Class 10 Social Science Chapter 5 (History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য– সমাধান in Assamese Medium|| All Question Answer
📘 Chapter Overview (in Assamese):
এই অধ্যায়ত ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ বিৱৰণ দিয়া হৈছে। অসমীয়া, মণিপুৰী, মিজো, আৰু অন্য জনজাতিৰ ভাষা, শিল্প, সাহিত্য, নৃত্য, সংগীত, পৰম্পৰা, ধৰ্মীয় বিশ্বাস আৰু উৎসৱৰ যোগে কিদৰে ভাৰতীয় সংস্কৃতি অধিক বৈচিত্র্যময় হৈছে, সেয়া অধ্যয়ন কৰা হৈছে।
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
Class 10 Social Science Chapter 5 ( History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
ইতিহাস খণ্ড
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
অতি চমু উত্তৰৰ প্রশ্ন :
1। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰঃ- সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ মিৰাটলৈ বিস্তৃত আছিল।
2। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ- সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ খ্ৰীষ্টপূৰ্ব চতুৰ্থ খৃষ্টাব্দত হৈছিল।
3। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰঃ- খ্ৰীষ্টপূৰ্ব 1500 ৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 ৰ মানৰ ভিতৰত ঋকবেদ ৰচিত হৈছিল।
4। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ- ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী ‘মুণ্ডক উপনিষদ’ৰ পৰা লোৱা হৈছে।
5। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ- প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম হল কৌটিল্যৰ অৰ্থশাস্ত্ৰ।
6। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰঃ- ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ জৱহৰলাল নেহৰুৰ “ভাৰত সম্ভেদ” (Discovery of India) নামৰ গ্ৰন্থৰ জৰিয়তে জৰিয়তে স্থায়িত্ব লাভ কৰিলে।
7। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ কৰা হৈছিল?
উত্তৰঃ- ভাৰতৰ ভাস্কর্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ কৰা হৈছিল।
8। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ- খ্ৰীষ্টপূৰ্ব 200 ৰ পৰা দ্বিতীয় শতিকালৈ ভৰত মুনিৰ নাট্যশাস্ত্র ৰচিত হৈছিল।
9। ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে?
উত্তৰঃ- ভৰতৰ নাট্যশাস্ত্রত প্ৰায় 6000 টা শ্লোক আছে।
10। হেৰাকা আন্দোলন কি?
উত্তৰঃ- স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে “হেৰাকা” নামৰ আন্দোলনৰ জন্ম দিয়ে।
11। নগালেণ্ডৰ “হৰ্ণবিল” উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?
উত্তৰঃ- নগালেণ্ডৰ “হৰ্ণবিল” উৎসৱ ধনেশ পক্ষী নামত উৎসৰ্গিত।
12। “চপচৰ কূট” কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰঃ- “চপচৰ কূট” মিজোৰামৰ পৰম্পৰাগত উৎসৱ।
13। “মিজো” শব্দৰ অৰ্থ কি?
উত্তৰঃ- “মিজো” শব্দৰ অৰ্থ হ’ল “পাহাৰৰ বাসিন্দা”।
14। উত্তৰ-পূর্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত?
উত্তৰঃ- উত্তৰ-পূর্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত।
15। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰঃ- মণিপুৰী নৃত্য চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি গঢ়ি উঠিছে।
16। অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰঃ- অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।
17। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ- ‘হা-চোম’ শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
18। চৰ্যাপদ মানে কি?
উত্তৰ: চৰ্যাপদ হল অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন।
19। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ- খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত।
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰঃ- মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল।
21। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ- অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল।
22। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
উত্তৰঃ- জিকিৰ আৰু জাৰি আজানপীৰ নামেৰে খ্যাত চাহ মিলনে ৰচনা কৰিছিল।
23। আজানপীৰ কোন?
উত্তৰঃ- এজন চুফী সাধক। যিজনে ইছলামধৰ্মীয় গীত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।
24। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ- স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত আজানপীৰ অসমলৈ আহিছিল।
25। দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উত্তৰঃ- দ-পর্বতীয়াৰ শিলৰ তোৰণখন খ্ৰীষ্টিয় ষষ্ঠ শতিকাত নির্মিত হৈছিল।
26। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰঃ- আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা দায়িত্ব চাংৰুং ফুকনক দিয়া হৈছিল।
27। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?
উত্তৰঃ- লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ প্ৰতিমা পাণ্ডে বৰুৱাক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল।
28। অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?
উত্তৰঃ- অসমৰ প্রথম বার্তালোচনীখনৰ নাম হল অৰুণোদয়।
২৯। উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
উত্তৰঃ- উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো নাম হল খাছীয়া।
30। ৰচয়িতাসকলৰ নাম লিখা।
(ক) অর্থশাস্ত্র 一 কৌটিল্য।
(খ) হস্তিবিদ্যার্ণৱ 一 সুকুমাৰ বৰকাইথ।
(গ) কীৰ্ত্তন 一 শংকৰদেৱ।
(ঘ) নামঘোষা 一 মাধৱদেৱ।
(ঙ) চোৰধৰা পিম্পৰা গুচোৱা 一 মাধৱদেৱ।
(চ) কালিয় দমন 一 শংকৰদেৱ।
(ছ) ৰামবিজয় 一 শংকৰদেৱ।
(জ) কথাগীতা 一 ভট্টদেৱ।
(ঝ) ৰাজতৰঙ্গিনী 一 কলহল।
(ঞ) ভাৰত সম্ভেদ 一 জৱাহৰলাল নেহৰু।
🧠 Chapter Summary (in Assamese):
ভাৰত এখন সাংস্কৃতিক শক্তিৰ ঘাঁহুৱা বুলি পৰিগণিত। এই অধ্যায়ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতি, লোকাচাৰ, লোকনৃত্য, লোকসংগীত, পোছাক, খাদ্যাভ্যাস ইত্যাদিৰ বিৱৰণ দিয়া হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ ঐক্যত বৈচিত্ৰ্যৰ ছবি উদ্ভাসিত হয়।
📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
🔸 অসমীয়া ৰচনা – Click Here
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now
Class 10 Social Science Chapter 5 ( History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam