিক স্বকীয়তা বুজিবলৈ এই পাঠ সহায়ক।
পাঠৰ মূল চৰ্চাৰ বিষয়বস্তু
- দেউৰীসকলৰ বাসস্থান আৰু বিতৰণ
- ধৰ্মীয় বিশ্বাস আৰু অনুষ্ঠান
- দেউৰী ভাষা
- খাদ্য, পৰিধান, উৎসৱ
- সমাজত দেউৰীসকলৰ ভূমিকা
বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘দেউৰীসকল’
Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘দেউৰীসকল’ | Complete Question Answer in Assamese Medium
বৈচিত্র্যময় অসম দ্ৰুতপাঠ
‘দেউৰীসকল’
দশম শ্ৰেণী
১/ দেউৰী সকলৰ আদিম বাসস্থান ক’ত আছিল?
উত্তৰ: দেউৰী সকলৰ আদিম বাসস্থান আছিল অৰুণাচল প্রদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশেপাশে থকা অঞ্চল সমূহ।
২) দেউৰীসকল সামাজিক ভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।
উত্তৰ: দেউৰী সকল সামাজিক ভাৱে চাৰিটা খেলত বিভক্ত। ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।
৩) শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্রথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল
উত্তৰ শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্রথমতে তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্রং নদীৰ পাৰত বাস কৰিবলৈ লৈছিল।
বর্তমান দেউৰীসকল উজনি অসমৰ ৮ খন জিলাত ক্রমে তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ আৰু বিশ্বনাথ জিলাত বসবাস কৰি আছে।
৪। দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?
উত্তৰ: দেউৰীসকলে নিজকে ‘জিম ‘চণায়া’ বুলি চিনাকি দিয়ে।
৫/ দেউৰী ভাষা তিব্বতবর্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তর্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰী ভাৱে স্বীকৃতি প্রদান কৰে?
উত্তৰ: দেউৰী ভাষা তিব্বতবর্মী ভাষা গোষ্ঠীৰ বড়ো ভাষা পৰিয়ালত অন্তর্ভুক্ত।
২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰী ভাবে স্বীকৃতি প্রদান কৰে।
৬।দেউৰীসকলে পালন কাৰ অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা।
উত্তৰ: দেউৰী সকলে পালন কৰি অহা চাৰিটা উৎসৱৰম নাম হৈছে-
বিবা বচু গিবা মেচ্চু
চিগাদাগাৰেবা বিচু
বিচু দাবেবা মেচ্চু আৰু
মিদি দেৰুবা মেচ্চু।
৭/ দেউৰী সকল কি ধৰ্মৰ বিশ্বাসী?
উত্তৰ: দেউৰী সকল ‘কুন্দি’ ধৰ্মৰ বিশ্বাসী। ‘কুন্দিমামা’-তেওঁলোকৰ উপাস্য দেৱতা।’ কুন্দি’ মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু মামা’ মানে প্রকৃতি। এই কুন্দি মামাই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা আৰু পালনকর্তা বুলি তেওঁলোকে বিশ্বাস কৰে।
৮) চমুটোকা লিখা
ক) ভীমবৰ দেউৰী: অসমৰ জনগোষ্ঠী সমূহৰ ৰাজনৈতিক আৰু সামাজিক প্রতিষ্ঠাৰ বাবে অহৰহ কাম কৰি যোৱা ভীমবৰ দেউৰীৰ জন্ম হৈছিল ১৯০৩ চনৰ মে’ মাহৰ ১৬ তাৰিখে শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলত।
স্কুলীয়া আৰু কলেজীয়া জীৱনত বিশেষ বুৎপত্তি থকা ভীমবৰ দেউৰীয়ে ১৯২৯ চনত কটন কলেজৰ পৰা বি.এ আৰু ১৯৩১ চনত কলিকতাৰ পৰা বি.এল হয়। পিছত ওকালতি ব্যবসায়ে তেখেতে ৰাজহুৱা জীৱনৰ পাতনি মেলে।
১৯৩৩ চনত ভীমবৰ দেউৰীয়ে উদ্যোগ লৈ দেউৰী, সোনোৱাল কছাৰী, মটক, মিছিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্রথম অধিবেশন অনুষ্ঠিত কৰি Assam Backward plains Tribal League গঠন কৰে।
১৯৩৮ চনত তেখেত ডিব্ৰুগড় স্থানীয় মণ্ডলৰ সদস্য হিচাপে মনোনীত হয়। ১৯৩৯ চনত অসম বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত হয়।
১৯৪৫ চনত ভীমবৰ দেউৰীয়ে ‘আচাম ট্রাইবচ্ এন্ড ৰেছেচ্ ফেডাৰেচনৰ জন্ম দিয়ে। ১৯৪৬ চনত পোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বন আৰু শ্রম বিভাগৰ মন্ত্রীত্ব লাভ কৰে।
১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীৰেই নহয়, অসম আৰু অসমৰ জন-সাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্রক্রিয়াত আত্মনিয়োগ কৰিছিল। সেয়ে গোপীনাথ বৰদলৈয়ে তেখেতক জননেতা’ হিচাপে আখ্যা দিছিল। ১৯৪৭ চনৰ ৩০ নবেম্বৰত এইজনা মহান ব্যক্তিৰ মৃত্যু ঘটে।
খ) ৰাধাকান্ত দেউৰী: ৰাধাকান্ত দেউৰীৰ জন্ম হৈছিল ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে। সম্পূর্ণ গাঁৱলীয়া পৰিবেশত ডাঙৰ হোৱা দেউৰীদেৱে ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে বহুত কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি যোৰহাটৰ জে.বি. কলেজৰ পৰা বি.এ আৰু পিছত বি-টি পছে কৰে। তেখেতে শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে।
জনগোষ্ঠীয় তথা অসমীয়া ভাষা-সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম। তেওঁ দেউৰী ভাষা-সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল। দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ তেখেতে অনেক অবদান আগবঢ়াই থৈ গৈছে। তেখেতৰ আৰু অমূল্য গ্ৰন্থ সমূহ হৈছে ‘দেউৰী চ্চুবিব (দেউৰী অভিধান), “চ্চিবাঁ জিমচাঁয়া চ্চুবিব (আধুনিক দেউৰী শব্দকোষ), ‘দেউৰী শব্দ সম্ভাৰ’ তেখেতৰ অন্য এখন উল্লেখযোগ্য পুথি।
(গ) বৰ্গৰাম দেউৰী: বৰ্গৰাম দেউৰীৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে, লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াত। পঢ়া শুনাত অতি মেধাসম্পন্ন বৰ্গৰাম দেউৰীয়ে ১৯৫৯ চনত প্রথম বিভাগত মেট্রিক পাছ কৰে। পিছত জে.বি. কলেজৰ পৰা বি. এচ চি পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালত নাম ভর্তি কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে একে সময়কে এম. এচ. চি আৰু এলএল.বি সুখ্যাতিৰে পাছ কৰে। পিছত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে সোণৰ মেডেলসহ হোমিওপেথিক শিক্ষাৰ ডিগ্রী লাভ কৰে।
বৰ্গৰাম দেউৰীৰ কৰ্ম জীৱন
- ১৯৭১ চনত ওকালতি জীৱন আৰম্ভ কৰে।
- ১৯৭১ চনতে দেউৰী সন্মিলনৰ সভাপতি হিচাপে নির্বাচিত হয়।
- ১৯৭৮ চনত বঙ্গালমৰা গাওঁ পঞ্চায়তৰ পৰা কাউন্সিলাৰ হিচাপে নির্বাচিত হয়।
- ১৯৮৩ চনত বিহপুৰীয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হয়।
- ১৯৯১ চনত পুনৰ বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগৰ উপৰিও ‘ৰেচম আৰু হস্ততাঁত আৰু বয়ন বিভাগৰ ‘কেবিনেট মন্ত্রী’ হয়।
বৰ্গৰাম দেউৰীয়ে দেউৰী ভাষা-সাহিত্য আৰু আর্থ-সামাজিক উন্নয়নৰ বাবে যথেষ্ট অৱদান আগবঢ়াই গৈছে।
( ঘ ) শ্রীচন্দ্র সিং দেউৰী : চন্দ্র সিং দেউৰী খেলুৱৈ , লোক – শিল্পী আৰু দেউৰী লেখক হিচাপে দেউৰী জনগোষ্ঠীৰ মাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে । ১৯২৭ চনৰ ২৮ এপ্রিলত যোৰহাটত তেওঁৰ জন্ম হৈছিল । দেউৰী এল . পি . স্কুলৰ পৰা প্রাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলত শিক্ষা গ্রহণ কৰিছিল যদিও তেওঁ যোৰহাট পলিটেকনিক হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীর্ণ হয় । পিচত তেওঁ ১৯৬২ চনত কলা শাখাত নাম লগাই কৰ্মজীৱনৰ মাজতে শ্বিলং কলেজৰ পৰা আই . এ . পৰীক্ষাত উত্তীর্ণ হয় ।
১৯৫৫ চনৰ ১ অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মার্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয় । ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক – গীত আৰু লোক নৃত্য প্রদর্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোক – গীত পৰিবেশন কৰে ।
লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা একে লেঠাৰিয়ে- ‘আৰাও’ (১৯০৩ চন), ‘আর্চিয় ইবা’ (২০১৪ চন), ‘আমিবিয়া ইবাঁ’ (২০১৩ চন), ‘বিচু’ (২০১৫ চন) ‘হিচৰি’ (২০১৬ চন), ‘দেউৰী জনজীৱন’ (২০১৬ চন) পুথি নিজ প্রচেষ্টাত প্রকাশ কৰি উলিয়ায়।
Chapter Summary in Assamese (সংক্ষেপ)
“দেউৰীসকল” পাঠটো দেউৰী জনগোষ্ঠীৰ জীৱনধাৰা, ঐতিহাসিক উৎস, পৰম্পৰাগত আচাৰ-অনুষ্ঠান আৰু সাহিত্য-সংস্কৃতিৰ ওপৰত ভিত্তি কৰি ৰচিত। এই পাঠে অসমীয়া সমাজত দেউৰীসকলৰ বিশেষ স্থান চিনাকি কৰায়।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘দেউৰীসকল’ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
FAQs – Frequently Asked Questions
Q1: What is the main theme of “দেউৰীসকল”?
A: The chapter explores the cultural and religious life of the Deori community in Assam.
Q2: Why is this chapter important for SEBA Class 10 exam?
A: It helps students understand the ethnic diversity and traditions of Assam which is key in Rapid Reader section.