Class 10 Social Science Chapter 4 (History) ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ– সমাধান in Assamese Medium|| All Question Answer
ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
Class 10 Social Science Chapter 4 ( History) ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
ইতিহাস খণ্ড
ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
অতি চমু উত্তৰৰ প্রশ্ন :
১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰঃ- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।
২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?
উত্তৰঃ- ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ- ১৮৩৭ চনৰ পৰা।
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ- ১৮৭৩ চনত।
৫। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?
উত্তৰঃ- মিলন।
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰঃ- ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল মাটিৰ খাজনা হ্রাস কৰা, গ্রেজিং কৰ বন্ধ কৰা আৰু পূর্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰঃ- ১৯৩৩ চনৰ ৮ এপ্ৰিল।
৮। আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰঃ- পদ্মনাথ গোঁহাইবৰুৱা।
৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰঃ- ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।
১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰঃ- সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।
১১। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
উত্তৰঃ- বিষ্ণুৰাম মেধি।
১২। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?
উত্তৰঃ- গোপীনাথ বৰদলৈ, ১৯৪৬ চনত।
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰঃ- সৰুপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত।
১৪। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ- ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।
১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
উত্তৰঃ- ১৯৪৭ চনৰ ৩ নৱেম্বৰ।
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰঃ- ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ।
চম উত্তৰৰ প্ৰশ্ন:
১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটীৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ অর্থে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল। ইয়াৰফলত দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ প্রথমটি সংগঠন কলিকতাত গঠন হৈছিল। এই অনুষ্ঠানৰ প্রধান উদ্দেশ্য আছিল সাহিত্যচর্চা। ১৮৭২ চনত এই সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটীৰ তৰফৰপৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নর্থব্রুকক এখন স্মাৰক-পত্র দাখিল কৰিছিল। সেই স্মাৰক-পত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্রিয় হৈ আছিল।
২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া।
উত্তৰ: অঃ ভাঃ উঃ সাঃ সভাই প্রকাশ কৰা জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল। অৰুণোদইৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্র কুমাৰ আগৰৱালা। জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক প্রতিভাৱান লোকক উলিয়াই আনিবলৈ সক্ষম হৈছিল।ই ৰাজনৈতিক ক্ষেত্রৰ লগত জড়িত হোৱা নাছিল বৰং সাহিত্য জগতৰ উন্নয়নৰ মূল উদ্দেশ্যতে নিৱিষ্ট আছিল। হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্রকুমাৰ আগৰৱালা আদি বিশিষ্ট লেখকসকলে এই আলোচনীৰ ভৱিতব্য পৰিচালনা কৰিছিল। এই তিনিজন ব্যক্তিক জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয়। অন্যান্য বিশিষ্ট লেখকসকল আছিল কনকলাল বৰুৱা, কমলাকান্ত ভট্টাচার্য অম্বিকাগিৰী ৰায়চৌধুৰী। এই আলোচনীয়ে অসমত সাংস্কৃতিক আৰু সামাজিক সচেতনতা উন্মেষ কৰিবলৈও সক্ষম হৈছিল। জোনাকী আলোচনীয়ে প্রভাৱ বিস্তাৰ কৰা এই সময়ছোৱাক জোনাকী যুগ বুলি অভিহিত কৰা হৈছিল। জোনাকী আলোচনীয়ে ব্ৰিটিছ শাসন কালত অসমৰ থলুৱা উদ্যোগ আৰু ব্যৱসায়-বাণিজ্যৰ অবনতি সম্পৰ্কে আৰু অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ উজ্জীৱিতকৰণ সম্পর্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছিল।
৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভা প্রতিষ্ঠা কৰা হৈছিল।আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল।কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কার্য আছিল।আহোম জনগোষ্ঠীৰ মাজৰপৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই অহোপুৰুষাৰ্থ কৰিছিল। ১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ’চিয়েছন নাম দিয়া হয়। এই এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল। আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধান সভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা। এই উদ্দেশ্যে ১৯৩০ আৰু ৪০ দশক দুটাত আহোম সভাই সক্ৰিয়ভাৱে দাবী তুলিছিল।
৪। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰঃ- আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হৈছে 一
(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল।
(ii) আছাম এছ’চিয়েছনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল।
(iii) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
(iv) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেইহে আছাম এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
v) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৱ বংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত আছাম এছ’চিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল।
vi) ১৯১৮ চনত মন্টোগ’- ছেমছফ’ৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল।
(vii) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল।
৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা
উত্তৰ: 1920 চনত মহাত্মা গান্ধীৰ, নেতৃত্বত সমগ্ৰ ভাৰততে অসহযোগ আন্দোলন আৰম্ভ হৈছিল। আন্দোলন চলি থকা সময়তে 1921 চনত গান্ধীয়ে অসমলৈ অহাৰ পাছত অসমত বিদেশী সামগ্রী বর্জন কাৰ্যই সাকাৰ ৰূপ ধাৰন কৰিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্তু বর্জন আন্দোলনত অংশগ্রহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল। চন্দ্রনাম শর্মা, হেমচন্দ্র বৰুৱা, অমিয় কুমাৰ দাস আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বর্জন কৰি এই আন্দোলনত অংশগ্রহণ কৰিছিল। সেই সকলৰ ভিতৰত লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, তিলক শর্মা, বেণুধৰ শর্মা আদি। ছাত্ৰ সকলক অনুসৰণ কৰি নবীন চন্দ্র বৰদলৈ, কুলধৰ চলিহা, তৰুণ ৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত যোগদান কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও নিজৰ দায়িত্ব এৰি দিছিল। বিভিন্ন ঠাই যেনে নলবাৰী, গুৱাহাটী, যোৰহাট আদিত জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল।
এই আন্দোলনৰ আন এক উল্লেখযোগ্য প্রভাৱ আছিল কানিৰ প্রচলন বন্ধ । কানি বিক্ৰীৰ দ্বাৰা আর্জিত ৰাজহৰ পৰিমাণ হ্রাস পাই 19 লাখ টকা হৈছিল। এই আন্দোলনৰ আন এক উল্লেখযোগ্য গঠনমূলক কাম আছিল- খাদীৰ প্রচলন জনপ্রিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্রচুৰ সমর্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বাগিচাৰ বণুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিবেশিক শোষনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল । 1921 চনৰ মে মাহত কৰিমগঞ্জ মহকুমাৰ অন্তর্গত চৰগোলা আৰু লংগাই উপত্যকাৰ 13 খন চাহ বাগিচাৰ প্রায় ৪০০০ হেজাৰ বনুৱাই কংগ্রেছৰ নেতৃত্বত একেলগ হৈ তেওঁলোকৰ ঔপনিবেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। মহিলা সকলেও এই ক্ষেত্রত সক্রিয় ভূমিকা লৈ আন্দোলন সফল কৰাত অৰিহনা যোগাইছিল।
৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।
উত্তৰ: 1930 চনৰ আইন অমান্য আন্দোলনে অসমতো প্রভাৱ বিস্তাৰ কৰিছিল। আন্দোলনৰ কার্যসূচী হিচাপে অসমৰ ছাত্র সকলে শিক্ষানুষ্ঠান বর্জন কৰিছিল। সেই সময়তে জে. আৰ কানিংহামে 1930 চনত কানিংহাম চার্কুলাৰ নামেৰে এখন আইন প্রনয়ন কৰিছিল। এই চার্কুলাৰ মতে, ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্র বৃত্তিৰ পৰা বঞ্চিত কৰা হব বুলি জাননীত প্রকাশ কৰা হৈছিল । ছাত্রসকলে এই অপমানজনক নির্দেশনাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহনা যোগাইছিল।
৭। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ: 1946 চনৰ 11 ফেব্রুৱাবীত গোপীনাথ বৰদলৈয়ে চৰকাৰ গঠন কৰিছিল । প্রধানমন্ত্রী বৰদলৈৰ মন্ত্রীসভাৰ আন আন সদস্যসকল আছিল বসন্তকুমাৰ দাস, বিষ্ণুৰাম মেধি, ৰামনাথ দাস আদি ভাৰতৰ স্বাধীনতাৰ প্রাকমুহূর্তত অসমৰ আন্তঃগাঁথনি দুর্বল আছিল স্বাধীনতাৰ ঠিক পিছতেই উত্তৰ-পূর্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হবলগা হৈছিল । 1947 চনৰ দেশ বিভাজনে ভাৰতবর্ষৰ আন আন অঞ্চলৰ লগতে উত্তৰ-পূব ভাৰতৰ যোগাযোগ, বিঘ্নিত কৰিছিল। বিভাজনৰ পিছত আন্তর্জাতিক পর্যায়ৰ অর্থনীতিৰ বিসর্জন দি প্রত্যেকেই নিজ নিজ জাতীয় অর্থনীতি গঠনত মনোনিৱেশ কৰিছিল।
অর্থনৈতিক বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰি উত্তৰ-পূব ভাৰতে অনুপ্রৱেশকাৰীৰ সমস্যা আৰু ভৌগলিক পুনৰ গঠনৰ সমস্যাৰো সম্মুখীন হৈছিল । 1962 চনৰ চীনৰ ভাৰত আক্রমণে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ প্রতিও প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল।
এনে এক ৰাজনৈতিক, ভৌগলিক আৰু অর্থনৈতিকভাবে জুৰুলা হৈ পৰা অসম তথা উত্তৰ-পূব ভাৰতৰ সামগ্রিক আর্থ-সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতেই আন্তঃ গাথনি নির্মাণত চৰকাৰে মনোনিৱেশ কৰিছিল। আন্তঃগাথনিৰ লগতে মানৱ সম্পদৰ বিকাশ আছিল মন্ত্রীসভাৰ আন এক লক্ষ্য । এই মন্ত্রীসভাৰ নেতৃত্বত গঢ়ি উঠা কেতবোৰ অনুষ্ঠান হ’ল- অসম কৃষি বিশ্ববিদ্যালয়, গৌহাটী বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আদি।
৮। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ: ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গবেষণা কেন্দ্ৰৰ প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি। যদিও এই কেন্দ্রসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিধ্যালয়খন নগাঁৱৰপৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়।
অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্র আৰু প্রথম বৃত্তিমুখী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ চমুকৈ তলত দিয়া হল –
ক) কৃষি খণ্ডত মানব সম্পদৰ বিকাশ।
খ) উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা।
গ) প্রযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা।
ঘ) কৃষিখণ্ডত প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা
ঙ) কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা।
৯। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰঃ- উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্রুগড়ত। ১৯০০ চনতে ডিব্রুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিবে ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড’ জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছার্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’ল’জী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাবে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
দীঘল উত্তৰৰ প্ৰশ্নঃ
১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে উনবিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্রেণীৰ জন্ম দিছিল। এই শ্রেণীৰ চেষ্টাত অসমত বহুতো সামাজিক তথা ৰাজনৈতিক সংগঠনৰ জন্ম হৈছিল। যিবোৰ সংগঠনে অসমৰ সামাজিক, সাংস্কৃতিক ৰাজনৈতিক আদি সকলো দিশৰ উন্নতিৰ কাৰণে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল।
বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্রয়োজনীয়তা মর্মে মর্মে অনুভৱ কৰিছিল। সেই উদ্দেশ্যেৰে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা গঠিত হৈছিল। ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্র হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী। এই সভাই অমসীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। তদুপৰি, সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে হাতত লৈছিল। এই সভাৰ প্রচেষ্টাতে চৰকাৰে হেমচন্দ্র বৰুৱাৰ অত্যুৎকৃষ্ট কৃতি’ হেমকোষ’ প্রকাশৰ কাম হাতত লৈছিল।
আঃ ভাঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আৰু ভাষা সম্পর্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্রমান্বয়ে অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ শাখা প্রতিষ্ঠাৰ বাবে প্রচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি ক’হিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অঃ ভাঃ উঃ সাঃ সভাৰ শাখা গঠনৰ বাবে অগ্রণী ভূমিকা লৈছিল চন্দ্র কুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত আলোচনী জোনাকীয়ে’ অসমত এক নতুন যুগৰ সূচনা কৰিছিল।
২। অসম ছাত্র সম্মিলনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: ১৯১৬ চনত অসম ছাত্র সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ ঘটনা। এই সন্মি প্রথম অধিবেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্র সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান- প্রদান কৰি এক সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্রথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্রিয়ভাবে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাবে অংশগ্রহণ কৰিছিল।
এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্রহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্রফুল্ল চন্দ্র বায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য। ছাত্র সন্মিলনৰ মুখপত্ৰ আছিল মিলন। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অবদান আগবঢ়াইছিল।
৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচার্য আদিয়ে মুখ্য ভূমিকা লৈছিল।
ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূর্ববংগৰপৰা হোৱা প্রব্রজন ৰোধ কৰা। অৱশ্যে ১৮৬১-১৮৯৩ চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমা, সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্রোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিল।
১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্রাদেশিক কংগ্রেছ সমিতিৰ তত্ত্বাৱধানত অসমত পুনৰ ৰায়ত সভা সক্রিয় হৈ পৰিছিল। এই সময়ছোৱাতে কংগ্রেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। নদুৱাৰ আৰু ছয়দুৱাৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল। পিছলৈ শিৱসাগৰ আৰু দৰঙতো বায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল। আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত বায়ত সভাই ৫০ শতাংশ ভূমি ৰাজহ হ্রাস কৰাৰ দাবী উত্থাপন কৰিছিল।
ৰায়ত সভাসমূহক অধিক সক্রিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্রীয় সমিতি- সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন কৰা হয়। ইয়াৰ প্ৰথম অধিৱেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্রিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। ১৯৩৪ চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয়খন অধিৱেশনত কমেও ৩০০০ কৃষকে অংশগ্রহণ কৰিছিল। এই অধিৱেশনৰ সভাপতি আছিল ডাঃ হৰেকৃষ্ণ দাস। ১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্রায় ৩০০খন ৰায়ত সভা আছিল। কংগ্রেছ মন্ত্রীসভা গঠন হোৱাত ১৯৩৯ চনৰপৰা ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ আহিছিল আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহ সামৰি লৈছিল।
৪) যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সম্পর্কে লিখা।
উত্তৰ: ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজানিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু প্রতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা।
জগন্নাথ বৰুৱাৰ আশাশুধীয়া প্রচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল:
(১) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা
(২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু
(৩) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।
যদিও এই সভাই প্রত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্রিয়ভাৱে মাত মাতিছিল। এই ক্ষেত্রত সভাই গ্রহণ কৰা কেইটামান উল্লেখযোগ্য কার্যাৱলী তলত উল্লেখ কৰা হ’ল:
১) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।
(২) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বর্ধিত কৰৰ বিৰোধ কৰিছিল।
(৩) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্র দাখিল কৰি অসমৰ পৰা কানিৰ প্রচলন ক্রমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল।
এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁলোকে পূর্ব বংগৰ সৈতে অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভবিষ্যৎ বিপদাপন্ন হ’ব বুলি মতামত আগবঢ়াইছিল। কিন্তু ১৯০৫ খ্রীষ্টাব্দৰ ১ নৱেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰে গুৱাহাটীত উপস্থিত হৈ বংগ ভংগই অসমৰ উপকাৰ কৰিব বুলি কোৱাত অসম এছোচিয়েচনৰ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সার্বজনিক সভাৰ সভাপতি জগন্নাথ বৰুৱাই বংগ ভংগবিৰোধী মনোভাব ত্যাগ কৰিছিল। সভাই এই নতুন প্রদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল। জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত সার্বজনিক সভা দুর্বল হৈ পৰিছিল যদিও ১৯২১ চনলৈকে ই কোনোমতে জীয়াই আছিল।
৫। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অবদান সম্পর্কে লিখা।
উত্তৰ: অসমৰ জনসাধাৰণৰ ইচ্ছা- আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্রভাতচন্দ্র বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপ-সভাপতি আৰু মাণিক চন্দ্র বৰুৱাক সম্পাদক হিচাপে নির্বাচন কৰা হৈছিল। আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্র হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্রত্যক্ষ আৰু সক্রিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূর্ণভাবে আৰু সাংবিধানিক আৰু প্রশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল।আছাম এছ’চিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হ’ল:
(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বর্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।
(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল।
(৩) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছচিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
বংগ বিভাজনৰ বিৰোধিতা কৰি এই সংগঠনে অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত চৰকাৰৰ ওচৰত স্মাৰক পত্র দাখিল কৰিছিল। এই সংগঠনে বিধানসভাত প্রতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। 1918 চনৰ মন্টে’গ’- ছেমছফড ৰিপোৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাৱী তুলিছিল । 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিন অসহযোগ আন্দোলনত এই সংগঠনে সক্রিয়ভাবে যোগদান কৰি স্বাধীনতা সংগ্রামত অৰিহণা যোগাইছিল।
৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ: ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰপৰা প্রতিনিধিসকলে প্ৰথমৰেপৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্রহণ কৰি আহিছিল।
আছাম এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশগ্রহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্রসৰ হৈছিল। তাৰ আপাহতে সংগঠনটোৰ একাংশ নেতা- কর্মীয়ে এছ’চিয়েছনক কংগ্রেছৰ প্রাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল, কিন্তু আন একাংশই তাৰ বিৰোধিতা কৰিছিল। কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কাম- কাজ তথা আর্হি-আঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্রেণীৰ একাংশক বাৰুকৈয়ে আকর্ষিত কৰিছিল। আছাম এছ’চিয়েছনক কংগ্রেছ সংগঠনলৈ ৰূপান্তৰিত কৰা উদ্দেশ্যৰে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত ১৮ এপ্রিল ১৯২১ চনত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাবে অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলে। উল্লেখযোগ্য যে ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্রেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনর্গঠনব প্রস্তাৱ গৃহীত হৈছিল। কংগ্রেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈয়ে উৎসাহিত কৰি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল।
অসম প্ৰদেশ কংগ্রেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত ১৯২১ চনত মহাত্মা গান্ধীক অসমত অহসযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল।ফলস্বৰূপে অসহযোগ আন্দোলন অসমত অতি সক্রিয় হৈ পৰিছিল।
বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শর্মা, মৌলানা তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰী আৰু আন আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। অসমত প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাবে নির্বাচিত হোৱা প্রথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। তেওঁ ১৯৩০ চনৰপৰা ১৯৩৯ চনলৈ সভাপতিৰ কাৰ্যভাৰ চলাইছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্রধানমন্ত্রী হিচাপে নির্বাচিত হৈছিল।
৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ: ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কার্যকৰী হোৱাৰ লগে লগে ‘পূর্ব বংগ আৰু অসম’ এখন লেফটেনেন্ট গৱৰ্ণৰ শাসিত প্রদেশ হয়। অসমৰ তদানীন্তন মুখ্য আযুক্ত ফুলাৰেই ‘পূর্ব বংগ আৰু অসম’ প্রদেশৰ লেফটেনেন্ট গৱৰ্ণৰ পদত অধিষ্ঠিত হয় আৰু একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হয়।
বংগ ভংগৰ বিৰুদ্ধে অসমৰ বিভিন্ন সংগঠনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী আদিয়ে অসমবাসীৰ মাজত বংগ- ভংগৰ বিৰুদ্ধে প্রচাৰ চলাইছিল।
স্বদেশী আন্দোলনৰ প্রতিক্রিয়া অসমলৈকো বিস্তাৰিত হৈছিল। বিশেষকৈ ব্রহ্মপুত্র উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্রভাৱ পৰিছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্তুৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্রই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্রোহাত্মক নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল। ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লবী সংগঠন গঢ়ি তুলিছিল। ১৯০৬ খ্রীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যামফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল। পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰীক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ ১৯১৪ খ্ৰীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দী ৰূপে থাকিব লগা হৈছিল। ব্রিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। যাৰ কাৰণে তেওঁ লোকে বিভিন্ন জনহিতকৰ কাম হাতত লৈছিল।
৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: 1920 চনত মহাত্মা গান্ধীৰ, নেতৃত্বত সমগ্ৰ ভাৰততে অসহযোগ আন্দোলন আৰম্ভ হৈছিল। আন্দোলন চলি থকা সময়তে 1921 চনত গান্ধীয়ে অসমলৈ অহাৰ পাছত অসমত বিদেশী সামগ্রী বর্জন কাৰ্যই সাকাৰ ৰূপ ধাৰন কৰিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্তু বর্জন আন্দোলনত অংশগ্রহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল। চন্দ্রনাম শর্মা, হেমচন্দ্র বৰুৱা, অমিয় কুমাৰ দাস আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বর্জন কৰি এই আন্দোলনত অংশগ্রহণ কৰিছিল। সেই সকলৰ ভিতৰত লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, তিলক শর্মা, বেণুধৰ শর্মা আদি। ছাত্ৰ সকলক অনুসৰণ কৰি নবীন চন্দ্র বৰদলৈ, কুলধৰ চলিহা, তৰুণ ৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত যোগদান কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও নিজৰ দায়িত্ব এৰি দিছিল। বিভিন্ন ঠাই যেনে নলবাৰী, গুৱাহাটী, যোৰহাট আদিত জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল।
এই আন্দোলনৰ আন এক উল্লেখযোগ্য প্রভাৱ আছিল কানিৰ প্রচলন বন্ধ । কানি বিক্ৰীৰ দ্বাৰা আর্জিত ৰাজহৰ পৰিমাণ হ্রাস পাই 19 লাখ টকা হৈছিল। এই আন্দোলনৰ আন এক উল্লেখযোগ্য গঠনমূলক কাম আছিল- খাদীৰ প্রচলন জনপ্রিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্রচুৰ সমর্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বাগিচাৰ বণুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিবেশিক শোষনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল । 1921 চনৰ মে মাহত কৰিমগঞ্জ মহকুমাৰ অন্তর্গত চৰগোলা আৰু লংগাই উপত্যকাৰ 13 খন চাহ বাগিচাৰ প্রায় ৪০০০ হেজাৰ বনুৱাই কংগ্রেছৰ নেতৃত্বত একেলগ হৈ তেওঁলোকৰ ঔপনিবেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। মহিলা সকলেও এই ক্ষেত্রত সক্রিয় ভূমিকা লৈ আন্দোলন সফল কৰাত অৰিহনা যোগাইছিল।
৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: আইন অমান্য আন্দোলন আছিল ভাৰতৰ স্বাধীনতা সংগ্রামৰ দ্বিতীয় পর্যায়। 1928 চনত পুনৰ সক্রিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে 1930 চনত আইন আমান্য আন্দোলনৰ আহ্বান জনায়। প্রশাসন ব্যবস্থাটোক অচল কৰিবলৈ নির্দিষ্ট আইন সমূহ অমান্য কৰাটোৱে ইয়াৰ উদ্দেশ্য আছিল।
অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্রহৰ প্রতি নিজৰ আনুগত্য প্রদর্শন কৰিছিল। অসমৰ হৈ লীলাধৰ বৰুৱাই দাণ্ডিৰ যাত্রাত অংশগ্রহণ কৰিছিল। কিন্তু লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্রত অসমত মতভেদ দেখা দিয়ে। অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্রস্তুত নহয়। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আইন অমান্য আন্দোলনলৈ কোনো উৎসাহ নাছিল। আনহাতে, বিষ্ণুৰাম মেধি, হেমচন্দ্র বৰুৱা, মহম্মদ তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি নিষ্ঠাবান কর্মীসকলে সীমিত অর্থনৈতিক পৰিসৰৰ মাজত সক্রিয়ভাবে সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছিল।
এই, নেতাসকলে সেই অস্থিৰ সময়ত কংগ্ৰেছক সুসংগঠিত কৰিছিল আৰু সাংগঠনিক কার্যত নেতৃত্ব দিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপ সমিতি গঠন কৰা হৈছিল। এই সমিতিসমূহৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বৰ্জন আৰু কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিকদে প্রতিবাদ কৰা।
অমিয় কুমাৰ দৰে যুৱ নেতাই ছাকসকলক আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু ছাত্রসকলৰ সহাৰি আছিল নিৰাশাজনক। 1930 চনৰ 14 এপ্ৰিলত নেহৰুক আৰু 5 মে’ত গান্ধীক গ্রেপ্তাৰ কৰাৰ প্রতিবাদত বৃহসংখ্যক ছাত্রই হৰতাল কার্যত অংশ গ্ৰহণ কৰিছিল। ব্রহ্মপুত্র উপত্যকাৰ ছাত্র সকলে প্ৰতিবাদৰ কাৰ্যস্বৰূপে তেওঁ লোকৰ শিক্ষানুষ্ঠান সমূহ বৰ্জন কৰিছিল। এই ছাত্ৰ সকলক আন্দোলনৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে সেই সময়তে জে, আৰ, কানিংহামেৱ 1930 চনত এখন চার্কুলাৰ জাৰি কৰিছিল।
১৯৩০ চনত জুলাই আৰু আগষ্ট মাহত ১৫১৮৬ জন মুঠ ছাত্রৰ প্রায় ৩১১৭ জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰা হৈছিল। ৫০ শতাংশ মাটিৰ খাজনা হ্রাসৰ দাবীৰে খেতিয়কসকলো আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল। ছাত্রসকলব এই আন্দোলন সুৰমা উপত্যকালৈও প্ৰসাৰিত হৈছিল।
১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। মহাত্মা গান্ধীয়ে এই আন্দোলনৰ সময়ছোৱাতে তেওঁৰ বিখ্যাত ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে ভাৰতীয়সকলক আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল । ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে জাতীয় আন্দোলনৰ অনুৰণন অসমতো হৈছিল।
ভাৰতৰ অন্যান্য প্রান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্রধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্রেছ কমিটি, জিলা কংগ্রেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফ্ৰাইত ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল।
সমগ্র দেশজুৰি প্ৰসাৰিত এই আন্দোলনক ব্ৰিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন কৰিবলৈ চেষ্টা কৰিছিল। শ শ নিৰপৰাধী মানুহ পুলিচৰ লাঠিচালনাত আহত হৈছিল আৰু যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছ নেতাসকলৰ বর্হিবিশ্বৰ সৈতে সকলো সম্পর্ক বন্ধ কৰি ৰখা হৈছিল। অসমতো এই আন্দোলন দমন কৰিবলৈ ব্রিটিছসকলে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নগাঁৱৰ বেবেজীয়া, বাৰপুজীয়া, বঢ়মপুৰ, জোঙালবলহু গড়, দৰঙৰ গহপুৰ, ঢেকিয়াজুলি, বৰপেটাৰ পাটাছাৰকুছি আৰু গোৱালপাৰাৰ ফকিৰাগ্রাম আদি ঠাইত পুলিচৰ গুলিচালনাত ন্যূনাধিক ২৭গৰাকী লোক ছহিদ হৈছিল। শ শ লোকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ ১৪ বছৰীয়া কনকলতা বৰুৱাও আছিল।
ভাৰত ত্যাগ আন্দোলন প্রকৃতার্থত এক গণ আন্দোলন আছিল। চৰকাৰে ৰাইজৰ অসামৰিক অধিকাৰ, বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খর্ব কৰিছিল। এনেধৰণৰ কঠোৰ নীতিৰ দ্বাৰা চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সক্ষম হৈছিল। কিন্তু জেলৰ বাহিৰত থকা কিছুসংখ্যক নেতাই আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল। আত্মগোপনকাৰী নেতাসকলৰ অন্যতম আছিল জয়প্রকাশ নাৰায়ণ, এছ এম যোশী, অৰুণা আছফ আলী, বামমনোহৰ লোহিয়া, সুচেতা কৃপালনী। অসমত আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্রনাথ হাজৰিকা, জ্যোতিপ্রসাদ আগৰৱালা, লক্ষ্মীপ্রসাদ গোস্বামী, ব্রজনাথ শৰ্মা আৰু গহনচন্দ্র গোস্বামীয়ে।
ব্রিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কর্মসূচী আছিল। অসমৰ বজালী, ঢকুৱাখনা, বহা, জামুগুৰি, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতাসকল জেল খাটি থকাৰ সময়তে ১৯৪৪ত ঔপনিৱেশিক চৰকাৰে সৰ্বশক্তি প্রয়োগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশাগ্রস্ত হৈছিল।
১১। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ: ফেব্ৰুৱাৰীত (১৯৪৬) চৰকাৰ গঠন কৰিছিল। প্রধানমন্ত্রী (পিছলৈ মুখ্যমন্ত্রী) বৰদলৈৰ মন্ত্রীসভাৰ আন আন সদস্যসকল আছিল- বসন্তকুমাৰ দাস, বিষ্ণুৰাম মেধি, জে নিকলছবয়, ৰামনাথ দাস, বৈদ্যনাথ মুখার্জী আৰু আব্দুল মতলিব মজুমদাৰ। ভাৰতৰ স্বাধীনতাৰ প্রাকমুহূর্তত অসমৰ আন্তঃগাঁথনি যথেষ্ট দুর্বল আছিল। স্বাধীনতাৰ ঠিক পিছতেই উত্তৰ- পূর্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অর্থনৈতিক সম্পর্ক বিঘ্নিত কৰিছিল। অর্থনৈতিক বিশৃংখলাব মুখামুখি হোৱাৰ উপৰি উত্তৰ-পূব ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ গঠনৰ সমস্যাৰো সম্মুখীন হৈছিল।
এনে এক ৰাজনৈতিক, ভৌগোলিক আৰু অর্থনৈতিকভাবে জুৰুলা হৈ পৰা অসম তথা উত্তৰ-পূব ভাৰতৰ সামগ্রিক আর্থ-সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতেই আন্তঃগাঁথনি নির্মাণত চৰকাৰে মনোনিবেশ কৰিছিল। আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ আছিল বৰদলৈ মন্ত্রীসভাৰ আন এক লক্ষ্য। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত গঢ়ি উঠা কিছু অনুষ্ঠানৰ বিষয়ে তলত সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ’ল।
i) অসম কৃষি বিশ্ববিদ্যালয়: ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গবেষণা কেন্দ্ৰৰ প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি। যদিও এই কেন্দ্রসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিধ্যালয়খন নগাঁৱৰপৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়।
অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্র আৰু প্রথম বৃত্তিমুখী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ চমুকৈ তলত দিয়া হ’ল –
ক) কৃষি খণ্ডত মানব সম্পদৰ বিকাশ।
খ) উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা।
গ) প্রযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা।
ঘ) কৃষিখণ্ডত প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা
ঙ) কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা।
ii) গুৱাহাটী বিশ্ববিদ্যালয়: গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্রথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। গুৱাহাটী অর্থাৎ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে এই অভিমত পোনতে প্রকাশ কৰিছিল ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছ’চিয়েছনৰ বাৰ্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। ইয়াৰ পৰৱৰ্তী কালত যাবতীয় তথ্য-পাতি সংগ্রহ আৰু এক উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে ১৯৪০ চনত সূৰ্য্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভাৰ দিনটোকে বিশ্ববিদ্যালয়খনৰ প্রতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত ১৭খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰপৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়।
iii) অসম চিকিৎসা মহাবিদ্যালয়: উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্রুগড়ত। ১৯০০ চনতে ডিব্রুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিবে ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড’ জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছার্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’ল’জী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাবে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
Class 10 Social Science All Question Answer- Click Here
Class 10 Social Science Chapter 4 ( History) ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam