Assam Board Exam

Class 10 Social Science Chapter 3 (Geography) পৃথিৱীৰ ভূগোল

Class 10 Social Science Chapter 3 Geography পৃথিৱীৰ ভূগোল­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science Chapter 3 (Geography) পৃথিৱীৰ ভূগোল- Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

পৃথিৱীৰ ভূগোল

ভূগোল খণ্ড

১) পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ-  পৃথিৱীৰ মুঠ মাটকালি হৈছে প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰে প্ৰায় ১৪৯ নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ প্ৰায় ২৯%স্থলমণ্ডলে আৰু ৩৬১নিযুত বৰ্গ কিলোমিটাৰ  অৰ্থাৎ ৭১% জলমণ্ডলে আগুৰি আছে।  পৃথিৱীৰ মুঠ মাটিকালিৰ ২৯%  ত আছে সাত খন কৈ মহাদেশ। সেইকেইখন হৈছে  এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা , ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা । আৰু প্ৰায় ৭১% মাটিকালিত আছে পাঁচ খনকৈ মহাসাগৰ। সেইকেইখন হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত। পৃথিৱীৰ জলমণ্ডলৰ  প্ৰায় ৫৭ শতাংশ দক্ষিণ গোলার্ধত অৱস্থিত। আনহাতে, স্থলভাগৰ ৬৭ শতাংশ উত্তৰ গোলার্ধত অবস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ৯০ শতাংশই উত্তৰ গোলার্ধত বাস কৰে।

২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?

উত্তৰ: মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া  আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হৈছিল। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোঁমাজেৰে পূৱা-পশ্চিমাকৈ ফাট মেলি এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ইয়াক টেথিছ সাগৰ  বোলা হৈছিল। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড  অথবা লৰেছিয়া  আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হৈছিল ।মধ্যজীৱীয় কল্পৰ সময়ত, অর্থাৎ আজিৰ পৰা ২৫০ নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেও পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল।

মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে, গণ্ডোৱানালেও বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অস্ট্রেলিয়া, এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।

৩। মহাসাগৰৰ তলিভাগৰ ভূ – অৱয়ৱ সম্পর্কে চমুকৈ লিখা।

উত্তৰ: পৃথিৱীৰ মুঠ মাটিকালিৰ ৭১%  জলভাগত ৫ খনকৈ মহাসাগৰে আগুৰি আছে। এই মহাসাগৰ কেইখনৰ ভূ -প্ৰকৃতি তেনেই অসমান। মহাসাগৰৰ তলিভাগত শৈলসিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাত আদিয়ে  মহাসাগৰৰ তলি ভাগ অসমান কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা ৪০০০ মিটাৰ। মহাসাগৰৰ পাৰ বা তীৰ  অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায়। মহাসাগৰৰ তলিত দেখিবলৈ পোৱা ভূ-অৱয়ববোৰ হৈছে  –  মহীসোপান, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলসিৰা, দ্বীপ আৰু গভীৰ সমুদ্ৰখাত।

উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ প্রায় ২০০ মিটাৰ পৰ্য্যন্ত থকা অংশকে মহীসোপান বোলে। মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ প্রায় ২০০০ মিটাৰ পৰ্য্যন্ত থকা অংশটোক মহীঢাল বোলা হয়। মহীঢালৰ পিছতেই সাগৰ-মহাসাগৰৰ মাজভাগত অতি গভীৰ ৪০০০ মিটাৰ গভীৰ পৰ্যন্ত থকা অংশ হৈছে সমুদ্ৰতলীয় দ্ৰোণী ।গড়ে ৮০০০ মিটাৰ পৰ্যন্ত থকা অংশ হৈছে গভীৰতম সমুদ্ৰখাত  আৰু অ’ত ত’ত সিঁচৰিত হৈ থকা সমুদ্ৰ পৃষ্ঠৰ ওপৰত শৈলসিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায়। সমুদ্র খাতসমূহৰ ভিতৰত প্রশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই পৃথিৱীৰ গভীৰতম খাত যাৰ গভীৰতা হৈছে ১১,০২২ মিটাৰ ।

৪) মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদিৰ পানীৰে আগুৰি থকা  অংশটোক জলমণ্ডল  বোলে আনহাতে সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশটোক স্থলমণ্ডল বোলে।

মহাদেশসমূহৰ বিতৰণঃ- স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে।

  1. স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশৰে গঠিত।
  2. দ্বিতীয়, অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ।
  3. তৃতীয়, অংশটোত অষ্ট্ৰেলিয়া আৰু  বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ।
  4. চতুৰ্থ, অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত।

মহাসাগৰসমূহৰ বিতৰণঃ-   পৃথিৱীৰ জলভাগত ৫ খন প্ৰধান মহাসাগৰ হৈছে – প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।

প্ৰশান্ত মহাসাগৰ 一 এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত।

  1. আটলান্টিক মহাসাগৰ 一 এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত।
  2. ভাৰত মহাসাগৰ 一 এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূৱত আৰু ওছেনিয়া  মহাদেশৰ পশ্চিমত অৱস্থিত।
  3. উত্তৰ মহাসাগৰ 一 উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত।
  4. দক্ষিণ মহাসাগৰ 一 দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত।

৫) পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: পৃথিৱীৰ মুঠ মাটকালিৰ ২৯% স্থলভাগে আগুৰি আছে। পৰ্বত, পাহাৰ, সমভূমি, মালভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলভাগৰ উপৰিভাগক অসমান কৰি ৰাখিছে। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত বিভিন্ন ভূ-অৱয়ব আছে সেইবোৰ হৈছে

ক) পৰ্বত-পাহাৰঃ- এছিয়াৰ হিমালয়, কাৰাকোৰম, টিয়েনচাং, আৰৱলী; ইউৰোপৰ ককেছাচ, আল্পছ; দক্ষিণ আমেৰিকাৰ  এণ্ডিজ; উত্তৰ আমেৰিকাৰ ৰকি; ওছেনিয়া মহাদেশৰ স্ন’ৱি পৰ্বতমালা আদি পৃথিৱীৰ উল্লেখযোগ্য পৰ্বত পাহাৰ।হিমালয় পৰ্বতত থকা মাউন্ট এভাৰেষ্ট (৮৮৪৮মিঃ) বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ।  দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পৰ্বতশ্ৰেণীৰ (৮০০০ কিঃমিঃ)  বিস্তৃতি বিশ্বৰ ভিতৰতে বেছি।

(খ) মালভূমিঃ- এছিয়াৰ পামিৰ, তিব্বত, চাইবেৰীয়া, মংগোলীয়, আৰৱ, ইৰাণ আৰু দাক্ষিণাত্য মালভূমি; দক্ষিণ আমেৰিকাৰ ইকৱেডৰ আৰু পাৰাণা-পেটাগণিয়া মালভূমি আৰু ওছেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া  আদি পৃথিৱীৰ প্ৰধান মালভূমি । পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি ।

গ) সমভূমিঃ- এছিয়া মহাদেশৰ সিন্ধু ,গংগা, ব্ৰহ্মপুত্ৰ , হোৱাংহো, ইৰাৱতী, মেকং, চিকিয়াঙ নদী উপত্যকা সমভূমি; ইউৰোপৰ ফ্ৰান্সৰ উপকূলৰ পৰা ইউৰাল পৰ্বত শ্ৰেণী পৰ্যন্ত সমভূমি; আফ্ৰিকা মহাদেশৰ কংগো, নাইজাৰ, লিম্পোপো, জাম্বেজি আদি নদী উপত্যকা সমভূমি অঞ্চল, উত্তৰ আমেৰিকাৰ উত্তৰৰ বিশাল উচ্চ সমভূমি অঞ্চল, উকূলীয় নিম্ন সমতলভূমি অঞ্চল, আমাজান, পাৰাণা, পাৰগুৱেৰে আদি নদীৰ বিস্তৃত সমভূমি অঞ্চল আৰু ওছেনিয়া মহাদেশৰ মূৰে আৰু ডাৰ্লিঙ নদীৰ সমভূমি অঞ্চলেই প্ৰধান।

৬) এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ: এছিয়া মহাদেশখন পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, মৰুভূমি, নদ-নদী, হ্ৰদ, দ্বীপ ইত্যাদি নানান ভূ-অৱয়বৰে গঠিত। বৈশিষ্ট্যপূৰ্ণ এই ভূ-অৱয়ববোৰে মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে। 

i) এছিয়া মহাদেশৰ পৰ্বতসমূহঃ- এছিয়া মহাদেশত হিমালয় পর্বতমালা, কাৰাকোৰাম পর্বতমালা, কুনলুন পর্বতমালা, আলটাইন পর্বতমালা, টিয়েনচান পর্বতমালা, আলটাই পৰ্বত, আৰাৱলী পর্বত, ইউৰাল ইত্যাদি অৱস্থিত ।এছিয়া মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট অৱস্থিত (উচ্চতা ৮৮৪৮ মিঃ), দ্বিতীয় উচ্চতম শৃংগ গড্উইন অষ্টিন (৮৬৬১ মিঃ) আৰু তৃতীয় উচ্চতম শৃংগ কাঞ্চন জংঘা (৮৫৮৬ মিঃ) অৱস্থিত।

ii) এছিয়া মহাদেশৰ মালভূমিসমূহঃ- এছিয়া মহাদেশৰ মালভূমিৰ সমূহ হৈছে তিব্বতমালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি। এই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পামিৰ মালভূমি অৱস্থান।

iii)  এছিয়া মহাদেশৰ নদ-নদীমূহঃ- মধ্য-দক্ষিণ অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা, পূৱ অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ-পূৱত থকা ইৰাৱতী, মেকং, গোদাৱৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি।

iv) এছিয়া মহাদেশৰ হ্ৰদসমূহঃ- এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে।সেইবোৰ হৈছে বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, লকটক ইত্যাদি। ইয়াৰ ভিতৰত বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ’ নিৰ্মল পানীৰ হ্ৰদ।

(v) এছিয়া মহাদেশৰ মৰুভূমিসমূহঃ- এছিয়া মহাদেশত উষ্ণ আৰু শীতল দুয়ো প্ৰকাৰৰ মৰুভূমি আছে। শীতল মৰুভূমিৰ ভিতৰত মংগোলীয়াৰ গোবি আৰু উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰৱৰ মৰুভূমিয়ে প্ৰধান।

৭। কাৰণ দর্শাই উত্তৰ লিখাঃ 

(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়?

উত্তৰঃ প্ৰাকৃতিক পৰিবেশৰ ভিন্নতাৰ  বাবে পৃথিৱীত জনসংখ্যাৰ বিতৰণ সকলো ঠাইতেই একে নহয়। পৃথিৱীৰ জলমণ্ডলৰ প্রায় ৫৭ শতাংশ জলভাগ দক্ষিণ গোলাৰ্ধতআছে  স্থলমণ্ডলৰ প্রায় ৬৭ শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত। অর্থাৎ দক্ষিণ গোলাৰ্ধৰ তুলনাত উত্তৰ গোলাৰ্ধতস্থল মণ্ডলৰ উপস্থিতি যথেষ্ট পৰিমাণে বেছি। সেয়েহে , উত্তৰ গোলৰ্ধত  জনসংখ্যা দক্ষিণ গোলাৰ্ধতকৈ বেছি ।

উত্তৰ গোলাৰ্ধৰ জলবায়ুৰ মানুহৰ  জীৱন ধাৰণ বাবে অনুকূল । ইয়াৰ বিশাল সমভূমি অঞ্চল , অসংখ্য নদ – নদী , চহকী প্রাকৃতিক সম্পদ আদিয়ে ইয়াৰ জনসংখ্যা গাঁথনি বৃদ্ধি কৰিছে। কিন্তু দক্ষিণ গোলার্ধৰ বেছি ভাগ ঠাই পানীৰে আৱৰি থকা বাবে  মানুহ বসবাসৰ বাবে উপযোগী নহয়। সেইবাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে।

(খ) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি দেখা নাযায় কিয়?

উত্তৰঃ- পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এন্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে তাত ছমাহ একেৰাহে দিন আৰু ছমাহ একেৰাহে ৰাতি হৈ থাকে। উত্তাপ কম হোৱাৰ বাবে এন্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চল বছৰৰ বাৰ মাহে বৰফেৰে আবৃত্ত হৈ থাকে, সেয়ে তাত স্থায়ী বসতি দেখা নাযায়।

৮) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ

(ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?

উত্তৰঃ- ইউৰাল পৰ্বতমালা।

(খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক’ত অৱস্থিত?

উত্তৰঃ- এণ্ডিজ পৰ্বতমালা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমাংশত অৱস্থিত।

গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা।

উত্তৰঃ- বৃহত্তম মহাদেশ – এছিয়া

ক্ষুদ্ৰতম মহাদেশ 一 ওছেনিয়া মহাদেশ

ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?

উত্তৰঃ পৃথিৱীৰ দুখন মহাদেশত বিস্তৃত হৈ থকা দেশখন হৈছে ৰাছিয়া। ই এছিয়া আৰু ইউৰোপ দুয়োখন মহাদেশতে বিস্তৃত।

ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা।

উত্তৰঃ- বৃহত্তম দেশ – ৰাছিয়া।

          ক্ষুদ্ৰতম দেশ – ভেটিকান চিটি।

(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত?

উত্তৰঃ- ৰকি পৰ্বতমালা।

 ই মহাদেশখনৰ পশ্চিমফালৰ আলস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰা দক্ষিণাকৈ বিয়পি আছে।

(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?

উত্তৰঃ- চাহাৰা মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত।

জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূৱ দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা।

উত্তৰঃ- উত্তৰ দিশলৈ প্ৰবাহিত নদী – ওবি আৰু লেনা।

পূৱ দিশলৈ প্ৰবাহিত নদী – হোৱাংহো আৰু মেকং নদী।

ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।

উত্তৰঃ- পৰ্বতশ্ৰেণী – গ্ৰেট ডিভাইডিং ৰেঞ্জ।

নদী – ডাৰ্লিং নদী।

মৰুভূমি – গ্ৰেট ভিক্টোৰিয়া মৰুভূমি।

ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

উত্তৰঃ- ইটালী, ফ্ৰান্স আৰু গ্ৰীচ।

চমুটোকা লিখাঃ

ক) পেঞ্জিয়াঃ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া  আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হৈছিল। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোঁমাজেৰে পূৱা-পশ্চিমাকৈ ফাট মেলি এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ইয়াক টেথিছ সাগৰ  বোলা হৈছিল। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড  অথবা লৰেছিয়া  আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হৈছিল ।মধ্যজীৱীয় কল্পৰ সময়ত, অর্থাৎ আজিৰ পৰা ২৫০ নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেও পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল।

মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে, গণ্ডোৱানালেও বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অস্ট্রেলিয়া, এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।

(খ) উত্তৰ মহাসাগৰঃ- পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম  মহাসাগৰখন হৈছে উত্তৰ মহাসাগৰ। এই মহাসাগৰ খন প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি  বিয়পি আছে। উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। এই মহাসাগৰৰ তলিৰ গড় গভীৰতা ৩৫০০ মিটাৰ। এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে।

গ) ওছেনিয়া মহাদেশঃ- ওছেনিয়া হৈছে  বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ। ইয়াৰ মাটিকালি হৈছে প্ৰায় ৮ নিযুত বৰ্গ কিলোমিটাৰ। অৰ্থাৎ ই স্থলমণ্ডলৰ ৫.৪  শতাংশ অঞ্চল আগুৰিআছে। এই মহাদেশৰ উত্তৰে আছে দক্ষিণ-পূব এছিয়াৰ জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে আছে দক্ষিণ মহাসাগৰ; পূবে আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে আছে ভাৰত মহাসাগৰওছেনিয়া মহাদেশত সৰু ডাঙৰ ১৪ খন দেশ আছে। ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৩৮ নিযুত। ওছেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হ’ল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহতম দেশ ওছেনিয়া মহাদেশৰ মূল ভূ-খণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি। মূৰে, ডাৰ্লিং, বেলিয়াণ্ডো, ভিক্টোৰিয়া, ছোৱান আদি এই মহাদেশৰ প্ৰধান নদী। এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে – গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন, গিবছন ইত্যাদি।

ঘ) এছিয়া মহাদেশৰ নদ-নদীঃ- এছিয়া মহাদেশৰ নদ-নদীসমূহ হৈছে 一 দক্ষিণ -মধ্য অংশত থকা সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ,  উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা; পূৱ অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং; দক্ষিণ আৰু দক্ষিণ-পূৱত থকা ইৰাৱতী, মেকং, গোদাৱৰী, কৃষ্ণা, কাৱেৰী, নৰ্মদা ইত্যাদি। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে- মাজুলী আৰু উমানন্দ অৱস্থিত। তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে।

ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহঃ- আফ্ৰিকা মহাদেশত বহুতো হ্ৰদ দেখিবলৈ পোৱা যায়। সেই হ্ৰদসমূহ হৈছে – ভিক্টোৰিয়া, এলবাৰ্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেব’ৰা বাচ্চা, মালাৱি, টুকাৰ্না, কিভু, এব্বে ইত্যাদি।

(চ) ইউৰোপ মহাদেশৰ নদ-নদী:- ইউৰোপ মহাদেশৰ নদ নদীবোৰ   হৈছে – স্পেইনৰ এলব্রো , ফ্রান্সৰ ৰোণ আৰু ছেইন  , জার্মানীৰ ৰাইন আৰু এলবে , পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা , অষ্ট্রিয়া হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব , বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ , ইটালীৰ পো , গ্রেট ব্রিটেইনৰ থেমচ , ৰাছিয়াৰ ডন , ভল্গা আৰু ইউৰাল আদি।

(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চলঃ- উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হ’ল আপেলেছিয়ান উচ্চভূমি অঞ্চল। ই উত্তৰে নিউফাণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা লৈ বিস্তৃত হৈ আছে। ওখোৰা-মোখোৰা এই অঞ্চলটো পৰ্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত। সমগ্ৰ অঞ্চলটো অৰণ্যৰে ভৰপূৰ। এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ বিশাল ভাণ্ডাৰবোৰ  আছে।

জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহঃ- উত্তৰ আমেৰিকা মহাদেশত থকা  উল্লেখযোগ্য হ্ৰদকেইটা হৈছে – ছুপেৰিঅ’ৰ, হুৰ’ন, মিচিগান, এৰি, ওন্টেৰিঅ’, গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, গ্ৰেট ছল্ট।

১০) পাৰ্থক্য লিখাঃ

(ক) মহীসোপান আৰু মহীঢাল

উত্তৰ: মহীসোপান আৰু মহীঢাল মাজৰ পাৰ্থক্য সমূহ হল –

১) উপকূলৰ  চাৰিওকাষে থকা সাগৰ- মহাসাগৰৰ অগভীৰ অংশকে  মহীসোপান বোলে। আনহাতে, মহীসোপানৰ পিছৰ গভীৰ অংশক মহীঢাল বোলা হয়।

২) মহীসোপানৰ গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত আনহাতে, মহীঢালৰ গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত।

খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ

উত্তৰ: এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগৰ মাজৰ পাৰ্থক্য সমূহ হৈছে

১) এভাৰেষ্ট শৃংগ এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাত অৱস্থিত।        আনহাতে গডউইন অষ্টিন এছিয়া মহাদেশৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত।

২) এভাৰেষ্ট শৃংগৰ উচ্চতা হ’ল ৮,৮৪৮ মিটাৰ আনহাতে গডউইন অষ্টিন উচ্চতা হ’ল ৮,৬১১ মিটাৰ।

৩) এভাৰেষ্ট শৃংগ বিশ্বৰ সবাতোকৈ উচ্চতম শৃংগ। আনহাতে গডউইন অষ্টিন বিশ্বৰ ভিতৰত দ্বিতীয় উচ্চতম শৃংগ।

গ) ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ

উত্তৰ: ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশৰ মাজৰ পাৰ্থক্য সমূহ হৈছে –

ওছেনিয়া মহাদেশঃ- ওছেনিয়া হৈছে  বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ। ইয়াৰ মাটিকালি হৈছে প্ৰায় ৮ নিযুত বৰ্গ কিলোমিটাৰ। অৰ্থাৎ ই স্থলমণ্ডলৰ ৫.৪  শতাংশ অঞ্চল আগুৰিআছে।

এই মহাদেশৰ উত্তৰে আছে দক্ষিণ-পূব এছিয়াৰ জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে আছে দক্ষিণ মহাসাগৰ; পূবে আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে আছে ভাৰত মহাসাগৰ। ওছেনিয়া মহাদেশত সৰু ডাঙৰ ১৪ খন দেশ আছে। ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৩৮ নিযুত। ওছেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হ’ল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহতম দেশ ওছেনিয়া মহাদেশৰ মূল ভূ-খণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি। মূৰে, ডাৰ্লিং, বেলিয়াণ্ডো, ভিক্টোৰিয়া, ছোৱান আদি এই মহাদেশৰ প্ৰধান নদী। এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে – গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন, গিবছন ইত্যাদি।

এন্টাৰ্কটিকা মহাদেশ- দক্ষিণ মেৰুত অৱস্থিত এই মহাদেশ খনৰ চাৰিওফালে বৰফৰে আৱৰা বাবে ইয়াত কোনো স্থায়ী জনবসতি নাই।

ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি

উত্তৰ: গোবি মৰুভূমি আৰু আটাকামা মৰুভূমিৰ মাজৰ পাৰ্থক্য সমূহ হৈছে-

১) গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত আনহাতে এখন শীতল মৰুভূমি, দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।

২) গোবি মৰুভূমি এখন শীতল মৰুভূমি, আনহাতে এখন উষ্ণ মৰুভূমি।

১১) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?

(১) প্ৰশান্ত মহাসাগৰ

(২) ভাৰত মহাসাগৰ

(৩) আটলাণ্টিক মহাসাগৰ

(৪) দক্ষিণ মহাসাগৰ

উত্তৰঃ- (৩) আটলাণ্টিক মহাসাগৰ।

(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?

(১) উত্তৰ আমেৰিকা মহাদেশ

(২) ইউৰোপ মহাদেশ

(৩) এন্টাৰ্কটিকা মহাদেশ

(৪) ওছেনিয়া মহাদেশ

উত্তৰঃ- (৪) ওছেনিয়া মহাদেশ।

(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?

(১) আটলাণ্টিক মহাসাগৰ

(২) উত্তৰ মহাসাগৰ

(৩) প্ৰশান্ত মহাসাগৰ

(৪) ভাৰত মহাসাগৰ

উত্তৰঃ- (১) আটলাণ্টিক মহাসাগৰ।

(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?

(১) ভূমধ্য সাগৰ

(২) লোহিত সাগৰ

(৩) কাম্পিয়ান সাগৰ

(৪) আৰব সাগৰ

উত্তৰঃ- (১) ভূমধ্য সাগৰ।

(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে?

(১) ইউৰাল পৰ্বতমালা

(২) ককেচাচ পৰ্বত

(৩) কাস্পিয়ান সাগৰ

(৪) ভল্গা নদী

উত্তৰঃ- (১) ইউৰাল পৰ্বতমালা।

(চ) ‘ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত?

(১) উত্তৰ আমেৰিকা

(২) দক্ষিণ আমেৰিকা

(৩) আফ্ৰিকা

(৪) এছিয়া

উত্তৰঃ- (২) দক্ষিণ আমেৰিকা।

(ছ) ব্ৰাজিলৰ ৰাজধানী কি?

(১) ৰিও ডি জেনেইৰো

(২) চাও পাওলো

(৩) ব্ৰাচিলিয়া

(৪) লিমা

উত্তৰঃ- (৩) ব্ৰাচিলিয়া।


Class 10 Social Science All Question AnswerClick Here


Class 10 Social Science Chapter 3 (Geography)­­­­­পৃথিৱীৰ ভূগোল– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment