Assam Board Exam

বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘মিচিংসকল’ | Class 10 Assamese Rapid Reader

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘মিচিংসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

The first chapter of বৈচিত্র্যময় অসম, titled মিচিংসকল, introduces students to one of the significant tribal communities of Assam – the mising people. This lesson is included in the Class 10 Assamese Rapid Reader syllabus under SEBA. Here, you’ll find chapter-wise solutions, important notes, and questions with answers – all in Assamese medium, designed to help students understand the socio-cultural identity of the mising community.

✅ Class 10 Assamese – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘মিচিংসকল‘ | Complete Question Answer in Assamese Medium


বৈচিত্র্যময় অসম দ্ৰুতপাঠ

মিচিংসকল

দশম শ্ৰেণী

অসমীয়া

১/ মিচিং জনজাতিৰ বিষয়ে এটা চমুটোকা লিখা।

উত্তৰ: মিচিং সকল অসসৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগোষ্ঠী।

ভাৰতৰ সংবিধানে মিচিং সকলক অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাপে চিহ্নিত কৰিছে। মিচিং সকলে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। তেওঁলোকে প্রথমে অসমৰ উত্তৰলানি পাহাৰত বাস কৰিছিল, পিছলৈ জীৱিকাৰ সন্ধানত আহি অসমৰ সমতল অঞ্চলত বাস কৰিবলৈ লয়।

কৃষিয়েই মিচিংসকলৰ প্রধান জীৱিকাৰ সম্বল। সাংস্কৃতিক দিশত মিচিং সকল অতি চহকী। মিচিংসকল অত্যন্ত লোক বিশ্বাসী। ‘দঞি-পল’ তেওঁলোকৰ মূলধর্ম যদিও বহুতে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক আদি ধর্ম পন্থা অৱলম্বন কৰা দেখা যায়।

মিচিং সকলৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাং, তাৰোপৰি মাঘ-বিহু, বহাগ বিহু আৰু কাতি বিহুও তেওঁলোকে উদযাপন কৰে। লোকসাহিত্যৰ দিশতো তেওঁলোক অত্যন্ত চহকী। মিচিং সমাজ অতি শৃংখলিত আৰু শ্রেণী বৈষম্যহীন।


২/ মিচিংসকলৰ তিনিবিধ সাজ-পাৰৰ নাম লিখা।

উত্তৰ: মিচিং সকলৰ তিনিবিধ সাজ-পাৰৰ নাম হৈছে- মিবু গালুগ, দুমৌৰ, আৰু ৰিবি গাচেং।


৩/ মিচিংসকলৰ ধৰ্মপন্থা সম্পর্কে চমুকৈ লিখা।

উত্তৰ: মিচিংসকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক আৰু কেৱলীয়া বা ৰাতি সেৱা ধর্মপন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধর্ম হিচাপে তেওঁলোকৰ মূলধর্ম হৈছে দঞি-পল। মিচিংসকল লোক বিশ্বাসত অত্যন্ত চহকী। তেওঁলোকৰ ধর্মীয় উৎসৱ দবুৰ পূজা তাৎপর্যপূর্ণ। বিভিন্ন দেৱতাৰ তুষ্টৰ অৰ্থে দবুৰত পূজা আগ বঢ়োৱা হয়। ঘৰখনৰ শুচি-অশুচি আৰু উন্নতিত দেৱতাৰ কোপ দৃষ্টি থকা বুলি তেওঁলোকে বিশ্বাস কৰে।


৪/ আলি-আয়ে লৃগাং কিয় আৰু কেতিয়া পতা হয়?

উত্তৰ: আলি-আঃয়ে লৃগাং মিচিং সকলৰ কৃষি উৎসৱ।  বীজগুটি ৰোপনৰ শুভ আৰম্ভণি কাৰ্য হিচাপে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম  বুধবাৰ দিনটোত তেওঁলোকে এই উৎসৱ পালন কৰে।


৫/ আলি-আঃয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা।

উত্তৰ: আলি- আঃয়ে আৰু লৃগাং এই তিনিটা পদৰ ব্যুৎপত্তিগত অর্থ হৈছে- আলি মানে মাটিৰ তলত হোৱা বীজ, আ: য়ে মানে-গা গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ।


৬/ চমুটোকা লিখা:

ক) ভূগুমুনি কাগয়ূং: ভূগুমুনি কাগয়ূং আছিল এগৰাকী কৃতীমান লেখক আৰু লোক সংস্কৃতিৰ প্রসিদ্ধ গৱেষক। অসমীয়া আৰ মিচিং ভাষা-সাহিত্য-সংস্কৃতিৰ গভীৰ অধ্যয়ন আৰু চর্চা তেওঁৰ জীৱনৰ ব্ৰত আছিল। এইজনা মহান ব্যক্তিৰ জন্ম হৈছিল ১৯৩২ চনৰ অক্টোবৰ মাহত, শিৱসাগৰৰ আলিমূৰ গাঁৱত।ভূগুমুনি কাগয়ূং শিক্ষা জীবন সফলতাৰে সমাপ্ত কৰি ভাষা বিষয়ক প্রশিক্ষণ গ্ৰহণ কৰে। তাৰ পিছত তেখেতে শিক্ষকতাৰে কর্ম জীৱন আৰম্ভ কৰে। তেখেত আছিল মিচিং জনগোষ্ঠীৰ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্রাপ্ত সাহিত্যিক। তেখেতে অসমীয়া আৰু মিচিং দুয়োটা ভাষাতে ভালেমান কবিতা আৰু প্রবন্ধ লিখি দুয়োটা ভাষাৰ সাহিত্য চহকী কৰি গৈছে। কাগয়ূংক ‘অনাহুত’ কবিতাপুথিৰ বাবে ১৯৭১ চনত ৰাষ্ট্ৰপতিৰ  দ্বাৰা পুৰস্কৃত কৰা হৈছিল। ‘মন বননিৰ জুই’ কাব্যগ্রন্থৰ বাবেও ১৯৯৪ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল। তেখেতৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা মুঠ ২৭ খন।

 ২০১১ চনৰ ২৭ মাৰ্চত এইগৰাকী মনীষী, সু-সাহিত্যিক আৰু প্রসিদ্ধ কবিৰ পৰলোক হয়।


খ) শ্বহীদ কমলা মিৰি: ভাৰতবৰ্ষক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰিবলৈ যিসকল সংগ্রামী নেতা শ্বহীদ হৈছিল, তাৰ ভিতৰত কমলা মিৰিও অন্যতম। তেখেতৰ জন্ম হৈছিল ১৮৯৪ চনত, তেতিয়াৰ শিৱসাগৰ জিলাৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা গাঁৱত।মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনৰ জোৱাৰ অসমৰ চুকে-কোণে বিয়পি পৰিছিল। তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাতো শহীদ কমলা মিৰিৰ নেতৃত্বত শত-সহস্র মিচিং ডেকাই আন্দোলনত জঁপিয়াই পৰিছিল। সেই সময়ৰ অতি দুর্গম বাট-পথ খোজ কাঢ়িয়ে অতিক্রম কৰি তেখেতে কেন্দ্রীয় কমিটিৰ লগত যোগাযোগ কৰাৰ দৰে দুঃসাহসৰ কাম কৰিছিল। সেই সময়ত তেখেতৰ জন্মস্থানৰ ওচৰে-পাজৰে গাওঁসমূহত কানি, ভাং আদিৰ ব্যাপক প্রচলন আছিল। কমলা মিৰিয়ে সেই মাদক দ্রব্যসমূহৰ ব্যৱহাৰ বন্ধ কৰিবলৈ পদক্ষেপ লৈছিল।

১৯৪২ চনত আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলনৰ সফল কাৰ্য – কাৰিতাৰ বাবে ৰঙামাটি মৌজাত, কমলা মিৰিৰ সভাপতিত্বত শান্তি সেনাৰ দল গঠন কৰি গোলাঘাটত পিকেটিং কৰিবলৈ নির্বাচিত কৰা হয়। ১৯৪২ চনৰ ছেপ্তেম্বৰ মাহত, কংগ্রেছৰ কার্যালয়ত বিপ্লৱৰ বা- বাতৰি লবলৈ যাওঁতে বৃটিছ চিপাহীয়ে তেখেতক বন্দী কৰি যোৰহাটৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে। কাৰাগাৰত বন্দী জীৱন কটোৱাৰ সময়তে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ১৯৪৩ চনৰ ২২ এপ্রিলত এইজনা মহান দেশ-প্রেমীকৰ দেহাৱসান ঘটে।


গ) ঐ’ৰাম বৰি: মিচিং সংস্কৃতিৰ পিতৃপুৰুষ বুলি জনাজাত ঐৰাম বৰিৰ জন্ম হৈছিল বৃটিছ প্রশাসনৰ ‘নেফা’ৰ অন্তৰ্গত অয়ান গাঁৱত, ১৮৭৭ চনত। বহু কষ্টৰে প্রাথমিক বিদ্যালয়ৰ চতুর্থ শ্রেণীলৈকে অধ্যয়ন কৰা ঐৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বর্ণাঢ্য মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ কাম আৰম্ভ কৰিছিল। তেখেতে কৃষ্টিপ্রাণ এচাম যুৱক-যুৱতীক লগত লৈ মিচিঙৰ মূল্যৱান ঐনিঃতম, চৌল্লয়া, লৌৰৌলি, ল:লে, কাবান, তৌব: তৌকাং, বুনি, মিবু-আঃ বাং ইত্যাদিবোৰৰ প্ৰণালীবদ্ধ চর্চা, সংৰক্ষণ আৰু সংবর্ধনৰ কামত হাতে কামে লাগে।তেখেতে অয়ান অঞ্চল সংস্কাৰ আৰু উন্নয়ন সভাৰ পৰা আদি কৰি ‘ভাৰতৰ স্বাধীনতা সংগ্রাম’ লৈকে বহু মূল্যবান কর্ম সম্পাদন কৰি গৈছে।


ঘ) পদ্মশ্রী যাদৱপায়েঃ প্রকৃতিপ্রেমী আৰু পৰিবেশকর্মী, ভাৰতৰ ‘অৰণ্য-মানৱ ‘ খ্যাত যাদৱ পায়েঙৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৩০ অক্টোবৰত, যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত। পৃথিৱীৰ মানৱ সমাজক প্রকৃতি ৰক্ষাৰ নির্বাক বাণী প্রদান কৰিবলৈ আগবাঢ়ি অহা যাদৱ পায়েঙে ১৯৭৯ চনৰ পৰা প্রায় চল্লিশটা বর্ষ কেৱল গছ ৰুইছে আৰু প্রতিপালন কৰিছে। এনেদৰে তেওঁ এখন বিশাল কাঠনি গঢ়ি তুলিছে, যাক ‘মোলাই কাঠনি’ বুলি জনা যায়। বর্তমান এই কাঠনিৰ মাটিকালি ৪০৫০ বিঘা। এই কাঠনি বহুতো মূল্যবান গছ-বিৰিখ, আৰু ঔষধি বন লতাৰে আৱৰা। মোলাই-কাঠনিত বহুতো জীৱ – জন্তু, চৰাই-চিৰিকতিয়ে বাস কৰে।পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মোলাই পায়েঙে ৰূপায়ণ কৰা মহান কৰ্মৰ প্রতিদান স্বৰূপে ২০১২ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘অৰণ্য মানৱ’ উপাধি প্রদান কৰে। একে বছৰতে তেতিয়াৰ ৰাষ্ট্রপতি ড° এ.পি. জে. আব্দুল কালামে ২৫০ লাখ টকাসহ ‘হীৰাখচিত বঁটা’ প্রদান কৰে। ২০১৫ চনত ভাৰত চৰকাৰে ভাৰতৰ চতুৰ্থ সর্ব্বোচ্চ অসামৰিক বঁটা পদ্মশ্রী উপাধি প্রদান কৰে।  যাদৱ পায়েং, পেৰিচ, চীন, টাইৱান, শ্রীলংকা, ড’হা, ছুইজাৰলেণ্ড, ফ্রান্স, বাংলাদেশ আদি বিভিন্ন দেশলৈ নিয়ন্ত্রিত আৰু সম্বুদ্ধিত হৈছে।পৰিৱেশ ৰক্ষাৰ সদিচ্ছা আৰু প্রৱল হেঁপাহৰ বাবে গুৰু দায়িত্ব বহন কৰি অহা যাদৱ পায়েং পৃথিৱীৰ ভিতৰতে এজন আদর্শ ব্যক্তি হিচাপে অমৰ হৈ ৰ’ব ।


📘 Summary (in Assamese):

মিচিংসকল (Mishing/Miri) হৈছে অসমৰ এটি আদিবাসী জনগোষ্ঠী। তেওঁলোকে মূলত ব্রহ্মপুত্ৰ উপত্যকাৰ মাজুলী, ধেমাজি, লখিমপুৰ আদি জেলাত বাস কৰে। মিচিংসকলৰ ভাষা “মিৰি” বুলি জনাজাত। তেওঁলোকৰ মুখ্য ধৰ্ম হ’ল বৈষ্ণৱ ধৰ্ম। পাঠখনত মিচিংসকলৰ বাসগৃহ, খাদ্যাভ্যাস, পৰম্পৰা, উৎসৱ (অলি-আই) আদি বিষয়ে বিৱৰণ দিয়া হৈছে।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘মিচিংসকলComplete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment