Assam Board Exam

Class 10 Economies Chapter 2 অৰ্থনৈতিক উন্নয়ন

Class 10 Social Science Economies Chapter 2 অৰ্থনৈতিক উন্নয়ন­­­­­­­­­­­­­­­­­­­­­ – সমাধান in Assamese Medium|| All Question Answer||

Class 10 Social Science Economies Chapter 2

Class 10 Social Science ( Political Science and Economics) Chapter 2 অৰ্থনৈতিক উন্নয়ন­­­­­­­­­­­­­­­­­­­­­ – Complete Question Answer in Assamese Medium

দশম শ্ৰেণী

অৰ্থনীতি বিজ্ঞান

অৰ্থনৈতিক উন্নয়ন

অতি চমু উত্তৰৰ প্রশ্ন :

 ১। ব্যাখ্যা কৰা ( এটা বাক্যত ):

(ক) অর্থনৈতিক বিকাশ। 

উত্তৰঃ অর্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি।

(খ) অর্থনৈতিক উন্নয়ন। 

উত্তৰঃ দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি উৎপাদন ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধনেৰে জীৱন ধাৰণৰ সাধাৰণ মানৰ উন্নতি হোৱা ব্যৱস্থাই হৈছে অর্থনৈতিক উন্নয়ন। 

(গ) মানব উন্নয়ন। 

উত্তৰঃ জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মান, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নেই মানৱ উন্নয়ন।

(ঘ) অর্থনৈতিক পৰিকল্পনা ৷ 

উত্তৰঃ নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল অৰ্থনৈতিক পৰিকল্পনা।

(ঙ) গণতান্ত্রিক পৰিকল্পনা। 

উত্তৰঃ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ’ল গণতান্ত্ৰিক পৰিকল্পনা।

(চ) উদাৰীকৰণ। 

উত্তৰঃ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰীকৰণ।

(ছ) ব্যক্তিগতকৰণ। 

উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠান সমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ।

(জ) গোলকীকৰণ বা বিশ্বায়ন। 

উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন। 

চমু উত্তৰৰ প্ৰশ্ন:

২। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা। 

উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য হলঃ

(ক)  অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত; আনহাতে, অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। কিয়নো অৰ্থনৈতিক বিকাশত  জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া হয়। কিন্তু অৰ্থনৈতিক উন্নয়নত আয়ৰ বিতৰণৰ প্ৰসংগও সোমাই থাকে, যিটো অৰ্থনৈতিক বিকাশত নাথাকে।

(খ) অৰ্থনৈতিক বিকাশ হ’লেই অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক’ব নোৱাৰি। কিন্তু অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক বিকাশ হ’বই লাগিব।

৩। মানব উন্নয়নৰ তিনিটা সূচক কি কি ? 

উত্তৰঃ মানৱ উন্নয়ন সূচক তিনিটা হলঃ 

(ক) প্রত্যাশিত আয়ুস।

(খ) শিক্ষা বা সাক্ষৰতা।

(গ) জীৱন ধাৰণৰ মান। 

৪। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ? 

উত্তৰঃ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হোৱাটোৱে মানৱ উন্নয়নক বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। এই পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লৈছে।

৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হলঃ 

( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা। 

( খ ) আঞ্চলিক বৈষম্য দূৰ কৰা।

( গ ) দৰিদ্ৰতা নির্মূল কৰা। 

৬। নিটি ( NITI ) আয়োগৰ সদস্যসকল কোন কোন ? 

উত্তৰঃ NITI আয়োগৰ অধক্ষ্য হ’ল প্ৰধানমন্ত্ৰী আৰু উপাধক্ষ্যক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে। ইয়াৰ উপৰিও আয়োগৰ অনান্য সদস্য সমূহ হ’ল – ৰাজ্যসমূহৰ মূখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ- ৰাজ্যপাল সমূহ, ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মূখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।

দীঘল উত্তৰৰ প্রশ্ন:

৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা ( ১৯৫১-১৯৯১ ) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰপৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা। 

উত্তৰঃ গুৰিৰে পৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা। যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহৱাস্থান হয়, সেই আৰ্থিক ব্যৱস্থাই হ’ল মিশ্ৰিত আৰ্থিক ব্যৱস্থা। ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতৰ ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰাটো এক প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ আছিল – অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, আত্মনিৰ্ভৰ্শীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। কিন্তু দুবাৰকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধ (১৯৬১-৬২ চনত চীনৰ সৈতে আৰু ১৯৬৫ চনত পাকিস্থানৰ সৈতে হোৱা যুদ্ধ), সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপট পৰিবৰ্তনৰ ফলত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হাৰ আশানুৰূপ নহ’ল। ষাঠি দশকত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ প্ৰভাৱো মাত্ৰ কেইখনমান ৰাজ্য যেনে – পাঞ্জাৱ হাৰিয়ানাৰ মাজতে সীমাবদ্ধ আছিল।

ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয়ছোৱাই ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিবৰ্তন সাধিত হয়। উদাৰীকৰণ, ব্যক্তিগত কৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ  গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পালে। এই তাৎপৰ্যপূৰ্ণ পৰিবৰ্তনৰ তিনিটা মূল কাৰণ হ’ল –

(ক) চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমান বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে  লোকচান ভৰিব লগীয়া হৈছিল।

(খ) প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মূদ্ৰাস্ফিতি বা সা-সামগ্ৰীৰ নেৰা-নেপেৰা  মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিলে।

(গ) ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমণ হৈছিল। ফলস্বৰূপে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত বিশ্ববেংকেও পৰামৰ্শ আগবঢ়ালে যে  ভাৰতীয় অৰ্থনীতিৰ গাথঁনিমূলক পৰিবৰ্তন হ’ব লাগে। এনে এক পটভূমিয়েই সেই সময়ত পি. ভি. নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে  অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ বা বিশ্বায়ানৰ কাৰ্যসূচীক উদগনি যোগাইছিল।

৮। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতিৰ দ্বিতীয় সময়ছোৱাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হৈছিল। এই পৰিৱৰ্তনৰ মূল কাৰণ তিনিটা হ’ল-

(ক) চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমান বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল।

(খ) সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মূদ্ৰাষ্ফীতি বা সা- সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক জুৰুলা কৰিছিল।

(গ) ১৯৯০-১৯৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বানিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমণ হৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যিৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল।

৯। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। 

উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হ’ল –

(ক) অৰ্থনৈতিক সংস্কাৰৰ ফলত অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। উদাহৰণস্বৰূপে ১৯৫১ চনৰ পৰা ২০০৪ চনলৈকে অৰ্থনৈতিক উন্নয়নৰ হাৰ তেনেই কম আছিল। কিন্তু ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত বাৰ্ষিক উন্নয়নৰ হাৰ বৃদ্ধি পাই হৈছিল ক্ৰমে ৯.৫%, ৯.৬%।

(খ) দ্বিতীয়তে, পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নাই।

(গ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মূদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পৰিমাণ বৰ্তমান ৩২৮.৭ বিলিয়ন ডলাৰ হৈছে।

১০। অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে কেটবোৰ সমস্যাৰ সৃষ্টি কৰিছে, যেনে –

(ক) এই সংস্কাৰ নীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তিব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে। এই প্ৰতিযোগিতা সুস্থ হ’ব লাগিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ’ব লাগিব।

(খ) পণ্যৰ প্ৰতি অত্যাধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ’ব পাৰে।

১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল –

(ক)  দেশৰ উন্নতি উন্নত ৰাজ্যসমূহৰ  সম পৰ্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০% লৈ বৃদ্ধি কৰা।

(খ) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আচঁনি গ্ৰহণ কৰা।

(গ) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটো সমাধান কৰা।

(ঘ) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা।

(ঙ) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ্শীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰনৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা।

(চ) জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটো মোকাবিলা কৰা।


Class 10 Social Science All Question Answer- Click Here


Class 10 Social Science ( Political Science and Economics) Chapter 2 অৰ্থনৈতিক উন্নয়ন­­­­­­­­­­­­­­­­­­­­­- Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment