Assam Board Exam

Class 10 History Chapter 3 অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Class 10 History Chapter 3 অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ– সমাধান in Assamese Medium|| All Question Answer

Class 10 History Chapter 3

Class 10 Social Science ( History) Chapter 3 অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

ইতিহাস খণ্ড

অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ


অতি চমু উত্তৰৰ প্রশ্ন :

১। ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰঃ ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত টকাৰ মাধ্যমত ৰাজহ সংগ্ৰহ কৰিছিল।

২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?

উত্তৰঃ  ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল। 

৩। কেঞাসকল কোন আছিল? 

উত্তৰঃ কেঞাসকল হৈছে বহিৰাগত মাৰোৱাৰি সম্প্ৰদায়ৰ লোক যিয়ে অসমীয়া প্ৰজাক সুতৰ বিনিময়ত ধন ধাৰলৈ দি জীৱিকা নির্বাহ কৰিছিল। 

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব  মণিৰাম দেৱানে দিছিল। 

৫। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কন্দৰপেশ্বৰ সিংহক আহোম ৰাজকোঁৱৰক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল।

৬। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল

উত্তৰঃ মণিৰাম দেৱানক মধু মল্লিক বঙালী মুক্তিয়াৰে সহায় কৰিছিল।

৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাচীকাঠত ওলমিব লগা হৈছিল

উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাচীকাঠত ওলমিব লগা হৈছিল।

৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?

উত্তৰঃ  কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। 

৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা গুৰুত্বপূর্ণ কাৰণ আছিল-

প্ৰথমতেই অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল।

দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্রস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল।

১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল

উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ।

১১। ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা  কাৰণ লিখা।

উত্তৰঃ ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা প্ৰধান কাৰণ হ’ল-

 (ক) ব্রিটিছ চৰকাৰৰ অত্যাধিক পৰিমাণে ৰাজহ সংগ্ৰহ।

 (খ)ব্রিটিছ চৰকাৰে কৃষি তথা কৃষকৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা নোলোৱা।

১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল

উত্তৰঃ লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল।

১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল।

১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল

উত্তৰঃ ৰঙিয়াৰ কৃষক বিদ্রোহ ১৮৯৩ চনত সংঘটিত হৈছিল। 

১৫। লচিমা অৱস্থিত

উত্তৰঃ অসমৰ উত্তৰ কামৰূপৰ বজালীৰ সৰুক্ষেত্ৰী মৌজাত লচিমা অৱস্থিত।

১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ লচিমাৰ কৃষক বিদ্রোহ ১৮৯৪ চনত সংঘটিত হৈছিল ।

১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল?

উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্রোহ ১৮৯৪ চনত  হৈছিল ।

১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল

উত্তৰঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব   ওকিয়াং নবায়ে  দিছিল ।

১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰঃ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব সম্বোধন কছাৰী দিছিল।

২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল

উত্তৰঃ টিকেন্দ্রজিতক ব্রিটিছসকলে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল ।

২১। জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল ?

উত্তৰঃ জে ডব্লিউ কুইন্টনক ১৮৯১ চনত হত্যা কৰিছিল ।

দীঘল উত্তৰৰ প্রশ্ন

১। ১৮৫৭৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলোচনা কৰা  

উত্তৰ: গোমধৰ কোঁৱৰ, পিয়লি ফুকনৰ বিদ্ৰোহৰ পিছত ১৮৫৮ চনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কাৰণত বিদ্ৰোহৰ যোঁ- জা চলিছিল। বিদ্ৰোহৰ কাৰণ সমূহ হ’ল –

(ক)  ১৮৫৮ চনৰ বিদ্রোহৰ মূল কাৰণ আছিল ইংৰাজে প্রবর্তন কৰা মুদ্রা অর্থনীতি। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্রেণীৰ জন্ম দিছিল। এই শ্রেণীটোৰ পৰা টকা সুদত লৈ কৃষক শ্রেণীটোয়ে ইংৰাজক খাজনা জমা দিছিল। এটা সময়ত কৃষকে সুতে-মূলে পৰিশোধ কৰিব নোৱাৰা অৱস্থাত পৰিণত হৈছিল আৰু নিজৰ সকলো সম্পত্তি জমীদাৰক এৰি দিবলৈ বাধ্য হৈছিল।

(খ) ব্রিটিছ চৰকাৰে অসমৰ কৃষি ব্যৱস্থাৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল। যাৰ ফলত বতৰ প্রতিকুল হ’লে অসমীয়া লোকসকল দুর্ভীক্ষৰ কবলত পৰিছিল।

(গ) উনবিংশ শতিকাত ইংৰাজে অসমত চাহ বাগিছা স্থাপন কৰিছিল আৰু এই চাহ খেতিয়ক সকলক চাহ বাগিছাৰ অন্তৰ্গত ভূমিৰ খাজনা ৰেহাই দিছিল। কিন্তু এই খাজনাৰ বোজা বহন কৰিবলগীয়া হৈছিল সাধাৰণ কৃষকে।

(ঘ)  ইংৰাজে ইংলেণ্ডত উৎপাদিত সামগ্রী সমগ্ৰ ভাৰতবর্ষৰ লগতে অসমতো প্রচলন কৰাত অসমৰ কুটীৰ শিল্পৰ অৱনতি ঘটিছিল। যাৰ ফলত এই শিল্পৰ লগত জড়িত লোকসকলে বিভিন্ন সমস্যাৰ সম্মুখীন হৈছিল।

(ঙ) সাধাৰণ শ্রেণীৰ লোকৰ লগতে অভিজাত শ্রেণীৰ লোকসকলৰ ব্ৰিটিছৰ অধীনত অৱস্থা বেয়াৰ পিনে গতি কৰিছিল। আহোমৰ সময়ত ৰজাৰ লগত জড়িত থকা মন্ত্রী বিষয়াসকলে নিজৰ কর্মসংস্থাপন হেৰুৱাইছিল।

(চ) ১৮৪৩ চনত ইংৰাজে দাস প্রথা নিসিদ্ধ কৰাৰ ফলত অসমত ব্রাহ্মণ, পুৰহিত, অভিজাত শ্রেণীৰ লোকসকলে নিজৰ ঘৰৰ দাস-দাসীসকলক মুক্তি কৰি দিবলৈ বাধ্য হৈছিল।

(ছ) ইংৰাজ চৰকাৰে দাসপ্রথা নিষিদ্ধ কৰি এইলোকসকলক মুক্ত কৰিছিল যদিও তেওঁলোকৰ আর্থিক সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাছিল। যাৰ ফলত এই শ্রেণীৰ লোকসকল ইংৰাজৰ প্রতি অসন্তুষ্ট হৈছিল |

২। অসমত ১৮৫৭৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ১৮৫৭-৫৮ চনৰ চিপাহী বিদ্ৰোহ ভাৰতৰ বুৰঞ্জীৰ এটা উল্লেখযোগ্য বছৰ। অসমত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ বিৰোধী নাছিল। বৰং ১৮২৮ চনত ব্রিটিছে তেখেতক চিৰস্তাদাৰ হিচাপে যোৰহাটত নিযুক্তি দিয়ে। ইয়াৰ পিছত পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্রিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। মণিৰাম দেৱানে এই পদবীৰপৰা ইস্তফা দি অসম টি কোম্পানীত যোগদান কৰে। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰাও ইস্তাফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰপৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে। তদুপৰি তেওঁ পৰিয়ালে পুৰুষানুক্রমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰপৰা বঞ্চিত কৰিছিল। ইয়াৰ ফলত তেওঁ পদবীবিহীন, ধন, মান-সম্মানবিহীন এক সাধাৰণ প্ৰজালৈ অবনতি ঘটিছিল। 

এনেবোৰ কাৰণতে তেওঁ ইংৰাজ বিদ্ৰোহী হৈ উঠিছিল আৰু আহোম ৰাজকোঁৱৰ কামেশ্বৰ সিংহৰ  পুত্র কন্দর্পেশ্বৰ সিংহক ৰাজসিংহাসনত বহুৱাবলৈ চেষ্টা চলাইছিল। ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট্ মিলচে অসমৰ প্রশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে দুখন আর্জি পেচ কৰিছিল। এখনত তেখেতে ব্রিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্রতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। আনখন আৰ্জিত আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক পুনৰ আহোম ৰাজ সিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুর্দশাৰ বিষয়ে অৱগত কৰিছিল। কিন্তু ইংৰাজে মণিৰাম দেৱানক এজন চক্রান্তকাৰী হিচাপেহে অভিহিত কৰিছিল।

সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল। মণিৰাম দেৱানে এই বিদ্ৰোহ অসমতো আৰম্ভ কৰাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰপৰা কিছু গোপন পত্র যোৰহাটত থকা কন্দপেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্রেৰণ কৰিছিল। সেই পত্রসমূহত তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুর্গা পূজাৰ সময়ত মণিৰাম দেৱানে অস্ত্র-শস্ত্র সহিতে উজনি অসমলৈ আহি বিদ্রোহত যোগ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু দুর্ভাগ্যক্রমে এই সকলো গোপন ষড়যন্ত্র উল্লেখ থকা পত্র কেইবাখনো শিৱসাগৰ জিলাৰ বিষয়া কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় আৰু মণিৰাম দেৱানক লগে লগে কলিকতাত গ্রেপ্তাৰ কৰা হয়। যোৰহাট আৰু শিৱসাগৰত তেওঁক সহযোগ কৰা পিয়লি বৰুৱা, কন্দর্পেশ্বৰ সিংহকে আদি কৰি অন্যান্যক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট কাৰাগাৰত ৰখা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমায়। এনেদৰে ১৮৫৭ চনৰ বিদ্ৰোহ অসমত আৰম্ভ নহওঁতেই বিফল হয়।

৩। কি কি কাৰণত অসমত ১৮৫৭৫৮ চনৰ বিদ্রোহ ব্যর্থ হৈছিল আলোচনা কৰা।

উত্তৰঃ ১৮৫৭-৫৮ চনৰ অসমত মণিৰাম দেৱানে বিদ্ৰোহ আৰম্ভ কৰিছিল যদিও এই বিদ্ৰোহ আৰম্ভ নহওঁতেই বিফল হৈছিল। এই বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আছিল এনেধৰণৰ –

প্ৰথমতেই অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল।

দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্রস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল।

তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহস্থলীৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰিছিল। প্রশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্রয়োজনীয় দক্ষতা দেৱানৰ নাছিল।

চতুৰ্থতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্রোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্রচেষ্টা হাতত লোৱা নাছিল। যাৰ ফলত অসমৰ সৰহ সংখ্যক লোকেই বিদ্ৰোহৰ প্ৰতি কোনো সমর্থন বা সহানুভূতি প্রদর্শন কৰা নাছিল।

পঞ্চমতে, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যর্থ হৈছিল।

ষষ্ঠতে, অসমৰ বিদ্রোহীসকলে প্রয়োজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যোগান পোৱা নাছিল।

শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্রান্তৰ দৰে অসমতো ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্রোহত অংশ লোৱা নাছিল।

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ  ১৮৫৭ চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল। তথাপিও এই বিদ্ৰোহৰ গুৰুত্ব আছিল অপৰিসীম-

(ক) ১৮৫৭ চনৰ বিদ্ৰোহে অসমক প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত কৰিছিল।

(খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।

(গ) অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।

(ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ ব্ৰিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীবিকা নির্বাহ কৰিছিল। ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত  আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্র তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে। তদুপৰি তামোল-পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰচাৰ কৰা হৈছিল।

আফুখেতি বন্ধ কৰাৰ প্ৰতিবাদত প্রায় ১৫০০ কৃষকে ১৮৬১ চনত ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰা নির্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তৰ জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।

সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেন্ট হার্বার্ট স্কন্স। তেওঁ ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাটো বাদেই, তেওঁলোকক বেয়া ব্যৱহাৰহে কৰিলে। ক্ষোভিত ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা পাঁচদিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। ৰাইজৰ সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। ১৮ অক্টোবৰ তাৰিখে মেলত প্রায় চাৰি হেজাৰ ৰাইজ সমবেত হৈছিল। উপায়ুক্ত হার্বার্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেন্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে।  ছিংগাৰে ৰাইজক বুজনি দিয়াৰ পৰিবৰ্তে যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়ে। লাঠীব বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাৰক আক্ৰমণ কৰাত থিতারে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগার লগত যোৱা পুলিচ বাহিনী ভয়তে পলাই পত্রং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতা ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়।

এই ঘটনাৰ পিছত বহুতো কৃষকক কর্তৃপক্ষই লেফটেনেণ্ট ছিংগাৰৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলা মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীর্ঘ সময়ৰ বাবে কলিয়াপানী লৈ প্ৰেৰণ কৰা হয়।

৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ ফুলগুৰি কৃষক বিদ্ৰোহৰ পিছটো ব্ৰিটিছ চৰকাৰে অসমীয়া জনসাধাৰণৰ অৱস্থাৰ উন্নতিৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উত্তৰ কামৰূপৰ বিভিন্ন ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।  ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ  ৰঙিয়াত কৃষক বিদ্রোহৰ আৰস্তুণি হয়। ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ-পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক বিভিন্ন অপমান কৰি মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল।  ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষক সকলে ৰাইজমেল অনুষ্ঠিত কৰিছিল আৰু  পুলিচে ১৫জন কৃষকক এই ৰাইজমেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ৰঙিয়া থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন মৌজাৰ পৰা আহি গোট খাইছিল। উপাযুক্ত মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছতো তেওঁলোক সেই স্থানৰপৰা আঁতৰা নাছিল।  উপায়ুক্তই  খাজনাৰ হাৰ কমাব বুলি আশা কৰাৰ লগতে  সহকৰ্মীসকলক মোকলাই দিয়াৰো দাবী কৰিছিল। কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে, উপাযুক্ত মেক কেবে  আৰক্ষীক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হয়। মেক কেবেই এখন জাননীযোগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰে। একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰপৰাই নেতৃত্ব স্থানীয় লোকক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ খাজনা জমা দিয়াবলৈ মান্তি কৰোৱাৰ বাবেও তেওঁলোকক ব্যৱহাৰ কৰিছিল।

ব্ৰিটিছ প্রশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো নলবাৰী , বজালী ,বৰমা আদি ঠাইত ৰাইজমেল ৰ লগতে কৃষক বিদ্রোহ স্ংঘটিত হৈছিল। বৰমাৰ ৰাইজমেল বৰ শক্তিশালী আছিল আৰু তাত ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগৰ সুবিধাৰ অর্থে ডাক-পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যবস্থাও গঢ়ি তুলিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্পা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰে। কিন্তু প্রায় ৩০০০ মান লোকে শিবিৰ ঘেৰাও কৰাত তেওঁ আটক কৰা বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক কেবে ৩০জনমান পুলিচ আৰু গোর্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯জন বিদ্রোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল।  তেওঁলোকক মুকলি কৰি দিবলৈ প্রায় ৬০০০ লোকে স্বাক্ষৰ কৰি আবেদন দাখিল কৰিছিল। কিন্তু উপায়ুক্তই কোনো সঁহাৰি নজনায় আৰু শক্তি প্ৰয়োগ কৰি খেদি পঠিয়ায়। গোঁসাই দলৈ আৰু কেইবাজনো মুখিয়ালক চৰকাৰে আটক কৰি কঠোৰ শাস্তি দিছিল। এনেদৰে উনবিংশ শতিকাত সংঘটিত হোৱা সকলোবোৰ কৃষক বিদ্ৰোহ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

৭। ১৮৯৪ চনত পথৰুঘাটত সংগটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ানদাঙি ধৰা

উত্তৰঃ উত্তৰ কামৰূপৰ কৃষক বিদ্রোহৰ সময়তে দৰং জিলাৰ অন্তৰ্গত পথৰুঘাটত কৃষক বিদ্রোহে সংঘটিত হৈছিল। ইয়াৰ ৰাইজে ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধিৰ প্ৰতিবাদ, কৰাই নহয়, খাজনা সংগ্রহতো বাধা প্রদান কৰি আহিছিল, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ “কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। সকলো কৃষকে ১৮৯৪ চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট খোৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্রস্তাবিত ৰাইজমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এণ্ডাবছনক সেই সম্পর্কে অবগত কৰিছিল। গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আব বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্রা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।

            পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। প্রায় ২০০জন লোকে সম্পত্তি বাজেয়াপ্ত  কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলৰ প্ৰায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি।

            কৃষকসকলে এইদৰে দলে-বলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলোকক তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে। উত্তেজিত কৃষকে লাঠি, দলি চপৰা আদি প্ৰয়োগ কৰি আগবাঢ়ি অহাত উপায়ুক্তই পুলিচ অধ্যক্ষক গুলি চালনা কৰিবলৈ নিৰ্দেশ দিয়ে। যাৰ ফলত বহুত কৃষকৰ মৃত্যু হৈছিল। এনেদৰে ১৮৯৪ চনত সংঘটিত হোৱা পথৰুঘাটত কৃষক বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

৮। ১৮৫০ চনত ব্রিটিছৰ বিৰুদ্ধে জয়ন্তীসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা  

উত্তৰঃ ব্ৰিটিছ শাসকৰ পোষণ নীতিৰ বিৰুদ্ধে জয়ন্তীয়া জনগোষ্ঠীৰ লোক সকলে বিদ্ৰোহ সংঘটিত কৰিছিল। ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য, ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। স্বাধীনচেতীয়া জয়ন্তীয়া জনজাতিসকলে নিজৰ ৰাজ্য ইংৰাজৰ হাতলৈ যোৱাত  অসন্তুষ্ট হৈ পৰিছিল। মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ আদি সংগ্ৰহ কৰা কাৰ্যত নিষেধাজ্ঞা জাৰি কৰি ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পর্ব তথা সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বৰেপৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীনচেতীয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তুলিছিল। এই পৰিস্থিতিত তেওঁলোকে চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁৱৰ সভাত মিলিত হৈছিল আৰু ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি পর্ব চলাইছিল।

ব্ৰিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰ জনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদি অঞ্চলতো বিদ্ৰোহৰ আৰম্ভণি হয়। ব্ৰিটিছ প্রশাসনে কঠোৰ নীতি গ্রহণ কৰাত ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে। ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জয়ন্তীয়া সকলে জোৱাইত থকা ব্রিটিছ ছাউনীত অতর্কিতে আক্রমণ কৰে। বিদ্রোহীসকলে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথেই আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল। ব্ৰিটিছ চৰকাৰে নিয়োগ কৰা পুলিচ বাহিনীৰ লোকে আন্দোলনকাৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল। সেই সময়তে জেনেৰেল জি ডি শ্বাৱাৰছক সমগ্র জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কর্তৃত্ব প্ৰদান কৰাৰ লগতে বি ডব্লিউ মর্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটী কমিছনাৰ নিয়োগ কৰিছিল। নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত জয়ন্তীয়া বিদ্রোহীসকলবো শক্তি ক্রমান্বয়ে দুৰ্বল হৈ পৰে আৰু শেষত আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল। মূল নেতা উকিয়াং নবা ব্ৰিটিছৰ হাতৰ পৰা পলাইছিল যদিও শেষত ব্ৰিটিছৰ হাতত ধৰা পৰি তেঁওক ফাঁচি দিয়া হয়।

৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্রিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা

উত্তৰঃ ১৮৯০ চনত মণিপুৰৰ ৰাজপৰিয়ালৰ মাজত হোৱা গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ  চীফ কমিছনাৰে তেঁওলোকৰ শাসনত অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে কুলচন্দ্ৰকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্রিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কূলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু জনপ্রিয় নেতা টিকেন্দ্রজিতক  দেশান্তৰিত কৰাটো সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। আৰু টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়। ৰজা কুলচন্দ্রক নির্বাসন দণ্ড দিয়া হয় আৰু নাবালক চুড়চন্দ্ৰক ৰজা ঘোষণা কৰা হয়।

চমু টোকা লিখা

১। অসমত ইংৰাজে প্রৱর্তন কৰা ৰাজহ ব্যৱস্থা

উত্তৰঃ  ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ প্ৰশাসনিক দায়িত্ব সম্পূৰ্ণ ৰূপে ব্রিটিছ সাম্রাজ্যৰ অধীনলৈ যায়। ব্ৰিটিছ সকলে অসমীয়া জনজাতি সকলৰ পৰা অধিক কৰ কাটাল সংগ্ৰহ কৰিছিল।তেঁওলোকে অসমীয়া কৃষকৰ কৃষিৰ উন্নীতকৰণ বা কৃষকৰ দৰিদ্রতা দূৰীকৰণৰ পৰিৱৰ্তে ৰাজহ সংগ্ৰহৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। আহোম যুগত দ্ৰব্যৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা  হৈছিল, কিন্তু ব্রিটিছে মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ব্যৱস্থাৰ প্রৱর্তন কৰিছিল ।

এই ব্যৱস্থাৰ বাবে কৃষকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল, কিয়নো কৰ পৰিশোধ কৰিবৰ বাবে তেওঁলোকৰ হাতত নগদ ধন নাছিল যাৰ ফলত কৃষকসকলে সুদখোৰ মাৰোৱাৰী মহাজনৰ পৰা ধন ধাৰত ল’বলৈ বাধ্য হৈছিল। এই মহাজন শ্রেণীটোৱে অত্যাধিক সুতৰ হাৰ দাবী কৰাৰ পৰিণতিত তেওঁলোকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল। এনেদৰে ব্রিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতি আৰু মুদ্রা অর্থনীতিয়ে জনসাধাৰণৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰিণতিত পৰৱৰ্তী সময়ছোৱাত ভালেমান বিদ্রোহ সংঘটিত হৈছিল ।

২। মণিৰাম দেৱান

উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়া লোকজনেই আছিল মণিৰাম দেৱান। আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ বিৰোধী নাছিল। বৰং ১৮২৮ চনত ব্রিটিছে তেখেতক চিৰস্তাদাৰ হিচাপে যোৰহাটত নিযুক্তি দিয়ে। ইয়াৰ পিছত পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্রিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। মণিৰাম দেৱানে এই পদবীৰপৰা ইস্তফা দি অসম টি কোম্পানীত যোগদান কৰে। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰাও ইস্তাফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰপৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে। তদুপৰি তেওঁ পৰিয়ালে পুৰুষানুক্রমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰপৰা বঞ্চিত কৰিছিল। ইয়াৰ ফলত পদবীবিহীন, ধন, মান-সম্মানবিহীন এক সাধাৰণ প্ৰজালৈ অবনতি ঘটিছিল। 

এনেবোৰ কাৰণতে তেওঁ ইংৰাজ বিদ্ৰোহী হৈ উঠিছিল আৰু আহোম ৰাজকোঁৱৰ কামেশ্বৰ সিংহৰ  পুত্র কন্দর্পেশ্বৰ সিংহক ৰাজসিংহাসনত বহুৱাবলৈ চেষ্টা চলাইছিল। ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট্ মিলচে অসমৰ প্রশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে দুখন আর্জি পেচ কৰিছিল। এখনত তেখেতে ব্রিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্রতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। আনখন আৰ্জিত আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক পুনৰ আহোম ৰাজ সিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুর্দশাৰ বিষয়ে অৱগত কৰিছিল। কিন্তু ইংৰাজে মণিৰাম দেৱানক এজন চক্রান্তকাৰী হিচাপেহে অভিহিত কৰিছিল।

সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল। মণিৰাম দেৱানে এই বিদ্ৰোহ অসমতো আৰম্ভ কৰাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰপৰা কিছু গোপন পত্র যোৰহাটত থকা কন্দপেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্রেৰণ কৰিছিল। সেই পত্রসমূহত তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুর্গা পূজাৰ সময়ত মণিৰাম দেৱানে অস্ত্র-শস্ত্র সহিতে উজনি অসমলৈ আহি বিদ্রোহত যোগ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু দুর্ভাগ্যক্রমে এই সকলো গোপন ষড়যন্ত্র উল্লেখ থকা পত্র কেইবাখনো শিৱসাগৰ জিলাৰ বিষয়া কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় আৰু মণিৰাম দেৱানক লগে লগে কলিকতাত গ্রেপ্তাৰ কৰা হয়। যোৰহাট আৰু শিৱসাগৰত তেওঁক সহযোগ কৰা পিয়লি বৰুৱা, কন্দর্পেশ্বৰ সিংহকে আদি কৰি অন্যান্যক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট কাৰাগাৰত ৰখা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমায়। এনেদৰে ১৮৫৭ চনৰ বিদ্ৰোহ অসমত আৰম্ভ নহওঁতেই বিফল হয়।

৩। ফুলগুৰি ধাৱা

উত্তৰঃ ব্ৰিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীবিকা নির্বাহ কৰিছিল। ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত  আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্র তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে। তদুপৰি তামোল-পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰচাৰ কৰা হৈছিল।

আফুখেতি বন্ধ কৰাৰ প্ৰতিবাদত প্রায় ১৫০০ কৃষকে ১৮৬১ চনত ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰা নির্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তৰ জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।

সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেন্ট হার্বার্ট স্কন্স। তেওঁ ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাটো বাদেই, তেওঁলোকক বেয়া ব্যৱহাৰহে কৰিলে। ক্ষোভিত ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা পাঁচদিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। ৰাইজৰ সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। ১৮ অক্টোবৰ তাৰিখে মেলত প্রায় চাৰি হেজাৰ ৰাইজ সমবেত হৈছিল। উপায়ুক্ত হার্বার্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেন্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে।  ছিংগাৰে ৰাইজক বুজনি দিয়াৰ পৰিবৰ্তে যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়ে। লাঠীব বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাৰক আক্ৰমণ কৰাত থিতারে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগার লগত যোৱা পুলিচ বাহিনী ভয়তে পলাই পত্রং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতা ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়।

এই ঘটনাৰ পিছত বহুতো কৃষকক কর্তৃপক্ষই লেফটেনেণ্ট ছিংগাৰৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক নগাঁও জেলা মৃত্যুদণ্ডবে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীর্ঘ সময়ৰ বাবে কলিয়াপানী লৈ প্ৰেৰণ কৰা হয়।

৪। লাচিমাৰ কৃষক বিদ্রোহ

উত্তৰঃ ১৮৯৪ চনৰ ২১ জানুৱাৰীত কামৰূপ জিলাত লচিমাৰ বিদ্রোহ সংঘটিত হৈছিল। লচিমাৰ কৃষক বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল ব্রিটিছসকলে সংগ্ৰহ কৰা বর্ধিত হাৰৰ ৰাজহ। কৃষকসকলে খাজনা হ্রাস কৰিবলৈ ব্রিটিছ কর্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিল কিন্তু তেওঁলোকে এই দাবী মানি লোৱা নাছিল। ইয়াৰ ফলত অসন্তুষ্ট হৈ কৃষকসকলে বিদ্ৰোহৰ সূত্রপাত কৰে ।

১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্পা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰে। কিন্তু প্রায় ৩০০০ মান লোকে শিবিৰ ঘেৰাও কৰাত তেওঁ আটক কৰা বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক কেবে ৩০জনমান পুলিচ আৰু গোর্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯জন বিদ্রোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল।  তেওঁলোকক মুকলি কৰি দিবলৈ প্রায় ৬০০০ লোকে স্বাক্ষৰ কৰি আবেদন দাখিল কৰিছিল। কিন্তু উপায়ুক্তই কোনো সঁহাৰি নজনায় আৰু শক্তি প্ৰয়োগ কৰি খেদি পঠিয়ায়। গোঁসাই দলৈ আৰু কেইবাজনো মুখিয়ালক চৰকাৰে আটক কৰি কঠোৰ শাস্তি দিছিল। এনেদৰে লাচিমাত সংঘটিত হোৱা কৃষক বিদ্ৰোহ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

৫। পথৰুঘাটৰ ৰণ ।

উত্তৰ: কামৰূপৰ কৃষক বিদ্রোহৰ সময়তে দৰং জিলাৰ অন্তৰ্গত পথৰুঘাটত কৃষক বিদ্রোহে সংঘটিত হৈছিল। ইয়াৰ ৰাইজে ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধিৰ প্ৰতিবাদ, কৰাই নহয়, খাজনা সংগ্রহতো বাধা প্রদান কৰি আহিছিল, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ “কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। সকলো কৃষকে ১৮৯৪ চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট খোৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্রস্তাবিত ৰাইজমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এণ্ডাবছনক সেই সম্পর্কে অবগত কৰিছিল। গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আব বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্রা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।

            পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। প্রায় ২০০জন লোকে সম্পত্তি বাজেয়াপ্ত  কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলৰ প্ৰায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি।

            কৃষকসকলে এইদৰে দলে-বলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলোকক তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে। উত্তেজিত কৃষকে লাঠি, দলি চপৰা আদি প্ৰয়োগ কৰি আগবাঢ়ি অহাত উপায়ুক্তই পুলিচ অধ্যক্ষক গুলি চালনা কৰিবলৈ নিৰ্দেশ দিয়ে। যাৰ ফলত বহুত কৃষকৰ মৃত্যু হৈছিল। এনেদৰে ১৮৯৪ চনত সংঘটিত হোৱা পথৰুঘাটত কৃষক বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল।

৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব 

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল। তথাপিও এই বিদ্ৰোহৰ গুৰুত্ব আছিল অপৰিসীম-

(ক) ১৮৫৭ চনৰ বিদ্ৰোহে অসমক প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত কৰিছিল।

(খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।

(গ) অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।

(ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

৭। টিকেন্দ্রজিৎ 

উত্তৰঃ ১৮৯০ চনত মণিপুৰৰ ৰাজপৰিয়ালৰ মাজত হোৱা গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ  চীফ কমিছনাৰে তেঁওলোকৰ শাসনত অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে কুলচন্দ্ৰকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্রিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কূলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু জনপ্রিয় নেতা টিকেন্দ্রজিতক  দেশান্তৰিত কৰাটো সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। আৰু টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়। ৰজা কুলচন্দ্রক নির্বাসন দণ্ড দিয়া হয় আৰু নাবালক চুড়চন্দ্ৰক ৰজা ঘোষণা কৰা হয়।

Class 10 Social Science All Question Answer- Click Here


Class 10 Social Science ( History) Chapter 3 অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment