Assam Board Exam

পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | Class 10 Science Chapter 10 Question Answer | SEBA

Complete question-answer guide for Class 10 Science Chapter 10, ‘পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | Class 10 Science Chapter 10 Question Answer | SEBA,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

📘 Chapter Overview

  • 📖 Chapter Name: পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ
  • 🧪 Subject: Science (বিজ্ঞান)
  • 🏫 Class: 10
  • 📚 Medium: Assamese
  • 🏛️ Board: SEBA / SCERT Assam
  • 📅 Academic Year: 2025

🧠 পাঠৰ সংক্ষিপ্তসাৰ

এই অধ্যায়টোত আলোচন কৰা হৈছে পোহৰৰ গুণ, তাৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ঘটনা, আয়না আৰু লেন্সৰ ব্যৱহাৰ, সত্য প্ৰতিবিম্ব আৰু বাস্তৱ প্ৰতিবিম্বৰ মাজৰ পাৰ্থক্য, লগতে মানৱ চকুৰ গঠন আৰু ত্ৰুটি সমাধান।

এই পাঠখনে শিক্ষাৰ্থীসকলক পোহৰৰ বৈজ্ঞানিক দৃষ্টিকোণৰ গভীৰ বুজ দিয়াৰ লগতে বাস্তৱ জীৱনত তাৰ প্ৰয়োগো বুজাবলৈ সহায় কৰে।


✅ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ – Class 10 Science Chapter 10

Class 10 Science Chapter 10 in Assamese Medium | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ – Complete Question Answer in Assamese Medium

প্ৰশ্নাৱলীঃ (Page 168)

1. অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।

উত্তৰঃ- অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপতিত পোহৰ ৰশ্মি দাপোনখনৰ পৰা প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত লগ লাগিছে বা কটাকটি কৰিছে, সেই বিন্দুকে অৱতল দাপোনৰ মুখ্য ফ’কাছ বোলে।


2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ দিয়া আছে ,

ভাজ ব্যাসাৰ্ধ (R)=20cm

ফ’কাছ দৈৰ্ঘ্য (f)=?

আমি জানো যে,

⇒f=R/2

⇒f=20/2

⇒f=10cm

⸫ নিৰ্ণেয় ফ’কাছ দৈৰ্ঘ্য (f)=10cm


3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃ অৱতল দাপোন।


4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়?

উত্তৰঃ উত্তল দাপোণে সদায় সৰুকৈ হ’লেও থিয় প্ৰতিবিম্ব গঠন কৰে আৰু ই বহল দৃষ্টিক্ষেত্ৰ প্ৰদান কৰে, সেয়ে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন পছন্দ কৰা হয়।


প্ৰশ্নাৱলীঃ (Page: 171)

1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

উত্তৰঃ দিয়া আছে,

ভাঁজ ব্যাসাৰ্ধ (R)= 32cm

ফ’কাছ দৈৰ্ঘ্য (f)=?

আমি জানো যে,

⇒f= R/2

⇒f= 32/2

⇒f= 16cm

নিৰ্ণেয় ফ’কাছ দৈৰ্ঘ্য (f)= 16cm


2. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি ?

উত্তৰঃ দিয়া আছে ,

লক্ষ্যবস্তুৰ দূৰত্ব (u)=−10cm

বিৱৰ্ধন (m)=−3 (সৎ প্ৰতিবিম্ব)

প্ৰতিবিম্বৰ দূৰত্ব (v)=?

আমি জানো যে,

Class 10 Science Chapter 10 2c

⸫ প্ৰতিবিম্ব দাপোণৰ সন্মুখত 30cm আঁতৰত গঠিত হ’ব


প্ৰশ্নাৱলীঃ (Page: 176)

1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব কিয়? 

Ans. পোহৰ ৰশ্মি অভিলম্বৰ কাষলৈ বেঁকা হব কাৰণ, পোহৰ ৰশ্মিয়ে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলে অভিলম্বৰ ফালে আহে। ইয়াত পানী হ’ল ঘন মাধ্যম আৰু বায়ু হ’ল লঘুমাধ্যম।


2. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ সঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3×108 m প্ৰতি চেকেণ্ড।

উত্তৰঃ দিয়া আছে,

শূন্যত পোহৰৰ বেগ (c)= 3×108m/s

কাঁচৰ প্ৰতিসৰণাংক (ng)= 1.5

⸫ কাঁচত পোহৰৰ দ্ৰুতি =

Class 10 Science Chapter 10 2a

3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

উত্তৰঃ সৰ্বোচ্চ আলোকী ঘনত্বঃ হীৰা  = 2.42

আটাইতকৈ কম আলোকী ঘনত্বঃ বায়ু  = 1.0003


4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ? তালিকা- 10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

উত্তৰঃ কেৰাচিনৰ প্ৰতিসৰণাংক = 1.44

টাৰপেনটাইনৰ প্ৰতিসৰণাংক = 1.47

পানীৰ প্ৰতিসৰণাংক = 1.33

আমি জানো যে, কম প্ৰতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ বেগ বেছি হয়। গতিকে, পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ।


5. হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি ?

উত্তৰঃ হীৰাৰ প্ৰতিসৰণাংক 2.42 , অৰ্থাৎ হীৰাত পোহৰৰ বেগ বায়ুত পোহৰৰ বেগৰ তুলনাত 2.42 গুণ কম।


প্ৰশ্নাৱলীঃ (Page: 184)

1. লেন্‌ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্য বিশিষ্ট লেন্‌ছ এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ (D) বোলা হয়। 


2. উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত ক’ত ৰখা হৈছিল? ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰঃ

প্ৰতিবিম্বৰ দূৰত্ব (v)= 50cm

লক্ষ্যবস্তুৰ দূৰত্ব (u)= −50cm

ক্ষমতা (P)= ?

আমি জানো যে,

Class 10 Science Chapter 10 Q2

গতিকে লেনছৰ ক্ষমতা (P) = +4D

⸫ লক্ষ্যবস্তুটো 0.25m সম্মুখত ৰখা হৈছিল।


3. 2 মি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নির্ণয় কৰা। 

উত্তৰঃ

অৱতল লেন্‌ছৰ ফ’কাছ দূৰত্ব (f) = -2 মি.

আমি জানো যে,

Class 10 Science Chapter 10 Q 3

গতিকে লেনছৰ ক্ষমতা (P) = – 0.5 D


1. তলত দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(a) পানী        

(b) কাঁচ        

(c) প্লাষ্টিক        

(d) মৃত্তিকা (clay)

উত্তৰঃ- (d) মৃত্তিকা (clay)।


2. অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?

(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত

(b) ভাঁজ কেন্দ্ৰত

(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

উত্তৰঃ- (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।


3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো  উত্তল লেন্ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?

(a) লেন্ছৰ মুখ্য ফ’কাছত

(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

(c) অসীমত

(d) লেন্ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত

উত্তৰঃ- (a) লেন্ছৰ মুখ্য ফ’কাছত।


4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য -15 cm । দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে?

(a) দুয়োখন অবতল

(b) দুয়োখন উত্তল

(c) দাপোণখন অৱতল লেন্ছখন উত্তল

(d) দাপোণখন উত্তল লেন্ছখন অৱতল।

উত্তৰঃ- (a) দুয়োখন অবতল।


5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?

(a) সমতল         

(b) অৱতল        

(c) উত্তল         

(d) হয় সমতল নতুবা উত্তল।

উত্তৰঃ- (d) হয় সমতল নতুবা উত্তল।


6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

(a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

(b) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ

(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

(d) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ

উত্তৰঃ- (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ।


7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত ? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব ? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা।

উত্তৰঃ লক্ষ্যবস্তুৰ পৰিসৰ 0 ছে.মি.তকৈ ডাঙৰ আৰু 50 ছে.মি.তকৈ কম হ’ব। দাপোণখনে গঠন কৰা প্ৰতিবিম্ব অসৎ, থিয় আৰু ই লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব।

ৰশ্মিচিত্ৰঃ

concave mirror

8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা
(a) গাড়ীৰ হেডলাইট

উত্তৰঃ অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ।
উত্তৰঃ উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।

(c) সৌৰ ভাঁতী।
উত্তৰঃ সৌৰ ভাঁতীত প্ৰতিফলক হিচাপে অৱতল দাপোণ ব্যৱহৃত হয়।


9. উত্তল লেন্‌ছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্‌ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা। তোমাৰ পর্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ উত্তল লেন্‌ছ এখনৰঅর্ধাংশ কলা কাগজেৰে ঢাকি দিলে বাকী অংশই এটা বস্তুৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব। কিন্তু প্রতিবিম্বৰ উজ্জ্বলতা হ্রাস পাব।


10. 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা 10 ছেমি ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 ছেমি দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নির্ণয় কৰা।

উত্তৰঃ

ফ’কাচ দূৰত্ব (f)= 10 cm

লক্ষ্যবস্তুৰ দূৰত্ব (u)= −25 cm

লক্ষ্যবস্তুৰ আকাৰ (h)=5cm

প্ৰতিবিম্বৰ দূৰত্ব (v)=?

প্ৰতিবিম্বৰ আকাৰ (h/)=?

আমি জানো যে,

Class 10 Science Chapter 10 Q 10

Convex lens

প্ৰতিবিম্বৰ দূৰত্ব 16.6 cm, প্ৰতিবিম্বৰ আকাৰ 3.3 cm, প্ৰতিবিম্বটো সৎ্, ওলোটা আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু হ’ব।


11. 15cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেনছৰ পৰা কিমান দূৰত্বত আছে ? ৰশ্মিচিত্ৰ আঁকা।

উত্তৰঃ

ইয়াত ,

ফ’কাচ দৈৰ্ঘ্য (f)=−15cm

প্ৰতিবিম্বৰ দূৰত্ব (v)=−10cm

লক্ষ্যবস্তুৰ দূৰত্ব (u)=?

আমি জানো যে,

Class 10 Science Chapter 10 Q 11

লক্ষ্যবস্তু দাপোণৰ পৰা 30 cm আঁতৰত আছে ।


12. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত,

ফ’কাছ দৈৰ্ঘ্য (f)=15 cm

লক্ষ্যবস্তুৰ দূৰত্ব (u)=−10cm

প্ৰতিবিম্বৰ দূৰত্ব (v)=?

বিৱৰ্ধন (m)=?

আমি জানো যে,

Class 10 Science Chapter 10 Q12
Class 10 Science Chapter 10 12 a

∴ প্ৰতিবিম্ব অসৎ আৰু দাপোণৰ পিছফালে 6 cm দূৰত্বত অৱস্থিত। প্ৰতিবিম্বৰ আকাৰ সৰু।


13. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি ?

উত্তৰঃ সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ হল লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান। লগতে ইহতৰ আকৃতিও সমান আৰু + চিনে অসৎ প্ৰতিবিম্ব বুজায়।


14. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত,

ভাঁজ ব্যাসাৰ্ধ (R) = 30cm

লক্ষ্যবস্তুৰ দূৰত্ব (u) = −20cm

লক্ষ্যবস্তুৰ আকাৰ (h) = 5cm

প্ৰতিবিম্বৰ দূৰত্ব (v)=?

প্ৰতিবিম্বৰ আকাৰ (h/)=?

যিহেতু,

f = R/2

⇒ f = 30/2

⇒f  = 15cm

আকৌ,

আমি জানো যে,

Class 10 Science Chapter 10 Q14

প্ৰতিবিম্ব দাপোণৰ পিছফালে দাপোণৰ পৰা 8.6 cm দূৰত গঠিত হ’ব। ই অসৎআৰু থিয় হ’ব। প্ৰতিবিম্বৰ আকাৰ = 2.14 cm


15. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰঃ

ইয়াত ,

ফ’কাচ দৈৰ্ঘ্য (f) = −18cm

লক্ষ্যবস্তুৰ দূৰত্ব (u) = −27cm

লক্ষ্যবস্তুৰ আকাৰ (h) = 7cm

প্ৰতিবিম্বৰ দূৰত্ব (v) =?

প্ৰতিবিম্বৰ আকাৰ (h/) =?

আমি জানো যে,

Class 10 Science Chapter 10 Q 15

দাপোণৰ সন্মুখত 54 cm দূৰত পৰ্দাখন ৰাখিব লাগিব। প্ৰতিবিম্ব সৎ, আৰু ওলোটা, লক্ষ্যবস্তুতকৈ ডাঙৰ। প্ৰতিবিম্বৰ আকৃতি = 14 cm ।


16. -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান ? লেনছখনৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ

ইয়াত ,

লেনছ ক্ষমতা (P) = −2.0 D

আমি জানো যে,

Class 10 Science Chapter 10 Q 16

যিহেতু ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক, গতিকে প্ৰকৃতি অৱতল লেন্স।


17. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেনছৰ ক্ষমতা + 1.5D। লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেনছখন অভিসাৰী নে অপসাৰী ?

উত্তৰঃ

ইয়াত ,

লেনছ ক্ষমতা (P)=+1.5 D

আমি জানো যে,

Class 10 Science Chapter 10 Q 17

যিহেতু ক্ষমতা ধনাত্মক, গতিকে লেনছখন অভিসাৰী। 


🧾 Chapter Quick Notes

  • পোহৰৰ গতিৰেখা
  • সমান্তৰাল পোহৰৰ কিৰণ
  • সমান্তল আৰু গোলীয় আয়না
  • প্ৰতিফলনৰ নিয়ম
  • প্ৰতিফলনৰ প্রয়োগ
  • প্ৰতিসৰণ – নীতি, নিয়ম আৰু প্ৰয়োগ
  • চশমা, প্ৰিজম, লেন্স ইত্যাদি

📌 Perfect for quick revision before exam


এই পাঠৰ সহায়ত, শিক্ষাৰ্থীসকলে পোহৰৰ গঠন, গতি, প্ৰতিফলন আৰু প্ৰতিসৰণ সম্পৰ্কে এক সুগভীৰ জ্ঞান লাভ কৰিব পাৰে। সেয়া তেওঁলোকৰ পৰীক্ষা প্ৰস্তুতি আৰু বাস্তৱজীৱনত বৈজ্ঞানিক মনোভাব গঢ়ি তোলাত সহায়ক হব।


📥 Additional Resources

🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer



📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com


Class 10 Science Chapter 10 in Assamese Medium | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ – Complete Question Answer in Assamese Medium

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment