Complete question-answer guide for Class 10 Science Chapter 9, ‘বংশগতি আৰু ক্ৰমবিকাশ,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
বংশগতি আৰু ক্ৰমবিকাশ
Class 10 Science Chapter 9 in Assamese Medium | বংশগতি আৰু ক্ৰমবিকাশ– Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
বিজ্ঞান
বংশগতি আৰু ক্ৰমবিকাশ
অতিৰিক্ত প্রশ্নোত্তৰ
1. বংশগতি কাক বোলে?
উত্তৰ: যি প্ৰক্ৰিয়াৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্টৰ সঞ্চাৰিত হয় তাকে বোলা হয়।
2. বংশগতি চৰিত্ৰৰ বাহক কি?
উত্তৰ: জিন হৈছে বংশগতি চৰিত্ৰৰ বাহক।
3. আৰ্জিত চৰিত্ৰ কি? উদাহৰণ দিয়া।
উত্তৰ: জীৱৰ জীৱন কালত অনুশীলন বা অভ্যাসৰ জৰিয়তে যিবোৰ গুণ বা বৈশিষ্ট্য লাভ কৰে, সেইবোৰক আৰ্জিত চৰিত্ৰ বোলে। যেনে- লিখা-পঢ়া কৰা, গান গোৱা, বাদ্যযন্ত্র বজোৱা, জটিল কলা-কৌশল আয়ত্ত কৰা ইত্যাদি।
4. বংশানুক্রমিক চৰিত্ৰ কি?
উত্তৰ: যিবোৰ চৰিত্ৰ জনন কোষৰ DNAৰ জৰয়িতে পৰৱৰ্তী প্ৰজন্মৰ সতি-সন্ততিলৈ প্রবাহিত হয়, তেনে চৰিত্ৰক বংশানুক্রমিক চৰিত্ৰ বোলা হয়।
5. বংশগতি বিদ্যাৰ জনক (Father of Genetics) কোন?
উত্তৰ: গ্ৰেগৰ জোহান মেণ্ডেল Gregor Johann Mendel)।
6. এলিল বা যুগ্মকৰক (Allele or Allelomorph) কি?
উত্তৰ: জীৱৰ কোনো এক চৰিত্ৰৰ বাবে সমৰূপী ক্ৰম’জমৰ নিৰ্দিষ্ট বিন্দুত থকা জিন দুটাৰ এটাক আনটোৰ এলিল বোলে। যেনে- ওখ চৰিত্ৰ (মটৰমাহ)ৰ বাবে থকা এলিল TT।
7. প্ৰভাৱী (Dominant) চৰিত্ৰ কাক বোলে?
উত্তৰ: দুটা বেলেগ বেলেগ বৈশিষ্ট্যযুক্ত জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত (F1) কেৱল এটা মাত্ৰ বৈশিষ্ট্যহে প্ৰকাশ পায়। ইয়াক প্ৰভাৱী চৰিত্ৰ বোলে।
8. অপ্ৰভাৱী বা পৰাহত (Recessive) চৰিত্ৰ কাক বোলে?
উত্তৰ: যি এলিলে বিপৰীতধর্মী এলিলৰ উপস্থিতিত নিজৰ চৰিত্ৰ প্ৰকাশ কৰিব নোৱাৰে তাক অপ্ৰভাৱী বা পৰাহত চৰিত্ৰ বোলে।
9. এক সংকৰ পৰীক্ষা (Monohybrid cross) কি?
উত্তৰ: একে প্ৰজাতিৰ জীৱৰ এযোৰ মাত্ৰ বিপৰীতধৰ্মী চৰিত্ৰ বিচাৰ কৰি কৰা সংকৰণ পৰীক্ষাক এক সংকৰন পৰীক্ষা বোলে।
10. দ্বি- সংকৰ (Dihybrid cross) কি?
উত্তৰ: একে প্ৰজাতিৰ দুযোৰ বিপৰিধৰ্মী চৰিত্ৰ বিবেচনা কৰি যেতিয়া সংকৰণ পৰীক্ষা কৰা হয় তেতিয়া তাক দ্বি- সংকৰ পৰীক্ষা বোলে।
11. জিন বুলিলে কি বুজা?
উত্তৰ: ক্রম’জ’মত থকা DNA খণ্ডৰে গঠিত বংশগতিৰ চাৰিত্ৰবাহক কাৰকবোৰক জিন বোলে। জিনক চমুকৈ বংশগতিৰ বাহক বোলে।
12. প্ৰকাৰণ কি?
উত্তৰঃ- একে প্রজাতিৰ ভিন ভিন ব্যক্তিৰ মাজত বা একে পিতৃ-মাতৃৰ ভিন ভিন সন্তানৰ মাজত দেখা দিয়া বিভিন্নতাকে প্রকাৰণ বোলে।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল?
উত্তৰঃ- ‘B’ চাৰিত্ৰিক বৈশিষ্ট্য সম্ভৱতঃ আগতীয়াকৈ উৎপত্তি হৈছিল।
2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাক কেনেকৈ জীৱই বৰ্তাই ৰাখে?
উত্তৰঃ- ডি এন এৰ প্ৰতিলিপিকৰণৰ দ্বাৰা বৈসাদৃশ্যৰ চৰিত্ৰবিলাক বৰ্তাই ৰাখে।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q.1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্রভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল?
উত্তৰ: মেণ্ডেলে বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহ গছৰ মাজত সংকৰণ পৰীক্ষা চলাইছিল।তেওঁ প্ৰথম অপত্যজনু(F1) ত আটাইবোৰ মটৰ মাহ গছই ওখ চৰিত্ৰৰ পাইছিল। এই (F1) জনুৰ মাজত সংকৰণ ঘটোৱাত দ্বিতীয় অপত্য জনু (F2) ত ওখ গছৰ লগতে এক চতুৰ্থাংশ চাপৰ গছো পাইছিল। ইয়ে প্ৰমাণ কৰে যে (F1) ত ওখ আৰু চাপৰ দুয়োটা গুণেই অৰ্জন কৰিছিল যদিও কেৱল ওখ গুনটোহে প্ৰকাশ পাইছিল ।গতিকে , তেও (F1) ত প্ৰকাশ পোৱা ওখ গুণটোক প্ৰভাবী আৰু (F1) ত প্ৰকাশ নোপোৱা ওখ গুণটোক অপ্ৰভাবী বুলি নিৰ্ণয় কৰিছিল।
2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰঃ মেণ্ডেলে মটৰ মাহ গছৰ দুটা বিপৰীতধৰ্মী চৰিত্ৰ ওখ গছ সোতোঁৰা বীজ আৰু চাপৰ গছ গুৰণীয়া বীজৰ মাজত সংকৰণ ঘটাইছিল। প্ৰথম অপত্য জনু (F1) ত তেওঁ আটাইবোৰ গছেই প্ৰভাৱী চৰিত্ৰৰ ওখগছ গুৰণীয়া বীজৰ পাইছিল। কিন্তু তেও দিতীয় অপত্য জনু (F2) ত দেখা পাইছিল যে ওখগছ সোতোঁৰা বীজ আৰু চাপৰগছ ঘূৰণীয়া বীজৰ গছ পোৱাৰ লগতে কিছুমান নতুন গুণ সম্পন্ন গছ যেনে ওখগছ-ঘূৰণীয়া বীজ আৰু চাপৰগছ সোতোঁৰা বীজৰ গছো পাইছিল । ইয়াৰ পৰা মেণ্ডেলে বুজিব পাৰিছিল যে বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয়।
3. ‘A’ গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰিলে আৰু তেখেত সকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ’ল “O” । এই তথ্যৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা তথ্যৰ ভিত্তিত আমি প্ৰভাৱী চৰিত্ৰ নিৰ্ণয় কৰিব নোৱাৰি।পিতৃ-মাতৃৰ তেজৰ গ্ৰুপ “OO” , “AA” , “AO” হব পাৰে। একে পৰিয়ালৰ আন সন্তানৰ সৈতে জীয়েকৰ তেজৰ গ্ৰুপ একে নহবও পাৰে। ইয়াত আধৰুৱা তথ্যৰহে যোগান ধৰিছে।
4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?
উত্তৰঃ মানুহৰ 23 যোৰ ( 46 ডাল) ক্ৰ’ম’জম থাকে।ইয়াৰে 22 যোৰ দেহ গঠনকাৰী আৰু এযোৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জম।পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জমযোৰ হল XY আৰু XX মহিলাৰ ক্ষেত্ৰত । প্ৰজননৰ সময়ত পুৰুষৰ শুক্ৰাণু গৈ মহিলাৰ ডিম্বাণুৰ লগত মিলিত হওঁতে যদি পুৰুষৰ X ক্ৰ’ম’জম মহিলাৰ X ক্ৰম’জমৰ লগত মিলিত হয় তেন্তে XX যোজন কোষ সৃষ্টি হয়। আকৌ পুৰুষৰ Y ক্ৰ’ম’জম যদি মহিলাৰ X ক্ৰ’ম’জম লগত মিলিত হয় তেন্তে XY যোজন কোষ সৃষ্টি হয়। XX যোজন কোষ বিকশিত হলে ছোৱালী সন্তান আৰু XY যোজন কোষ বিকশিত হলে ল’ৰা সন্তান জন্ম হয়। এনেদৰেই মানুহৰ ক্ষেত্ৰত লিঙ্গ নিৰ্ধাৰিত হয়।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাৱে বাঢ়ি যায়?
উত্তৰঃ এটা জনসমষ্টিত নির্দিষ্ট চাৰিত্রিক বৈশিষ্ট্য বিশিষ্ট ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ কাৰক বোৰ হ’ল:
(i) এটা প্রতিকূল প্রাকৃতিক পৰিবেশত যদি জীৱই জীয়াই থাকিব পাৰে।
(ii) ইয়াৰ সংখ্যা উত্তৰাধিকাৰ সূত্ৰৰ মাধ্যমে বৃদ্ধি কৰিব পাৰে।
2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে?
উত্তৰঃ কোনো জীৱই জীৱনকালত অর্জন কৰা চৰিত্ৰবিলাক দৈহিক কলাত প্রস্ফুটিত হয়। এই চৰিত্ৰবিলাক জননকোষৰ DNA লৈ গতি নকৰে। সেয়েহে, কোনো জীৱই জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি-সন্ততিলৈ বংশানুক্রমিকভাৱে প্ৰৱাহিত নহয়।
3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো কিয় চিন্তিত হোৱাৰ বিষয় বুলি ভাবা?
উত্তৰঃ বাঘৰ সংখ্যা হ্রাস পোৱাটো প্ৰজনন বিদ্যাত এক উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। যদি বাঘৰ সংখ্যা এইদৰে হ্ৰাস পাই থাকে, তেনে হলে এটা সময়ত এই প্রজাতিৰ প্রাণীৰ জিন চিৰদিনৰ বাবে শেষ হ’ব। এই জিনৰ অভাৱত এই প্রজাতিৰ প্ৰাণীৰ পৃথিবীৰ পৰা অবলুপ্তি ঘটিব।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?
উত্তৰঃ নতুন প্ৰজাতি এটা সৃষ্টিত অৰিহনা যোগোৱা উপাদানবোৰ হ’ল-
(i) প্ৰাকৃতিক নিৰ্বাচন
(ii) জিনীয় পথচ্যুত
(iii) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন
(iv) ভিন্নতা।
2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰঃ স্ব-পৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ কাৰক ভৌগোলিক স্বতস্থতাৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃপ্রজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ বাবে স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব নোৱাৰে।
3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?
উত্তৰঃ নোৱাৰে। অযৌন প্ৰজননকাৰী জীৱৰ মাজত জিনৰ পুনৰবিন্যাস নহয়। সেইবাবে সিহঁতৰ মাজত প্ৰকাৰণ হ’লে সেইবোৰ সকলো পিছৰ জীৱবোৰৰ মাজত বিস্তাৰিত হৈ পৰে। ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত যৌন প্ৰজননকাৰী জীৱৰহে প্ৰজাতিকৰণ হ’ব পাৰে। অযৌন প্ৰজননকাৰী জীৱৰ ক্ষেত্ৰত নহয়।
2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?
উত্তৰঃ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ বুলি কব পৰা নাযায়। এইবোৰ সমবৃত্তি অংগহে। কাৰণ, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাৰ কাৰ্য একে হলেও ইহঁতৰ গঠন বেলেগ বেলেগ। যেনে- বাদুলিৰ ডেউকা হাড়ে গঠিত কিন্তু পখিলাৰ পাখি হাড়েৰে গঠিত নহয়।
3. জীৱাশ্মসমূহ কি ? বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কিয়?
উত্তৰঃ ভূপৃষ্ঠৰ পাললকি শিলাস্তৰত কোনো জীৱ, জীৱৰ দেহৰ অংশবিশেষ বা জীৱটোৱে এৰি যোৱা চাপেই হ’ল জীৱাশ্ম।
জীৱাশ্মই বিৱৰ্তনত অতি গুৰুত্বপূৰ্ণভাৱে সহায় কৰে। জীৱাশ্মৰ বয়স নির্ণয় তথা উপযুক্ত অধ্যয়নৰ দ্বাৰা এইটো অনুধাৱণ কৰা হয় যে অধিক বয়সৰ জীৱাশ্মৰ জটিলতা, কম বয়সৰ জীৱাশ্মৰ জটিলতাতকৈ কম। অর্থাৎ পূৰ্বৰ জীৱবোৰ সৰল আছিল আৰু সেইবোৰৰ বিৱৰ্তন ঘটি জটিল জীৱৰ সৃষ্টি হৈছিল। এইদৰে জীৱাশ্মই বিৱৰ্তনৰ অধ্যয়নত সহায় কৰে।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয়?
উত্তৰঃ- আকাৰ, বৰণ আৰু দেখাত ভিন ভিন হোৱা স্বত্বেও সকলো মানুহেই একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত হয়। কাৰণ মানৱ বিৱৰ্তনৰ অধ্যয়নত ব্যৱহৃত কোনো বৈজ্ঞানিক পদ্ধতিয়ে মানৱৰ বিৱৰ্তনৰ প্ৰমাণ নিদিয়ে। আনহাতে, পৃথিৱীৰ যিকোনো বিপৰীত লিংগৰ দুগৰাকী মানুহৰ মাজত প্ৰজনন সম্ভৱপৰ হোৱা কথাটোৱে প্ৰমাণ কৰে যে, সকলো মানুহেই একেটা মাথো মানৱ প্ৰজাতিৰ অন্তৰ্ভুক্ত।
2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চ স্তৰৰ?
উত্তৰঃ- বিৱৰ্তনৰ দিশত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত আটাইকেইটাকে উচ্চস্তৰৰ বুলি আমি ক’ব পাৰো।
বিবৰ্তনে কোনো এক জীৱৰ দৈহিক গঠনত জটিলতা আনিব পাৰে। এই দৈহিক আৰ্হিৰ দ্বাৰাই নিজৰ নিজৰ পৰিৱেশত ভালদৰে জীয়াই থকাৰ সক্ষমতা ৰাখে। সেয়ে প্ৰশ্নত উল্লেখিত আটাইবোৰ জীৱৰে দেহৰ আৰ্হি ভাল বুলি ক’ব লাগিব।
অনুশীলনীৰ প্ৰশ্নোত্তৰ
Q.1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বর্ণনা কৰিব পৰা হব?
(a) TT WW
(b) TT ww
(c) Tt WW
(d) Tt Ww
Ans. (c) TtWW
Q.2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল–
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং।
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত।
(c) আলু আৰু ঘাঁহৰ শিপা।
(d) ওপৰৰ আটাইকেইটা।
Ans. (d) ওপৰৰ আটাইকেইটা।
Q.3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত—
(a) এজন চীনা স্কুলীয় ছাত্র।
(b) এটা চিম্পাজী।
(c) এটা মকৰা।
(d) এটা বেক্টেৰিয়া।
Ans. (a) এজন চীনা স্কুলীয় ছাত্র।
4. এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা–ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়৷ ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিবা নে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়?
উত্তৰ- নোৱাৰি৷ কাৰণ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ হ’লে অতি কমেও তিনিটা প্ৰজন্মৰ চৰিত্ৰৰ তথ্য প্ৰয়োজন হ’ব৷ অকল পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য্, ল’ৰা-ছোৱালীৰ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ পৰ্যাপ্ত নহয়৷
5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?
উত্তৰ- জীৱসমূহক চাৰিত্ৰিক বৈশিষ্টৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়৷ দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁতৰ পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়৷ পৰস্পৰ ওচৰ সম্পৰ্কীয় জীৱসমূহ একেটা পূৰ্বপুৰুষৰ পৰা বিবৰ্তন হয়৷
6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ যিবিলাক অংগৰ উৎপত্তি আৰু গঠন প্ৰায় একে, কিন্তু কাৰ্যৰ ফালৰপৰা ভিন্ন তেনেবোৰ অংগক সমসংস্থ অংগ বোলে। যেনে- ভেকুলীৰ আগ ঠেং, চৰাইৰ ডেউকা, বাদুলিৰ ডেউকা, বান্দৰৰ আগ ঠেং মানুহৰ হাত আদি।
যিবোৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ হলেও সেইবোৰে একে কাৰ্য সমাধা কৰে সেইবোৰ অংগক সমৰৃত্তি অংগ বোলে। যেনে- চৰাইৰ ডেউকা, পখিলাৰ পাখি আদি।
7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।
উত্তৰঃ এটা ৰঙা মতা কুকুৰ আৰু এটা বগা মাইকী কুকুৰৰ মাজত মিলন ঘটাবলৈ দিয়া হ’ল। এতিয়া পোৱালীবোৰৰ ৰং মন কৰা হ’ল। যদি পোৱালী ৰঙা ৰঙৰ হয় তেন্তে বগা ৰং সাপেক্ষে ৰঙা ৰং প্ৰভাৱী হব।
8. বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা।
উত্তৰঃ গেদীয় শিলাস্তৰৰ মাজে মাজে প্রাণী আৰু উদ্ভিদৰ অবশিষ্ট অংশক জীৱাশ্ম হিচাপে পোৱা যায়। বিভিন্ন যুগত উৎপন্ন হোৱা শিলৰ স্তৰবোৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহে প্ৰমাণ কৰি দিয়ে যে কিদৰে বিভিন্ন যুগত সৰল জীৱৰ পৰা জটিল জীৱৰ বিকাশ হৈছে। জীৱাশ্মবোৰ বয়স অনুসৰি সজাই নিলে, পৃথিৱীত যে বিৱৰ্তন ঘটিছে তাক সহজে বুজিব পাৰি। জীৱাশ্মবোৰৰ জ্ঞানে আমাক আদিমকালৰ পৰা বৰ্তমানলৈ জীৱৰ সূক্ষ্ম পৰিৱৰ্তন হৈ আজিৰ অৱস্থা পাইছে তাৰেই আভাস দিয়ে।
9. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?
উত্তৰঃ পৃথিৱীত জীৱৰ জন্ম সৰল অজৈব অণুৰ পৰাই আৰম্ভ হৈ পিছৰ জীৱনত প্ৰয়োজনীয় জৈব অণুলৈ ৰূপান্তৰিত হৈছিল। ৰাসায়নিক সংশ্লেষণৰ ফলত আদিম যুগত জীৱ সৃষ্টি হৈছিল। এমনিয়া, মিথেন আৰু হাইড্ৰজেন ছালফাইড পানীত (100°C উষ্ণতাত) ৰাখি তাৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হৈ যাবলৈ দিয়াত মিথেন প্ৰায় 15% কাৰ্বনৰ সৰল অণু এমিন এছিডলৈ ৰূপান্তৰিত হয় আৰু প্রটিন অণু গঠন কৰে। ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে, জীৱৰ উৎপত্তি অজৈৱ অণুৰ পৰাই হৈছিল। এইদৰে শকৰা, প্ৰটিন নিউক্লিক এছিড আদি জৈবযৌগৰ সংমিশ্ৰণ আদি ভাইৰাচৰ নিচিনা নিউক্লিয় প্ৰটিন কণিকাৰ সৃষ্টি হয়।
10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ- অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননে বেছি কাৰ্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে। কাৰণ যৌন প্ৰজননত দুজন ভিন্ন ব্যক্তি জড়িত হৈ থাকে। সেয়ে এনে দুজন ব্যক্তিৰ জননকোষ দুটা যেতিয়া যোজিত হয়, তেতিয়া দুটা ভিন্ন শৈলীৰ প্ৰকাৰণৰ সংমিশ্ৰণ ঘটে। এনেকৈ অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয়।
জীৱৰ বিৱৰ্তনত যৌন প্ৰজননে প্ৰভাৱ পেলায়। কাৰণ যৌন প্ৰজননে অপত্য জীৱত প্ৰকৰণৰ সৃষ্টি কৰে। বহুবছৰ ধৰি এই প্ৰকৰণ সঞ্চিত হোৱাৰ ফলত জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হয় আৰু এসময়ত সিহঁত নতুন প্ৰজাতি হিচাপে আত্মপ্ৰকাশ কৰে।
11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?
উত্তৰঃ মানুহৰ সকলোবোৰ ক্ৰম’জ’ম যোৰ নাপাতে। বেছিভাগ ক্রম’জ’মেই মাতৃ অথবা পিতৃদেহৰ পৰা অহা। মানুহৰ ক্ষেত্ৰত তেনেকুৱা ২৩ যোৰ ক্ৰম’জ’ম থাকে। ইয়াৰে আধা পিতৃৰ ফালৰ আৰু বাকী আধা মাতৃৰ ফালৰ পৰা অহা। কিন্তু ইয়াৰে ভিতৰত মাত্ৰ এযোৰ ক্ৰম’জ’মক যৌন ক্ৰম’জ’ম বুলি কোৱা হয়। যৌন মিলনৰ সময়ত শুক্রাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত যি অপত্য কোষৰ সৃষ্টি হয়, ইয়াত ২৩ ডাল ক্রম’জ’ম মাতৃদেহৰ পৰা আহে আৰু ২৩ ডাল পিতৃদেহৰ পৰা আহে। অৰ্থাৎ ল’ৰা-ছোৱালীৰ দেহত পিতৃ মাতৃৰ সমপৰিমাণে ক্রম’জ’ম পোৱা যায়।
12. “কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে”।এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?
উত্তৰঃ এই উক্তিৰ সৈতে একমত। কাৰণ, প্ৰকাৰণৰ দ্বাৰা জীৱই ইয়াৰ পাশ্বৱতী পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব পাৰে। উদাহৰণস্বৰূপে, যিবোৰ বেক্টেৰিয়াই প্ৰকৰণৰ জৰিয়তে তাপ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰে সেইবোৰে অতি বেছি তাপতো ই জীয়াই থাকিব পাৰে। গতিকে, জীৱই জীয়াই থাকিবলৈ হ’লে ভিন্নতাই যথেষ্ট সহায় কৰে।
Complete question-answer guide for Class 10 Science Chapter 9, ‘প্রাকৃতিক সম্পদ ব্যৱস্থাপনা,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 10 Science All Question Answer- Click Here
Class 10 Science Chapter 9| বংশগতি আৰু ক্ৰমবিকাশ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam