Assam Board Exam

বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘তিৱাসকল’ | Class 10 Assamese Rapid Reader

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘তিৱাসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 10

The first chapter of বৈচিত্র্যময় অসম, titled “তিৱাসকল”, introduces students to one of the significant tribal communities of Assam – the Tiwa people. This lesson is included in the Class 10 Assamese Rapid Reader syllabus under SEBA. Here, you’ll find chapter-wise solutions, important notes, and questions with answers – all in Assamese medium, designed to help students understand the socio-cultural identity of the Tiwa community.


পাঠৰ পৰিচয়

এই পাঠটোত তিৱা জনগোষ্ঠীৰ উৎস, বাসস্থান, ভাষা, পৰম্পৰা, নৃত্য-সংগীত আৰু জীৱনশৈলীৰ বিষয়ে আলোচনা কৰা হৈছে। অসমৰ বৈচিত্ৰ্যময় সমাজৰ অংশ হিচাপে তিৱাসকলৰ অৱদান গুৰুত্বপূৰ্ণ।

✅ Class 10 Assamese – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ

Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘তিৱাসকল’ | Complete Question Answer in Assamese Medium


বৈচিত্র্যময় অসম দ্ৰুতপাঠ

‘তিৱাসকল’

দশম শ্ৰেণী

অসমীয়া

১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক?

উত্তৰ: ভাষিক দিশৰ পৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বর্মীয় ভাষাগোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ খালৰ লোক।


2। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পার্বণত ব্যৱহাৰ কৰা-বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?

উত্তর: তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্য যন্ত্ৰবোৰ হৈছে-

চামৰাৰ বাদ্য যেনে খ্ৰাম্ বাৰ (ঢোল), খ্রাম্ খুজুৰা, খ্ৰাম পান্থাই, দুমদিং, দগৰ, আৰু পাতিঢোল।

বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাৎ খ্ৰাম, থক্থৰৰক, পাংশী (বাঁহী) আৰু থোৰাং। ম’হৰ শিঙৰ পেঁপা মুহুৰি আৰু খায়াং (তাল)।


৩/ তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?

উত্তৰঃ তিৱা সমাজত প্রতিটো খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয়। আনহাতে পাহাৰ অঞ্চলৰ প্রতিটো পৰিয়ালৰ মুৰব্বীকে ‘জেলা’ বুলি কোৱা হয়।


৪/ তিৱাসকলৰ কেইটিমান উৎসৰ নাম লিখা।

উত্তৰ: পাহাৰীয়া তিৱাসকলৰ উৎসৱসমূহ হৈছে- ৱানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাণ্ঠি, লাংখন, মাই পথালা, মাই ৰাৱা, খাপলাং ৰাৱানে ফুজা, পান্থাইচ্যৱা ইত্যাদি।

ভৈয়ামৰ তিৱাসকলৰ উৎসৱসমূহ হৈছে জোনবিল মেলা, বৰত্, গোসাঁই উলিওৱা মেলা, ব’হাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি।


৫। ফুলগুৰিৰ ধোঁৱা কি?

উত্তৰ: ‘ফুলগুৰিৰ ধেৱা হৈছে অসমৰ প্ৰথমটো কৃষক বিদ্রোহ। এই বিদ্রোহৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱা সকলে।


৬। চমুটোকা লিখা

ক) ইন্দ্রচিং দেউৰী: ইন্দ্রচিং দেউৰী তিৱা জাতীয় জীৱনৰ এজন কাণ্ডাৰী আছিল। তেওঁৰ জন্ম হৈছিল পশ্চিম কার্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত, ১৯৩২ চনত। তেওঁ আছিল একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু ৰাজনীতিক।

তেখেতে ১৯৬০ চনত ‘তিৱাচা মিচন” নামেৰে এক সামাজিক অনুষ্ঠান জন্ম দি তিৱা সকলৰ মাজত থকা অন্ধবিশ্বাস সমূহ অঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ চেষ্টা কৰিছিল। তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম সংগঠন “লালুং দৰবাৰ” ১৯৬৭ চনত ইন্দ্রচিং দেউৰীৰ নেতৃত্বতেই জন্ম হৈছিল। ১৯৭৬ চনত তেখেত কার্বি আংলং স্বায়ত পৰিষদৰ সদস্য হয় আৰু পিছত উপাধ্যক্ষ হিচাপে নিযুক্ত হয়।

ইন্দ্রচিং দেউৰীয়ে বহুতো তিৱা কবিতা, গীত আদি লিখি থৈ গৈছে। তেখেতৰ ৰচিত ‘তিৱা তচিমা’ গীতটো তিৱা জাতীয় সংগীত হিচাপে গ্রহণ কৰা হৈছে।

তিৱা জাতীয় জীৱনলৈ তেখেতে সর্বাধিক অৱদান আগবঢ়োৱা বাবে পাহাৰৰ তিৱা সকলে তেখেতক ‘ফা পৰৈ’বা জাতিৰ পিতা বুলি সম্বোধন কৰিছিল । ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে এইজনা ব্যক্তিৰ মৃত্যু ঘটে।


(খ) বলাইৰাম সেনাপতিঃ বলাইৰাম সেনাপতি আছিল এগৰাকী সু-প্রতিষ্ঠিত লেখক আৰু সংস্কৃতিৰ সাধক। ১৯৩১ চনৰ ৩ মার্চত, নগাওঁ জিলাৰ বাৰপূজীয়া গাঁৱত তেখেতৰ জন্ম হৈছিল। তিৱা ভাষা, সাহিত্য আৰু সংস্কৃতি সংৰক্ষণৰ কাৰণে তেখেতে বহুতো পদক্ষেপ লৈছিল। তাৰ ভিতৰত ‘ তিৱা কৃষ্টি সনহা’ অন্যতম। তেখেত একেধাৰে আছিল সাহিত্যিক, গীতিকাৰ আৰু সুৰকাৰ। তিৱা ভাষাৰ উপৰিও অসমীয়া ভাষাতো তেখেতে সাহিত্য চর্চা কৰিছিল।

তেখেতে অলংকৃত কৰা পদবীবোৰ আছিল –

ক) অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য,

খ) তিৱা সাহিত্য সভাৰ সভাপতি,

গ) নগাওঁ জিলা সাহিত্য সভাৰ সভাপতি

 তেখেতৰ ৰচনাৰাজি হৈছে –

ক) অতীতৰ সন্ধানত

খ) পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত,

গ) তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত

গ) তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত,

ঘ) তিৱা সমাজ আৰু সংস্কৃতি।

এইবোৰৰ উপৰিও তেখেতে বহুকেইখন গীতি-আলেখ্য ৰচনা কৰিছিল।

বলাইৰাম সেনাপতিয়ে লাভ কৰা বঁটা সমূহ হৈছে-

ক) ১৯৯১ চনত সাহিত্যিক পেঞ্চন

খ) ২০১১ চনত তিলক চন্দ্র দেৱ শর্মা স্মাৰক ‘ড’ সূর্য্যকুসাৰ ভুঞা বঁটা

গ) ২০১১ চনত ‘বকুল বন বঁটা ইত্যাদি।

বিশাল ব্যক্তিত্বৰ অধিকাৰী এইজনা মহান ব্যক্তিৰ মৃত্যু হয় ২০১৪ চনৰ ১১ মে’ তাৰিখে।


সংক্ষেপে “তিৱাসকল” (Summary)

“তিৱাসকল” পাঠটোত তিৱা জনগোষ্ঠীৰ ইতিহাস, সংস্কৃতি আৰু আধুনিক যুগত তেওঁলোকৰ অৱস্থান বৰ্ণনা কৰা হৈছে। সঘন উদাহৰণ আৰু বৰ্ণনাৰ জৰিয়তে পঢ়ুৱৈৰ মাজত জাতিসত্তাৰ জ্ঞান সৃষ্টিৰ চেষ্টা কৰা হৈছে।


FAQ – Frequently Asked Questions

Q1: What is the main theme of “তিৱাসকল”?
A: Understanding the cultural identity and life of the Tiwa community of Assam.

Q2: Is “তিৱাসকল” important for the SEBA exam?
A: Yes, it’s important for the Rapid Reader section in Class 10 Assamese.


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘তিৱাসকল’ Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment