Assam Board Exam

Class 10 History Chapter 1 বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

Class 10 History Chapter 1 বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer||

Class 10 History Chapter 1

Class 10 Social Science ( History) Chapter 1 বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

ইতিহাস খণ্ড

বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন


অতি চমু প্রশ্ন উত্তৰ

১। বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? 

উত্তৰঃ বংগবিভাজন ভাইচৰয় লর্ড নেথানিয়েল কার্জনৰ শাসনকালত সংঘটিত হৈছিল।

২।  ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ  বিভাজন কার্যকৰী হৈছিল? 

উত্তৰঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ  বিভাজন কার্যকৰী কৰা হৈছিল।

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল ? 

উত্তৰঃ বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ ১৯০৫ চনৰ ২০ জুলাই তাৰিখে  দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হৈছিল।

৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল? 

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কৰিছিল – ভূপেন্দ্রনাথ দত্ত। 

৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

উত্তৰঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল- ১৯০৬ খ্রীষ্টাব্দৰ ১১ মার্চ তাৰিখে।  

৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?

উত্তৰঃ বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল- আচার্য প্রফুল্ল ৰায় । 

৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

উত্তৰঃ  দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনত ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

উত্তৰঃ ১৯১১ খ্রীষ্টাব্দৰ ১২ ডিচেম্বৰত বংগদেশৰ একত্ৰিকৰণ  হৈছিল ।

চমু প্রশ্ন উত্তৰ

১। বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ।

উত্তৰঃ বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল- ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী।

২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

উত্তৰঃ শাসনৰ সুবিধাৰ্থে লৰ্ড কাৰ্জনে বংগ বিভক্ত কৰিছিল যদিও ইয়াৰ অন্তনিৰ্হিত উদ্দেশ্য বেলেগ হিচাপে পৰিগণিত হৈছিল। সেইবোৰ হ’ল –

(ক) কাৰ্জনে কৰা বংগ বিভাজনৰ মূখ্য উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজৰ একতা ভংগ কৰা।

(খ) বংগ বিভাজনৰ দ্বাৰা ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ অনুগত কৰিব বিচাৰিছিল আৰু ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিহগুটি সিচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল।

(গ) বংগ বিভাজনক ইংৰাজ বিদ্ৰোহী কংগ্ৰেছৰ চৰমপন্থী সকলক দমন কৰাৰ বাবে এপাট অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।

৩। বংগ বিভাজনবিৰোধী ‘আন্দোলনে স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

উত্তৰঃ  ১৯০৩ চনৰ ৬ ডিচেম্বৰত বংগভংগৰ প্ৰস্তাৱ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত বংগভংগৰ পৰিকল্পনা চৰকাৰীভাৱে গ্ৰহণ কৰা লৈকে বংগৰ বিভিন্ন অঞ্চল প্ৰতিবাদী সভাৰ জৰিয়তে জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে সংগ্ৰামৰ জোঁৱাৰ তুলিছিল। বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত হৈছিল।

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ লৰ্ড কাৰ্জনে কৰা বংগ ভংগৰ বিৰুদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনত বংগৰ ছাত্ৰ সমাজে অংশগ্ৰহণ কৰি আগুৱাই নিছিল। এই ছাত্ৰ সমাজক আন্দোলনৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যে বংগ চৰকাৰৰ মুখ্য সচিব কাৰ্লাইলে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছিল যদিও ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হোৱা নাছিল। এই ছাত্ৰসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জাতীয়তাবাদী নেতাসকলে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰচেষ্টাত ১৯০৫ চনৰ ৬ আগষ্টত  বংগ জাতীয় বিদ্যালয় নামৰ প্ৰথমখন জাতীয় শিক্ষানুষ্ঠান গঠন হয়। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপিত হয়। ১৯০৬ চনৰ ১১ মাৰ্চৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠান জাতীয় শিক্ষা পৰিষদ স্থাপিত হয়। পৰবৰ্তী পৰ্যায়ত বংগ দেশত বহুকেইখন প্ৰাথমিক শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপিত হয়।

৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনীতি তথা উদ্যোগ খণ্ডলৈ স্বদেশী আন্দোলনৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বিদেশী বস্তু বয়কট আন্দোলনৰ কাৰ্যসূচী হিচাপে গ্ৰহণ কৰাৰে পৰা বংগদেশৰ বিভিন্ন ঠাইত কুটীৰ শিল্প উদ্যোগৰ লগতে ডাঙৰ শিল্প উদ্যোগ গঢ় লৈ উঠিছিল। সূতা কটা কল, তাঁতশাল উদ্যোগ জুইশলা উদ্যোগ আদি কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগে লগে জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানীবোৰ গঢ়ি উঠিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্বদেশী ভাণ্ডাৰ, সৰলা দেৱীয়ে লক্ষীৰ ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল, প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ আৰু জামেছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল। এনেদৰে এই বিখ্যাত আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি তুলিছিল।

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কার্যসূচী গ্রহণ কৰিছিল? 

উত্তৰঃ লৰ্ড কাৰ্জনে কৰা বংগ ভংগৰ বিৰোদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনক দমন কৰাৰ উদ্দেশ্যে ইংৰাজ চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল। তেঁওলোকে কংগ্ৰেছৰ উদাৰপন্থী নেতা সকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেঁওলোকক বিভিন্ন উপাধি, পদ আৰু পদক প্ৰদান কৰিছিল। তেঁওলোকে কাৰোবাক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, সংসদৰ সদস্যৰ পদ আদি যাচি বংগ ভংগৰ পৰিকল্পনাত তেঁওলোকৰ সমৰ্থন আশা কৰিছিল। কিন্তু এইবোৰে স্বদেশী আন্দোলনৰ স্থিতি দুৰ্বল কৰিব পৰা নাছিল। বহুকেইগৰাকী কংগ্ৰেছী নেতাই ইংৰাজে আগবঢ়োৱা উপাধী, পদক আদি বৰ্জন কৰিছিল।

৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল-

(ক)  জাতীয় সাহিত্যৰ বিকাশ:- বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভ হোৱা স্বদেশী আন্দোলনে জাতীয় শিক্ষা সৃষ্টিক বিশেষ অৰিহনা যোগাইছিল। সেই সময়ত প্ৰকাশিত বহু কেইখন আলোচনী যেনে- বেংগলী, যোগান্তৰ আদিৰ লগতে বহুকেইখন নাটক যেনে ছিৰাজউদ্দৌলা, মিৰকাচিম আদিয়ে জাতীয়তাবাদ আৰু দেশভক্তিৰ উদ্যোম জাগ্ৰত কৰাত সহায় কৰিছিল।

(খ) জাতীয় শিক্ষাৰ বিকাশ:- স্বদেশী আন্দোলনে জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগাইছিল। জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যে বংগৰ জাতীয়তাবাদী নেতাসকলে বংগৰ বিভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। ১৯০৫ চনৰ ৬ আগষ্টত ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো স্থাপন কৰে। পৰবৰ্তী পৰ্যায়ত বহুকেইখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপিত হৈছিল।

(গ) স্বদেশী আন্দোলনে মহিলালৈ আগবঢ়োৱা অৱদান:- স্বদেশী আন্দোলনে বংগদেশৰ মহিলা সকলক আন্দোলনৰ লগত জড়িত হোৱাৰ প্ৰৱনতা গঢ়ি তুলিছিল। ভাৰতীয় মহিলাসকলক ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই আনি নিজৰ নিজৰ প্ৰতিভা বিকাশত সহায় কৰিছিল। বংগদেশৰ নাৰীৰ সাহসীকতা দেখি বিট্ৰিছ চৰকাৰ স্তম্ভিত হৈছিল।

৮।  স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।

উত্তৰঃ  স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ’ল-

(ক)    স্বদেশী অন্দোলনে ভাৰতবাসীৰ গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ সকলো জনসাধাৰণে যে আন্দোলনত যোগদান কৰিলে সফলতা লাভ কৰিব পাৰি সেইকথা তেঁওলোকে স্বদেশী আন্দোলনৰ পৰা আয়ত্ব কৰিছিল।

(খ)     ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিৱেদনৰ মাজেৰে সহনশীল চিন্তা ৰাখি ইংৰাজৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। কিন্তু বংগবিভাজনে তেঁওলোকৰ এই চিন্তাৰ পৰিবৰ্তন কৰিছিল।

(গ)     স্বদেশী আন্দোলনৰ দ্বাৰা ভাৰতীয় সকলে পোনপ্ৰথমবাৰৰ বাবে ইংৰাজৰ ওচৰত স্বৰাজ দাবী কৰিছিল।

(ঘ)     স্বদেশী আন্দোলনৰ দ্বাৰা ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱৰ সূচনা হৈছিল।


Class 10 Social Science All Question Answer- Click Here


Class 10 Social Science ( History) Chapter 1 বংগবিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment