Assam Board Exam

বৰগীত| Class 12 Assamese Chapter 1 Complete Solution

বৰগীত | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 1 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


বৰগীত | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 1

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -1

বৰগীত

মাধৱদেৱ

(ক) অতি চমু প্রশ্ন: (মূল্যাংক-১)

১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰ: মাধৱদেৱৰ জন্ম হৈছিল উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত, ১৪৮৯ খৃষ্টাব্দত।


 ২। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰ: শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়।


৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰ: ‘নামঘোষা’ গ্রন্থখনিক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভবুলি কোৱাহয়।


৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰ: মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।


৫।’ উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা?

উত্তৰ: উঠৰে উঠ বাপু গোপাল হে’- বৰগীতটো ‘কৌ’ ৰাগত বন্ধা।


(খ) চমু প্রশ্নঃ (মূল্যাংক ২/৩)

১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা।

উত্তৰ: মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত গীতসমূহক বৰগীত বোলা হয়।

বৰগীতৰ বিষয়বস্তুক ছটা ভাগত ভগাব পাৰি। ভাগকেইটা হৈছে- লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰি।


২।  ° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে?

উত্তৰ: বৰগীত সমূহ প্রধানকৈ আধ্যাত্মিক ভাবেৰে পুষ্ট। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ পৰিলক্ষিত হয়। সেইবাবে ড° বাণীকান্ত কাকতিয়ে বৰগীত সমূহক Noble Numbers বুলি কৈছে।


৩। মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি?

উত্তৰ: মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণই প্রাধান্য লাভ কৰিছে। ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ নানান ক্রিয়া কলাপৰ মনোমুগ্ধকৰ বর্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায়। গতিকে বাৎসল্য ভাবৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য।


৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে?

উত্তৰ: সব পুৰুষৰ শিৰৰ ভূষণ বুলি যশোদাই শিশু কৃষ্ণক কৈছে।

 যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি মৰমেৰে কোলাত লৈ, চুম্বন কৰি কৈছিল যে সকলো পুৰুষৰ শিৰৰ ভূষণ অর্থাৎ সকলোৰে আৰাধ্য দেৱতা, তুমি মোৰ বাপু গোবিন্দ। আচলতে যশোদাই একান্ত ভক্তি আৰু সাধনাৰ বলত জগতৰ স্রষ্টা শ্রীকৃষ্ণক পুত্র ৰূপে লাভ কৰিছিল।


৫/ ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে

সো হৰি যশোৱা কোলে…….. সিদ্ধ

মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে পালে বুজাই লিখা।

উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱে  লিখা “উঠ ৰে উঠ বাপু গোপাল হে” বৰগীতটিৰ পৰা অনা হৈছে।

ভগৱান নিৰাকাৰ আৰু নিৰঞ্জন। তেওঁ সর্বলোকতে বিৰাজমান। তেওঁৱেই স্রষ্টা, ক্ৰাণকর্তা আৰু সংহাৰ কৰ্তাও। এইজনা মহিমাময়ী, বিশ্ব-ব্রহ্মাণ্ডৰ অধিপতি ভগৱানক কোনেও দর্শন কৰিবলৈ পোৱা নাই। আনকি সিদ্ধ মুনিগণ, ঋষিসকলে বহু সাধনা আৰু বছৰ বছৰ ধ্যান কৰা পাছতো ভগৱানক বিচাৰি পোৱা নাই। অথচ এইজনা পৰমব্ৰহ্ম পৰমেশ্বৰক যশোদাই পুত্রৰূণে লাভ কৰি, কোলাত লৈ মৰম কৰিব পাৰিছে।

কোৱা হয় ভগৱান ভক্তৰ দাস। সন্তানহীনা যশোদাই সন্তান লাভৰ বাবে একান্তচিত্তে ভগৱানক আৰাধনা কৰিছিল। যশোদাৰ একান্ত সাধনা আৰু পৰম ভক্তিৰ বলতে জগত ঈশ্বৰক নিজ পুত্রৰূপে পাইছিল।


গ) দীঘল প্রশ্ন (মূল্যাংক ৪/৫)

১/ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰ: ‘উঠৰে উঠ বাপু গোপাল হে’- বৰগীতটি মহাপুৰুষ মাধৱদেৱৰ এটি সুন্দৰ বাৎসল্য ৰসপূর্ণ বৰগীত। বৰগীতটিত মাক যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। যশোদাই মৰমতে কৃষ্ণক বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ’ অর্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে।বৰগীতটিত মাতৃ-পুত্ৰৰ মধুৰ সম্পর্ক অতি সুন্দৰকৈ বর্ণিত হৈছে, লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যও প্রকাশ পাইছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্রৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। সেয়ে বৰগীতটিত ভক্তিৰ শ্রেষ্ঠত্বও প্রতিপন্ন হৈছে।

এইখিনিয়ে হৈছে উঠৰে উঠ বাপু গোপাল হে’- বৰগীতটিৰ মূলকথা।


২/ বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা।

উত্তৰ: মহাপুৰুষ মাধৱদেৱে লিখা ‘উঠৰে উঠ বাপু গোপাল হে-‘বৰগীতটোত মাতৃ স্নেহ বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। বৰগীতটোত মাক যশোদা আৰু পুত্র শ্রীকৃষ্ণৰ স্নেহপূর্ণ, মমতাময় সম্পৰ্কৰ মনোৰম বৰ্ণনাৰ মাজেৰে মাতৃ-পুত্ৰৰ চিৰন্তন ৰূপ পৰিস্ফুট হৈছে।

যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ মৰমতে বাপু, কমল-নয়ন,প্রাণধন আদি স্নেহপূর্ণ নামেৰে মাতিছে আৰু কোলাত লৈ বাৰে বাৰে চুমা খাইছে। কৃষ্ণক বুকুত বান্ধি ‘সকলো পুৰুষৰ শিৰৰ ভূষণ’ বুলি কৃষ্ণৰ -ঐশ্বৰিক মাহাত্ম্য ব্যক্ত কৰিছে আৰু সেইজনা সকলোৰে আৰাধ্য কৃষ্ণক পুত্র ৰূপে লাভ কৰি কোলাত ল’বলৈ পোৱাত যশোদাই নিজকে ধন্য মানিছে। কৃষ্ণৰ বাৎসল্য ৰূপ সতৃষ্ণ নয়নে চাই যশোদা মহা আনন্দিত হৈছে। এনেদৰে বৰগীতটিত যশোদাৰ মাতৃস্নেহ পৰিস্ফুট হৈছে।


৩। বৰগীতটোৰ মাজেৰে শ্রীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।

উত্তৰ: মহাপুৰুষ মাধৱদেৱে লিখা ‘উঠ ৰে উঠ বাপু গোপাল হে’- বৰগীতটোত শ্রী কৃষ্ণৰ মানবীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ পৰিস্ফুট হৈছে।

এটি সাধাৰণ মানৱ শিশুৰ দৰে টোপনিত লালকাল দি থকা কৃষ্ণক মাক যশোদাই বিভিন্ন স্নেহপূর্ণ নামেৰে মাতি জগাইছে আৰু কোলাত লৈ বাৰে বাৰে চুমা খাইছে। মাতৃ-পুত্ৰৰ এনে মধুৰ সম্পৰ্কৰ দ্বাৰা কৃষ্ণৰ মানবীয় ৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে।

আনহাতে বৰগীতটোত “সব পুৰুষৰ শিৰৰ ভূষণ’, “সিদ্ধ মুনিগণে -চিন্তিয়া নপাৱে” পদ্যাংশৰ দ্বাৰা কৃষ্ণৰ ঐশ্বৰিক ৰূপ প্রকাশ কৰিছে।সব পুৰুষৰ শিৰৰ ভূষণ অর্থাৎ সকলোৰে আৰাধ্য দেৱতা কৃষ্ণক যশোদাই পুত্রৰূপে পাই কোলাত লৈ মৰম কৰিবলৈ পাইছে। সিদ্ধগুনি, ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো সিজন নিৰাকাৰ ভগৱানক বিচাৰি নাপায়, সেই মহিমাময়ী ভগৱান সোঁ শৰীৰে যশোদাৰ কোলাত মৰম আকলুৱা শিশুৰূপে ধৰা দিছে।

এনেদৰে বৰগীতটিত মাধৱদেৱে কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ সুন্দৰকৈ দাঙি ধৰিছে।


৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা।

উত্তৰ: মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কবি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পর্শী ভাবে বর্ণনা কৰিছে।

ভগৱানৰ আদিও নাই অন্তও নাই। তেওঁ অনাদি আৰু অনন্ত, আৰু সর্বলোকতে বিৰাজমান। বিশ্বব্রহ্মাণ্ডৰ অধিকাৰী এইজনা মহিমাময়ী ভগৱানৰ দর্শন লাভ কৰাটো সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয়। আনকি সিদ্ধ মুনি, ঋষিসকলে বহু বছৰ তপস্যা আৰু ধ্যান কৰিও ভগৱানৰ দর্শন লাভ কৰিব নোৱাৰিছিল। কিন্তু সেইজনা ব্রহ্মাণ্ডপতি ভগৱান ভক্তৰ ভকতিৰ অধীন হৈ পৰে। পুত্রহীনা যশোদাই ভগৱানৰ প্রতি অনেক সাধনা আৰু আকুন্ঠ ভক্তিত তুষ্ট হৈ পৰম মহিমাময়ী ভগৱান কৃষ্ণই পুত্রৰূপে আবির্ভাব হৈ যশোদাৰ জীৱন ধন্য কৰিছিল। বৰগীতটোত যশোদাই পৰম ভক্তিৰ বলত ত্ৰিজগতৰ পতি, ভগৱানক পুত্রৰূপে কোলাত লৈ মৰম কৰিবলৈ পোৱাটো সুন্দৰকৈ ব্যক্ত কৰিছে।


৫/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

ত্রিজগত পতি ভকতি মিলিল  

মুৰুখ মাধৱে বোলে।

উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত মহাপুৰুষ মাধৱদেৱে লিখা উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ পৰা অনা হৈছে।

ভগৱান যে ভক্তৰ অধীন বা ভক্তৰ ভকতিত ভগৱানো দাস হৈ পৰে সেই প্রসংগতে পদফাঁকিৰ অৱতাৰণা কৰিছে।

কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ। আনহাতে যশোদা আছিল এজনী সাধাৰণ গোৱালৰ জী। পুত্রহীনা যশোদাই পুত্রলাভৰ বাবে নিতৌ কৰিছিল ভগৱানৰ আৰাধনা, একান্ত ভক্তি। যশোদাৰ অচলা ভক্তিত তুষ্ট হৈ ত্রিজগৰ পতি ভগৱানে পুত্রৰূপে যশোদাৰ কোলা শুৱনি কৰে।

ভক্তৰ ভকতিত তুষ্ট হৈ নিজ পুত্রৰূপে ধৰা দিয়াকে কবি মাধৱদেৱে পদফাঁকিত ব্যক্ত কৰিছে।


১। বৰগীতৰ ভাষা কি?(H.S.19)

উত্তৰ: বৰগীতৰ ভাষা ব্রজাবলী।


২। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? (H.3.20)

উত্তৰ: মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল।


৩।’তেজ’ শব্দৰ অর্থ লিখা। (H.S.22)

উত্তৰ: ‘তেজ’ শব্দৰ অৰ্থ ত্যাগ কৰা।


৪। মাধৱদেৱৰ বৰগীতত শ্রীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্রকাশ পাইছে?

উত্তৰ: মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা প্রকাশপাইছে।


৫। শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? (HS’19)

উত্তৰ: মহাপুৰুষ শংকৰ দেৱে একুৰি চৈধ্যতা বৰগীত ৰচনা কৰিছিল।

আৰু মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল।


৬। মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? (H-5’20)

উত্তৰ: মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি।


৭। ড° বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্রনাথ বেজবৰুৱাই বৰগীত সমূহক কি বুলি কৈছে লিখা। (H-S’22)

উত্তৰ: ড° বাণীকান্ত কাকতিয়ে বৰগীত সমূহক Noble Numbers বুলি কৈছে।

একেদৰে কালিৰাম মেধিয়ে Great song বা Song Celestial আৰু দেৱেন্দ্রনাথ বেজবৰুৱাই Holy Songs বুলি কৈছে।


Mastering Class 12 Assamese বৰগীত Chapter 1 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


Class 12 Assamese Chapter 1 বৰগীত Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment