Complete question-answer guide for Class 10 Science Chapter 16, ‘প্রাকৃতিক সম্পদ ব্যৱস্থাপনা,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
✅ Chapter Overview:
📘 অধ্যায় পৰিচয়:
এই অধ্যায়ত আমি প্ৰাকৃতিক সম্পদ ক’ত, কেনেকৈ আৰু কিয় ব্যৱহাৰ কৰা হয় সেয়া অধ্যয়ন কৰিম। পানী, বনজ সম্পদ, খনিজ ইত্যাদিৰ সংৰক্ষণ আৰু সঠিক ব্যৱস্থাপনা কেনেকৈ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
✅ Important Topics Covered:
- প্ৰাকৃতিক সম্পদৰ অৰ্থ
- সম্পদৰ প্ৰকাৰ – নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য
- জল সংৰক্ষণ (Rainwater Harvesting, Watershed Management)
- বন সংৰক্ষণ আৰু “চিপ্কো আন্দোলন”
- খনিজ সম্পদ আৰু ইন্ধন
- পৰিবেশৰ সুৰক্ষা
প্রাকৃতিক সম্পদ ব্যৱস্থাপনা
Class 10 Science Chapter 16 in Assamese Medium | প্রাকৃতিক সম্পদ ব্যৱস্থাপনা– Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
বিজ্ঞান
প্রাকৃতিক সম্পদ ব্যৱস্থাপনা
অতিৰিক্ত প্রশ্নোত্তৰ
1. পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?
উত্তৰ: মই পৰিবেশ হিতৈষী হ’বলৈ তলত দিয়া অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰো –
- পানী বা অন্য খাদ্যবস্তুৰ অপচয় নকৰো।
- প’লিথিনৰ মোনাৰ পৰিৱৰ্তে কাগজ বা কাপোৰৰ মোনা ব্যৱহাৰ কৰিম।
- আবর্জনাবোৰ য’তে ত’তে পেলাব নালাগে। নির্দিষ্ট ঠাইত জমা কৰি আৰু সেইবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিম।
- বিদ্যুৎ শক্তি ব্য়ৱহাৰত মিতব্যয় হ’ব লাগে। অপ্ৰয়োজনবশতঃ ফেন, বাল্ব, টি.ভি. আদি চলাই নাৰাখো।
2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে?
উত্তৰ: . ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা সমূহ হ’ল –
- দ্ৰুত ঔদ্যোগিক বৃদ্ধি।
- জনসংখ্যাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক সম্বোধন আৰু পূৰণ কৰা।
- দীৰ্ঘম্যাদী লক্ষ্যৰ তুলনাত লাভ বেছি।
- কৃষি উন্নয়ন।
3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পার্থক্য কৰিবা?
উত্তৰ: সম্পদ ব্যৱহাৰৰ দীৰ্ঘম্যাদী আৰ্হিটোৱে সম্পদসমূহৰ সংৰক্ষণ কৰাত সহায় কৰে যাতে সেইবোৰ ভৱিষ্যত প্ৰজন্মই ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা অৰ্থনীতি অধিক দীৰ্ঘকালীনভাৱে বৃদ্ধি পাব পৰা যাব।
আনহাতে ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণে ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদৰ নাটনি কৰিব পাৰে।
4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?
উত্তৰ: সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে, কাৰণ সম্পদৰ সমভাৱে বিতৰণে প্ৰতিজন মানুহে সম্পদৰ পৰা নিজৰ অংশ লাভ কৰিবলৈ সক্ষম কৰে আৰু সকলোৰে জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয়তা (যেনে খাদ্য, পানী, আশ্ৰয় ইত্যাদি) সমূহ নিশ্চিত কৰে।
আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰা শক্তি সমূহ হ’ল –
- সম্পদৰ আঞ্চলিক বিতৰণ।
- কিছুমান মানুহৰ দুৰ্নীতি আৰু লোভ।
- ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ অসমান বিতৰণ।
5. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ: বন আৰু বন্যপ্রাণীসমূহ সংৰক্ষণ কৰা উচিত, কাৰণ—
- বন আৰু বন্যপ্রাণীসমূহে জৈৱ-বৈচিত্ৰ অটুট ৰাখি পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰজাই ৰখাত।
- বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত সহায় কৰে।
- মানুহ আৰু অন্যান্য প্ৰাণীৰ আদ্য আৰু আশ্রয় যোগানত সহায় কৰে।
- কাঠখৰি, বিভিন্ন কেঁচামাল লাভ কৰাত সহায় কৰে।
- বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত সহায় কৰে।
6. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
উত্তৰ: বনাঞ্চল সংৰক্ষণৰ বাবে ল’ব পৰা কিছুমান পদক্ষেপ হ’ল–
- বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে যুঁজ দিয়া আৰু গছ ৰোপণ কৰা।
- বনজ সম্পদৰ চোৰাং চিকাৰ আৰু চোৰাং ব্যৱসায় ৰোধ কৰা বনাঞ্চলত নিৰাপত্তা বাহিনী নিয়োগ কৰা।
- বনাঞ্চলত জুই লগা নিয়ন্ত্ৰণ কৰা
- বনাঞ্চলৰ মাটি ৰাস্তা, অট্টালিকা, মথাউৰিলৈ ৰূপান্তৰিত হোৱাৰ পৰা আঁতৰি থকা।
- বনাঞ্চলৰ অধিবাসীক প্রশিক্ষণ দিব লাগে যাৰ দ্বাৰা তেওঁলোকে বনাঞ্চল ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’ব পাবে।
7. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।
উত্তৰ: আমাৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ হৈছে – পুখুৰী খন্দা, মাটিত গাঁত খান্দি বা হ্রদ বান্ধি মাটিৰ জলভাগ আবদ্ধ কৰা, ঠায়ে ঠায়ে জলবিভাজিকা নিৰ্মাণ কৰা, বিভিন্ন প্রকাৰেৰে মাটিৰে নাইবা শিলেৰে পাৰ বান্ধি পানী সংৰক্ষণ কৰা, বালি আৰু চুণেৰে অলাধাৰ নিৰ্মাণ কৰা, ঘৰৰ চালত পানী জমা কৰিবলৈ ব্যৱস্থাপনা কৰা ইত্যাদি।
8. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা।
উত্তৰ: পাহাৰীয়া অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰ হৈছে –
- হিমাচল প্ৰদেশৰ কোলহৰ দৰে পাহাৰীয়া অঞ্চলত এক পৰম্পৰাগত জলসিঞ্চন ব্যৱস্থা আছে। এই ব্যৱস্থাত জলপ্ৰপাতৰ মাজেৰে বৈ যোৱা পানী, মানুহে নিৰ্মাণ কৰা সৰু সৰু নলাৰে নিম্ন অঞ্চলত অৱস্থিত গাঁওবোৰলৈ আহে।
- মেঘালয়ত বাঁহৰ নলাৰে পাহাৰৰ তলৰ অংশলৈ পানী নমাই অনা হয়।
সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰ হৈছে
- পুখুৰী নাইবা কৃত্ৰিম হ্ৰদ খন্দা।
- মাটিৰ বান্ধ, চেক ডামচ নিৰ্মাণ কৰা।
9. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে?
উত্তৰ: আমাৰ অঞ্চলৰ বিশুদ্ধ পানীৰ উৎস হ’ল পৌৰনিগমৰ দ্বাৰা যোগান ধৰা পানী, নদ-নদী কুঁৱা ইত্যাদি।
আমাৰ অঞ্চলত পানী প্ৰচুৰ পৰিমানে পোৱা যায় কিন্তু গ্রীষ্মকালত জলপৃষ্ঠ নামি যোৱাৰ বাবে কোনো কোনো অঞ্চলত পানীৰ অভাৱ ঘটে।
অনুশীলনীৰ প্ৰশ্নোত্তৰ
1. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামর্শ আগবঢ়াবা?
উত্তৰ: পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ বাবে ঘৰখনত তলত দিয়া পৰামৰ্শবোৰ আগবঢ়োৱা উচিত–
- পানী বা অন্য খাদ্যবস্তুৰ অপচয় নকৰা।
- প’লিথিনৰ মোনাৰ পৰিৱৰ্তে কাগজ বা কাপোৰৰ মোনা ব্যৱহাৰ কৰা।
- আবর্জনাবোৰ য’তে ত’তে পেলাব নালাগে। নির্দিষ্ট ঠাইত জমা কৰি আৰু সেইবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰা
- বিদ্যুৎ শক্তি ব্য়ৱহাৰত মিতব্যয় হ’ব লাগে। অপ্ৰয়োজনবশতঃ ফেন, বাল্ব, টি.ভি. আদি চলাই নাৰাখা।
2. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্ত্তনৰ পৰামৰ্শ দিবা?
উত্তৰ: পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে আমাৰ বিদ্যালয়ত কৰিব পৰা পৰিবৰ্ত্তনৰ কিছুমান পৰামৰ্শ হ’ল –
- প্লাষ্টিক কম ব্যৱহাৰ কৰিবলৈ ছাত্র-ছাত্রীক উপদেশ দিয়া।
- বিদ্যালয়ৰ চাৰিওফালে বৃক্ষ ৰোপণ কৰা।
- মাজে মাজে বিদ্যালয়ত পৰিবেশ সম্পর্কে সজাগতাৰ বাবে আলোচনা কৰিব লাগে।
- জৈৱ নমনীয় আৰু অজৈৱ অনমনীয় পদাৰ্থবোৰ পৃথকে মজুত কৰা।
3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ, বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?
উত্তৰ: বন আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত চাৰিটা অংশীদাৰ হ’ল 一
(i) স্থানীয় লোক
(ii) বন বিভাগ
(iii) উদ্যোগ পাতি
(iv) বন্যপ্ৰাণী আৰু প্ৰকৃতি সচেতন লোক।
এই সকলোবোৰৰ ভিতৰত স্থানীয় লোক, যি সকল বনাঞ্চলৰ আশে পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলত উৎপাদিত সামগ্ৰীৰ ব্য়ৱস্থাপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত। কাৰণ ইয়াৰ আশে-পাশে বাস কৰা লোকসকলে বনজ সামগ্ৰীৰ বিষয়ে জানে আৰু প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও তেওঁলোকে বনাঞ্চলৰ ক্ষতি নকৰিব আৰু বনাঞ্চলসমূহ বহনক্ষমভাৱে ব্যৱহাৰ কৰিব।
4. ভাল সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা–
(a) বন আৰু বন্যপ্রাণী।
(b) জলসম্পদ।
(c) কয়লা আৰু পেট্রলিয়াম।
উত্তৰ:
(a) বন আৰু বন্যপ্রাণী –
- গছ কটা বন্ধ কৰা।
- বনানীকৰণত গুৰুত্ব আৰোপ কৰা।
- চোৰাং চিকাৰীক বাধা দিয়া।
- আলোচনাচক্ৰৰ জৰিয়তে মানুহক বন্যপ্ৰাণী আৰু বনাঞ্চলৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰা।
(b) জলসম্পদ –
- মিতব্যয়ীভাৱে পানী খৰচ কৰা।
- গৰু-ছাগলীক নদী বা পুখুৰীত নমাই গাঁ-ধোৱা বন্ধ কৰা।
- জলসম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।
c) কয়লা আৰু পেট্রলিয়াম –
- চৰকাৰী যান-বাহন ব্যৱহাৰ কৰা।
- যানবাহনত CNG ব্যৱহাৰ কৰা
- মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা।
- CFL বা LED বাল্ব ব্যৱহাৰ কৰা।
- শক্তিৰ বিকল্প উৎস হিচাপে সৌৰশক্তি, বায়ু শক্তি ব্যৱহাৰ কৰা।
5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
উত্তৰঃ- এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ ল’ব পৰা যায় 一
- মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা।
- মিতব্যয়ীভাৱে পানী ব্যৱহাৰ কৰা।
- খাদ্য-বস্তুৰ অপব্যৱহাৰ ৰোধ কৰা।
- গাড়ী-মটৰ ব্যৱহাৰৰ পৰিৱৰ্তে চাইকেল বা খোজ কাঢ়ি অহা-যোৱা কৰাৰ অভ্যাস কৰা।
- শক্তিৰ বিকল্প উৎস হিচাপে সৌৰশক্তি, বায়ু শক্তি ব্যৱহাৰ কৰা।
6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্রস্তুত কৰা (পাঁচটাকৈ)।
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।
উত্তৰ: (a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে:
- অপ্রয়োজনত লাইট আৰু ফেন আদিৰ চুইচ্ বন্ধ কৰি ৰাখিছো।
- CFL বা LED বাল্ব ব্যৱহাৰ কৰিছো।
- চৰকাৰী যানবাহন বেছিকৈ ব্যৱহাৰ কৰিছো।
- বৃক্ষৰোপণ কৰিছো
- পৰিবেশ সংৰক্ষণৰ বাবে মাজে সময়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আলোচনা চক্ৰৰ ব্যৱস্থা কৰিছো
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধিৰ কাৰণে—
- কাগজ অপচয় কৰা নাই।
- য’তে ত’তে জাৱৰ জোথৰ পেলোৱা নাই।
- প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰা নাই।
- খাদ্যৰ শাক-পাচলিৰ অপচয় কৰা নাই।
- ৰন্ধনৰ বাবে ঘৰত সৌৰ চুলা ব্যৱহাৰ কৰিছো।
7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্য়ৱহাৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা?
উত্তৰঃ- এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ ল’ব পৰা যায় 一
- মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা।
- মিতব্যয়ীভাৱে পানী ব্যৱহাৰ কৰা।
- খাদ্যবস্তুৰ অপব্যৱহাৰ ৰোধ কৰা।
- গাড়ী-মটৰ ব্যৱহাৰৰ পৰিৱৰ্তে চাইকেল বা খোজ কাঢ়ি অহা-যোৱা কৰাৰ অভ্যাস কৰা।
- সৌৰশক্তি, বায়ুশক্তি ব্যৱহাৰ কৰা।
Complete question-answer guide for Class 10 Science Chapter 16, ‘প্রাকৃতিক সম্পদ ব্যৱস্থাপনা,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
✅ Key Points Summary:
- ✅ সম্পদৰ সংজ্ঞা: যিসকল বস্তু প্ৰাকৃতিকভাৱে প্ৰাপ্ত আৰু মানুহে উপকাৰ পাব পাৰে, সিহঁতক সম্পদ বুলি কোৱা হয়।
- ✅ নৱীকৰণযোগ্য সম্পদ: পুনৰ ব্যৱহাৰ কৰিব পৰা সম্পদ (যেনে, সেউজ শক্তি)
- ✅ অনৱীকৰণযোগ্য সম্পদ: একেবাৰে শেষ হৈ যাব পৰা সম্পদ (যেনে, কয়লা, খনিজ তেল)
- ✅ জল সংৰক্ষণৰ পদ্ধতি: জলাশয় সংৰক্ষণ, চেক ডেম, বৃষ্টিৰ পানী সংগ্ৰহ
- ✅ বন সংৰক্ষণ: বন ধ্বংসৰ বিপদ, চিপ্কো আন্দোলন
- ✅ খনিজ সম্পদৰ সুৰক্ষা: জ্ঞানপূৰ্ণ ব্যৱহাৰ আৰু বিকল্প সন্ধান
📚 সম্পদৰ সংজ্ঞা আৰু প্ৰকাৰ:
সম্পদ বুলিলে আমি বুজোঁ সেই সকলো বস্তু যি প্ৰাকৃতিকভাৱে পোৱা যায় আৰু যাৰ পৰা মানুহে কোনো ধৰণৰ সুবিধা লাভ কৰে। ই সম্পদ দুই প্ৰকাৰৰ হব পাৰে — নৱীকৰণযোগ্য (যেনে, বায়ু, জল, সূৰ্যশক্তি) আৰু অনৱীকৰণযোগ্য (যেনে, খনিজ তেল, কয়লা)।
🌊 জল সংৰক্ষণ আৰু ব্যৱস্থাপনা:
বিশ্বৰ বহু অঞ্চলত পানীৰ অভাৱ দেখা গৈছে। এই সমস্যা সমাধানৰ বাবে ৰেইনৱাটাৰ হাৰ্ভেষ্টিং আৰু ৱাটাৰশেড মেনেজমেণ্ট এক অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
🌲 বন সম্পদৰ ব্যৱস্থাপনা:
বন ধ্বংসই পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। চিপ্কো আন্দোলন (১৯৭০ দশক) বন সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য উদাহৰণ।
🛢 ইন্ধন আৰু খনিজ সম্পদ:
কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদি সম্পদ অনৱীকৰণযোগ্য। এইবোৰৰ বিকল্প শক্তি (বায়ু, সৌৰ) ব্যৱহাৰৰ প্ৰয়োজন।
Class 10 Science Chapter 16| প্রাকৃতিক সম্পদ ব্যৱস্থাপনা– Complete Question Answer in Assamese Medium
📌 Related Resources:
- 🔸 Class 10 Science Notes (Assamese Medium)
- 🔸 Class 10 Social Science Notes
- 🔸 Class 10 Assamese Question Answer
🔸 অসমীয়া ৰচনা – Click Here
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now