Class 10 Social Science Chapter 5 (History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Part 3 – সমাধান in Assamese Medium|| All Question Answer
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
Class 10 Social Science Chapter 5 ( History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Complete Question Answer in Assamese Medium
দশম শ্ৰেণী
ইতিহাস খণ্ড
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
দীঘল উত্তৰৰ প্রশ্ন:
1। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য হ’ল- সাংস্কৃতিক বহুত্ববাদ আৰু ‘বৈচিত্র্যৰ মাজত একতা। এই সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্রদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবন্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবর্তিতা আৰু সম্মানৰ ভাৱ পোষণ কৰা দেখা যায়।
ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ বাক্যাংশ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি নেতাই জনপ্ৰিয় কৰি তুলিছিল। ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক আৰু আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকাৰ সত্ত্বেও ভাৰতীয় সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইবোৰৰ উপৰিও এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায়।
2। “ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব”— বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।
উত্তৰ: ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’ব পাৰি। বেদৰ সংহিতা, ব্রাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰত মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, বেদাংগসমূহ ,ৰাজনীতি বিষয়ক গ্রন্থ কৌটিল্যব অর্থশাস্ত্র, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্রুত সংহিতা, কালিদাস, শূদ্রক, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদর্শন। কপিল, পটঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মধ্বাচার্য আদি দার্শনিকৰ দৰ্শনৰ গ্রন্থসমূহ: বুৰঞ্জীমূলক গ্রন্থ কলহনৰ ৰাজতৰংগিণী; আর্যভট্ট, বৰাহ মিহিৰ, ব্ৰহ্মগুপ্ত, প্রথম আৰু দ্বিতীয় ভাস্কৰাচার্য আৰু মহর্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্রন্থ , দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্রন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। এইসমূহে জীবন আৰু জগত সম্পর্কে দৃষ্টিভংগী, ধর্মবিশ্বাস, বিজ্ঞান মানসতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্রত প্রাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্রতিফলিত কৰে। এই গ্রন্থসমূহ সৃষ্টিকর্তা মনীষীসকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তর্দৃষ্টি আৰু অক্লান্ত বৌদ্ধিক সাধনাৰ ফচল। এই গ্রন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্রভাৱ পেলাইছিল। হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্রম ব্যৱস্থা, পিতৃ-মাতৃ, গুৰু, অতিথি, বিদ্যা আৰু বিদ্বানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্রদ্ধাৰ শিক্ষা এই গ্রন্থ ৰাজিয়ে প্ৰসাৰ কৰিছিল। সেইদৰে জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বর্গ, নৰক, পাপ-পুণ্য আদিৰ ধাৰণাও এই গ্রন্থৰাজিয়ে জনপ্রিয় কৰি তুলিছে। এই গ্ৰন্থৰাজিত থকা ‘সত্যমেব জয়তে’ (মুশুক উপনিষদ), ‘অহিংসা পৰম ধর্ম’ (মহাভাৰত), ‘জননী জন্মভূমিশ্চ স্বর্গাদপিগবিয়সী’ (ৰামায়ণ), আদি বিশ্বজনীন অমোঘ বাণীসমূহে ভাৰতীয় মূল্যবোধৰ ভেটিটো গঢ় দিছে। অসত্যৰ বিপৰীতে সত্যৰ প্রতি, অজ্ঞান আন্ধাৰৰ বিপৰীতে জ্ঞানালোকৰ প্ৰতি আৰু মৃত্যুৰ বিপৰীতে অমৃতময়ীতালৈ নিয়াৰ প্ৰাৰ্থনা ‘অসতো মা সদ্গময়, তমসোমা জ্যোতির্গময়, মৃত্যুর্মাঅমৃতম গময়’ আদি আমোঘবাণী সমূহেও সামগ্রিকভাৱে ভাৰতীয় মনস্তত্বক প্রেৰণা যোগাই আহিছে। সংস্কৃত ভাষাত ৰচিত এই বৌদ্ধিক সৃষ্টিকর্মসমূহৰ কিছুমান পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্রান্তীয় ভাষালৈ অনুদিত হৈছিল। ইয়াৰে বহু কথা পৰিয়ালসমূহত বংশানুক্রমিকভাবে, মৌখিকভাবে, সমূহীয়া নাম-কীৰ্তনৰ ৰূপত আৰু সামাজিক ৰীতি- নীতিৰ ৰূপত প্রবাহমান হৈ আছে।
3। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰ: আর্য সংস্কৃতিৰ বিস্তাৰ ঘটি থকাৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ স্থানীয় ধর্মীয় আৰু সামাজিক ৰীতি-নীতিবোৰৰ সংমিশ্রণ ঘটিছিল। ইয়াৰ ফলত আর্য কৃষ্টি-সংস্কৃতিৰ মূল ৰূপটোৰ পৰিবৰ্তন ঘটিছিল।
সিন্ধু সভ্যতাৰ ধৰ্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ধর্ম ব্যৱস্থাতো বহু দেৱ-দেৱীৰ লগতে একেশ্বৰৰ ধাৰণা বিদ্যমান আছিল। এইদৰে ভাৰতৰ প্রাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্রত সহবর্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্রহণ কৰিছিল। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্রদ্ধাৰ ভাব ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেবাটাও তত্ত্বগতভাৱে পৰস্পৰ বিৰোধী দর্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধর্ম আৰু জৈন ধর্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ সংঘর্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্রান্তত উদ্ভৱ হোৱা খ্রীষ্টিয়ান, ইছলাম, জোৰষ্ট্ৰাৰ, ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধর্মপন্থা দেখা যায়।
4। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰ: উত্তৰ-পূর্বাঞ্চল শব্দটো ঔপনিৱেশিক ব্রিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লোৱা অৰুণাচল প্রদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, মেঘালয় আৰু অসম প্ৰত্যেকৰে নিজা নিজা কৃষ্টি-সংস্কৃতি, ৰাজনৈতিক ইতিহাস আছে।
উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্রহণ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্য কেইখনে আগুৰি আছে। এই ৰাজ্যকেইখন আকৌ ভূটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্রকেইখনৰ দ্বাৰা আবৃত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই পাহাৰীয়া। এনে পৰিস্থিতিত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে বাবে সুবিধাজনক, সুচল কেন্দ্রীয় স্থল হিচাপে ব্যবহৃত হৈ আহিছে। ইতিহাসে ঢুকি নোপোৱা সময়তে ব্রহ্মপুত্র উপত্যকাত এক উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি অনুমান কৰিব পাৰি। অৱশ্যে খ্রীষ্টীয় চতুর্থ শতিকাত বর্মন বংশৰ প্রতিষ্ঠা হোৱাৰ পৰাহে প্রাচীন অসমৰ ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে। বিভিন্ন যুগত অসমৰ শক্তিশালী ৰাজবংশসমূহৰ শাসন কালত দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্থানীয় শাসকসকলে অসমৰ প্রতি আনুগত্য প্রকাশ কৰিছিল আৰু কেতিয়াবা কেতিয়াবা আধিপত্য মানি লৈছিল। আহোম ৰাজবংশৰ শাসন কালছোৱাত অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ মাজত স্থাপিত হোৱা ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে এই যুগত ৰচিত হোৱা বুৰঞ্জীসমূহত বহু তথ্য পোৱা যায়। ৰাজপৰিয়ালসমূহৰ মাজত বৈবাহিক সম্পর্ক স্থাপন হৈছিল, বিপদৰ সময়ত সামৰিক সাহায্য আদান-প্রদান হৈছিল আৰু দূত প্ৰেৰণ কৰা হৈছিল। পাহাৰ আৰু ভৈয়ামত উৎপন্ন হোৱা সামগ্রীৰ আদান প্রদান হৈছিল। এইদৰে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত ঐক্যবোধৰ উৎপত্তি হৈছিল।
5। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ঔপনিৱেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰি সকলে খ্রীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধৰ্মৰ প্ৰসাৰ অতি প্রাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে মনকৰিবলগীয়া যে পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি- প্রাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রীষ্টিয়ান আৰু বৌদ্ধ ধর্মাবলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অর্থাৎ চন্দ্র-সূর্য তেওঁলোকৰ জনপ্রিয় দেৱতা। নাগালেণ্ডৰ নগা সকলে ধনেশ পক্ষীক এক ত্রাণকর্তা পবিত্র জীব হিচাপে বিবেচনা কৰে। তেওঁলোকে হণবিল’ উৎসৱ পালন কৰে। স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা’ নামৰ এক আন্দোলন গঢ়ি তুলিছিল। মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধর্মাৱলম্বী। মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধর্মপন্থৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধর্মালম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্রভাৱিত। বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্রিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্রীষ্টিয়ান ধর্মত দীক্ষিত হ’ব ধৰে আৰু বর্তমান সত্তৰ শতাংশতকৈ অধিক লোক খ্রীষ্টিয়ান ধর্মাৱলম্বী।
6। অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল – প্ৰসংগটো চমুকৈ আলোচনা কৰা ǀ
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিবর্তন অধিকতৰ হৈছে। ব্রহ্মপুত্র উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী অঞ্চল।ইয়াৰ পৰাই প্ৰাচীন সভ্যতাৰ অধিকাৰী দেশ চীনলৈ যাব পৰা এটা পথ থকাৰ উপৰিও চীন দেশৰপৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্রাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাবিক প্ৰব্ৰজনকাৰী হিচাপে, আক্রমণকাৰী হিচাপে, ব্যবসায় বাণিজ্য কৰিবলৈ আৰু তীর্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ী ভাবে বসবাস কৰিবলৈ লৈছিল।ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্রিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অবদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল।
7। অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমত সপ্তদশ শতিকা মানৰপৰা উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি-চিত্র সমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্রকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখন মান সচিত্র পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচুড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাবে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্রসমূহ আঁকা হৈছিল। প্ৰথমতে চিত্ৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ আঁকা হৈছিল। চিত্রসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্ত্তি, যুদ্ধৰ চিত্র, হাতী, জীব-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি আঁকা হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পার্শ্বাংশ দুয়োধৰণৰ চিত্ৰ অংকন কৰা হৈছিল। মানুহ আৰু জীব- জন্তুৰ ছবিবোৰত মুখাৱয়ৱৰ নিখুত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্রয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্রবোৰ সহজ-সৰল যদিও দৃষ্টি নন্দন বুলি ক’ব লাগিব। সুকুমাৰ ‘বৰকাইথে ৰচনা কৰা হস্তীবিদ্যার্ণর পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্রকৰে এই চিত্রসমূহ অংকন কৰিছিল। এই গ্রন্থসমূহৰ কেবাখনো গ্রন্থ ছপা আকাৰে ইতিমধ্যে প্রকাশ পাইছে।
৮। অসমৰ ধর্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
উত্তৰ: অসমত অধিকাংশ লোক হিন্দু ধর্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্রীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধর্মপন্থাৱলম্বী লোক। হিন্দু ধর্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ ,বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল প্রভাবী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিবী বিখ্যাত। খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ প্রথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধর্মাৱলম্বী লোকসকলৰ এখন পবিত্র তীর্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্রচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্রমণৰ সময়ত ৰজা চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নির্দেশ ক্রমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধর্ম বর্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্রহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পুৱ অংশত বাস কৰা টাই ফাকে, তুকং, আইতন, খামটি, খাময়াং, নৰা সকল বৌদ্ধ ধর্মাবলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউ সকলে উদাৰ ধর্মনীতি গ্রহণ কৰিছিল আৰু বিভিন্ন ধর্মাৱলম্বী লোকক উপাসনা স্থলী আদি নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।
9। উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিবর্তন অধিকতৰ হৈছে। ব্রহ্মপুত্র উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী অঞ্চল।ইয়াৰ পৰাই প্ৰাচীন সভ্যতাৰ অধিকাৰী দেশ চীনলৈ যাব পৰা এটা পথ থকাৰ উপৰিও চীন দেশৰপৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্রাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাবিক প্ৰব্ৰজনকাৰী হিচাপে, আক্রমণকাৰী হিচাপে, ব্যবসায় বাণিজ্য কৰিবলৈ আৰু তীর্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ী ভাবে বসবাস কৰিবলৈ লৈছিল।ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্রিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অবদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল।
10। ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্র সমাজখনেই এখন কিতাপৰ দৰে ‘- এই প্রসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।
উত্তৰ: ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্র সমাজখনেই এখন কিতাপৰ দৰে অসমৰ লোক-সংস্কৃতিৰ ভঁৰালটি মেটমৰা সন্তাৰেৰে ভৰপূৰ। লোক-সংস্কৃতিৰ উমৈহতীয়া দিশসমূহৰ উপৰিও অসমৰ ভিন্ ভিন্ অঞ্চল, সম্প্রদায়, জাতি-জনজাতিৰ মাজত প্রচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক-পৰিচ্ছদ, আ- অলংকাৰ, খোৱা-বোৱা, গৃহ নির্মাণ, কৃষি, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসব, বাঁহ- বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক, সামাজিক সম্পর্ক, ৰীতি-নীতি আদি বিষয়ক অনেক ক্ষেত্ৰত মনকৰিবলগীয়া অনেক দিশ সিঁচৰতি হৈ আছে। এটা জাতি অথবা সমাজ এখনৰ স্বাভাবিক ৰূপ – ৰং , সুখ-দুখ, শ্রম-বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্রতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সাংস্কৃতিক কথাবোৰ কোনো প্রশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাবে পুৰুষ অনুক্রমে আহৰণ কৰে, কিন্তু সেইবোৰৰ সৈতে অপৰিচিত লোক এজনে লোক-সংস্কৃতি বিষয়ক প্রতিটো কথাবেই সূক্ষ্মাতিসূক্ষ্ম দিশবোৰ বিশেষ মনোযোগেৰে পর্যবেক্ষণ কৰিলেহে বুজি পাব পাৰে।
চমুটোকা লিখা
1। প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প
উত্তৰঃ- প্ৰাচীন যুগতেই ভাৰতৰ ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল ǀ সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা যায় ǀ পৰবৰ্তী সময়ত পোৰা মাটি, শিল , ব্ৰঞ্জ, তাম ৰূপ, সোণ আদিৰে মূৰ্তি নিৰ্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰো সংযোজন ঘটোৱা হৈছিল ǀ এই মূৰ্তি সমূহৰ মাজত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ আৰু চতুৰ্ভংগ আৰ্হিৰ,সমানুপাতিক, পোছাক অলংকাৰেৰে , নিখুত অলংকৰণৰে সজ্জিত মূৰ্তি দেখা যায় ǀ মনৰ শান্তি, সুখ, ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ মুখাবয়বত তথা অংগ-প্ৰত্যংগত সূক্ষ্ম কলা কৌশল প্ৰয়োগ আদিৰে নিৰ্মিত অজস্ৰ মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় ǀ গৌতম বুদ্ধ,মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্য সমূহত দেখিবলৈ পোৱা যায় ǀ অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু সামগ্ৰিকভাৱে ভাৰতীয় সংস্কৃতিতো এই জন্তুকেইটাৰ বিশেষ গুৰুত্ব আছে ǀ দেশী বিদেশী বহুতো ৰাজবংশই নিৰ্মাণৰ এই কলাটোক পৃষ্ঠপোষকতা কৰিছিল ।ভাৰতৰ ভাস্কৰ্য শিল্পক তিনিটা ভাগত ভগাব পাৰি ǀ সেই কেইটা হৈছে- গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ǀ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকালৈ গান্ধাৰ শিল্পকলাৰ প্ৰচলন আছিল আৰু সেইবোৰত গ্ৰীক-ৰোমান ভাস্কৰ্য শিল্প কলা প্ৰয়োগ কৰি বহুতো বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ মথুৰা শিল্পকলা আগতে স্বকীয়ভাৱে বিকাশ হৈছিল যদিও পিছলৈ এইবোৰত গান্ধাৰ শিল্পকলাৰ প্ৰভাৱ পৰিছিলǀ অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিলǀ ঘাইকৈ সাতবাহন সম্ৰাজ্যৰ ৰজাসকলে সেই শিল্পকলাক পৃষ্ঠপোষকতা কৰিছিল । মধ্যযুগত ভাৰতীয় ভাস্কৰ্য শিল্পৰ অৱনতি ঘটে ǀ
2। ভাৰতীয় চিত্ৰকলা
উত্তৰঃ- প্ৰাচীন ভাৰতৰ চিত্ৰকলা ঐতিহ্যসমূহক বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ হিচাপে দুটা ভাগত বিভক্ত কৰিব পাৰি। বৃহদাকাৰ চিত্ৰসমূহ পাহাৰ পৰ্বতৰ শিলাখণ্ডত অংকন কৰা হৈছিল। আনহাতে ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰা তথা সচিত্ৰ বিবৰণ দিবলৈ অংকন কৰা হৈছিল ǀ দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ, তামিলনাডুৰ চিত্তনাৱাচল আৰু আৰমামালাই আদিৰ গুহাৰ দেৱাল সমূহত অংকন কৰা হৈছিল ǀ এইবোৰৰ ভিতৰত অজন্তাৰ দেৱাল চিত্ৰবোৰ পৃথিৱী বিখ্যাত ǀ দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অকা হৈছিল সংশ্লিষ্ট গ্ৰন্থসমূহৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় ১)আকৃতি, ২)জোখমাখ, ৩) আবেগ অনুভূতি প্ৰকাশক কৌশল, ৪) কলাত্মক উপস্থাপন, ৫) সাদৃশ্য জ্ঞান, ৬) তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায় ǀ দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল ǀ এলান্ধু, হালধী, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু ৰং বিৰঙীয়া চিত্ৰ অংকন কৰা হৈছিল ǀ চুলতানী যুগত পাৰস্য দেশীয়কলা ৰীতিৰে অনুস্তপীয়াকৈ আৰম্ভ কৰা চিত্ৰশিল্পৰ চৰ্চাৰ প্ৰমাণো বৰ্তমান কালত উদ্ধাৰ হৈছে ǀ মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল।মোগল বাদছাহসকলৰ জীৱনী ভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকিত কৰা হৈছিল। পাদছাহনামা, তুতুনামা, জাহাংগীৰনামা, দাস্তান-ই-আমিৰ, খামছা আদি গ্ৰন্থ সচিত্ৰকৈ অঁকা হৈছিল। ফাৰ্ছী ৰীতিৰ চিত্ৰশৈলীৰে ৰামায়ন, মহাভাৰত আদি হিন্দুধৰ্ম গ্ৰন্থত চিত্ৰ অঁকা হৈছিল। মোগল যুগৰ চিত্ৰসমূহ সম্ৰাটসকলৰ ছৱি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিছা, ফুল, গছ, লতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল আৰু চিত্ৰসমূহত পৰিপক্কতা দেখা গৈছিল।
3। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য
উত্তৰঃ- সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে ǀ সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল ǀ পৰবৰ্তী সময়ত উদ্গাতাসকলৰ সুৰ, তালৰ পৰিবৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে ǀভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্যৰ অনুক্ৰমে বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে ǀ মোগল সকলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিল ǀ সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেপা, চেহনাই, ঢোল, তবলা বিভিন্ন প্ৰকাৰৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, চন্তুৰ, জলতৰংগ, নূপূৰ, চেতাৰ, চাৰিন্দা,দোতাৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানেও সেইবোৰ বহুলভাৱে ব্যৱহৃত হৈ আছে।
সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰটো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে ǀ দেশৰ চুকে কোণে থকা অজস্ৰ লোকনৃত্যৰ ওপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী আছে। সেই আঠবিধ নৃত্য হল- কথাকলি (মালায়ালম,কেৰেলা ), মোহিনী আট্টম ( কেৰেলা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী ( অন্ধ্ৰপ্ৰদেশ), অডিশি (উৰিষ্যা),কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰ)ǀ
4। অসমৰ ভাস্কৰ্য শিল্প
উত্তৰঃ- অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি মাত্ৰিক বা পূৰ্ণাঙ্গ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিস্কৃত হৈছে। শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ এই মূৰ্তিসমূহৰ ভিতৰত দেৱীমূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি ǀ ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিস্কৃত হোৱা ঠাই কিছুমান হ’ল- তেজপুৰৰ দ’ পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সূৰ্য পাহাৰ, বৰগঙ্গা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি। কলা নিপুণতাৰ দিশৰ পৰা দ’-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাসপূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। তোৰণখনত অন্য মূৰ্তি কিছুমানো খোদিত কৰা হৈছে ǀ এই ভাস্কাৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্ট্ৰীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছে বুলি ঠাৱৰ কৰা হয় ǀ মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে ǀ নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগীমাৰে পুৰুষ নাৰী,বিভিন্ন জীৱ জন্তু আৰু ভৈৰৱ, সূৰ্য আৰু বিষ্ণুৰ মূৰ্তি ইয়াত দেখিবলৈ পোৱা যায় ǀ
5। অসমৰ স্থাপত্য-শিল্প
উত্তৰঃ- অসমত স্থাপত্য শিল্পৰ বর্তমান যিবোৰ নিদর্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্রায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোঁচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল । শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্রমে ৰপুৰৰ ৰংঘৰ, কাৰেঙঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে । এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ হল -কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ,উমানন্দ মন্দিৰ, নবগ্রহ মন্দিৰ, শিবদ’ল, জয়দ’ল, দেৱীদ’ল, ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিব আদি । মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত । মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায় গর্ভগৃহ আৰু মণ্ডপ। মন্দিবৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ কিছুমান কৰ্দৈশিৰিয়াকৈ দীঘলীয়া । শিৱসাগবৰ শিৱদ’ল, বিষ্ণুদ’লত এনে শিখৰ দেখিবলৈ পোৱা যায় । এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নির্মাণ কৰা।
তলাতল ঘৰটো নির্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই ǀ কেইবা মহলীয়া এই প্ৰসাদটোৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে নির্মাণ কার্য সমাপ্ত কৰিছিল। ৰংঘৰটো নির্মাণ কৰা হৈছিল দুমহলীয়াকৈ, সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ । ৰংঘৰটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নির্মাণ কৰা হৈছিল । আহোম ৰাজত্ব কালত ভালেমান শিলৰ দলং নির্মাণ কৰা হৈছিল। এইবোৰৰ ভিতৰত নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো এতিয়াও ব্যবহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে ‘কৰাল’ তৈয়াৰ কৰা হৈছিল ǀ আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নির্মাণ কার্য জোখ-মাখ আদি চোৱা চিতা কবিবলৈ চাংৰুঙ ফুকন নামৰ এগৰাকী বিষয়া নিয়োগ কৰা হৈছিল।
6। অসমৰ বৈষ্ণবী সাহিত্য
উত্তৰ: অসমত পঞ্চদশ শতিকাত শংকবদেৱ আৰু মাধবদেৱে আৰম্ভ কৰা বৈষ্ণব আন্দোলনে সাহিত্য সমন্বিতে অসমীয়া সংস্কৃতিৰ প্রতিটো ক্ষেত্ৰতে প্রভাৱিত কৰিছিল। অসমীয়া সাহিত্যৰ ওপৰত এই ধর্মীয় আন্দোলনে যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল আৰু এই সময়ছোৱাত ভালেমান কাব্য নাট, ভক্তিমূলক গীত আদি ৰচিত হয়। এই সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ ইত্যাদি। মধ্যযুগীয় অসমৰ মহান বৈষ্ণব ধর্ম প্রচাৰক শংকৰদেৱে প্রায় ৩০ টা বৰগীত আৰু কেইবাখনো অংকীয়া নাটকে ধৰি বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা কীর্তন পুথিখন তেওঁৰ সর্বোত্তম সৃষ্টি। শেক্সপিয়েবে সাহিত্য ৰচনা কৰাৰ আগতেই মহাপুৰুষ শংকৰদেৱে প্রথমে নাট চিহ্নযাত্রা ৰচনা কৰি মঞ্চস্থ কৰিছিল। শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে গুৰুজনাক অনুসৰণ কৰি নামঘোষাৰ লগতে ভালেমান বৰগীত ৰচনা কৰি গৈছে। অসমীয়া সাহিত্যৰ ভৰাল সমৃদ্ধিশালী কৰা নৱবৈষ্ণৱ যুগৰ অন্যান্য লেখকসকল আছিল ভট্টদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী ইত্যাদি।
7। অসমৰ লোকসংগীত
উত্তৰঃ- অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে। কিছুমান লোক সংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে, আন কিছুমান এতিয়াও প্ৰৱলভাৱে প্ৰবাহিত হৈ আছে। কেঁচুৱা টোপনি নিওঁৱা নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম , কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্রচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত, আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশস্তি আদি প্রকাশমূলক গীত। এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ে ৰচিত হয়। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োবা বিশেষ অবদানৰ বাবে সংগীত নাটক অকাদেমিৰ দ্বাৰা বটা প্রদানেৰে সন্মানিত হোৱা কেইগৰাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে- প্রয়াত খগেন মহন্ত,ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা। এওঁলোকৰ ভিতৰত প্রতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল।
8। অসমৰ ধৰ্মীয় সংহতি
উত্তৰঃ- প্ৰাচীন কালৰে পৰা অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু। ইয়াৰ পিছতে আছে- ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক ǀ হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায়ǀ অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত ǀ নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ǀ হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাইǀ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰৰ্মে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূৱ অংশত বাস কৰা টাইফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যামসকল বৌদ্ধ ধৰ্মাৱলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিলǀ
9। অসমৰ বুৰঞ্জী সাহিত্য
উত্তৰঃ- মধ্যযুগত আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহে অসমৰ সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ গৈছেǀ ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনা সমূহ প্ৰথম অৱস্থাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল ǀ ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয় ǀ ব্ৰিটিছশাসন কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয়ǀ এনে কেতবোৰ বুৰঞ্জী হৈছে- দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী আদি।
10। অসমৰ বিহু উৎসৱ
উত্তৰঃ- বিহু অসমৰ এক অতি আদৰৰ উৎসৱ । বিহু তিনিটা বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগলী বিহু। অসমীয়া বৰ্ষৰ বহাগ মাহ,কাতি মাহ আৰু মাঘ মাহত এই তিনিটা বিহু পৃথক নীতি নিয়মেৰে উৎযাপন কৰা হয়।
ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্ৰথম ছদিনলৈ পালন কৰা হয়ǀ চ’ত মাহৰ শেষৰ দিনটোক সংক্রান্তি বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। কৃষিজীৱী অসমীয়া সমাজত হালবোৱাকে আদি কৰি বিভিন্ন ক্ষেত্রত গৰুৰ ব্যৱহাৰ হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ গৰু গাইৰ প্রতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়। গৰু বিহুদিনা ৰাতিপুৱাই খাল দোং, নদী আদিলৈ গৰু-গাইবোৰ নি তেল হালধি সানি গা-ধুউৱা হয়, নতুন পঘা দিয়া হয়, গোহালি ঘৰ পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ধুপ-ধুনা, জাগ আদি দিয়া হয়। বহাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃ আৰু পৰিয়ালৰ বয়োজেষ্ঠ সকলৰ চৰণ চুই কনিষ্ঠ সকলে শ্ৰদ্ধা নিবেদন কৰে ǀ ৰাজহৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। এই কেইদিনৰ ভিতৰতে বয়স্থ লোকৰ হুঁচৰি দল সমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য-গীত আদি কৰি গৃহস্থক আশীর্বাদ দিয়ে। উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰষ মানুহে নেদেখাকৈ জেং বিহু পাতে। পথাৰৰ মাজৰ গছৰ তলত ডেকা-গাভৰুৱে প্রেম আৰু যৌৱনৰ অনুভূতি প্রকাশক গীত আৰু নৃত্যৰে মুকলি বিহুত ভাগ লয় । জনজাতিৰ লোকসকলে নিজা ৰীতিনীতি, গীত-মাত, বেশ-ভূষাৰে ভিন ভিন নামেৰে বিহু উৎসৱৰ আয়োজন কৰে। বড়ো, ৰাভা,কার্বি, মিচিং, দেউৰী, তিৱা আদি লোকসকলে নিজা গীত-মাত, সাজ-পোছাক আৰু পৰম্পৰাৰে বিহু উৎসৱ পালন কৰে। এই সকলো বাবেৰহণীয়া কৃষ্টিৰে বিশাল অসমীয়া সংস্কৃতি গঢ় লৈছে। ৰঙালী বিহৰ সাতদিনক ক্রমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়।
আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্রতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পবিত্ৰ ভাৱেৰে সিজু গছৰ তলত চাকি জ্বলায় ǀ কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায় ǀ এই ৰীতি নীতি বোৰৰ সৈতে কিছুমান ধর্মীয় বিশ্বাস জড়িত হৈ আছে।
মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্রামাঞ্চলৰ ডেকাল’ৰাহতে বা ৰাইজে দল বান্ধি পথাৰত মাজন গছৰ তলত খেৰ, নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচাবাহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে ǀ ৰাজহুৱা ভোজত অংশগ্রহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেই দিনাখন বাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি কৰা হয়। বিহুৰ দিনা ৰাতি পুৱাই গা-ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা লাৰু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয় ǀ আলহীক দৈ, সান্দহ, চিৰা, পিঠা, জলপান আদিৰে আপ্যায়িত কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্রী উভেনদী হয় আৰু খোৱা-বোৱাৰ প্রাধান্য থকা বাবে মাঘ বিহুক ‘ভোগালী বিহু বুলি কোৱা হয়।
Class 10 Social Science All Question Answer- Click Here
Class 10 Social Science Chapter 5 ( History) ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam