Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল– সমাধান in Assamese Medium|| All Question Answer
অসমৰ ভূগোল
Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
অসমৰ ভূগোল
ভূগোল খণ্ড
১। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা।
উত্তৰঃ অসম ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ এক অতি উল্লেখযোগ্য ৰাজ্য। অসমৰ মুঠ মাটিকালি প্রায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ই ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্রায় ২.৪ শতাংশ আগুৰি আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ অৰ্থাৎ ভাৰতৰ মুঠ জনসংখ্যা ২.৬ শতাংশ লোকে অসমত বাস কৰে।
অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত ১৫৯.৩৯ লাখ পুৰুষ জনসংখ্যা আৰু ১৫২.৬৬ লাখ মহিলা জনসংখ্যা। ১৯০১ চনত অসমত জনসংখ্যাৰ ঘনত্ব আছিল প্রতি বর্গ কিলোমিটাৰত ৪২ জন ।স্বাধীনতাৰ পিছত অসমৰ জনসংখ্যা যথেষ্ট বৃদ্ধি পায় ২০১১ চনলৈ অসমৰ জন সংখ্যাৰ ঘনত্ব হল গৈ প্ৰতি বর্গ কিলোমিটাৰত ৩৯৮ জন । অসমৰ মুঠ জনসংখ্যাৰ প্রায় ৮৫ শতাংশ জনসংখ্যাই ব্রহ্মপুত্র উপত্যকাত বাস কৰে। ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ব্রহ্মপুত্র উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলো মিটাৰত প্ৰায় ১৫০২ জন। আনহাতে অসমৰ বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ১১% লোকে বসবাস কৰে।২০১১ চনৰ লোকপিয়লৰ তথ্য মতে বৰাক উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলো মিটাৰত প্ৰায় ৫৪৫ জন। অসমৰ পাৰ্বত্য অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩.৭৫ শতাংশ লোকে বসবাস কৰে।২০১১ চনৰ লোক পিয়লৰ মতে পাৰ্বত্য অঞ্চলটোৰ জন সংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৬৮ জন।
২) অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা।
উত্তৰ: অসমৰ জনসাধাৰণ লাহে লাহে সজাগ আৰু সচেতন হৈ ফলত অসমত প্ৰতিটো দশকত ক্ৰমান্বয়ে শিক্ষিতৰ হাৰ বৃদ্ধি পায় অহা দেখা গৈছে। ১৯৯১ চনৰ লোকপিয়লৰ মতে অসমৰ শিক্ষিত হাৰ আছিল ৫২.৮৯% । তাৰ পৰবৰ্তী দশকত অৰ্থাৎ ২০০১ চনৰ অসমৰ শিক্ষিতৰ হাৰ ৬৩.২৫% হল এনেদৰে ক্ৰমান্বয়ে শিক্ষিত হাৰ বৃদ্ধি পায় ২০১১ চনত হল গৈ ৭২.১৯%।
৩) ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
উত্তৰ: ২০১১ চনৰ তথ্য মতে অসমত ৭ প্ৰথম শ্ৰেণীৰ নগৰ আছে সেইকেইখন হল গুৱাহাটী,শিলচৰ,ডিব্ৰুগড়, যোৰহাট, নগাঁও,তিনিচুকীয়া আৰু তেজপুৰ।
৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে সেইকেইখন হল ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ, আৰু গোৱালপাৰা।
৪) ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: জনসংখ্যা পৰিৱৰ্তনশীল। জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন- এই তিনি প্রকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিবৰ্তনক সহায় কৰে। পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনবহুল দেশৰ ৰাজ্য অসমতো ভাৰতৰ অন্য ৰাজ্যৰ দৰে জনসংখ্যা বৃদ্ধি হৈছে। অসমৰ জনসংখ্যা বৃদ্ধি ধাৰা লক্ষ্য কৰিলে দেখা যায় যে ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ জন ই ভাৰতৰ মুঠ জসংখ্যাৰ ১.৩৮ শতাংশ। ১৯০১ পৰা প্ৰতিটো দশকতে জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ ১৯৪১ চনত জনসংখ্যা হয়গৈ ৬,৬৯৪,৭৯০ জন, ই ভাৰতৰ মুঠ জনসংখ্যাৰ ২.১০ শতাংশ। ইয়াৰ পৰা গম পোৱা গল যে ১৯০১ চনৰ পৰা ১৯৪১ চনলৈকে অসমৰ জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি হৈছে। কিন্তু স্বাধীনোত্তৰ কালত অৰ্থাৎ ১৯৫১ চনৰ পৰা সীমান্তৰ অঞ্চলৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত জন সংখ্যা দ্ৰুত গতিত বৃদ্ধি হৈ ১৯৫১ – ১৯৬১ দশকত অসমৰ জনসংখ্যাৰ হল গৈ ৩৪.৯৮ শতাংশ। কিন্তু ইয়াৰ পৰবৰ্তী দশকত কেইটাত জন সাধাৰণ সজাগ আৰু সচেতন ফলত জন্মৰ হাৰ কমি গৈছে আৰু বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনৰ সংখ্যা ৰোধ হোৱাৰ বাবে জনসংখ্যা বৃদ্ধি ক্রমশঃ নিম্নগামী হৈছে ২০০১ চনত জনসংখ্যা বৃদ্ধি হাৰ হৈছে ১৮.৯২ শতাংশ আৰু ২০১১ চনত জনসংখ্যাৰ বৃদ্ধি হাৰ হৈছে ১৭.০৭ শতাংশ।
৫। ভৌগলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালোচনা কৰা
উত্তৰ: অসমৰ জনসংখ্যাৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনৰ সকলো অঞ্চল বা ঠাইত জনসংখ্যাৰ বিতৰণ সমান নহয়। কোনো অঞ্চলত জনসংখ্যা বেছি অর্থাৎ জনবসতি ঘন আৰু কোনো অঞ্চলত জনসংখ্যা কম অর্থাৎ জনবসতি সেৰেঙা। অসমৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্রাকৃতিক পৰিৱেশ অনুসৰি ৰাজ্যখনৰ জনসংখ্যা বিতৰণ সকলো অঞ্চলতে সমান হোৱা নাই। সেয়ে অঞ্চলভেদে জনসংখ্যাৰ ঘনত্বও একে নহয়। সাধাৰণতে অসমৰ যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অর্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি অসমত সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে,অসমৰ যিবোৰ অঞ্চলত অনুকূল প্রাকৃতিক আৰু অর্থনৈতিক অৱস্থা বিৰাজ কৰিছে সেই বোৰ ঠাইত জনবসতি ঘন হয়।

অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটো সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকার্য্য আৰু যাতায়াত ব্যৱস্থা উন্নত বাবে তাত জনবসতি ঘন। সেয়েহে ব্রহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোকে বসবাস কৰে। আকৌ ব্রহ্মপুত্র উপত্যকাৰ ভিতৰত নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলটো জনসংখ্যাৰ বিতৰণ বেছি ইয়াত ব্রহ্মপুত্র উপত্যকাৰ প্ৰায় ৩৬% লোকে বাস কৰে আনহাতে ব্রহ্মপুত্র উপত্যকাৰ মধ্য অংশত ২৭% আৰু উজনি অংশত ২১% লোকে বসবাস কৰে।
আনহাতে, অসমৰ বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকৰ্ম আৰু যাতায়াতৰ বাবে সুচল হোৱাৰ কাৰণে এই অঞ্চলতো জনবসতি ঘন। অসমৰ মুঠ জনসংখ্যাৰ প্রায় ১১ শতাংশ লোকে বৰাক উপত্যকাত বাস কৰে।
প্ৰতিকূল ভূ প্রাকৃতিক অৱস্থাৰ বাবে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লোৱা পার্বত্য অঞ্চলটোৰ জন সংখ্যা বিতৰণ নিচেই কম। ইয়াত অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩.৭৫% লোকে বাস কৰে।
অসমৰ জিলাসমূহৰ ভিতৰত ২০১১ চনৰ লোকপিয়ল মতে নগাঁও জিলাৰ জন সংখ্যা বেছি আৰু কামৰূপ মেট্রোৰ জন সংখ্যাৰ ঘনত্ব বেছি। আনহাতে ডিমা হাছাও জিলা কম জনসংখ্যা আৰু কম জনসংখ্যা ঘনত্ব থকা জিলা।
৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ জনসংখ্যাৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনৰ সকলো অঞ্চল বা ঠাইত জনসংখ্যাৰ বিতৰণ সমান নহয়। কোনো অঞ্চলত জনসংখ্যা বেছি আৰু কোনো অঞ্চলত জনসংখ্যা কম । অসমৰ জনসংখ্যাৰ ভিন্নতাৰ প্ৰধান কাৰণ সমূহ হৈছে –
i) ভূ – প্রাকৃতিক তাৰতম্যতা- অসমৰ যিবোৰ অঞ্চলত সমতল ভূমি আছে তাত জনবসতি বিতৰণ বেছি আনহাতে অসমৰ যিবোৰ অঞ্চল পাহাৰীয়া সেইবোৰ অঞ্চলত জনবসতি বিতৰণ কম। উদাহণস্বৰূপে অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল আৰু বৰাক সমভূমি অঞ্চলত জনবসতি বিতৰণ বেছি। আনহাতে অসমৰ পাৰ্বত্য অঞ্চলটোৰ জনবসতিৰ বিতৰণ কম।
ii) পৰিবহণ তথা যোগাযোগ ব্যৱস্থাৰ – যিবোৰ অঞ্চলত সমতল ভূমি আছে তাত যাতায়ত পৰিবহণৰ বাবে উপযোগী । সুচল যাতায়ত ব্যৱস্থাৰ বাবে এনে অঞ্চলত জনবসতি বিতৰণ বেছি আনহাতে পাহাৰীয়া অঞ্চলত যাতায়ত পৰিবহণ ব্যৱস্থা বাবে উপযোগী নহয় সেইবাবে তাত জনবসতি বিতৰণ কম। উদাহণস্বৰূপে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অঞ্চলটোৰ যাতায়ত পৰিবহণৰ ব্যৱস্থা উন্নত বাবে তাত জনসংখ্যাৰ বিতৰণ বেছি আনহাতে পাৰ্বত্য অঞ্চলটো যাতায়ত পৰিবহণৰ ব্যৱস্থা উন্নত নহয় বাবে তাত জনসংখ্যাৰ বিতৰণ কম।
iii) সাৰুৱা মাটি- যিবোৰ অঞ্চলত সাৰুৱা মাটি আছে তাত কৃষি কাৰ্য্যৰ বাবে উপযোগী সেইবাবে তেনে অঞ্চলত জনবসতি বিতৰণ বেছি উদাহণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাত অঞ্চলটো আৰু বৰাক উপত্যকাৰ অঞ্চলটো সাৰুৱা মাটি বাবে তাত কৃষি কাৰ্য্য ভাল হয় সেইবাবে তাত জনবসতি বিতৰণ বেছি আনহাতে পাৰ্বত্য অঞ্চলটোৰ মাটি কৃষি কাৰ্য্যৰ বাবে উপযোগী নহয় বাবে তাত জন বসতি কম।
iv) অনান্য কাৰণ – জলবায়ুৰ ক্ষেত্ৰত থকা ভিন্নতা আৰু ,অঞ্চলসমূহৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা, বিভিন্ন সম্পদৰ উপলব্ধতাৰ ক্ষেত্ৰত থকা ভিন্নতা আদি কাৰণ বোৰৰ বাবে অসমৰ জনসংখ্যা বিতৰণ একে নহয়।
৭) ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।
উত্তৰঃ- ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা জিলা – নগাঁও।
২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা – কামৰূপ মেট্ৰ’।
২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা থকা জিলা – ডিমাহাছাও।
২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলা – ডিমাহাছাও।
৮) অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।
উত্তৰঃ- অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা। ইয়াৰে এটা হৈছে – জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা প্ৰব্ৰজন।
(ক) জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিঃ- জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি জন্মহাৰ আৰু মৃত্যুহাৰৰ ওপৰত নিৰ্ভৰশীল। মৃত্যু হাৰতকৈ জন্মহাৰ অধিক হ’লে জনসংখ্যা বৃদ্ধি হয়। স্বাধীনোত্তৰ পিছৰ সময় ছোৱাত অসমত সু চিকিৎসা ব্যৱস্থা উপলব্ধতা , জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত হোৱা বিকাশ , অৰ্থনৈতিক ক্ষেত্ৰত হোৱা বিকাশৰ বাবে মৃত্যুহাৰ হ্ৰাস পাই আহিছে আৰু জন্মৰ হাৰ বৃদ্ধি পাইছে যাৰ ফলত অসমৰ জনসংখ্যা বৃদ্ধি হৈছে।
(খ) জনপ্ৰব্ৰজন :- অসমৰ জনসংখ্যা বৃদ্ধিৰ প্রধান কাৰণটো হ’ল জনপ্রব্রজন। ১৮২৬ চনৰ পৰাই ৰাজ্যখনলৈ বিভিন্ন ঠাইৰ পৰা জনপ্ৰব্ৰজন ঘটিছিল যদিও স্বাধীনোত্তৰ কালৰ পৰা এই প্ৰব্ৰজনৰ সোঁত অধিক সক্রিয় হৈ পৰিছিল। দেশ বিভাজনৰ সময়ছােৱাত পূর্ব পাকিস্তানৰ অৰ্থাৎ বাংলাদেশ পৰা বৃহৎ সংখ্যক হিন্দু শৰণাৰ্থীৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল। যাৰ ফলস্বৰূপে অসমৰ জন সংখ্যা বৃদ্ধি পালে । ইয়াৰ পাছতো বাংলাদেশৰ পৰা অবাধ জনপ্ৰবজন ঘটিয়েই আছে। ১৯৫১ চনৰ পৰা ২০০১ চনলৈ এই সময়ছোৱাত ভাৰতৰ ১৮৫ শতাংশ জনসংখ্যা বৃদ্ধিৰ হাৰৰ বিপৰীতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৩২ শতাংশ। অৱশ্যে শেহতীয়া বৰ্ষসমূহত চৰকাৰৰ বলিষ্ঠ পদক্ষেপ আৰু জনসাধাৰনৰ সজাগতাৰ ফলত এই বৃদ্ধি কিছু পৰিমাণে হ্রাস পাইছে।
৯। অসমলৈ প্রাচীন কালৰ পৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা।
উত্তৰ: অসমৰ ভৌগোলিক অৱস্থান, মনোমোহা প্রাকৃতিক পৰিৱেশ, প্ৰাচুৰ্যৰে ভৰা জলসম্পদ, নদী উপত্যকাৰ সাৰুৱা মাটি, প্ৰচুৰ বৰষুণ আৰু নানা প্রজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ অৱস্থিতিয়ে প্ৰব্ৰজনকাৰী সকলক বাৰুকৈয়ে অসমলৈ আকর্ষণ কৰিছিল। সেয়েহে বিভিন্ন সময়ত অসমলৈ অনেক জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছিল। ফলত অসমত নানা ভাষা, ধর্ম, সংস্কৃতি আৰু জাতি-জনগোষ্ঠীৰ লোকৰ সমাগম হৈছিল। বর্তমান অসম ভাৰতবৰ্ষৰ এখন অন্যতম বৈচিত্র্যময় ৰাজ্য। এইদৰে সময়ে সময়ে অসমলৈ হোৱা জন প্রৱজনৰ বিষয়ে একাদিক্রমে তলত উল্লেখ কৰা হ’লঃ
অসমলৈ জন প্ৰব্ৰজন ঘটা প্ৰথমটো জনস্রোত আছিল অষ্ট্রিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ – পূৱ এছিয়াৰ পৰা অসমলৈ আহিছিল। এই জনগোষ্ঠীৰ লোক সকলৰ কিছুসংখ্যক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰি আছে।
অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্রোত আছিল তিব্বতীয়া বৰ্মন ভাষা কোৱা মংগোলীয় জনগোষ্ঠীৰ লোকসকল ৷ এওঁলোক মধ্য এছিয়াৰ হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহি অসমৰ বিভিন্ন অংশত থিতাপি লৈছিল। বৰ্তমান অসমত বাস কৰা খাছীয়া লোক সকলক বাদ দি সকলো জন জাতি যেনে বড়ো, মিছিং, তিৱা, দেউৰী, সোণোৱাল, কছাৰী আৰু পাহাৰ অঞ্চলত বাস কৰা কাৰ্বি, ডিমাছা, কুকি, গাৰো, মাৰ, হাজং, ৰেঙমা, জেমি, নগা আদি এই মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত।
মংগোলীয়সকলৰ পিছত অসমলৈ প্ৰব্ৰজন ঘটা জনস্রোতটো আছিল সিন্ধু – আর্য ভাষা কোৱা লোকসকল। এওঁলোক আহিছিল গংগা সমভূমিৰ পৰা। এই আৰ্যসকল ককেছীয় জনগোষ্ঠীৰ অন্তৰ্গত লোক। বর্তমান অসমত বাস কৰা সৰহ সংখ্যক অজনজাতীয় লোকে যেনে ব্রাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল এই জনগোষ্ঠীৰ অন্তৰ্গত। এওঁলোকে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি আছে।
অসমলৈ আগমন হোৱা পৰৱৰ্তী জনস্রোতটো আছিল আহােমসকল।আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্রথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্রায় গোটেই ব্রহ্মপুত্র উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্রায় ছয়শ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্রতি আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।
ব্রিটিছে ১৮২৬ খ্রীঃত অসম অধিকাৰ কৰিছিল। অসম অধিকাৰ কৰাৰ পিছত তেওঁলোকক প্রশাসনীয়, অর্থনৈতিক আৰু বাণিজ্যিক কার্যকলাপ সমূহ চলাবলৈ কিছুমান শিক্ষিত তথা দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়োজন হৈছিল। সেয়েহে ব্রিটিছসকলে তেওঁলোকৰ হৈ কাম কৰিবলৈ বংগ, বিহাৰ, উত্তৰ প্রদেশ, ৰাজস্থান, নেপাল আদি ঠাইৰ পৰা শিক্ষিত লোকক অসমলৈ আনিছিল।
ইয়াৰ পিছত ব্ৰিটিছ সকলে অসমৰ চাহ বাগিচাত কাম কৰিবলৈ চোটনাগপুৰ মালভূমি অঞ্চলৰ পৰা বনুৱা সকলক আনি চাহ বাগিচা অঞ্চলত বসতি স্থাপনৰ সুবিধা কৰি দিলে।
অসমলৈ আগমন ঘটা আন এটা উল্লেখযোগ্য জনস্রোত হৈছে বাংলাদেশৰ পৰা অহা ভূমিহীন মুছলমান কৃষকসকল। প্রায় উনৈশ শতিকাৰ শেষৰ দশকৰ পৰা বৰ্তমানলৈকে এই প্রব্রজন অব্যাহত আছে। এওঁ লোক ব্রহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাৱনভূমি আৰু চৰ অঞ্চলত বসতি কৰি আছে।
অর্থনৈতিক, সামাজিক তথা শৈক্ষিক আদি বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰাও অসমলৈ বহুতো লোকৰ প্ৰব্ৰজন ঘটি বৰ্তমান স্থায়ী ভাৱে বসবাস কৰি আছে। এই লোকসকল প্ৰধানকৈ ৰাজস্থান, পঞ্জাব, পশ্চিমবংগ, মণিপুৰ আদি ৰাজ্যৰ পৰা আগমন ঘটিছে।
১০) অসমৰ আহোমসকলৰ জনগোষ্টীয় পৰিচয় দাঙি ধৰা।
উত্তৰ: আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্রথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্রায় গোটেই ব্রহ্মপুত্র উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্রায় ছয়শ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্রতি আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।
১১। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছেচমুকৈ আলোচনা কৰা।
উত্তৰ: দেশ বা অঞ্চল এটাৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে সুচল পৰিবহণ ব্যৱস্থাৰ ওপৰত। উন্নত পৰিৱহণ ব্যৱস্থাই বিভিন্ন ঠাইৰ লগত সংযোগ স্থাপন কৰি যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলে। লগতে ঠাই সমূহৰ মাজত সম্পদ আদান প্ৰদানৰ উপৰিও জ্ঞান, সভ্যতা সংস্কৃতিৰো বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেয়েহে উন্নত পথ পৰিবহণ, ৰেল পৰিবহণ, আকাশী পৰিবহণ, আৰু জল পৰিবহণ ব্যৱস্থাই হৈছে ঠাই এখনৰ অৰ্থনৈতিক জীৱন ৰেখা।
অসম হৈছে সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ দুৱাৰমুখ। গতিকে উত্তৰ- পূৰ্বাঞ্চলৰ উন্নয়ন অসমৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। এই ৰাজ্যসমূহৰ অৰ্থনীতিত প্রয়োজন হোৱা বিভিন্ন দ্রব্যসমূহ পৰিবহণ ব্যৱস্থাৰ বিভিন্ন মাধ্যমেৰে অসমৰ মাজেৰে পৰিবাহিত হয়। ইয়ে অসমৰ অর্থনীতিৰ বিকাশত যথেষ্ট সহায় কৰিছে। অসম ৰাজ্যখনক পৰিবহণ ব্যৱস্থাইহে ভাৰতবৰ্ষৰ অন্য অংশৰ সৈতে সংলগ্ন কৰিছে। চাহপাত , খাৰুৱা তেল , প্রাকৃতিক গেছ , চূণশিল আদি স্থানীয়ভাৱে উৎপাদিত দ্রব্যসমূহ ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কৰি ৰাজ্য খনে অৰ্থনৈতিক দিশত সবল হব পাৰিছে কেৱল , পৰিবহণ ব্যৱস্থাৰ মাধ্যমৰ বাবে। সেয়েহে আমি কব পাৰি যে অসমৰ অর্থনৈতিক উন্নয়ন সাধনৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ৷
১২) অসমৰ জল পৰিবহনৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰ: অসমৰ জল পৰিবহন ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থা। অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহে মিলি এক বিস্তৃত জলপথৰ সৃষ্টি কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ ওপৰত ৮৯১ কিঃমিঃ জোৰা নাব্য জলপথ আছে। ই দেশৰ ভিতৰত দ্বিতীয় বৃহৎ জলপথ। আনহাতে বৰাক নদী ওপৰত ১২১ কিঃমিঃ নাব্য জলপথ আছে। যি দেশৰ ভিতৰত ষষ্ঠ বৃহৎ জলপথ। এই দুটা জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচত মালবস্তু পৰিবহণ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে। অসমত জলপৰিবহন ব্যৱস্থাৰ উন্নতিৰ অৰ্থে দুটা চৰকাৰী সংস্থাই প্ৰচেষ্টা চলাই আছে। তাৰে এটা হৈছে – কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আনটো হৈছে – আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। পাণ্ডু ধুবুৰী আদিকে ধৰি ব্ৰহ্মপুত্ৰ সৰু-ডাঙৰ কেইবাটাও নদী বন্দৰ অসমত আছে। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ উপনৈবিলাকত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬ খন ফেৰী চলি আছে। যাত্ৰী আৰু মালবস্তু কঢ়িয়াবলৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰত ৩০ যোৰতকৈও বেছি ফেৰীঘাট আছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ সুচল পথ পৰিবহণ ব্যৱস্থা নথকা ভিতৰুৱা অঞ্চল বিলাকক সামৰি যাত্ৰী আৰু বয়-বস্তু কঢ়িওৱাৰ বাবে বিভাগটোৱে ৬১ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰিছে। তাৰোপৰি ব্যক্তিগত মালিকানাধীন ভালেমান ফেৰী সেৱা আৰু ভুটভুটী সেৱা অসংগঠিত খণ্ডত চলি আছে।
অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ সুবিধাসমূহ হৈছে-
(ক) অসম নদীমাতৃক ৰাজ্য হোৱাৰ বাবে ইয়াত জলপৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে অনেক সুযোগ আৰু সুবিধা আছে,
(খ) অসমৰ প্ৰাকৃতিক দুর্যোগ বিশেষকৈ বানপানীৰ সময়ত জল পৰিবহণ ব্যৱস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায়।
(গ) পথ পৰিবহণৰ ক্ষেত্ৰত পিছপৰা ঠাইসমূহৰ জনসাধাৰণৰ যাতায়াত আৰু মালবস্তু অনা-নিয়াৰ বাবে জল পৰিবহণ ব্যৱস্থাই সহায় কৰি আহিছে।
Class 10 Social Science All Question Answer- Click Here
Class 10 Social Science Chapter 4 ( Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
Tq you ma’am 🥰….
Tq ma’am 🥰😊
Ma’am 2__3 Page বিলাক open নহয়?