Class 10 Social Science Chapter 5 (History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Part 2– সমাধান in Assamese Medium|| All Question Answer
📘 Chapter Overview (in Assamese):
এই অধ্যায়ত ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ বিৱৰণ দিয়া হৈছে। অসমীয়া, মণিপুৰী, মিজো, আৰু অন্য জনজাতিৰ ভাষা, শিল্প, সাহিত্য, নৃত্য, সংগীত, পৰম্পৰা, ধৰ্মীয় বিশ্বাস আৰু উৎসৱৰ যোগে কিদৰে ভাৰতীয় সংস্কৃতি অধিক বৈচিত্র্যময় হৈছে, সেয়া অধ্যয়ন কৰা হৈছে।
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
Class 10 Social Science Chapter 5 ( History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
ইতিহাস খণ্ড
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
চমু উত্তৰৰ প্রশ্নঃ
1। খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
উত্তৰঃ- খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হল গ্ৰীক আৰু মোগল।
2। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূর্তিৰ নাম লিখা।
উত্তৰঃ সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূর্তিৰ নাম হৈছে- ‘পশুপতি সদৃশ মূর্তি’, আৰু ‘মাতৃদেৱীৰ মূর্তি।
3। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰঃ- অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হল – ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল সূচনা কৰিছিল।
4। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?
উত্তৰঃ- ভাৰতীয় সংস্কৃতিৰ বর্ণাঢ্য সৃষ্টিৰ ক্ষেত্ৰত তথা ভৌগোলিক পৰিৱেশে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদেৰে ভৰপূৰ হোৱা অঞ্চলৰ লোকসকল আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে। তাৰ পৰিৱৰ্তে অন্য এটা অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন হৈ কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।
5। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ- ঋগবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ।
6। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰঃ- অশোকৰ দ্বাদশ মুখ্য শিলা- লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয়ৰ বাট মুকলি কৰিব লাগে।
7। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰঃ- সাংস্কৃতিক বহুত্ববাদে মানে হল কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়।
8। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ- ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হল আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত।
9। প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ- প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম হল চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।
10। ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ- ভাৰতীয় চিত্ৰকলাক দুটা ভাগত ভগাব পাৰি। সেই ভাগকেইটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ।
11। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰঃ- চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম হল ছাহজাহান আৰু জাহাংগীৰ।
12। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উত্তৰঃ- ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হল লৱ-কুশৰ যুদ্ধ আৰু গীতা গোবিন্দ।
13। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰঃ- হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম দিলবৰ আৰু দোচাই।
১৪। ঝুম খেতি মানে কি বুজা?
উত্তৰঃ- পাহাৰীয়া অঞ্চলত হাবি-বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা- সঁজুলিৰে যি খেতি কৰা হয়, তাকে ঝুম খেতি বোলে।
15। জেং বিহু মানে কি?
উত্তৰঃ- ব’হাগ বিহুত উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ অনুষ্ঠিত কৰা বিহুক জেং বিহু বুলি কোৱা হয়।
16। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰঃ- ওজাপালিৰ দুটা ভাগৰ নাম হল ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।
17। প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ- প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম হল কপিল আৰু পতঞ্জলি।
18। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰঃ- আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম হল দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।
19। বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰঃ- দৰং জিলাত উদযাপিত দেউল আৰু কামৰূপ জিলাত উদযাপিত ভঠেলি ।
20। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ- দৰঙৰ দুবিধ লোক নৃত্যৰ নাম হল ঢেপা ঢুলীয়া নৃত্য আৰু বৰ ঢুলীয়া নৃত্য।
21। ভাৰতত থকা মূল নৃগোষ্ঠীকেইটা কি কি ?
উত্তৰঃ ভাৰতত থকা মূল নৃগোষ্ঠীকেইটা হৈছে —
(ক) অষ্ট্রিকসলক।
(খ) নিগ্রো গোষ্ঠী।
(গ) মংগোলীয় গোষ্ঠী।
(ঘ) আর্যভাষী নর্ডিক।
(ঙ) দ্রাবিড়সকল আৰু
(চ) পশ্চিমৰ প্রশস্ত মস্তিস্কী (ৱেষ্টার্ণ ব্রেচিচেফালিক )।
22। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ- ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছে 一
(ক) সাংস্কৃতিক বহুত্ববাদ।
(খ) বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্য সমূহে সৃষ্টি কৰা ৰাজনৈতিক একতা।
(গ) বিভিন্ন যুগৰ শাসকসকলৰ ধর্মীয় আৰু সাংস্কৃতিক উদাৰতা।
23। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ- প্ৰাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ
I) উত্তৰ ভাৰতীয় নাগৰ,
ii) দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু
iii) বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলী
এই তিনি ভাগত ভগোৱা হৈছে।
24। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰঃ- UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছেঃ
(ক) তাজমহল।
(খ) অজন্তাৰ গুহাসমূহ আৰু
(গ) সাঁচীৰ স্তুপ।
25৷ ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল?
উত্তৰঃ- গৌতম বুদ্ধ, মহাবীৰ হিন্দুধর্মীয় বিভিন্ন দেৱ – দেৱী , যক্ষ – যক্ষিণী , অপেশ্বৰী , বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ – জন্তুৰ মূর্তি আদি।
26 ৷ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰঃ- ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হৈছেঃ
(ক) গান্ধাৰ শিল্পকলা
(খ) মথুৰা শিল্পকলা। আৰু
(গ) অমৰাৱতী শিল্পকলা।
27। দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰঃ- দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছেঃ
(ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ ( মহাৰাষ্ট্র )
(খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ ( মধ্য প্রদেশ ) আৰু
(গ) চিত্তনাৱাচলৰ দেৱালয় চিত্রসমূহ ( তামিলনাড় )।
28। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থৰ নাম হৈছেঃ
(ক) পাদছাহনামা।
(খ) তুতিনামা।
(গ) জাহাংগীৰনামা।
29। চিত্রকলাৰ ষড়াংগ মানে কি বুজা?
উঃ চিত্র অংকনৰ বাবে প্রয়োজনীয় ছটা উপাদানেই হৈছে চিত্রকলাৰ ষড়াংগ। চিত্রকলাব ষড়াংগত তলত দিয়াকেইটা অন্তর্ভুক্ত:
(ক) আকৃতি
(খ) জোখ-মাখ
(গ) আবেগ অনুভূতি প্রকাশক কৌশল
(ঘ) কলাত্মক উপস্থাপন
(ঙ) সাদৃশ্য জ্ঞান
(চ) তুলিকা ব্যৱহাৰৰ নিয়ম।
30। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্র মানৱ সমাজলৈ ই এক অনবদ্য অবদান। সিন্ধু সভ্যতাৰ সময়ত ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰা হয়।বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল। আনুমানিক খ্রীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীবন-যাপনৰ সম্পূর্ণ প্রণালী হিচাপে এক দর্শনৰ ৰূপত গঢ় দিছিল। যোগবিদ্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে।
31। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতীৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল:
(ক) ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন মঠ – মন্দিৰৰ প্ৰধান শিখৰসমূহ আৰু সহযোগী শিখৰসমূহ পর্বত শৃংগৰ আৰ্হিত নির্মিত হৈছিল।
(খ) দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰ গঠনেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা পৰিলক্ষিত হয়।
(গ) মঠ – মন্দিৰ আদি ধর্মীয় উপাসনা গৃহসমূহ হিন্দু বস্তু শাস্ত্ৰৰ আধাৰত নির্মিত হৈছিল।
32। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰঃ- ৰঙালি বিহুৰ সাতদিনক ক্ৰমেঃ গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু।
33। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰঃ- কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ-দেৱীৰ প্ৰশস্তি আদি প্ৰকাশ মূলক গীত।
34। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- ৰামায়ণ, মহাভাৰত আৰু বিষ্ণু পুৰাণ।
🧠 Chapter Summary (in Assamese):
ভাৰত এখন সাংস্কৃতিক শক্তিৰ ঘাঁহুৱা বুলি পৰিগণিত। এই অধ্যায়ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতি, লোকাচাৰ, লোকনৃত্য, লোকসংগীত, পোছাক, খাদ্যাভ্যাস ইত্যাদিৰ বিৱৰণ দিয়া হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ ঐক্যত বৈচিত্ৰ্যৰ ছবি উদ্ভাসিত হয়।
📌 Related Resources:
🔸 Class 10 Science Notes (Assamese Medium)
🔸 Class 10 Social Science Notes
🔸 Class 10 Assamese Question Answer
🔸 অসমীয়া ৰচনা – Click Here
📲 Stay Connected
📱 Join Class 10 WhatsApp Group → Join Now
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now
Class 10 Social Science Chapter 5 ( History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam