Class 10 Social Science Chapter 1 Geography অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ – সমাধান in Assamese Medium|| All Question Answer
অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ
Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ
ভূগোল খণ্ড
1. অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ উল্লেখ কৰা।
উত্তৰ: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ব লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।
সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলোধৰণৰ কথা আলোচনা কৰাই হল অর্থনেতিক ভূগোলৰ মূল বিষয়বস্তু।
অর্থনৈতিক ভূগোল প্রধান শাখাবোৰ হ’ল:
(ক) কৃষি ভূগোল।
(খ) ঔদ্যোগিক ভূগোল।
(গ) সম্পদ ভূগোল
(ঘ) পৰিবহণ ভূগোল।
(ঙ) বজাৰ ভূগোল।
(চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল।
(ছ) পর্যটন ভূগোল।
2. অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ: অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। অর্থনৈতিক ভূগোলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখা, পৰম্পৰাগত অর্থনৈতিক ভূগোল আৰু আধুনিক অর্থনৈতিক ভূগোলৰ অধীনত পাঁচটা বিশেষ প্রশ্নৰ ওপৰত প্রতিষ্ঠিত:
(ক) পৰম্পৰাগত অর্থনৈতিক ভূগোলৰ অন্তৰ্গত প্ৰশ্ন তিনিটা হৈছে-
- অর্থনৈতিক কার্যটো ক’ত অৱস্থিত? অৰ্থাৎ অৰ্থনৈতিক ভূগোলে অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্থান, পৰিৱেশ, পৰিস্থিতিবোৰৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।
- অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি? অৰ্থনৈতিক ভূগোলে আৰ্থিক কাম-কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰৰ বিষয়ে অধ্যয়ন কৰে ।
- অর্থনৈতিক কার্যটো অন্য কি কি পৰিঘটনাৰ সৈতে জড়িত? অৰ্থনৈতিক ভূগোলে ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰকৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যটোসমূহৰ পৰিঘটনাসমূহ আলোচনা কৰে।
(খ) আধুনিক অর্থনৈতিক ভূগোলৰ অন্তৰ্গত প্ৰশ্ন ২ টা হৈছে
- অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাতে কিয় হৈছে? অৰ্থনৈতিক কাৰ্য সমূহ অনুকূল পৰিৱেশত হৈছে নে প্ৰতিকূল ভৌগোলিক পৰিৱেশত হৈছে তাৰ বিৱৰণ অধ্যয়ন কৰে।
- অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাৰ পৰিৱর্তে আন ঠাইত হ’লে বেছি ভাল নহ’লহেঁতেন নে? অৰ্থনৈতিক ভূগোলৰ সুবিধাজনক স্থান আৰু পৰিৱেশত অৰ্থনৈতিক কাৰ্যসমূহৰ সুবিধা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰে।
লগতে অৰ্থনৈতিক ভূগোলে মানুহৰ চাৰি প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তি, অৰ্থনৈতিক ভূগোলৰ পদ্ধতি আৰু অৰ্থনৈতিক ভূগোলৰ শাখা প্রশাখা সমূহ বিতংকৈ আলোচনা কৰে।
3. মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?
উত্তৰ: পৃথিৱীত জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যৰে মানুহে দৈনন্দিন জীৱনৰ প্রয়োজনীয় উপাদানসমূহ আহৰণ কৰিবলৈ সম্পাদন কৰা বিভিন্ন কার্যকলাপসমূহক মানুহৰ অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয়। মানুহৰ বিভিন্ন অর্থনৈতিক কার্যকলাপ বা বৃত্তিসমূহ হৈছে:-
প্রাথমিক বৃত্তি – যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে- কৃষি কার্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
দ্বিতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে- শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।
তৃতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে- যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।
চতুর্থক বৃত্তি : যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে- বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ।
4. অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তুসমূহ হৈছে 一
কৃষি ভূগোল – অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা হৈছে কৃষি ভূগোল।ইয়াত কৃষি কার্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্রকাৰ, কৃষি কার্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
ঔদ্যোগিক ভূগোল- ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদ্যোগৰ প্রকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্রীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
সম্পদ ভূগোল – ইয়াত সম্পদৰ প্রকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
পৰিবহণ ভূগোল – ইয়াত পৰিবহণ ব্যৱস্থাৰ প্রকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে – ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্রৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
বজাৰ ভূগোল – ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্রকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।
পৰিকল্পনা আৰু উন্নয়ন ভূগোল – ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।
পর্যটন ভূগোল – ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্রকাৰ, পর্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
5. সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয়?
উত্তৰ – সম্পদ ভূগোল অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা কিয়নো সম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ বাখ্যা সম্ভৱ নহয়। সম্পদৰ প্রকাৰ, অঞ্চলভেদে সম্পদৰ বিতৰণ, সম্পদ উদ্ঘাটন ,সম্পদ আৰু মানুহৰ সম্পৰ্ক, সম্পদ উৎপাদনৰ লগত জড়িত কাৰক সমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আদি বিষয়ে বিস্তৃত ভাৱে অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদক ভূগোলৰ বাখ্যা এৰাই চলিব নোৱাৰি। ইয়াৰ উপৰিও, এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে।
6. সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।
সম্পদৰ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায় 一
(ক) কাৰ্যকাৰিতা- সম্পদ হবলৈ হলে কোনো এটা বস্তু বা সামগ্ৰীৰ কাৰ্যকাৰিতা গুণ থাকিব লাগিব অৰ্থাৎ বস্তু বা সামগ্ৰীটোৱে নিজৰ, আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ তাৰ কাৰ্যকাৰিতা গুণটো থাকিব লাগিব।
(খ) উপকাৰিতা – সম্পদ হ’বলৈ হ’লে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব পাৰিব লাগিব।
(গ) পৰিৱৰ্তনশীলতা – সম্পদৰ সদায় পৰিৱৰ্তন হৈ থাকে। আজি আমি যিটো সম্পদ ব্যৱহাৰ কৰি আছোঁ ভবিষ্যতে সেই একে সম্পদটো আমি ব্যৱহাৰ নকৰিব পাৰো বা আজি যিটো বস্তু আমি প্ৰকৃতি বুকুত পেলাই থৈছোঁ নিৰপেক্ষ সামগ্রি হিচাপে ভবিষ্যতে সেইটো সম্পদলৈ ৰূপান্তৰিত হবও পাৰে।
উদাৰণস্বৰূপে যেতিয়া লৈকে কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জনা নাছিল তেতিয়া লৈকে প্ৰকৃতিৰ বুকুত কয়লা পেট্ৰলিয়াম নিৰপেক্ষ সামগ্রি হিচাপে পৰি আছিল কিন্তু যেতিয়াই কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জানিলে তেতিয়া পৰা ই সম্পদলৈ ৰূপান্তৰিত হল। অৰ্থাৎ সম্পদ পৰিবৰ্তন হৈ থাকে।
7. সম্পদ পৰিৱৰ্তনশীল’- ব্যাখ্যা কৰা।
উত্তৰ: সম্পদ সদায় পৰিৱৰ্তন হৈ থাকে। আজি আমি যিটো সম্পদ ব্যৱহাৰ কৰি আছোঁ ভবিষ্যতে সেই একে সম্পদটো আমি ব্যৱহাৰ নকৰিব পাৰো বা আজি যিটো বস্তু আমি প্ৰকৃতি বুকুত পেলাই থৈছোঁ নিৰপেক্ষ সামগ্রি হিচাপে ভবিষ্যতে সেইটো সম্পদলৈ ৰূপান্তৰিত হবও পাৰে। উদাৰণস্বৰূপে যেতিয়া লৈকে কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জনা নাছিল তেতিয়া লৈকে প্ৰকৃতিৰ বুকুত কয়লা পেট্ৰলিয়াম নিৰপেক্ষ সামগ্রি হিচাপে পৰি আছিল কিন্তু যেতিয়াই কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জানিলে তেতিয়া পৰা ই সম্পদলৈ ৰূপান্তৰিত হল। অৰ্থাৎ সম্পদ পৰিবৰ্তন হৈ থাকে।
8. সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ- মানুহৰ জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হৈছে সম্পদ। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদবোৰ মানুহে নিজৰ শক্তি, বিদ্যা- বুদ্ধি আৰু কৌশল প্রয়োগ কৰি ব্যৱহাৰ কৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়োজন- খাদ্য, আশ্রয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে। কেৱল ব্যক্তিগত পৰ্যায়তে সম্পদৰ প্ৰয়োজন আছে তেনে নহয় , সম্পদৰ অবিহনে কোনাে এখন দেশেই উন্নতি কৰিব নােৱাৰে। উদ্যোগ , কৃষি, বেপাৰ – বাণিজ্যৰ বাবে খনিজ সম্পদ , কৃষি জাত সম্পদ, বনজ সম্পদ , মানৱ সম্পদ আদিৰ প্রয়োজন। কোনো এখন দেশ বা এটা জাতি যি অর্থনৈতিক দিশত উন্নতি হয় সেইটো কেৱল সম্ভৱ হয় সম্পদৰ সদ্ ব্যৱহাৰৰ ওপৰত। গতিকে সম্পদৰ প্ৰয়োজনীয়তাক আমি নুই কৰিব নোৱাৰো।
9. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত এক এৰাব নোৱৰা সম্পৰ্ক আছে। সম্পদৰ অবিহনে মানুহৰ উন্নয়ন যেনেকৈ সম্ভব নহয় তেনেদৰে মানুহৰ অবিহনে সম্পদৰো মূল্য নাই অৰ্থাৎ এটা আনটোৰ পৰিপূৰক।
সম্পদৰ সৈতে মানুহ দুই ধৰণে জড়িত হৈ থাকে। সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদ উপভোগকাৰী হিচাপে।
(ক) সম্পদৰ উৎপাদক হিচাপে: মানুহৰ বাবে প্রয়োজনীয় সৰহ সংখ্যক সম্পদ প্ৰকৃতিৰ বুকুত পোৱা যায় যদিও তাৰে বেছিভাগ সম্পদ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰ অনুপযোগী অৱস্থাত পোৱা যায়। এনেবোৰ সম্পদ মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰোপযোগী কৰি লয়।খনিজ সম্পদ বনজ সম্পদ , জলজ সম্পদ , কৃষি সম্পদ আদি মানুহৰ অবিহনে বিকাশ কৰা সম্ভৱ নহয়। গতিকে মানুহ হৈছে সকলো সম্পদৰ প্রধান ৰূপান্তৰক।
(খ) সম্পদ উপভোগকাৰী হিচাপে: মানুহ সম্পদৰ উপভোক্তা। মানুহে খাদ্য শস্য , কাপোৰ , খনিজ তেল আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু মানৱ – সৃষ্ট সামগ্রীবোৰ উপভোগ বা ব্যৱহাৰ কৰে। পানী, বায়ু , খাদ্য , বস্ত্র , বাসস্থান আদি প্রয়োজনীয় সম্পদৰ অবিহনে মানুহে স্বাভাৱিক জীৱন – যাপন কৰিব নোৱাৰে। পৃথিৱীত মানু্হৰ জীৱন – ধাৰণত সম্পদে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
10. সম্পদ আৰু বিজ্ঞান – প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
উত্তৰঃ সম্পদ আৰু বিজ্ঞান – প্রযুক্তিৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে । সম্পদ উৎঘাটন আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন হয়। সম্পদ আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজৰ সম্পৰ্ক তলত আলোচনা কৰা হল
(i) সম্পদৰ সৃষ্টিৰ মূলতে আছে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা । পৃথিৱীত উপলভ্য প্রায় সকলোবোৰ সম্পদৰ আৱিষ্কাৰৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক সহায় কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই পৃথিৱীত লুপ্ত আৰু অজ্ঞাত হৈ থাকিলহেঁতেন। উদাহৰণস্বৰূপে বিজ্ঞান – প্রযুক্তিৰ ব্যৱহাৰ ফলত বর্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূ – গর্ভৰ তলৰ পৰা আহৰণ কৰিব পাৰিছো নহলে এই সম্পদ সমূহ লুপ্ত অৱস্থাত থাকিল হেঁতেন।
(ii) বিজ্ঞান প্রযুক্তি উন্নয়নৰ ফলত মানুহে কৌশল আৰু শ্রম ব্যৱহাৰ কৰি সকলোধৰণৰ নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক সামগ্রী একোটা মূল্যবান সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিছে।
(iii) বিজ্ঞান আৰু প্রযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰত সহায় কৰিছে। বিজ্ঞানী আৰু গৱেষক সকলে পূর্বস্থিত সম্পদবোৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি এই সম্পদসমূহ অধিক উপযোগী কৰি তুলিছে। উদাহৰণস্বৰূপে বাঁহ এবিধ প্ৰাকৃতিক সম্পদ। প্রাচীন কালত মানুহে ইয়াৰ ব্যৱহাৰ জৰিয়তে ঘৰ বাৰী সাজিছিল, কৃষি,সজুঁলি তৈয়াৰ কৰিছিল অৰ্থাৎ দৈনন্দিন জীবন-যাত্ৰাত এই বাঁহে মানুহৰ প্ৰয়োজন পূৰণ কৰিছিল। কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই বাঁহৰ পৰা কাগজ তৈয়াৰ কৰিব পাৰিছে ঠিক তেনেদৰে কপাহৰ পৰা কাপোৰ, ইত্যাদি বহুতো সমগ্রী তৈয়াৰ কৰা মূলতে হল বিজ্ঞান প্ৰযুক্তি বিদ্যা।
11. উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।
উত্তৰঃ
(ক) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি সেই কেইটা হৈছে –
(i) প্ৰাকৃতিক সম্পদ- যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।যেনে – সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ-পদাৰ্থ, নদ-নদী আদি।
(ii) মানৱ সৃষ্ট সম্পদ- মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে। যেনে 一 ৰাস্তা-ঘাট, অট্টালিকা, দলং ইত্যাদি।
(iii) মানৱ সম্পদ- প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে 一 কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি।
খ) প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি 一
(i) জীৱীয় সম্পদ- প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰ হৈছে জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।
(ii) অজীৱীয় সম্পদ- প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে। মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ-পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।
গ) উপলব্ধতা আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদ সমূহক দুটা ভাগত ভাগ কৰিব পাৰি সেই কেইটা হৈছে –
(i) নৱীকৰণযোগ্য সম্পদ- পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।
(ii) অনৱীকৰণযোগ্য সম্পদঃ- যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।
(ঘ) মালিকীস্বত্বৰ ভিত্তি কৰি সম্পদক তিনিটা ভাগত বিভক্ত কৰিব পাৰি 一
i) ব্যক্তিগত সম্পদ- মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।
ii) জাতীয় সম্পদ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।।
iii) আন্তৰ্জাতিক সম্পদ – সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদ যেনে 一সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ বোলে।
Class 10 Social Science All Question Answer– Click Here
Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam