Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল– সমাধান in Assamese Medium|| All Question Answer
অসমৰ ভূগোল
Class 10 Social Science Chapter 4 (Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
অসমৰ ভূগোল
ভূগোল খণ্ড
১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।
উত্তৰ অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ হৈছে-
(ক) পাহাৰ, মালভূমি, সমভূমি, প্লাবন ভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূপ্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়
(খ) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।
(গ) ৰাজ্যখনৰ পিছপৰা পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে চৰকাৰে গ্রহণ কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময়ত আৰু সঠিক ৰূপত কাৰ্য্যকৰী নকৰাৰ বাবে পৰিবহণ ব্যৱস্থাৰ দ্রুত উন্নয়ন সম্ভৱ হৈ উঠা নাই।
(ঘ) সময়ে সময়ে উদ্ভৱ হোৱা গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সমস্যাৰ লগতে উগ্ৰপন্থীৰ সমস্যাৰ ফলত সৃষ্টি হোৱা সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে ৰাজ্যখনত দেশী- বিদেশী বিনিয়োগ হ্ৰাস পাইছে। ইয়াৰ ফলত বেপাৰ-বাণিজ্যৰ সম্প্ৰসাৰণ সীমিত হৈছে আৰু পৰিবহন ব্যৱস্থা বাধাগ্ৰস্ত হৈছে।
(ঙ) অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও ইয়াৰ উন্নয়নৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে ৰাজ্যখনৰ পৰিবহন ব্যৱস্থাটোৱেও উন্নতি লাভ কৰিব।
১৪) সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি?
উত্তৰ আমাৰ পৰিৱেশত থকা যিবিলাক দ্রব্য বা বস্তুক ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ। সেই বিলাককে সম্পদ বুলি কোৱা হয়।
অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে – ভূমি সম্পদ, বনজ সম্পদ, খনিজ সম্পদ আৰু জল সম্পদ।
১৫) অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।
উত্তৰঃ- অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে – ডিগবৈ, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি।
১৬) অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ- অসমখন জলসম্পদত চহকী ৰাজ্য। অসমত পৰ্যাপ্ত পৰিমাণে পৃষ্ঠ-জল আৰু ভূ-তল জল আছে। প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা নদ-নদীৰ জলপ্ৰৱাহ, খাল, পিতনি, জলাহ, আৰ্দ্ৰভূমি আদি জলৰাশিয়ে অসমৰ পৃষ্ঠ-জল সম্পদ সমৃদ্ধ কৰি ৰাখিছে। ৰাজ্যখনৰ দুখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰি ৰাখিছে। ৰাজ্যখনত অলেখ সৰু-বৰ পিতনি আৰু জলাহৰ ওপৰিও প্ৰায় তিনি হাজাৰৰো অধিক আৰ্দ্ৰভূমি আছে। এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পোৱা যায়। পৃষ্ঠ-জল সাধাৰণতে বোৱতী নদ-নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজনত, উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ হৈ আছে। আনহাতে, সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূমিপৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জল স্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰিও ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
১৭। অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি ?
উত্তৰঃ অসম প্রাকৃতিক সম্পদত চহকী ৰাজ্য কিন্তু বৰ্তমান সময়ত প্রাকৃতিক আৰু মানৱজনিত কাৰকৰ বাবে প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয় হয়।
প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ প্রধান কাৰণসমূহ হ’ল:
(ক) জনসংখ্যা বৃদ্ধিঃ- অবাধ হাৰত বৃদ্ধি পোৱা জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে। ন ন অঞ্চলত মানুহৰ বসতি হোৱাৰ ফলত অৰণ্য, কৃষিভূমি আদিবোৰ সংকুচিত হৈ আহিছে। বহুতো জীৱ-জন্তু বিলুপ্তি পাইছে।
(খ) পৰিৱেশ প্ৰদূষণঃ- মানুহৰ অবিবেচক কাম-কাজবোৰৰ ফলত পৰিৱেশ প্ৰদূষণ দ্ৰুত গতিত বৃদ্ধি পাইছে। নিৰ্বনানীকৰণ, উদ্যোগীকৰণ, নগৰীকৰণ আদি প্ৰক্ৰিয়া অব্যাহত থকাৰ ফলত সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। বায়ু, মাটি আৰু পানী প্ৰদূষণে আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।
(গ) বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱঃ- সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত নীতি আঁচনি প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰিবলৈ ব্যক্তিগত, সামাজিক বা চৰকাৰী পৰ্যায়ত তৎপৰতা দেখিবলৈ পোৱা নাযায়। বহু সময়ত চৰকাৰীভাৱে কোনো পদক্ষেপ ল’লেও জনসাধাৰণৰ মাজত সচেতনতাৰ অভাৱে সেইবোৰ অৰ্থহীন কৰে।
(ঘ) সম্পদ অপব্যৱহাৰঃ- প্ৰাকৃতিক সম্পদসমূহ প্ৰকৃতিৰ মুক্ত দান বুলিও কোৱা হয়। কিন্তু এই পৰ্যন্ত মানুহে ইয়াৰ সদব্যৱহাৰ কৰিবলৈ শিকা নাই। সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী মনোভাৱহে দেখা যায়।
১৮। বর্ধিত জনসংখ্যাৰ প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?
উত্তৰ বৰ্দ্ধিত জনসংখ্যাই তলত দিয়া ধৰণে প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰভাৱ পেলাইছে
(ক) বর্ধিত জনসংখ্যাৰ কাৰণে অধিক বাসভূমিৰ প্ৰয়োজন হৈছে। বসতি স্থাপন কৰিবলৈ বনাঞ্চল ধ্বংস কৰিবলগীয়া হৈছে। যাৰ ফলত প্ৰাকৃতিক সম্পদ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে।
(খ ) জনসংখ্যা বৃদ্ধিৰ বাবে খাদ্য – শস্যৰ উৎপাদন বৃদ্ধিৰ প্ৰয়োজন হৈছে। খেতি কৰিবলৈ কৃষিযোগ্য মাটিৰ সংকোচন হৈছে।
(গ ) বর্ধিত জনসংখ্যাই পৰিবহণ , উদ্যোগ আৰু শক্তি খণ্ডৰ সমান্তৰাল বিকাশ সূচায় যাৰফলত অনবীকৰণযোগ্য খনিজ সম্পদসমূহৰ পৰিমাণ হ্রাস পাইছে। বায়ু , পানী আৰু ভূমি সম্পদবােৰ প্ৰদূষিত হৈছে।
(ঘ ) অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ, কীটনাশক দৰব ব্যবহৃত হৈছে, যাৰ ফলত মাটি, পানী প্ৰদূষিত হৈ জৈৱ-বৈচিত্র্যত বিৰূপ প্ৰতিক্ৰিয়া হৈছে।
(ঙ ) জলাশয়, আর্দ্রভূমি ধ্বংস হৈছে।
১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা ( সমস্যা ) নে সম্পদ ? আলোচনা কৰা।
উত্তৰঃ অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে এক সহিব নোৱাৰা বোজা হৈ পৰাটো সত্য যাৰ ফলত অসমৰ প্ৰাকৃতিক সম্পদ সমূহ অবক্ষয় হৈছে কিন্তু এই বৃহৎ জনসংখ্যাক বোজা হ’বলৈ নিদি সম্পদ হিচাপে গঢ়ি তুলাৰ বাবে তলত দিয়া ধৰণৰ সঠিক পদক্ষেপ গ্রহণ কৰিব লাগিব।
(ক) গ্রাম্যাঞ্চলত আৰু মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ব্যৱস্থা গ্রহণেৰে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব লাগিব।
(খ) চৰকাৰে শিক্ষা সম্প্রসাৰণৰ বাবে অধিক পুঁজিৰ ব্যৱস্থা কৰিব লাগিব।
(গ) চৰকাৰে বৃত্তিমূলক প্রশিক্ষণ প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা উচিত।
(ঘ) চৰকাৰে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্যখনত যুৱচামৰ কাৰ্মসংস্থানৰ অৰ্হতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা উচিত যাতে তেওঁলোকে শিক্ষাগত অৰ্হতা , বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পাৰে।
(ঙ) ৰাজ্যখনৰ মেধাবী ল’ৰা – ছোৱালী বোৰক উচ্চশিক্ষাৰ বাবে উদগতি কৰিব লাগে। তেওঁলােকক অর্থনৈতিকভাবে এই ক্ষেত্ৰত সহায় – সহযোগিতা আগবঢ়োৱা প্ৰয়োজন ।
(চ) কাৰিকৰি শিক্ষাৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে এই শিক্ষা লাভ কৰি কোনোৱে নিবনুৱা হৈ থাকিব নালাগে।
২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে ?
উত্তৰঃ অসমত মানৱ সম্পদ গঢ়াৰ কাৰণে লোৱাপদক্ষেপসমূহ হ’ল :
(ক) গ্রাম্যাঞ্চলত আৰু মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ব্যৱস্থা গ্রহণেৰে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব লাগিব।
(খ ) চৰকাৰে শিক্ষা সম্প্রসাৰণৰ বাবে অধিক পুঁজিৰ ব্যৱস্থা কৰিব লাগিব।
(গ ) চৰকাৰে বৃত্তিমূলক প্রশিক্ষণ প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিব লাগিব।
(ঘ) চৰকাৰে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্যখনত যুৱচামৰ কাৰ্মসংস্থানৰ অৰ্হতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা উচিত যাতে তেওঁলোকে শিক্ষাগত অৰ্হতা , বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পাৰে।
(ঙ) ৰাজ্যখনৰ মেধাবী ল’ৰা – ছোৱালী বোৰক উচ্চশিক্ষাৰ বাবে উদগতি কৰিব লাগে। তেওঁলােকক অর্থনৈতিকভাবে এই ক্ষেত্ৰত সহায় – সহযোগিতা আগবঢ়োৱা প্ৰয়োজন ।
(চ) কাৰিকৰি শিক্ষাৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে এই শিক্ষা লাভ কৰি কোনোৱে নিবনুৱা হৈ থাকিব নালাগে।
২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসম এখন কৃষি প্রধান ৰজ্য। ৰাজ্যখনৰ লোকসকলৰ প্রধান জীৱিকা হ’ল কৃষি । অসমৰ প্ৰায় ৭৫ শতাংশ লোকে কৃষি কাৰ্যৰ দ্বাৰা প্রত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা নির্বাহ কৰে। অসমৰ অর্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি।
চাহ , মৰাপাট , ৰবৰ আদি কৃষিজাত সামগ্রি ৰপ্তানি কৰি অসমে অধিক ৰাজহ উপার্জন কৰিব পাৰিছে। দেশৰ ভিতৰত ৫০ শতাংশ চাহ অসমতেই উৎপাদন কৰা হয়। ইয়ে অসমৰ অর্থনীতি বুজন সংখ্যক উপার্জন আনি দিছে।
ইয়াৰ উপৰিও ৰেচম উদ্যোগ অসমৰ এটা প্ৰধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনিবিধ ৰেচম-এৰি, মুগা আৰু নুনি পাট উৎপাদন কৰা হয়।অসমৰ মুগা সূতা পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত মুগা সূতাৰ ৯৭ শতাংশ অসমত উৎপাদিত হয়। আনহাতে ভাৰতত উৎপাদন হোৱা এৰি সূতাৰ ৬৫ শতাংশ উৎপাদিত হয় অসমত। ৰেচম উদ্যোগে অসমৰ অৰ্থনীতিত এক গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
অসমত থকা আন কৃষিভিত্তিক উদ্যোগসমূহ হৈছে যেনে – খাদ্য – সামগ্রী নির্মাণকাৰী উদ্যোগ , কাগজ উদ্যোগ , চেনি উদ্যোগ , তৈলবীজ উদ্যোগ আদি সম্পূৰ্ণৰূপে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল।
অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়, যেনে-আহু ধান, শালিধান আৰু বড়োধান। ধানৰ উপৰি অসমৰ প্রধান খাদ্যশস্য হৈছে- ঘেঁহু, গোমধান আৰু নানাবিধ মাহ জাতীয় শস্য।
২২) অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
উত্তৰঃ- অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা হৈছে 一
1) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
2) উত্তৰ পাৰৰ সমভূমি অঞ্চল
3) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
4) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
5) বৰাক উপত্যকা অঞ্চল
6) পাৰ্বত্য অঞ্চল
এইদৰে কৃষি অসমৰ অৰ্থনীতিৰ এটা প্রধান স্তম্ভৰূপে দেখা যায়। অসমৰ ৰাজহৰ এক বুজন পৰিমাণ কৃষি খণ্ডৰ পৰাই লাভ কৰা হয়।
এই অঞ্চল কেইটাৰ বৈশিষ্ট্য হৈছে 一
ক ) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- কামৰূপ , কামৰূপ ( মহানগৰ ) , নলবাৰী , বাক্সা , বৰপেটা , বঙাইগাঁও , চিৰাং , কোকৰাঝাৰ , ধুবুৰী আৰু গােৱালপাৰা এই দহখন জিলা এই অঞ্চলৰ অন্তর্গত।এই অঞ্চলৰ মুঠ কৃষিভূমি হ’ল ৯.৩০ লাখ হেক্টৰ। ৪.৬৯ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
খ ) উত্তৰ পাৰৰ সমভূমি অঞ্চল :- দৰং , ওদালগুৰি , শােণিতপুৰ , লখিমপুৰ আৰু ধেমাজি এই পাঁচখন জিলা এই অঞ্চলৰ অন্তর্গত। এই অঞ্চলটোৰ মুঠ কৃষি ভূমি হল ৫.৩৭ লাখ হেক্টৰ ইয়াৰে ৩.৩৬ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
গ ) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- নগাঁও আৰু মৰিগাঁও জিলাক লৈ গঠিত। মুঠ কৃষিভূমি হ’ল ৩.২৮ লাখ হেক্টৰ। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ০.৮৬ লাখ হেক্টৰ
ঘ ) উজনিব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , গোলাঘাট আৰু যোৰহাট জিলাৰে গঠিত এই অঞ্চলৰ। মুঠ কৃষিভূমি ৬.২০ লাখ হেক্টৰ। ৩১.২৯ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
ঙ ) বৰাক উপত্যকা অঞ্চল :- কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলা এই অঞ্চলৰ অন্তৰ্গত। জিলাখনৰ মুঠ কৃষিভূমি ২.৪২ লাখ হেক্টৰ। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হ’ল ১.০২ লাখ হেক্টৰ।
চ ) পার্বত্য অঞ্চল :- কাৰ্বি আলং আৰু ডিমা হাচাও জিলা এই অঞ্চলৰ অন্তৰ্গত। মুঠ কৃষিভূমি হৈছে ১.৫৪ লাখ হেক্টৰ। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হ’ল ১.০১ লাখ হেক্টৰ। ইয়াৰে বেছি ভাগেত ঝুম খেতি কৰা হয়।
২৩। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমৰ প্ৰধান শস্য হ’ল ধান। ৰাজ্যখনৰ আটাইকেইটা কৃষি-বায়বীয় অঞ্চলতে ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ তিনি প্রকাৰৰ ধান খেতি কৰা হয় সেইবোৰ হ’ল- আহু ধান,শালি ধান, বড়ো ধান।
ক ) শালি ধান :- অসমত বিস্তৃতভাৱে শালি ধানৰ খেতি কৰা হয়। অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্রায় ৭০ শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয়। এই খেতি ৰোপন পদ্ধতিৰে জুলাই – আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ – ডিচেম্বৰ মাহত চপোৱা হয়।
খ ) আহু ধান :- আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি ব্রহ্মপুত্র উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃত ভাৱে কৰা হয়। এই খেতি ফেব্ৰুৱাৰী – মার্চ মাহত আৰম্ভ কৰি জুন – জুলাই মাহত এই খেতি চপোৱা হয়।
গ ) বড়ো ধান :- বড়ো ধানৰ খেতি অসমৰ প্রায় আটাইকেইখন জিলাতে কৰা হয়। এই ধানৰ খেতি সাধাৰণতে দ ঠাই বিলাকত শীতকালত আৰম্ভ কৰি বাৰিষা জুন – জুলাই মাহত বানপানী হোৱাৰ আগে আগে চপোৱা হয়। এই খেতি বানপীড়িত অঞ্চলৰ কৃষকসকলৰ মাজত অতিকৈ জনপ্রিয় কাৰণ বানপানীয়ে শালি ধানৰ খেতি নষ্ট কৰি পেলায়।
২৪) ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?
উত্তৰঃ- ধান অসমৰ প্ৰধান শস্য। অসমৰ আটাইকেইটা কৃষি জলবায়ৱীয় অঞ্চলতে ধান খেতি কৰা হয়। অসমৰ সমভূমি এলেকাৰ লগতে পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়। ২০১১-১২ চনত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰি ৫০.৪৫ লাখ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল। ধান খেতিৰ বাবে অনুকূল জলবায়ু , পর্যাপ্ত পানী , উৰ্বৰ ভূমি , প্লাৱন ভূমি এই আটাইকেইটা কাৰক অসমত বিৰাজমান বাবে ধান অসমৰ প্ৰধান শস্যত পৰিণত হৈছে।
Class 10 Social Science All Question Answer- Click Here
Class 10 Social Science Chapter 4 ( Geography) অসমৰ ভূগোল – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam