Assam Board Exam

Class 10 Political and Economies Chapter 1 ভাৰতীয় গণতন্ত্ৰ

Class 10 Political and Economies Chapter 1 ভাৰতীয় গণতন্ত্ৰ – সমাধান in Assamese Medium|| All Question Answer||

Class 10 Political and Economies Chapter 1

Class 10 Social Science ( Political Science and Economics) Chapter 1 – ভাৰতীয় গণতন্ত্ৰ – Complete Question Answer in Assamese Medium

অতি চমু উত্তৰৰ প্রশ্ন :

১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ?

উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্রমিক দল জয়ী হৈছিল। 

২। “ কেবিনেট মিছন ” ভাৰতলৈ কেতিয়া আহিছিল ? 

উত্তৰঃ “ কেবিনেট মিছন ” ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল।

৩। সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল ? 

উত্তৰঃ সংবিধান সভাৰ প্রথম সভাপতি ড ° সচ্চিদানন্দ সিনহা আছিল।

৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ? 

উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল- ড ° বি. আৰ. আম্বেদকাৰ।

৫। “ সমাজবাদী আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্রস্তাৱনাত সন্নিৱিষ্ট হৈছিল?

উত্তৰঃ সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল। 

৬। ইংৰাজী “ Federation ” শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ? 

উত্তৰঃ ইংৰাজী “ Federation ” শব্দটো লেটিন শব্দ “ Foedus ” ৰ পৰা আহিছে।

৭। “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ” বুলি কাক কোৱা হয়। 

উত্তৰঃ “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ” বুলি আমেৰিকা যুক্তৰাষ্ট্রক কোৱা হয়।

৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? 

উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। 

৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ? 

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।

চমু উত্তৰৰ প্রশ্ন :

১। ব্রিটিছ চৰকাৰে “ কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? 

উত্তৰঃ ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ বাবে এখন নতুন সংবিধান প্রণয়ন কৰাৰ উদ্দেশ্যৰে প্রয়োজনীয় পৰিৱেশ গঢ়ি তুলিবলৈ তথা যাবতীয় প্রস্তুতি চলাবলৈ কেবিনেট মিছনক ভাৰতলৈ প্রেৰণ কৰিছিল।

২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল?

উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যবস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখন ইংলেণ্ডৰ সংসদে প্রস্তুত কৰিছিল।

৩।  প্রস্তাবনাত “আমি ভাৰতীয় জনসাধাৰণে” বুলি কিয় উল্লেখ কৰা হৈছে?

উত্তৰ: প্রস্তাবনাত সন্নিবিষ্ট কৰা “আমি ভাৰতীয় জনসাধাৰণে” বুলি কোৱা বাক্যাংশটোৰে ইয়াকে জোৰ দি বুজাব বিচৰা হৈছে যে ভাৰতীয় সংবিধানখনৰ প্ৰকৃত ক্ষমতা ভাৰতীয় নাগৰিকসকলৰ হাততহে ন্যস্ত আছে আৰু এইখন কেৱল তেওঁলোকৰ বাবে। ভাৰতীয় জনসাধাৰণেই হ’ল ভাৰতৰ সংবিধানখনৰ ৰচনাৰ আঁৰত থকা বৃহৎ শক্তি।

8। “সার্বভৌম” মানে কি বুজা?

উত্তৰ:সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্ব্বোচ্চ ক্ষমতা। ইয়াৰ দাৰা বুজোৱা হৈছে যে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দাৰা পৰিচালিত নহয়।

৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “সমাজবাদী” আৰু “ধৰ্মনিৰপেক্ষ” শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে?

উত্তৰ: ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত হোৱা সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “সমাজবাদী” আৰু “ধর্মনিরপেক্ষ” শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল।

৬। “অর্ধ-যুক্তৰাষ্ট্ৰ”কাক বোলে?

উত্তৰ: যি শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় শাসনৰ সকলো বৈশিষ্ট্য সম্পূৰ্ণৰূপে অনুসৰণ নকৰি আংশিকভাৱেহে অনুসৰণ কৰি প্ৰয়োগ কৰা হয় তাকে অৰ্ধ-যুক্তৰাষ্ট্ৰ বোলে।

৭। কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰবৰ্তন কৰিছিল?

উত্তৰ: ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

দীঘল উত্তৰৰ প্রশ্ন :

১। ভাৰতবৰ্ষত সংবিধানৰপ্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। 

উত্তৰঃ প্রস্তাৱনাটো হৈছে ভাৰতীয় সংবিধানৰ পাতনি যিয়ে সংবিধানখনৰ লক্ষ্য, উদ্দেশ্য, আদর্শ আৰু দৰ্শন সম্পর্কে সংবিধানখনৰ আৰম্ভণিতে চমুকৈ পৰিচয় কৰি দিছে আৰু আইনগতভাবে এইবোৰ সাধন কৰিব বিচৰাৰ বিষয়ে ব্যাখ্যা কৰিছে। সেয়েহে, ইয়াক ভাৰতীয় সংবিধানৰ আত্মা, বিবেক, দুৱাৰডলি আৰু চাবি-কাঠী হিচাপে গণ্য কৰা হয়। ই সংবিধানখনৰ আভ্যন্তৰীণ উদ্যমক প্রতিফলিত কৰে। প্ৰস্তাৱনাটোৰ প্রতিটো শব্দই সংবিধানখনৰ আদৰ্শ, দৰ্শন তথা উদ্দেশ্যসমূহক বহন কৰিছে।প্রস্তাৱনাটোৰ একেবাৰে আৰম্ভণিৰ “আমি ভাৰতীয় জনসাধাৰণে” বোলা বাক্যাংশটোরে এইটো আদর্শক প্রতিফলিত কৰিছে যে সংবিধানখনৰ প্ৰকৃত কর্তৃত্ব ভাৰতীয় নাগৰিকসকলৰ ওপৰত ন্যস্ত আছে আৰু তেওঁলোকেই হৈছে সংবিধান ৰচনাৰ আঁৰত থকা প্রধান শক্তি।

তদুপৰি, প্ৰস্তাৱনাটোত এইটোও স্পষ্টকৈ কোৱা হৈছে যে ভাৰতবৰ্ষ এখন সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক আৰু প্রজাতান্ত্রিক দেশ। এই প্রতিটো শব্দই সংবিধানখনৰ আদৰ্শসমূহ প্রতিফলিত কৰিছে।

প্রস্তাৱনাটোত এইটোও উল্লেখ কৰা হৈছে যে ভাৰতত ন্যায়, স্বাধীনতা, সমতা আৰু ভ্রাতৃত্ববোধ স্থাপন কৰা হ’ব। এই শব্দকেইটাৰ জৰিয়তেও সংবিধানখনৰ আদৰ্শ আৰু উদ্দেশ্যসমূহৰ ওপৰত জোৰ দিছে। এইদৰে প্রস্তাৱনাটোৰ প্ৰতিটো শব্দত ভাৰতীয় সংবিধানখনৰ আদর্শসমূহ স্পষ্টভাবে প্রকাশ পাইছে।

২।  “সার্বভৌম”, “সমাজবাদী”, “ধর্মনিৰপেক্ষ”, “গণতান্ত্রিক ” আৰু “ গণৰাজ্য ” বুলিলে কি বুজা বহলাই লিখা। 

উত্তৰঃ উল্লেখিত শব্দ কেইটাক তলত দিয়া ধৰণে বর্ণনা কৰিব পাৰি: 

সাৰ্বভৌম:             ই হ’ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে ভাৰতবৰ্ষ বাহ্যিকভাৱে আৰু আভ্যন্তৰিণ ভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয়।

সমাজবাদী:          ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ইয়াত মানুহৰ মাজত আয়, মৰ্যদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব।

ধৰ্মনিৰপেক্ষ:       ভাৰতবৰ্ষ এখন  ধৰ্মনিৰপেক্ষ দেশ। ভাৰতত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। দেশৰ নাগৰিকে নিজৰ ঈচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ, অনুশীলন তথা প্ৰচাৰ কৰাৰ অধিকাৰ আছে।

গণতান্ত্রিক:           ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ। এখন গণতান্ত্রিক দেশ হিচাপে জনসাধাৰণৰ নিৰ্বাচিত প্রতিনিধিৰ দ্বাৰা ভাৰতবৰ্ষৰ শাসন কার্য পৰিচালিত হয়। গণতান্ত্রিক দেশ হিচাপে ইয়াৰ প্ৰতিজন নাগৰিকৰে নিৰ্বাচন প্রক্রিয়াত অংশগ্রহণ কৰাৰ আৰু ভোটদান কৰাৰ অধিকাৰ আছে।

গণৰাজ্য:              ভাৰতবৰ্ষ এখন গণৰাজ্য অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ’ব।

৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা আলোচনা কৰা৷ 

উত্তৰঃ প্রকৃততে সংবিধান সভাৰ বৈঠকতে ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত নেহৰুৱে কেইটামান উদ্দেশ্য সম্পর্কিত প্রস্তাব (objective resolution) উত্থাপন কৰিছিল। সংবিধান সভাই সেই উদ্দেশ্য সম্পর্কিত প্রস্তাৱখিনি ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে গ্রহণ কৰে।

নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ এনেধৰণৰ-

(ক) সংবিধান সভাই ভাৰতবৰ্ষক ‘স্বাধীন, সার্বভৌম, গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ।

(খ) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব।

(গ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা হ’ব।

(ঘ) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।

(ঙ) দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব।

(চ) আন্তর্জাতিক সু-সম্পর্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযোগিতা আগবঢ়াব।

(ছ) জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।

(জ) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব।

৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷ 

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্রণয়ন কৰা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। কিন্তু স্বাধীনতাৰ পিছত সংবিধান প্ৰণেতা সকলে সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ পৰিবৰ্তে আংশিক ভাৱেহে ভাৰতীয় শাসনত প্ৰযোগ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষৰ অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যোৱাৰ অধিকাৰ নাই। অন্য যুক্তৰাষ্ট্ৰত থকাৰ দৰে আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু সেইখন হ’ল ‘ভাৰতীয় সংবিধান’। অন্য যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী।যদিও সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে তথাপি সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্রীভূত হৈ থাকে। আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত ‘দ্বৈত নাগৰিকত্ব’ ৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ’ব নোৱাৰে। ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ’ল ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ’ ।

৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। 

উত্তৰঃ ভাৰতীয় সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষৰ পৰিৱেশ তথা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰতক বিশ্বৰ ভিতৰত এখন সুকীয়া সংসদীয় গণতান্ত্রিক দেশ হিচাপে প্রতিষ্ঠা কৰিবলৈ ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা কৰিছিল। ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হৈছেঃ 

(ক) ভাৰতৰ সংসদীয় ব্যৱস্থাটো বা সংসদ দুখন সদনেৰে গঠিত।এই সদন দুখন হৈছে লোকসভা আৰু ৰাজ্যসভা। 

(খ) ভাৰতৰ ৰাষ্ট্রপতিজন ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। 

(গ) ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ জন প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু ই জনগণৰ ওচৰত দায়বদ্ধ।

(ঘ) ৰাষ্ট্ৰৰ মুৰব্বীজন হৈছে ইয়াত জনগণৰ দ্বাৰা নির্বাচিত প্রতিনিধি।


Class 10 Social Science All Question Answer- Click Here


Class 10 Social Science ( Political Science and Economics) Chapter 1 – ভাৰতীয় গণতন্ত্ৰ – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment