Assam Board Exam

Class 10 Science Chapter 8 | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে- Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 10 Science Chapter 8, ‘জীৱই কেনেকৈ বংশবিস্তাৰ কৰে,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Science Chapter 8 in Assamese Medium | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে- Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

বিজ্ঞান 

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

1. প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা কি?

উত্তৰ: প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা-

  1. পিতৃ-মাতৃৰ পৰা চাৰিত্ৰিক বৈশিষ্টসমূহ সন্তান-সন্ততিলৈ বহন কৰা
  2. পিতৃ-মাতৃৰ নিচিনা একে বৈশিষ্টৰ অধিকাৰী সন্তান-সন্ততি উৎপন্ন কৰা
  3. ই জীৱৰ ভিন্নতা উৎপন্ন কৰে।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?

উত্তৰ: কেতিয়াবা জলবায়ু পৰিৱৰ্তনে প্ৰজাতিটোৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায়, যাৰ ফলত ইহঁত জীয়াই থকাটো কঠিন হৈ পৰে। প্ৰজাতিৰ ভিন্নতা নাথাকিলে এনে পৰিস্থিতিত জীৱসমূহ জীয়াই থাকিব নোৱাৰিলে হেতেন, কিন্তু একক জীৱৰ কাৰণে জলবায়ু পৰিৱৰ্তনে কোনো বিশেষ প্ৰভাৱ নেপেলায়। সেয়ে প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়।

3. দ্বিখণ্ডন বা বিভাজন (Fission) বুলিলে কি বুজা?

উত্তৰ: প্রায়বিলাক বেক্টেৰিয়া আৰু খাদ্য প্রাণীয়ে অতি সাধাৰণভাৱে কোষটোৰ বিভাজন ঘটাই দুটা বা ততোধিক অপত্য কোষৰ সৃষ্টি কৰে, এনে বংশ বিস্তাৰ প্ৰক্ৰিয়াক দ্বিখণ্ডন বা বিভাজন বুলি কোৱা হয়।

4. দ্বিখণ্ডন বা বিভাজন (Fission) প্ৰক্ৰিয়াৰে বংশবিষ্টাৰ কৰা জীৱৰ উদাহৰণ দিয়া।

উত্তৰ: এমিবা, লেইচমেনিয়া, প্লাজম’ডিয়াম ইত্যাদি।

5. বিভংগন (Fragmentation) বুলিলে কি বুজা?

উত্তৰ: সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱসমূহ পূর্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ কৰে। অৰ্থাৎ, এই সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। এই বংশ বিস্তাৰ প্ৰক্ৰিয়াক বিভংগন বুলি কোৱা হয়।

6.  বিভংগন প্ৰক্ৰিয়াৰে বংশবিষ্টাৰ কৰা জীৱৰ উদাহৰণ দিয়া।

উত্তৰ: শেলাই (Spirogyra)

7. পুনৰ জীৱন (Regeneration) বুলিলে কি বুজা?

উত্তৰ: ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি লব পৰা ক্ষমতা থাকে। অর্থাৎ, যদিহে কোনো এটা জীৱৰ কিবা কাৰণত কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয়, তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ নতুনকৈ জীৱটোৰ সৃষ্টি হব পাৰে। এনে বংশ বিস্তাৰ প্ৰক্ৰিয়াক পুনৰ জীৱন বুলি কোৱা হয়।

8. পুনৰ জীৱন (Regeneration) প্ৰক্ৰিয়াৰে বংশবিষ্টাৰ কৰা জীৱৰ উদাহৰণ দিয়া।

উত্তৰ: হাইড্রা (Hydra), প্লেনেৰিয়া (Planaria)।

9. মুকুলোদগম (Budding) বুলিলে কি বুজা?

উত্তৰ: কিছুমান জীৱৰ দেহৰ কোনো এক নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি মুকুলবিলাক বাহিবলৈ ওলাই আহে। এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ নতুন জীৱৰ সৃষ্টি হয়। বংশ বিস্তাৰ এনে প্ৰক্ৰিয়াক মুকুলোদগম বুলি কোৱা হয়।

10. মুকুলোদগম (Budding) প্ৰক্ৰিয়াৰে বংশবিষ্টাৰ কৰা জীৱৰ উদাহৰণ দিয়া।

উত্তৰ: হাইড্রা (Hydra), ইষ্ট (Yeast)।

11. আংগিক বিস্তাৰণ (Vegetative Propagation) বুলিলে কি বুজা?

উত্তৰ: এনে বহুবিলাক উদ্ভিদ আছে যিবিলাকৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিবেশত নতুন উদ্ভিদৰ উৎপত্তি হব পাৰে। বংশ বিস্তাৰ এনে প্ৰক্ৰিয়াক . আংগিক বিস্তাৰণ  বুলি কোৱা হয়।

12. ৰেণুৰ উৎপত্তিৰ (Spore Formation) দ্বাৰা কেনেদৰে বংশবিষ্টাৰ কৰে বুজাই লিখা।

উত্তৰ: কিছুমান ভেঁকুৰৰ প্ৰজাতিৰ দেহত সৰু সৰু মাৰিত ওলমি থকাৰ দৰে টোপালবোৰ দেখা যায়, এইবোৰ হ’ল প্ৰজনন অংগিকা। এই সৰু সৰু টোপাল সদৃশ অংগিকাবিলাকক ৰেণুধানী বোলে। ইয়াতেই ৰেণুৰ উৎপত্তি হয় আৰু এই ৰেণুবিলাকৰ পৰাই নতুন ভেঁকুৰৰ সৃষ্টি হয়।

13. দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি? 

উত্তৰ: দ্বি-বিভাজনত এককোষী জীৱসমূহ দুটা সমান ভাগত বিভক্ত হৈ যায়। যেনেঃ এমিবা।

            আনহাতে, বহু বিভাজনত জীৱবোৰ একে সময়তে বহুকেইটা অপত্য কোষলৈ বিভাজিত হয়। যেনেঃ প্লাজম’ডিয়াম।

14. যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব? 

উত্তৰ: যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই তলত দিয়া দৰে লাভান্বিত হ’ব-

  1. ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঠ আৰু এইবোৰে পৰৱৰ্তী কোনো উপযুক্ত আধাৰত থিতাপি লৈ নতুন জীৱন লাভ নকৰালৈকে ভিতৰৰ পদার্থখিনি সজীৱ হৈ থাকে।
  2. ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ বহুলভাৱে হয়।
  3. পৰিৱেশ প্রতিকূলতাৰ বাবে কিছু ৰেণু নষ্ট হলেও প্রজাতিৰ আবাদী কম নহয়।

15. উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে? 

Ans.  উচ্চ খাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ জন্ম দিব নোৱাৰে কাৰণ— 

(i) সিহঁতৰ শৰীৰ অধিক জটিলভাৱে গঠিত।

(ii) উচ্চ খাপৰ জীৱবোৰৰ বিশেষ অংগবোৰ বিশেষকামৰ ভাবে নির্দিষ্ট। 

(iii) উচ্চ খাপৰ জীৱবোৰৰ দেহত শ্রমবিভাজন বিদ্যমান।

16.  বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?

উত্তৰ: বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় কাৰণ-

  1. কমলা, কল, আনাৰসৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশবিষ্টাৰ আংগিক বিস্তাৰণৰ দ্বাৰা সম্ভৱ।
  2. বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদবিলাকতকৈ আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল ফল ধৰে।
  3. এনে পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদবিলাক আনুবংশিকভাবে একে হোৱাৰ উপৰিও চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে হয়।
  4. উদ্ভিদে বীজ উৎপাদনৰ ক্ষমতা অথবা যৌন প্রজনন ক্ষমতা হেৰুৱালেও এনে প্রজনন সম্ভব হয়।

17. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি.এন.এ. (DNA) প্রতিলিপিকৰণ কিয় প্রয়োজন?

উত্তৰ: ডি এন এ প্রতিলিপিকৰণ কৰাটো প্ৰজনন প্ৰক্ৰিয়াৰ এক অপৰিহাৰ্য অংশ কাৰণ-

  1. পিতৃ-মাতৃৰ পৰা চাৰিত্ৰিক বৈশিষ্টসমূহ সন্তান-সন্ততিলৈ বহন কৰা
  2. পিতৃ-মাতৃৰ নিচিনা একে বৈশিষ্টৰ অধিকাৰী সন্তান-সন্ততি উৎপন্ন কৰা
  3. ই জীৱৰ ভিন্নতা উৎপন্ন কৰে।

18. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ? 

উত্তৰ:  ডিম্বকৰ ভিতৰত থকা স্ত্ৰীজনন কোষৰ লগত পৰাগৰেণুৱে সৃষ্টি কৰা পুংজনন কোষৰ যোজনকে নিষেচন বোলে। ই এক ৰাসায়নিক প্ৰক্ৰিয়া।

            আনহাতে, পৰাগযোগ প্ৰক্ৰিয়াই কোনো ফুলৰ পুংস্তৱকৰ পৰাগধানীৰ পৰা স্ত্ৰীস্তৱকৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণক বুজায়। ই এক ভৌতিক প্ৰক্ৰিয়া।

19. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

উত্তৰ: শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা  হ’ল – মানুহৰ শৰীৰত পুংজনন কোষবোৰে যেতিয়া শুক্রবাহী নলীৰ মাজেৰে গতি কৰে, শুক্রাশয় আৰু প্রষ্টেট গ্রন্থিৰ দৰে গ্ৰন্থিবোৰে তাত কিছুমান ৰস নিঃসৰণ কৰে। ইয়াৰ ফলত পুংজনন কোষবোৰে শুক্রবাহী নলীত এক তৰল মাধ্যম লাভ কৰে যিয়ে সিহঁতৰ পৰিৱহণ কৰাত সহজ কৰে। এই তৰলে পুংজনন কোষক পৰিপুষ্টিৰ যোগান ধৰে।

20. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিবৰ্তন দেখা যায়?

উত্তৰ:

  1. ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয়।
  2. যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায়।
  3. মুখৰ ছাল তেলেতিয়া হয় যাৰফলত এই অংশত শালমইনা (Pimples) উঠে।
  4. স্তনযুগলৰ আকাৰ বাঢ়ে।

21. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে? 

উত্তৰ: গৰ্ভাৱস্থাত ভ্রূণটো গর্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বাৰা বান্ধ খাই থাকে। ইয়াক অমৰা বা প্লেচেণ্টা (Placenta) বোলে। এই প্লেচেণ্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্রূণটোৱে পুষ্টি লাভ কৰে। প্লেচেণ্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে। ইয়াৰ পৰা কিছুমান ভিলাই ভ্রূণটোৰ ফালে বিয়পি থাকে। গর্ভাশয়ৰ অন্তঃআচ্ছাদানৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন ভ্রূণটোলৈ সৰবৰাহ হৈ থাকে।

22. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে?

উত্তৰ: যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper-T) ব্যৱহাৰ কৰে, তেন্তে ই যৌনৰোগৰ পৰা মহিলা এগৰাকীক ৰক্ষা নকৰে।

1. অযৌন প্ৰজননৰ মুকুলোদ্‌গম সংঘটিত হয়— 

(ক) এমিবাত।

(খ) ইষ্টত।

(গ) প্লাজম’ডিয়ামত। 

(ঘ) লেইচ্‌মেনিয়াত। 

উত্তৰ:  (খ) ইষ্টত।

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

(ক) ডিম্বাশয়। 

(খ) জৰায়ু।

(গ) শুক্ৰবাহী নলী। 

(ঘ) ফেলোপিয়ান নলী।

উত্তৰ: (গ) শুক্রবাহী নলী।

3. পৰাগধানীত পোৱা হয়—

(ক) বেটুপাত।

(খ) ডিম্বক।

(গ) স্ত্রীকেশৰ। 

(ঘ) পৰাগ ৰেণু। 

উত্তৰ: (ঘ) পৰাগ ৰেণু।

4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰ: অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ হ’ল 一

  1. যৌন প্ৰজননত সন্তানে পিতৃ-মাতৃ দুয়োৰে চৰিত্ৰ বহন কৰে
  2. যৌন প্ৰজননত ভিন্নতা অধিক হোৱাৰ বাবে প্ৰজাতিটোৰ অস্তিত্ব সুনিশ্চিত হৈ থাকে।
  3. পৰিৱেশৰ পৰিবৰ্তনৰ লগত সন্তানে সহজেই খাপ খাব পাৰে।

5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?

উত্তৰ: মানুহৰ শুক্রাশয়ৰ কাম হৈছে –

  1. শুক্ৰানু উৎপাদন কৰা
  2. টেষ্টষ্টেৰন নামৰ হৰম’ন উৎপন্ন কৰা।

6. স্নাতুস্রাৱ বা ঋতুস্রাৱ কিয় হয়?

উত্তৰ: ডিম্বাশয়ে প্রতি মাহতে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে, তেনেদৰে গৰ্ভাশয়টোৱে প্রতি মাহতে একোটা নিষেচিত ডিম্ব পালন কৰিবলৈ নিজকে প্রস্তুত কৰি ৰাখে। সেয়ে ডিম্বাশয়ৰ অন্তঃআচ্ছাদক কোমল আৰু ডাঠ হয়। যদি নিষেচন নহয় তেতিয়া আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু শ্লেস্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায়। প্রতি মাহে এইটো চক্রাকাৰে চলি থাকে। ইয়াক স্নাতুস্রাৱ বা ঋতুস্রাৱ বোলে। এই প্রক্রিয়াটো 28 দিন পর্যন্ত চলি থাকে।

7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

উত্তৰ:

 এপাহ ফুলৰ দীর্ঘচ্ছেদ

8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি? 

উত্তৰ: বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ হ’ল 一

  1. কণ্ড’মৰ ব্যৱহাৰ
  2. কপাৰ-টিৰ ব্যৱহাৰ
  3. অস্ত্ৰোপচাৰ বা বন্ধ্যাকৰণ পদ্ধতি
  4. কাৰিকৰি প্ৰতিবন্ধক
  5. অ’ৰেল কণ্টাচেপ্টিক পিল।

9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্রজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ? 

উত্তৰ: এককোষী জীৱৰ প্ৰজননৰ বিভিন্ন ধৰণ হ’ল বিভাজন, মুকুলোদগম আদি।

            আনহাতে, বহুকোষী জীৱত প্ৰজননৰ বাবে এটা বেলেগ অংগ ব্যৱস্থা থাকে। বহুকোষী জীৱৰ প্ৰজননৰ বিভিন্ন ধৰণ হ’ল আংগিক বিস্তাৰণ, পুণৰ জীৱন, ৰেণুৰ উৎপত্তি ইত্যাদি।

            মানুহ আৰু আন প্ৰাণীৰ দৰে অধিক জটিল জীৱত প্ৰজনন যৌন প্ৰজননৰ জৰিয়তে হয়। সপুষ্পক উদ্ভিদৰ প্ৰজনন পৰাগযোগৰ দ্বাৰা সংঘটিত হয়।

10. প্রজনন প্রক্রিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

উত্তৰ: প্রজনন প্রক্রিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষাত তলত দিয়া ধৰণে সহায় কৰে –

  1. জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ স্থিৰতা বজাই ৰখাত সহায় কৰে।
  2. এটা প্ৰজাতি বিলুপ্তি হোৱাত বাধা দিয়ে।

11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

উত্তৰ: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ সমূহ হ’ল –

  1. অনাকাংক্ষিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ।
  2. AIDS, গণৰিয়া, ছিফিলিছ, আদি ৰোগসমূহৰ পৰা ৰক্ষা পাবলৈ।

Complete question-answer guide for Class 10 Science Chapter 8, ‘জীৱই কেনেকৈ বংশবিস্তাৰ কৰে,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!


Class 10 Science All Question Answer- Click Here


Class 10 Science Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment