Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘ৰাভাসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10
The first chapter of বৈচিত্র্যময় অসম, titled “ৰাভাসকল“, introduces students to one of the significant tribal communities of Assam – the Rabha people. This lesson is included in the Class 10 Assamese Rapid Reader syllabus under SEBA. Here, you’ll find chapter-wise solutions, important notes, and questions with answers – all in Assamese medium, designed to help students understand the socio-cultural identity of the Rabha community.
In this chapter of বৈচিত্র্যময় অসম, titled “ৰাভাসকল”, you’ll learn about one of Assam’s important indigenous communities – the Rabha. Their language, lifestyle, cultural beliefs, and economic practices are explored in detail. These notes are based on the SEBA Class 10 syllabus and are perfect for exam preparation.
✅ 📘 পাঠৰ পৰিচয়:
এই পাঠত অসমৰ ৰাভা জনগোষ্ঠীৰ সামাজিক, সাংস্কৃতিক আৰু আৰ্হিক পৰিচয় পোৱা যায়। পাঠখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে এই জনগোষ্ঠীৰ ৰীতিনীতি, ধৰ্মীয় বিশ্বাস আৰু জীৱনধাৰা জানিব পাৰে।
✅ Class 10 Assamese – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ
বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘ৰাভাসকল‘
Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘ৰাভাসকল‘ | Complete Question Answer in Assamese Medium
বৈচিত্র্যময় অসম দ্ৰুতপাঠ
‘ৰাভাসকল‘
দশম শ্ৰেণী
অসমীয়া
১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?
উত্তৰঃ ৰাভাসকলৰ আদি বাসভূমি আছিল গাৰো পাহাৰ জিলাৰ ‘ফুলবাৰী’ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে আৰু গাৰোপাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তৱর্তী কিছু অঞ্চল।
২/ সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?
উত্তৰ: সামাজিক ফালৰ পৰা ৰাভাসকল কেইবাটাও শাখাত বিভক্ত, যেনে – ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি।
৩/ ৰাভা সংস্কৃতিৰ প্রতীক কি?
উত্তৰ: ৰাভা সংস্কৃতিৰ প্রতীক হৈছে-‘মানচালেংকা’ বা ‘মাছৰোকা’ চৰাই।
৪/ ৰাভা সকলৰ প্রধান দেৱতা কি?
উত্তৰ: ৰাভাসকলৰ প্ৰধান দেৱতা ৰিছি বা মহাদেৱ।
৫/ ৰাভাসকলৰ প্রধান পূজাটোৰ নাম কি?
উত্তৰ: ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম ‘বায়খো’।
৬। চমুটোকা লিখা:
ক) বিষ্ণুপ্ৰসাদ ৰাভা: কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা একাধাৰে আছিল কবি, খেলুৱৈ, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু ৰাজনীতিবিদ। তেখেতৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত, ঢাকা মহানগৰীত। পিছলৈ তেজপুৰত থাকিবলৈ লয়, আৰু তেজপুৰৰ পৰাই স্কুলীয়া শিক্ষা লাভ কৰি পিছত ১৯২৬ চনত কলকতাৰ চেণ্টপল কলেজত বিজ্ঞান শাখাত পঢ়িবলৈ লয়। চেণ্টপল কলেজৰ পৰা আই এছ চি পাছ কৰাৰ পিছত ১৯৩০ চনত ৰিপন কলেজত বি.এছ চিত নাম লগায়। সেই সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনে তীব্র ৰূপ লয় আৰু পৰিস্থিতি অস্থিৰ হৈ পৰে। ফলত তেওঁ কেইবাখনো কলেজ সলাবলগীয়া হৈছিল। শেষত ভিক্টোৰিয়া কলেজত পঢ়ি থকা সময়ত স্বাধীনতা আন্দোলনত সক্রিয় অংশ লয়, যাৰ বাবে তেওঁ বৃটিছ চৰকাৰৰ হাৰাশাস্তিৰ বলি হৈ কলেজ ত্যাগ কৰিবলগীয়া হয়।
১৯৩১ চনত তেওঁ কলকতালৈ ঘূৰি আহি সাহিত্য চর্চাত মনোনিবেশ কৰে। তেখেতে লিখি থৈ যোৱা মূল্যবান গ্রন্থ কেইখন হৈছে ‘সোণপাহী, মিচিং -কনেং; ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ আৰু ‘অতীত অসম’, ১৯৬৭ চনত ৰাভাদেৱ তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈছিল।
ৰাভাদেৱে সমগ্রজীৱন দলিত আৰু অৱহেলিতৰ পক্ষে সংগ্রাম কৰিছিল। তেওঁৰ জীৱন আছিল সীমাহীন দুখ যন্ত্রণাৰে ভৰা। তাৰ মাজতো অসমীয়া গীত, নৃত্য, সাহিত্য-সংস্কৃতি আদি সকলো ক্ষেত্রলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে তেওঁ অমৰ হৈ ৰ’ব। ১৯৬৯ চনৰ ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুষাভাৰ দেহাৱসান ঘটে।
খ) ৰাজেন ৰাভা: ৰাজেন ৰাভা আছিল একাধাৰে এগৰাকী কৃতী শিক্ষক, প্রথিতযশা সাহিত্যিক আৰু আজীৱন গৱেষক। তেখেতৰ জন্ম হৈছিল ১৯২০ চনৰ ১৮ চেপ্তেম্বৰত, দুধনৈত। তেখেতে দুকুৰিৰো অধিক প্রবন্ধ লিখি অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে। তেখেত আছিল আজীৱন সাহিত্যসাধক, সমাজ আৰু মানৱ প্রেমী। উচ্চ সেৱা সম্পন্ন ৰাজেন ৰাভাই ১৯৭২ চনত ড° মহেশ্বৰ নেওগৰ তত্ত্বাবধানত গৱেষণা কৰে। তেখেতৰ গবেষণা গ্রন্থ-“The Rabhas their society and culture with special reference to non – sanskritized groups”- এখন মূল্যৱান গ্রন্থ। ৰাজেন ৰাভা অসম সাহিত্য সভাৰ বঙাইগাওঁ অধিৱেশনৰ উপসভাপতি আৰু দুধনৈ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল। তেখেতে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰাৰ লগতে ১৯৪৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাও লাভ কৰিছিল।
গ) প্রসন্ন পাম: ৰাভা কৃষ্টিৰ ৰূপকাৰ প্রসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্রতী হৈ পৰিছিল। তেখেতৰ জন্ম হৈছিল ১৯৩২ চনত, গোৱালপাৰা জিলাৰ বালিজানত। তেখেত আছিল এগৰাকী জনপ্রিয় অনাতাঁৰ শিল্পী। তেখেতে বহুতো গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল। ‘দদান বীৰ’ আৰু মাৰুক্ষেত্রী’ নাটকৰ জৰিয়তে তেখেত জনপ্রিয় হৈ পৰিছিল। প্রসন্ন পামে বহুকেইখন গ্রন্থও ৰচনা কৰিছিল, কিন্তু সেইবোৰ অপ্রকাশিত অৱস্থাতে আছে।
১৯৭৮ চনৰ ২০ ফেব্ৰুৱাৰীত এক মটৰ দুৰ্ঘটনাত প্রসন্ন পামৰ অকাল মৃত্যু ঘটে।
ঘ) বীৰুবালা ৰাভা: ড° বীৰুবালা ৰাভা এগৰাকী সমাজ সংস্কাৰক। সমাজত চলি থকা অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰি এখন সুস্থ সমাজ গঢ়াৰ বাবে আপ্রাণ চেষ্টাৰে তেওঁ নিজকে উৎসর্গিত কৰিছে। এইগৰাকী সংগ্রামী নেত্রীৰ জন্ম হৈছিল ১৯৪৯ চনত, গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাৱত। খুব কম বয়সতে বিবাহ পাশত আৱদ্ধ হোৱা বীৰুবালা ৰাভাই সাংসাৰিক কাম কাজৰ লগতে সামাজিক কু-সংস্কাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সংক্রিয় সংগ্রাম চলায়। অবিৰাম ভাবে সামাজিক কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ স্বীকৃতি হিচাপে অনেক বঁটা পাবলৈ সক্ষম হৈছে। বর্তমান তেওঁ Mission Birubala’- ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভাবে কাম কৰি আছে।
✅ 📘 Summary (in Assamese):
ৰাভাসকল হৈছে অসমত বাস কৰা এজন আদিবাসী জনগোষ্ঠী। তেওঁলোকৰ নিজৰ ভাষা, পৰম্পৰা, নৃত্য-গীত, পৰিধান আৰু ধৰ্মীয় বিশ্বাস আছে। ৰাভাসকলে প্ৰাকৃতিক জীৱন ধাৰা অনুসৰণ কৰে। পাঠখনত ৰাভাসকলৰ ইতিহাস, সংস্কৃতি আৰু সমাজিক অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
📥 Additional Resources
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘ৰাভাসকল‘ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam