Assam Board Exam

Class 10 Political and Economies Chapter 2 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য­­­­­­­­­­­­­­­­­­­­­

Class 10 Political and Economies Chapter 2 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য – সমাধান in Assamese Medium|| All Question Answer||

Class 10 Political and Economies Chapter 2 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 10 Social Science ( Political Science and Economics) Chapter 2 – আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য – Complete Question Answer in Assamese Medium

অতি চমু উত্তৰৰ প্রশ্ন :

১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধই অনা ভয়াবহতা আৰু অবৰ্ননীয় ধ্বংসলীলাই বিশ্ববাসীক ভয়াৰ্ত কৰি তুলিছিল। যাৰ ফলত ৰাষ্ট্ৰসংঘৰ দৰে এটা বিশ্ব সংস্থা গঠনৰ কথা চিন্তা কৰা হৈছিল আৰু ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ সৃষ্টি হৈছিল।

২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছেঃ 

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত প্ৰত্যেক দেশৰ লগত বন্ধুত্বপূর্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছটা প্রধান অংগ হৈছেঃ

( ক ) সাধাৰণ সভা। 

( খ ) নিৰাপত্তা পৰিষদ। 

( গ ) অর্থনৈতিক আৰু সামাজিক পৰিষদ। 

( ঘ ) ন্যাসৰক্ষী পৰিষদ। 

( ঙ ) আন্তর্জাতিক ন্যায়ালয়। আৰু 

( চ ) সচিবালয়।

৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা অভিকৰণ বা এজেন্সিৰ নাম লিখা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা অভিকৰণ হৈছে: 

( ক ) আন্তর্জাতিক শ্রমিক সংঘ ( ILO ) 

( খ ) বিশ্ব স্বাস্থ্য সংস্থা ( WHO )

৫। নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা। 

উত্তৰঃ নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তি হৈছেঃ 

( ক ) ১৯৬৩ চনত সম্পাদিত “আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (CTBT)”।

( খ ) ১৯৬৮ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্র – সংকোচন চুক্তি (NPT)”। 

৬। মানৱ অধিকাৰ মানে কি বুজা ? 

উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে এটা মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰ তথা স্বাধীনতা দেশৰ সংবিধানে প্ৰদান কৰিছে। এই অধিকাৰ তথা স্বাধীনতাকে মানৱ অধিকাৰ বুলি কোৱা হয়।

দীঘল উত্তৰৰ প্ৰশ্ন:

১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য কেইটা হৈছেঃ 

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক প্ৰতিষ্ঠা কৰা। 

(গ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰতিজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। 

(ঘ) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশসমূহৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ প্রধান কেন্দ্র হিচাপে কাৰ্য সম্পাদনা কৰা। 

ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ হ’ল: 

(ক) সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব। 

(খ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজ নিজ দায়িত্ব পালন কৰিব লাগিব। 

(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি , নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব। 

(ঘ) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব। 

(ঙ) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।

(চ) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱেই হ’ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যৰ সংখ্যা পাঁচজন আৰু অস্থায়ী সদস্যৰ সংখ্যা  দহজন। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হ’ল- আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লবলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯ জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যৰ ভেটো’ প্ৰয়োগৰ ক্ষমতা আছে।

৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো ধৰণৰ সমস্যাকে বুজাবুজি আৰু আলোচনাৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই ভূমিকাবোৰ আশাপ্ৰদ আৰু ইতিবাচক। অৱশ্যে বহু ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী স্থিতি আৰু কোনো কোনো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অনুমোদন অবিহনে আমেৰিকাই লোৱা সামৰিক কাৰ্যপন্থাই ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণি আনিছে যদিও যোৱা সুদীৰ্ঘ কাল ধৰি বিশ্বযুদ্ধ্বৰ লেখীয়া বৃহৎ যুদ্ধৰ পৰিবেশক পৰাহত কৰি ৰাখিব পৰা কাৰ্যই ৰাষ্ট্ৰসংঘৰ সফলতাক সূচাইছে।

          নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজৰ যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই যোৱা দিনবিলাকত লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ। ১৯৫২ চনৰ জানুৱাৰীত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণৰ আয়োগ গঠন কৰে। ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ১৯৬৩ চনত ‘আংশিকভাৱে আনৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’, ‘১৯৬৭ চনত বহি: মহাকাশ চুক্তি’, ‘১৯৬৮ চনত পাৰমানৱিক অস্ত্ৰ সংকোচন নীতি’, ‘১৯৭১ চনত সমূদ্ৰতল নিয়ন্ত্ৰণ চুক্তি’, ‘১৯৭২ চনত ছল্ট-১ চুক্তি’, ‘১৯৭৯ চনত ছল্ট-২ চুক্তি, ‘১৯৯৩ চনত পাৰমানৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি’, ১৯৯৬ চনত ১৫৮ খন ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা ‘পাৰমানৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ কে ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি সাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ শান্তিৰ বাতাবৰণ অনাত বিশেষ বৰঙণি যোগাইছে। তাৰোপৰি ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতিৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটোও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা। 

উত্তৰঃ ১৯৬৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে ৰাষ্ট্ৰসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল। ইয়াৰ পিছত ১৯৯৩ চনতৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিবেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা হয়। সেই মৰ্মে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ আয়োগ গঠন কৰা হ’ল।

          ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্তেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ হ’ব লাগিব। সদস্যসকলৰ ভিতৰত –

          (ক) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ

          (খ) এজন কোনো উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ বা প্ৰাক্তন মূখ্য ন্যায়াধীশ

          (গ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি।

          ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। ভাৰতত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অতন্ত্ৰ প্ৰহৰীৰ ভূমিকা ল’ব লাগে।

৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল। বিশ্বৰ মানৱ সমাজৰ অধিকাৰ সমূহক সুৰক্ষা দিবলৈকে এই স্থায়ী সংগঠনটোৰ জন্ম হৈছিল। বিশ্বত শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্যে আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে গঠিত হোৱা ৰাষ্ট্ৰসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিনটোত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰ সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে। সেইবাবে আজিও ১০ ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিন হিচাপে পালন কৰা হয়। এই প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত ঘোষনাপত্ৰই মূলত: দুটা উদ্দেশ্য সাধন কৰিছে।

          প্ৰথম, বিশ্বৰ জনজাগৰণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিবিষ্ট হৈছে।

          দ্বিতীয়, এই ঘোষণা পত্ৰত উল্লেখিত অধিকাৰ সমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে।

          বিশ্বৰ নাগৰিকৰ জীৱনযাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক। জন্মক্ষণত এই সংগঠনৰ সদস্য আছিল ১৮ জন। ১৯৯০ চনত ইয়াৰ সদস্য সংখ্যা ৫৩ জনলৈ বৃদ্ধি কৰা হয়। আয়োগে মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু তেনে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে।


Class 10 Social Science All Question Answer- Click Here


Class 10 Social Science ( Political Science and Economics) Chapter 2 – আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment