Assam Board Exam

Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ (Page 2)

Class 10 Social Science Chapter 1 Geography অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer (Page 2)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 1 (Geography) অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

ভূগোল খণ্ড

12. প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।

উত্তৰ – যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।

 উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি ।প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰকৃতিক সম্পদৰ বেছি সংখ্যকেই কল-কাৰখানা, উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো।

13. মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰ- মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা সম্পদবোৰক মানৱ-সৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে নিজৰ প্ৰয়োজন অনুসৰি নিজে ব্যৱহাৰ উপযোগী কৰি লয়। যেনে – ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে মানুহে লাস বিলাসৰ বাবে ন ন সম্পদ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, বাঁহৰ পৰা কাগজ; কপাহৰ পৰা কাপোৰ; খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰৱৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্রীবোৰকে মানৱ-সৃষ্ট সম্পদ বোলা হয়।

14. নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ:  নৱীকৰণযোগ্য সম্পদ – পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত  যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

অনৱীকৰণযোগ্য সম্পদ – যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।

15. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?

উত্তৰ: সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়।

সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কাৰক কেইটাৰ বিৱৰণ তলত উল্লেখ কৰা হল

(ক) সীমিত সম্পদ: প্রকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত। পৃথিৱীৰ কোনো দেশতেই সকলো সম্পদ উপলব্ধ নহয়। সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে। মানুহে বর্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই অনৱীকৰণযোগ্য। সেয়ে সীমিত সম্পদবোৰ দীর্ঘ দিন ধৰি ব্যৱহাৰোপযোগী কৰি ৰাখিবলৈ হ’লে সেইবোৰ পৰিকল্পিতভাৱে ব্যবহাৰ কৰিব লাগে।

(খ) বর্দ্ধিত জনসংখ্যা: জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্রয়োজনীয়তাও বাঢ়ি আহিছে। বর্দ্ধিত জনসংখ্যাই উপলব্ধ সম্পদ দ্রুতগতিত নিঃশেষ কৰে। সেয়ে পৰিকল্পিতভাৱে ব্যবহাৰ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগে।

(গ) বিপন্ন প্রজাতিৰ সংৰক্ষণ: বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্রদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে। পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুতো জন্তু যেনে-বাঘ, সিংহ, হাতী, গঁড় আদিৰ মুঠ সংখ্যা দ্রুতগতিত হ্রাস পাইছে। অসমৰ বহুতো মূল্যবান উদ্ভিদ প্রজাতি, যেনে- সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন আদি বিলুপ্তিৰ গৰাহত পৰিছে। তেনেদৰে, সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ আদি জন্তু বিপদাপন্ন হৈ পৰিছে। এনেধৰণৰ জীৱীয় সম্পদৰ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্রভাৱ পেলাব পাৰে। গতিকে, পৃথিৱীৰ জীৱীয় আৰু অজীৱীয় সম্পদ সমূহক বিবেচনাপূর্ণ ভাবে সংৰক্ষণ কৰাটো নিতান্তই জৰুৰী।

16. সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ- সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ’ল 

(ক) পুনৰাৱর্তন – সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিলে সম্পদৰ কেঁচা সামগ্রী সংৰক্ষণ হব।

(খ) অভিযোজন বা নবপ্রচলন – অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্রকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নবপ্রচলন প্রক্রিয়াৰ প্রয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

(গ) জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ – সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ অতি প্রয়োজন।সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা কৰাতো দৰকাৰী।

(ঘ) সংৰক্ষণ সম্পর্কীয় আইনৰ কার্যকৰীকৰণ – সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ন হ’ব লাগে।

(ঙ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন – সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

(চ) সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ – সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদঘাটনতো সহায়ক হ’ব।

17. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰ: দ্রুত জনসংখ্যা বৃদ্ধি, বর্তমান মজুত থকা সম্পদসমূহৰ অত্যধিক ব্যৱহাৰ, সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে কৰা ব্যবহাৰৰ ফলত হোৱা বর্ধিত পাৰিপার্শ্বিক সমস্যা আদিৰ পৰিণামস্বৰূপে বিশ্বৰ বহুতো গুৰুত্বপূর্ণ সম্পদ নিঃশেষ হ’বলৈ ধৰিছে। উপযুক্ত পৰিমাণৰ সম্পদৰ অবিহনে পৃথিৱীত জীবন যাপন কৰাটো যথেষ্ট কষ্টকৰ হৈ উঠাৰ লগতে কোনো দেশেই উন্নতি বা প্রগতি লাভ কৰিব নোৱাৰিব। সেয়েহে, মজুত সম্পদ সমূহৰ সংৰক্ষণ কৰাৰ লগতে সম্পদ সমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা পৰিবেশ প্রদূষণ হ্রাস কৰাৰ উদ্দেশ্যেৰে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রতিষ্ঠা হৈছে। এইক্ষেত্রত বিশেষভাৱে উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছেঃ

(ক) IUCN: IUCN ৰ সম্পূৰ্ণ অৰ্থ হৈছে International Union for Conservation of Nature। 1948 চনত UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যায়ন, গবেষণা আৰু প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰা।

(খ) পৰিবেশ, বন তথা জলবায়ু পৰিবৰ্তন মন্ত্রণালয়: ভাৰতত প্রাকৃতিক সম্পদ সমূহৰ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ, বন তথা জলবায়ু পৰিবৰ্তন মন্ত্রণালয়ৰ প্রতিষ্ঠা কৰা হৈছিল। প্রাকৃতিক সম্পদ সমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্রণালয়টো দায়বদ্ধ। এই মন্ত্রণালয়ৰ অংশ হিচাপে ১৯৮৬ চনত ভাৰতীয় বন গবেষণা আৰু শিক্ষা সংস্থা নামে এটা স্বতন্ত্র প্রতিষ্ঠান স্থাপন কৰা হয়।

(গ) বেচৰকাৰী প্রতিষ্ঠানসমূহ: ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বে-চৰকাৰী অনুষ্ঠান হ’ল বিজ্ঞান আৰু পৰিবেশ কেন্দ্র (চি এছই), গীনপিচ ইন্ডিয়া, ৱাইল্ড লাইফ স্ট্রাষ্ট অৱ ইণ্ডিয়া আদি। তদুপৰি, অসমতো অসম বিজ্ঞান সমিতি, আৰণ্য আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ, জৈৱ-বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে।

18. চমুটোকা লিখাঃ

(ক) সম্পদ – মানুহৰ জীৱন-ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেই কেইটা হ’ল- প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ আৰু মানৱ সম্পদ।  কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ  বৈশিষ্ট্য।

(খ) মানৱ সম্পদ – প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে- ডাক্তৰ, শ্ৰমিক, কৃষক,শিক্ষক ইত্যাদি।

(গ) সম্পত্তি – যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়। ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান তুলনামূলকভাবে সীমিত আৰু ইয়াক এজনৰপৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে ভূমি, ঘৰ-দুৱাৰ, যন্ত্র-পাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। কিয়নো ইয়াৰ বজাৰ মূল্য আছে।

(ঘ) নৱীকৰণযোগ্য সম্পদ – পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

(ঙ) ব্যক্তিগত সম্পদ – মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

(চ) জাতীয় সম্পদ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।।

(ছ) জীৱীয় সম্পদ – প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

(জ) সম্পদ সংৰক্ষণ – কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে।

(ঝ) সম্পদৰ পুনৰাৱর্তন – সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিলে সম্পদৰ কেঁচা সামগ্রী সংৰক্ষণ হব।

(ঞ) IUCN: IUCN ৰ সম্পূৰ্ণ অৰ্থ হৈছে International Union for Conservation of Nature । 1948 চনত UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যায়ন, গবেষণা আৰু প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰা।

19. পার্থক্য লিখাঃ

(ক) সম্পদ আৰু সম্পত্তি।

উত্তৰ মানুহৰ জীৱন-ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেই কেইটা হ’ল- প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ আৰু মানৱ সম্পদ।  কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ  বৈশিষ্ট্য ।

যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়। ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান তুলনামূলকভাবে সীমিত আৰু ইয়াক এজনৰপৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে ভূমি, ঘৰ-দুৱাৰ, যন্ত্র-পাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। কিয়নো  ইয়াৰ বজাৰ মূল্য আছে।

(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল।

উত্তৰঃ- অর্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ অন্তর্গত এটা প্রধান শাখা। মানৱ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্য-কলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

আনহাতে, সম্পদ ভূগোল হৈছে অর্থনৈতিক ভূগোলৰ এটা শাখা। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

(গ) সম্পদ আৰু নিষ্ক্ৰয় সামগ্রী  

উত্তৰ:  মানুহৰ জীৱন-ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেই কেইটা হ’ল- প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ আৰু মানৱ সম্পদ। কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ  বৈশিষ্ট্য।

            যিবোৰে সামগ্রীয়ে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিষ্ক্ৰিয় সামগ্ৰীহে আছিল।

(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ।

উত্তৰঃ-প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

আনহাতে, যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে।মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ-পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।

(ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ।

উত্তৰ: নৱীকৰণযোগ্য সম্পদ – পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

অনৱীকৰণযোগ্য সম্পদ – যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।

(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

উত্তৰ: ব্যক্তিগত সম্পদ – মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

জাতীয় সম্পদ: এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।

(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ

উত্তৰ: মানৱ-সৃষ্ট সম্পদ: মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা সম্পদ বোৰক মানৱ-সৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে নিজৰ প্ৰয়োজন অনুসৰি নিজে ব্যৱহাৰ উপযোগী কৰি লয়। যেনে – ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে মানুহে লাস বিলাসৰ বাবে ন ন সম্পদ সৃষ্টি কৰিছে।

মানৱ সম্পদ – প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে 一 কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি।

(জ) সম্পদৰ পুনৰাৱর্তন আৰু অভিযোজন

উত্তৰঃ- সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিব পাৰি

আনহাতে, অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক অভিযোজন বোলে।উদাহৰণস্বৰূপে; ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।

20. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?

  1. নদ-নদী            
  2. খনিজ তেল
  3. জলসিঞ্চন নলা 
  4. অৰণ্য

উত্তৰঃ- জলসিঞ্চন নলা।

(খ) তলৰ কোনটো অজীৱীয় সম্পদ?

  1. বায়ু                  
  2. গছ-গছনি
  3. জীৱ-জন্তু        
  4. ভেঁকুৰ

উত্তৰঃ- বায়ু।

(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?

  1. বায়ু                    
  2. পানী
  3. শস্য                  
  4. কয়লা

উত্তৰঃ- কয়লা।

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?

  1. এশিঙিয়া গঁড়    
  2. নল গাহৰি
  3. জিৰাফ             
  4. মিথুন

উত্তৰঃ- নল গাহৰি।

(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তর্গত?

  1. UNESCO       
  2. UNO
  3. WWF            
  4. UNEP

উত্তৰঃ- UNESCO.



Class 10 Social Science All Question AnswerClick Here


Class 10 Social Science Chapter 1 (Geography)­­­­­ অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment