পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science Chapter 2 (Geography) – as per the New Exam Pattern Complete MCQs in Assamese Medium
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা– Complete MCQs in Assamese Medium
দশম শ্ৰেণী
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
ভূগোল খণ্ড
৩১) ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা সমূহক কেই ধৰণে বিবেচনা কৰিব পাৰি?
(a) ৩ ধৰণে।
(b) ৫ ধৰণে।
(c) ৪ ধৰণে।
(d) ৬ ধৰণে।
উত্তৰ (a) ৩ ধৰণে।
৩২) তলৰ কোনটো পৰিৱেশৰ স্থানীয় সমস্যা?
(A) ক্ষুদ্র উদ্যোগ আৰু সীমিত ভূমি প্রদূষণ।
(B) অসমৰ বানপানী সমস্যা।
(C) গোলকীয় উত্তাপ।
(D) বিশাল উদ্যোগকি অঞ্চলৰ পানী প্রদূষণ।
উত্তৰ (A) ক্ষুদ্র উদ্যোগ আৰু সীমিত ভূমি প্রদূষণ।
৩৩) অসমৰ ব্ৰহ্মপুত্র নদীৰ ফলত হোৱা পাৰ খহনীয়া কেনেধৰণৰ পৰিৱেশিক সমস্যাৰ উদাহৰণ
(a) স্থানীয়
(b) আঞ্চলিক
(c) ৰাষ্ট্ৰীয়
(d) গোলকীয়
উত্তৰ (b) আঞ্চলিক
৩৪) গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে-
(ক) বায়ুমণ্ডলত নাইট্ৰ’জেনৰ উপস্থিতি বৃদ্ধি
(খ) বায়ুমণ্ডলত অক্সিজেনৰ উপস্থিতি বৃদ্ধি
(গ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ উপস্থিতি বৃদ্ধি
(ঘ) বায়ুমণ্ডলত মিথেনৰ উপস্থিতি বৃদ্ধি
উত্তৰ (গ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ উপস্থিতি বৃদ্ধি
৩৫) …….ৰ মতে পৰিৱেশ হৈছে মাটি, পানী, বায়ু আৰু জীৱৰ আন্তঃক্ৰিয়াৰ পৰিণতি।
(ক) কার্ল ৰিটাৰ
(খ) আর্নেল্ডো ফ’ষ্টিনি
(গ) ইমানুৱেল কাণ্ট
(ঘ) পিটাৰ হেগেট
উঃ (ঘ) পিটাৰ হেগেট
৩৬)’ Homo sapiens’ ৰ অৰ্থঃ
(ক) উদ্ভিদ
(খ) প্রাণী
(গ) মানুহ
(ঘ) মাটি
উঃ(গ) মানুহ
৩৭) তলৰ কোনটো এটা সেউজগৃহ গেছ?
(ক) কার্বন ডাই-অক্সাইড (CO₂)
(খ) মিথেন (CH)
(গ) নাইট্রাছ অক্সাইড (N₂O)
(ঘ) ইয়াৰ আটাইকেইটা
উঃ(ঘ) ইয়াৰ আটাইকেইটা
৩৮) ইয়াংছি নদী ত অৱস্থিত।
(ক) চীন দেশ
(খ) ভাৰত
(গ) আমেৰিকা
(ঘ) কানাডা
উঃ (ক) চীন দেশ
৩৯) ভূপৃষ্ঠৰ গেছীয় তৰপটোক…… বুলি কোৱা হয়।
(ক) বায়ুমণ্ডল
(খ) জীৱ মণ্ডল
(গ) স্থল মণ্ডল
(ঘ) এটাও নহয়
উত্তৰ (ক) বায়ুমণ্ডল
৪০) ভূপৃষ্ঠৰ জীৱ থকা অংশটোক ….. বুলি জনা যায়।
(ক) জীৱমণ্ডল
(খ) বায়ু মণ্ডল
(গ) জল মণ্ডল
(ঘ) এটাও নহয়
উত্তৰ (ক) জীৱমণ্ডল
৪১) মেৰু অঞ্চলৰ বৰফাবৃত এলেকাবোৰক কি নামেৰে জনা যায়?
উত্তৰ শীতল মৰুভূমি
৪২) ভাৰতৰ কোনটো অংশ বৃহৎভাবে মৰুকৰণৰ দ্বাৰা প্রভাৱিত হৈছে?
উত্তৰ ভাৰতৰ উত্তৰ-পশ্চিম অংশটো
৪৩) পৰিৱেশৰ উপাদান কেইটা কি কি?
উঃ ২ টা । জৈৱ উপাদান আৰু অজৈৱ উপাদান
৪৪) গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত কোনটো সেউজগৃহ গেছৰ অৱদান সর্বাধিক?
উত্তৰ কার্বন ডাই-অক্সাইড
৪৫) পৃথিৱীৰ পৰিৱেশ নিৰ্ধাৰণ কৰা প্ৰধান মণ্ডলকেইটা কি কি?
উত্তৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল।
৪৬) কেতিয়া এছিড বৰষুণৰ সৃষ্টি হয়?
উত্তৰ বায়ুমণ্ডলত নাইট্র ‘জেন ডাই-অক্সাইড আৰু ছালফাৰ ডাই-অক্সাইডৰ গাঢ়তা অধিক হ’লে এছিড বৰষুণৰ সৃষ্টি হয়।
৪৭) এছিড বৰষুণৰ দ্বাৰা অধিক মাত্ৰাত প্রভাৱিত কেইখনমান ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, পূব কানাডা আৰু পশ্চিম ইউৰোপ।
৪৮) মৰুকৰণত অৰিহণা আগবঢ়োৱা মানৱসৃষ্ট কাৰককেইটা কি কি?
উত্তৰ নিৰ্বনানীকৰণ, অত্যধিক পশুচাৰণ আৰু কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণ।
৪৯) ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত নাইৰোবিত মৰুকৰণৰ ওপৰত অনুষ্ঠিত সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো লিখা।
উত্তৰ ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত নাইৰোবিত মৰুকৰণৰ ওপৰত অনুষ্ঠিত সম্মিলনখনত মৰকৰণ আগবঢ়োৱা সংজ্ঞাটো হৈছিল “মৰকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট হৈ অৱশেষত মৰু সদৃশ অৱস্থাৰ সৃষ্টি হয়।”
৫০) এছিড বৰষুণৰ পৰা হোৱা ক্ষতিসমূহ উল্লেখ কৰা।
উঃ এছিড বৰষুণৰ পৰা হোৱা ক্ষতিসমূহ হ’লঃ
(i) ই অৰণ্য ধ্বংস কৰে।
(ii) জলাশয় আৰু নদীসমূহৰ পানী দূষিত কৰে।
(iii) জলজ উদ্ভিদ আৰু প্ৰাণীসমূহৰ বিলুপ্তি ঘটায়।
( iv) কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন কৰে।
৫১) সত্য নে অসত্য উল্লেখ কৰা
১। মৰুভূমি আৰু মৰুকৰণে একে অর্থ প্রকাশ কৰে।
উত্তৰ অসত্য
২) শেহতীয়া পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মূল কাৰণ হৈছে মানৱ কার্যকলাপসমূহ।
উত্তৰ সত্য
৩) ভূপৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ ৩০ শতাংশ বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূপৃষ্ঠই প্রতিফলিত কৰে।
উত্তৰ সত্য
৪) জীৱ-জগতৰ প্রতিটো জীৱ সমষ্টি বা সম্প্রদায়ে চাৰিওফালৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰ সত্য
৫) এটা আঞ্চলিক সমস্যাই একাধিক দেশক সামাৰিব পাৰে।
উত্তৰ সত্য
৬) মৰুকৰণৰ সমস্যা কেৱল উত্তৰ আমেৰিকাতহে আছে।
উত্তৰ অসত্য
৭) গোলকীয় সমস্যাৰ ব্যৱস্থাপনাত ব্যক্তিগত প্রয়াস আৱশ্যক হয়।
উত্তৰ অসত্য
৮) মৰুভূমিৰ পৰিৱেশ শুকান।
উত্তৰ সত্য
৯) প্রাকৃতিক কাৰকৰ পৰিপ্ৰেক্ষিতত বৰ্তমান উষ্ণতাৰ পৰিৱৰ্তন সাধন হৈছে।
উত্তৰ অসত্য
১০। আফ্ৰিকাৰ মুঠ শুষ্ক অঞ্চলৰ প্ৰায় ১৮ শতাংশ মৰকৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে।
উত্তৰ সত্য
Class 10 Social Science All Question Answer– Click Here
Class 10 Social Science Chapter 2 (Geography) পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam