Assam Board Exam

Class 10 Economies Chapter 1 মুদ্রা আৰু বেংক ব্যৱস্থা­­­­­­­­­­­­­­­­­­­­­

Class 10 Economies Chapter 1 মুদ্রা আৰু বেংক ব্যৱস্থা­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer||

Class 10 Economies Chapter 1

Class 10 Social Science ( Political Science and Economics) Chapter 1 মুদ্রা আৰু বেংক ব্যৱস্থা – Complete Question Answer in Assamese Medium

অতি চমু উত্তৰৰ প্রশ্ন :

 ১। বিনিময় প্রথা কি ? 

উত্তৰঃ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ’ল বিনিময় প্ৰথা।

২। মুদ্রা কি ? 

উত্তৰঃ ইংৰাজ অৰ্থনীতিবিদ জিয়ফ্ৰী ক্ৰাউথাৰৰ মতে বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হ’ল মুদ্ৰা।

৩। মুদ্ৰাৰ এটা মুখ্য কার্য উল্লেখ কৰা ৷ 

উত্তৰঃ মুদ্ৰাৰ এটা মুখ্য কার্য হ’ল মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায়। 

৪। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল চেক মুদ্রা। 

৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ? 

উত্তৰঃ যিবোৰ কাগজী মুদ্ৰাক ধাতু বা ধাতুৰ পৰিমানেৰে পৰিবৰ্তন কৰিব পাৰি তেনে মুদ্ৰাক প্রতিনিধিত্বমূলক কাগজী মুদ্রা বোলে।

৬। বেংক কি ? 

উত্তৰঃ বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওতালৈ আগবঢ়ায়।

৭। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? 

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল । 

৮। চলিত আমানত কি ? 

উত্তৰঃ যি আমানত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে বা আমানত কাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়ত চেকৰ জৰিয়তে উলিয়াই আনিব পাৰে তাকে চলিত আমানত বোলা হয়।

চমু উত্তৰৰ প্রশ্ন:

১। সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? 

উত্তৰঃ বিনিময় প্রথাৰ এটা প্ৰধান অসুবিধা হৈছে সংগতিবিহীনতা মানুহৰ অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্ৰথা কাৰ্যকৰী নহয়। এই প্ৰথাত অতি আৱশ্যক যে দুজন লোকে যদি নিজৰ উৎপাদিত বস্তু বিনিময় কৰিব খোজে তাৰ বাবে তেওঁলোকৰ অভাৱৰ মাজত সংগতি থাকিব লাগিব অৰ্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা দুয়োবিধ সামগ্ৰী পৰস্পৰৰ বাবে গ্ৰহণযোগ্য হ’ব লাগিব।

২। মূল্যভাণ্ডাৰ বুলিলে কি বুজা? 

উত্তৰঃ মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি। সেয়ে মুদ্ৰাক সামগ্ৰীৰ মূল্যভাণ্ডাৰ বুলিব পাৰি।

৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ? 

উত্তৰঃ মুদ্ৰাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। দেশবাসীয়ে যদি বেলগছৰ পাত বিনিময় মাধ্যম হিচাপে গ্ৰহন কৰে তেনেহলে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব  আৰু ই মূদ্ৰালৈ ৰূপান্তৰিত হ’ব লগতে আইনৰ দ্বাৰাও সমৰ্থিত হ’ব লাগিব।

৪। মুদ্ৰাৰ তাৰল্য গুণ কি? 

উত্তৰঃ যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰী লৈ তৎক্ষনাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হোৱাটোৱেই হ’ল ইয়াৰ তাৰল্য গুণ মুদ্ৰা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়।

৫। “মুদ্রা সা – সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ” — ব্যাখ্যা কৰা। 

উত্তৰঃ সকলোবোৰ আৰ্থিক সামগ্ৰীৰে মূল্য আছে। মূল্যৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠী হিচাপে মুদ্রাই যিকোনো সা-সামগ্ৰী বা সেৱাৰ মূল্য প্রকাশ কৰাত সহায় কৰে। যিহেতু মুদ্রা হৈছে সামগ্ৰীৰ উমৈহতীয়া মাপকাঠী সেয়েহে ইয়াৰ দ্বাৰা যিকোনো সেৱা বা সা-সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰাটো অতি সহজ হৈ পৰে। গতিকে, এইটোৱে শুদ্ধকৈ ব্যক্ত কৰিছে যে “মুদ্রা হৈছে সা-সামগ্রী তথা সেৱাসমূহৰ মূল্যৰ উমৈহতীয়া মাপকাঠী”।

৬। সসীম বিহিত মুদ্রা আৰু অসীম বিহিত মুদ্রা পার্থক্য কি? 

উত্তৰঃ সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল ―

        যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰা হৈছে সসীম বিহিত মুদ্ৰা। এই মুদ্ৰা নাথাকিলে লেনদেনত অসুবিধা হয়। যেনে – কোনো এজন ব্যক্তিয়ে এডৰা ভূমি ক্ৰয় কৰিছে। ভূমিডৰাৰ মূল্য ১০ লাখ টকা। ভূমি ক্ৰয় কৰোঁতাজনে ১০ লাখ টকা কম মূল্যৰ মুদ্ৰা ৰূপত আদায় দিলে, বিক্ৰী কৰোঁতাজনৰ অসুবিধা হব। গতিকে কম মূল্যৰ কাগজী বা ধাতুৰ মুদ্ৰা এই ক্ষেত্ৰত সীমিত বা সসীম বিহিত মুদ্ৰা হ’ব।

        আনহাতে, অধিক মূল্যৰ মুদ্ৰা হ’ব  অসীম বিহিত মুদ্ৰা। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰা হয়।

৭। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে ? 

উত্তৰঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা কাৰ্যসমূহ হলঃ 

(ক)বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু

(খ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।

৮। অনা – বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগে? 

উত্তৰঃ অনা বেংক প্ৰতিষ্ঠান সমূহত বেংকৰ দৰে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে অনা বেংক প্ৰতিষ্ঠান সমূহৰ পৰা সঞ্চয়কাৰীয়ে নিজৰ ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে। ইয়াৰ উপৰিও বেংকৰ ক্ষেত্ৰত সঞ্চয়কাৰীৰ বাবে সঞ্চয় বীমা আচঁনি থাকে কিন্তু অনা বেংক প্ৰতিষ্ঠান সমূহত সঞ্চয়কাৰীৰ বাবে কোনো ধৰণৰ সঞ্চয় বীমা আচঁনি নাথাকে।

দীঘল উত্তৰৰ প্রশ্ন:

১। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা। 

উত্তৰঃ বিনিময়ৰ প্ৰথাৰ চাৰিটা অসুবিধা হৈছেঃ

(ক) সংগতিবিহীন অভাৱঃ বিনিময় প্রথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত বিনিময় কার্য সম্পাদন কৰিব বিচৰা ব্যক্তি দুজনৰ হাতত থকা সামগ্ৰীসমূহ পৰস্পৰৰ অভাৱ পূৰণ কৰিব পৰা সামগ্ৰী হ’ব লাগিব। যদিহে এই চর্ত পূৰণ নহয় তেন্তে বিনিময় প্রথা সম্ভৱ নহয়।

(খ) হিচাপ-নিকাচৰ উমৈহতীয় এককৰ অভাৱঃ সকলো সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্ৰকাশ কৰিব লাগিব, ফলস্বৰূপে প্রতিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্ৰীৰ বিনিময় হাৰ ভিন্ন হ’ব। এনেদৰে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ মনত ৰখা তথা ৰক্ষা কৰাটো অসম্ভব।

(গ) বিভাজনীয়তাৰ অসুবিধা:  বিনিময়যোগ্য সামগ্রীসমূহ অবিভাজ্য প্ৰকৃতিৰ হ’লে বিনিময় প্রথা সম্পন্ন কৰাটো অসম্ভৱ হৈ উঠে। উদাহৰণস্বৰূপে-হাতী এটাৰ দৰে ডাঙৰ বস্তু এটা আপেলৰ দৰে সৰু বস্তু এটা ৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব কাৰণ হাতীটোক সৰু সৰু অংশত বিভাজিত কৰি বিনিময় কাৰ্য সম্পাদন কৰাটো সম্ভৱ নহয়।।

(ঘ) সঞ্চয় তথা মূল্য ভাণ্ডাৰৰ অভাৱ: মূল্য বুলিলে সা-সামগ্ৰীৰ মূল্য বুজিব লাগিব। বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। কিন্তু সামগ্ৰীৰ ৰূপত মূল্যৰ ভাণ্ডাৰ সঞ্চয় কৰিলে নির্দিষ্ট কিছুমান সমস্যাৰ সৃষ্টি হ’ব, যেনেঃ মাছ, গাখীৰ আদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি কাৰণ সেইবোৰ সোনকালে নষ্ট হৈ যায়। সঞ্চয়ৰ অসুবিধা বিনিময় প্রথাৰ এটা প্রধান সমস্যা আছিল। বৰ্তমান মুদ্রা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।

২। মুদ্ৰাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাৰ প্রধান চাৰিটা বৈশিষ্ট্যসমূহ হ’ল-

(ক) মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে। মুদ্রাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

(খ)মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।

(গ) মুদ্রা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্রা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্রা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্রা বেছি দিনলৈ টিকিব লাগিব।

(ঘ) মুদ্রাৰ তাৰল্য গুণ থাকিব লাগিব। যিকোনো মুদ্রা সমমূল্যৰ সা-সামগ্রীলৈ তৎক্ষণাত আৰু প্রত্যক্ষভাৱে ৰূপান্তৰিত হ’লেই মুদ্রাৰ তাৰল্য গুণ আছে বুলিব পাৰি

৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা৷ 

উত্তৰঃ মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কাৰ্য হ’ল:

(ক) বিনিময়ৰ মাধ্যম :- মুদ্ৰাৰ প্রধান কার্য হ’ল যে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায়। সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থকাৰ বাবে ইয়াৰ সহায়ত সকলো ধৰণৰ সেৱা আৰু সা – সামগ্ৰীৰ বিনিময় সম্ভৱ হৈছে।

(খ) মূল্যৰ মাপকাঠী :- মুদ্রাই সকলো ধৰণৰ সা – সামগ্রী তথা সেৱাৰ মূল্য নির্ধাৰণৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠী হিচাপে কাম কৰে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীটোৰ বিনিময় মূল্যই হ’ল সামগ্ৰীটোৰ দাম। মুদ্ৰা হৈছে হিচাপ বা সামগ্রীৰ মূল্যৰ উমৈহতীয়া একক যাৰ দ্বাৰা সকলোবোৰ আর্থিক সামগ্রী আৰু সেৱাৰ মূল্য নিৰূপণ কৰা হয়। সেইবাবে মুদ্রাই মূল্যৰ মাপকাঠী।

(গ) স্থগিত দেনা-পাওনাৰ মানদণ্ড: যেতিয়া মুদ্রাক সাধাৰণভাবে বিনিময়ৰ মাধ্যম তথা মূল্যৰ একক হিচাপে গ্রহণ কৰি লোৱা হয়, তেতিয়াই ই স্বতঃস্ফূর্তভাবে স্থগিত বা ভৱিষ্যৎ দেনা-পাওনাৰ হিচাপৰ এককত পৰিণত হয়। এইদৰে মুদ্রাই কেৱল চলন্ত লেনদেনতে সহায় নকৰে, বৰঞ্চ স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে সম্পাদন কৰা কাৰ্যৰ জৰিয়তে বাকী বা স্থগিত লেনদেনো সম্পন্ন কৰাত সহায় কৰে। মুঠতে ঋণ গ্রহণ, ঋণ প্রদান আৰু ঋণ পৰিশোধ কৰা কাৰ্য সম্পাদন কৰাটো মুদ্রাই সহজসাধ্য কৰি তোলে।

(ঘ) মূল্যৰ ভাণ্ডাৰ :- মুদ্রা হ’ল মূল্যৰ ভাণ্ডাৰ আৰু ইয়াক ভৱিষ্যতৰ বাবে সাঁচি ৰাখিব পাৰি। ই অতি দীর্ঘস্থায়ী আৰু ইয়াক যিকোনো সময়তে প্রয়োজন অনুসৰি যিকোনো সেৱা বা সা – সামগ্রীলৈ পৰিৱৰ্তিত কৰিব পাৰি ৷ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্রাক সঞ্চয় কৰি ৰখাটোও সহজ।

৪। চেক এখন মুদ্রা নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা। 

উত্তৰঃ চেক এখন প্রকৃততে মুদ্রা নহয়। নিম্নোল্লিখিত কাৰণসমূহৰ বাবে চেক এখনক মুদ্রা হিচাপে বিবেচনা কৰা নহয়:

(ক)মুদ্ৰাৰ দৰে চেক এখনৰ সাধাৰণ গ্রহণযোগ্যতা নাথাকে। কোনো ব্যক্তিয়ে চেক গ্ৰহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি।

(খ) চেক হৈছে ধন পৰিশোধৰ এক প্রতিশ্রুতি-পত্র।

(গ) চেক এখনক তৎক্ষণাত মুদ্রালৈ ৰূপান্তৰিত কৰিব নোৱাৰি অৰ্থাৎ, ইয়াৰ তাৰল্য গুণব অভাৱ ঘটিছে।

(ঘ) চেক সহজে চিনাক্তকৰণ কৰিব নোৱাৰি। যদিহে চেক এখন বেংকৰ দৃষ্টিত মূল্যহীন হৈ পৰে তেন্তে লেনদেন প্রক্রিয়াত সমস্যা হ’ব পাৰে।

(ঙ) চেক সহজবোধগম্য নহয়। চেক বাউন্স হ’লে লেনদেনত সমস্যাৰ উদ্ভৱ হয়।

৫। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা। 

উত্তৰঃ মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে-

(ক) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্রাৰ মূল্য অবিৰামভাৱে হ্রাস হ’লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্রী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়।

(খ) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্রা সর্বস্ব অর্থনীতিত মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্য সৃষ্টি কৰে।

(গ) মুদ্রাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্রা বুলি ক’লে অত্যুক্তি কৰা নহ’ব।

(ঘ) মুদ্ৰাৰপৰা ক’লা মুদ্রাৰ সৃষ্টি হয়। ক’লা মুদ্রা অর্থনৈতিক অপৰাধ (যেনে আয়কৰ ফাঁকি)ৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয়।

৬। কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা। 

উত্তৰঃ কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য হৈছেঃ 

(ক) কেন্দ্রীয় বেংকে কাগজী মুদ্রা ছপা কৰে। কেন্দ্রীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই।

(খ) কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এই মুদ্রা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্রা বা ঋণ মুদ্রাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্রণ ব্যৱস্থাৱলী গ্রহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রণ কৰিব পাৰে।

(গ) কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। কেন্দ্রীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল।

(ঘ) কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোতা। কেন্দ্রীয় বেংকে কেন্দ্রীয় চৰকাৰৰ ঘাটি বাজেট দূৰ কৰিবলৈ নতুন মুদ্রা ছপা কৰি কেন্দ্ৰীয় চৰকাৰক বিত্তীয় সাহায্য আগবঢ়ায়। চৰকাৰৰ আয় নীতি , বাণিজ্যিক নীতি , ৰাজহ নীতি আদিক অধিক ফলপ্রসূ কৰি তুলিবৰ বাবে কেন্দ্রীয় বেংকে কেন্দ্রীয় চৰকাৰক অর্থনৈতিক পৰামৰ্শ আগবঢ়ায়।

৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা। 

উত্তৰঃ বাণিজ্যিক বেংকে সম্পাদন কৰা প্রধান কার্যসমূহ হৈছে :-

( ) সঞ্চয় বা আমানত গ্রহণ :- বাণিজ্যিক বেংকে সঞ্চয় গ্রহণ বা সংগ্রহ কৰে।  

এই সঞ্চয় তিনি প্ৰকাৰৰ— 

(ক) চলিত আমানত। 

(খ) স্থিৰ আমানত। 

(গ) সঞ্চয় আমানত।

( i ) চলিত আমানত :- এই ধৰণৰ সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ ধন বেংকৰ পৰা উলিয়াই নিব পাৰে। 

( ii ) সঞ্চয় আমানত :- এই ধৰণৰ সঞ্চয় ব্যৱস্থাত আমানতকাৰী বা সঞ্চয়কাৰীয়ে প্রয়োজন অনুসৰি যিকোনো সময়তে নিজৰ জমাধনৰ এটা অংশ উলিয়াই আনিব পাৰে কিন্তু আনটো অংশ উলিয়াবলৈ হ’লে বেংকৰ পৰা আগতীয়া অনুমতিৰ প্রয়োজন হ’ব। 

( iii ) স্থিৰ আমানত :- এই সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে এক নির্দিষ্ট সময়ৰ বাবে ধনৰাশি বেংকত সঞ্চয় কৰিব পাৰে। এই ব্যৱস্থাত সঞ্চয়কাৰীয়ে জমাধন উলিয়াবলৈ হ’লে বেংকক আগতীয়াকৈ জনাব লাগে। 

(ঋণৰ যোগান ধৰে :- বাণিজ্যিক বেংক সমূহে কৃষক , কাৰিকৰ , উদ্যোগপতি , ঠেলাচালক , ৰিক্সাচালক আদি শ্ৰেণীৰ লোকক উপযোগী হোৱাকৈ ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকসমূহে সাধাৰণতে হ্রস্বম্যাদী তথা মধ্যমীয়া সময়সীমাৰ ঋণহে আগবঢ়ায়। বাণিজ্যিক বেংকসমূহে ঋণ গ্রহণকাৰীৰ পৰা এক নির্দিষ্ট হাৰত সুদ আদায় কৰে। এনেদৰে বাণিজ্যিক বেংকসমূহ আর্থিকভাৱে লাভৱান হ’ব পাৰে।

৮। তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা : 

( ক ) আই ডি বি আই। 

( খ ) আঞ্চলিক গ্রাম্য বেংক। 

( গ ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক।

( ঘ ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক। 

উত্তৰঃ   ( ক ) আই ডি বি আই : ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক চমুকৈ আই ডি বি আই ১৯৬৪ ত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ মূল কাৰ্য সমূহ হ’ল-

(ক) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা।

(খ) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকটোরে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্রত্যক্ষভাৱে আর্থিক সাহায্য • আগবঢ়ায়। বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায়। যেনে বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায়।

(গ)  অর্থনৈতিকভাবে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।

(ঘ) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।।

(খ ) আঞ্চলিক গ্রাম্য বেংক: আঞ্চলিক গ্রাম্য বেংক৯৭৫ চনত স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল-

(১) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু

(২) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।

( গ ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক: কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক চমুকৈ নাবার্ড ১৯৮২ চনত স্থাপন কৰা হয়। গ্রাম্য ঋণৰ ক্ষেত্ৰত ৰিজার্ভ বেংকে যিবোৰ কাৰ্য সম্পাদন কৰি আহিছিল সেই আটাইবোৰ কাৰ্য নাবার্ডলৈ হস্তান্তৰ কৰা হ’ল। নাবার্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হ’ল:

১। গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্রতিষ্ঠান হ’ল নাবার্ড।

২| ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালোচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্রহণ কৰে।

৩। সকলোবোৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজার্ভ বেংক ইত্যাদিৰ সৈতে নাবার্ডে সমন্বয় ৰক্ষা কৰে।

( ঘ ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক:  ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংকৰ মুখ্য কার্যাবলী হ’ল:

(১)ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।

(২) ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া।

(৩)  অর্ধ-নগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অর্ধ-নগৰ এলেকাৰপৰা চহৰলৈ জনসংখ্যাৰ বহির্গমণ ৰোধ কৰা আৰু

(৪) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্র উদ্যোগলৈ ঋণ আগবঢ়োৱা।


Class 10 Social Science All Question Answer- Click Here


Class 10 Social Science ( Political Science and Economics) Chapter 1 মুদ্রা আৰু বেংক ব্যৱস্থা – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment