Assam Board Exam

মোৰ মাতৃমুখ দৰ্শন | Class 12 Assamese Chapter 1 Page 2

মোৰ মাতৃমুখ দৰ্শন | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 1 Page 2. Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

মোৰ মাতৃমুখ দৰ্শন | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 1.

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -1

মোৰ মাতৃমুখ দৰ্শন

লক্ষ্মীনাথ বেজবৰুৱা


অতিৰিক্ত প্রশ্নোত্তৰ

১। লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্প জনক বুলি কোৱা হয়? (H.S 2017)

উত্তৰ  লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী আলোচনীৰ যোগেদি অসমীয়া চুটিগল্পৰ শুভাৰম্ভ কৰে। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁৰ ৰচিত চুটিগল্প সমূহ হ’ল জোনবিৰি, সাধুকথাৰ কুকি, কোহাকলি, সুৰভি আদি।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা কি বিষয়ক গ্রন্থ? (H.S 2019)

উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্ৰীকৃষ্ণকথা’ এখন তত্ত্বমূলক গ্রন্থ।

৩। Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” কোন চনত প্ৰকাশ পাইছিল? (H.S 2020)

উঃ ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” ১৮৮৮ চনত প্রকাশ পাইছিল।

৪। লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগ ৰচনাৰ নাম লিখা। (H.S 2020)

উত্তৰ  কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি।

৫। যথা নিযুক্তোহস্মি তথা কৰোমি” পদটিৰ অর্থ লিখা। (H.S 2020)

উঃ উক্ত সংস্কৃত পদটিৰ অৰ্থ হল—  যিটো কামৰ বাবে নিযুক্ত হৈছোঁ তাকে কৰিছোঁ।

৬। ভ্ৰমৰংগ’ শ্বেক্সপিয়েৰৰ কোনখন গ্ৰন্থৰ ভাঙনি? (H.S 2023)

উত্তৰ: ‘ভ্ৰমৰংগ’ শেক্সপীয়েৰৰ ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি।


৭। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা: (H.S 2020)

 (ক) “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।”

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ মাতৃমুখ দর্শন’ নামৰ পাঠটিৰ তুলি দিয়া হৈছে।

 সময়ৰ গতিত, অৱহেলাৰ ফলত অসমৰ সৌন্দৰ্য্যসমূহ বিলুপ্ত হোৱাৰ কথা কোৱাৰ প্ৰসংগতে লেখকে উক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছে।

সোণত সুৱগা চৰা অসমী আইয়ে চিৰকাল অসমবাসীক গৌৰৱান্বিত কৰি আহিছে । প্রাকৃতিক সৌন্দর্য, ঐতিহাসিক উৎকর্ষ, প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা আদিৰে অসমখন ভৰপূৰ আৰু এই সকলোবোৰৰ সৌন্দৰ্যত বেজবৰুৱা মোহিত হৈছিল। চিৰদিন অসমীয়াৰ গৌৰৱৰ ধ্বজা হৈ অহা অসম আজি যেন কালৰ পীড়নত স্নান হৈ যাব ধৰিছে। যুগ-যুগ ধৰি বিভিন্ন জাতি-জনজাতিয়ে অসম মাতৃৰ বুকুত কৰি অহা আঘাতে যদিও অসম মাতৃক জীর্ণ কৰি তুলিছে, তথাপি কেতিয়াও দুর্বল কৰিব পৰা নাই।  অসমযাত্রী বিদেশীয়ে গুৱাহাটীলৈ আহিলে অসমৰ সৌন্দৰ্যহে দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, পাৰৰ কামাখ্যা অশ্বক্রান্ত আদি অলেখ অতুলনীয় প্রাকৃতিক সৌন্দর্যই সেই বিদেশীৰ চকুত জলক লগাব। তীর্থযাত্ৰীৰ প্ৰাণৰ তীৰ্থ স্পৃহা গুৱাহাটীয়ে পলুৱাব। পৰিশ্ৰমী প্রত্নতাত্বিকক প্রাচীন জ্ঞানৰ দুৱাৰ গুৱাহাটীয়ে মুকলি কৰি মনত বিস্ময় লগাই দিব।


৮। ডিব্ৰুগড়ৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালাৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাখিনি পাঠৰ আধাৰত লিখা। (H.S 2022)

উত্তৰ বেজবৰুৱাই ডিব্ৰুগড় চহৰৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালটো দেখি আনন্দিত হৈছিল। ডিব্ৰুগড়ৰ ডেকাসকলে – তাত নাট-চর্চা কৰে, গীত-মাত, নাটক আদি পৰিবেশন কৰে। তেওঁলোকে যিবোৰ চিত্ৰপট, কলিকতাৰ নিপুন চিত্রবিদতকৈ কোনো গুণেই কম নহয়। ডেকাসকলৰ সাজ-সজ্জা, চিত্রপট, ভাবপূর্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বেজবৰুৱা সন্তোষিত হৈছিল। ডেকা সকলে চহৰৰ ৰংগশালাত গীত-মাত, নাটক আদি পৰিৱেশন কৰে। মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও অনূদিত নাটকো অভিনীত হয়।


৯) মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্রেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। (H.S 2017)

উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া ভাষা-সাহিত্যৰ পূজাৰী । পাঠটিৰ মাজত অসমীয়া জাতিৰ প্রতি থকা তেওঁৰ প্ৰেমভাৱ সুস্পষ্ট ৰূপত প্রকাশ পাইছে।

কৰ্ম ব্যস্ততাৰ বাবে বেজবৰুৱাদেৱ সুদীৰ্ঘ ডেৰকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ আহিছিল। সুদীর্ঘ বিৰতিৰ মূৰত আহিবলৈ পাই অতি ব্যাকুল হৈ পৰিছিল। পাঠটোৰ বহু বিৱৰণৰ মাজত বেজবৰুৱাৰ জাতিপ্ৰেমৰ ভাৱ প্ৰকাশ পাইছে। গুৱাহাটীত উপস্থিত হ’বৰ দিনা, তেওঁক সম্বোধন জনোৱাৰ উদ্দেশ্য কটন কলেজৰ ছাত্ৰসকলে গধুলি আয়োজন কৰা সভালৈ তেওঁ নৰিয়া গাৰেই উপস্থিত হয়। জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্ৰসকলক উৎসাহিত কৰাটো দায়িত্ব বুলি তেওঁ বিবেচনা কৰিছিল। পাঠটিৰ মাজত তেওঁ অসমীয়া শিপিনীসকলৰ বোৱা-কটা, ওৰণিৰ ব্যৱহাৰ, খাৱন-পিন্ধন আদিৰ কথা দাঙি ধৰিছে। অসমীয়া জাতিক হাড়ে-হিমজুৱে ভাল পোৱাৰ বাবেই লেখকে পাঠটিত অসমীয়া সংস্কৃতিৰ কথা উল্লেখ কৰিছে।


১০) লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মৰ এটা চমু পৰিচয় উল্লেখ কৰা।

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।  কবিতা, নাটক, চুটিগল্প, ৰম্যৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি অসমীয়া সাহিত্যৰ সকলো দিশতে তেওঁৰ বৰঙণি অতুলনীয়।

তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল-

ধেমেলীয়া নাটক: লিতিকাই, পাচনি, নোমল, চিকৰপতি-নিকৰপতি।

বুৰঞ্জীমূলক নাটক: জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।

উপন্যাস: পদুম কুঁৱৰী

কবিতা: কদম কলি

চুটিগল্প: জোনবিবি, সাধুকথাৰ কুঁকি, সুৰভি, কেহোকলি।

সাধকথা: বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি-ল’ৰা, জুনুকা।

হাস্য-ব্যংগ ৰচনাঃ কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱা বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি।

জীৱনী: ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰীশ্ৰীশংকৰদেৱ, শ্ৰীশংকৰদেৱ আৰু শ্রীমাধৱদেৱ।

মহাপুবৃন্দাবনচন্দ্র

আত্মজীবনী: মোৰ জীৱন সোঁৱৰণ।

তত্ত্বমূলক গ্রন্থঃ তত্ত্বকথা, শ্রীকৃষ্ণ কথা।

এইবোৰৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱাই ‘বাঁহী’ কাকতৰ সম্পাদনাও কৰিছিল।


১১। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা : (H.S 2020)

 “পানীমে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি।।”

উত্তৰ : প্ৰসংগ: উদ্ধৃত বাক্যশাৰী  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বিৰচিত “মোৰ মাতৃমুখ দৰ্শন” নামৰ প্ৰৱন্ধটিৰ পৰা লোৱা হৈছে।

সংগতিঃ মানুহৰ অন্তৰতে ঈশ্বৰ আছে, তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰক যে উপলব্ধি কৰিব নোৱাৰে তাক ক’বলৈ গৈ পদফাঁকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা: প্রবাসী অসমীয়া লেখক বেজবৰুৱা কৰ্ম-ব্যস্ততাৰ কাৰণে বহু বছৰ ধৰি নিজ ঘৰলৈ আহিব পৰা নাই। শিৱসাগৰত অনুষ্ঠিত হোৱা সভা এখনত এজন অসমীয়া ডেকাই কয় যে বেজবৰুৱাই গপ বা অভিমান কৰি মাতৃভূমিৰ পৰা আঁতৰি আছে। এই অভিযোগৰ উত্তৰ দিবলৈ গৈ বেজবৰুৱাই ভক্ত কবীৰ বিৰচিত উক্ত পদফাঁকির অৱতাৰণা কৰিছে। শাওপাত বা বিধিৰ পাকত পৰিহে তেওঁ বহু বছৰ ধৰি মাতৃভূমিলৈ উভতিব পৰা নাই।


(ক) অতি চমু প্রশ্নঃ

১। ‘অ.ভা.উ.সা’ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’।

২। অ.ভা.উ.সাৰ মুখপত্ৰখনৰ নাম কি?

উত্তৰ: ‘ জোনাকী’ কাকত।

৩। ‘জোনাকী’ যুগৰ ত্রিমূৰ্ত্তি বুলি কাক কয়?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা।

৪। অসমীয়া চুটি গল্পৰ জনক কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

৫। বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি?

উত্তৰ: বাঁহী।

৬। স্বৰ্গৰ ৰজা কোন?

উত্তৰঃ ইন্দ্ৰ।

৭। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক কেইখন কি কি?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক কেইখন হ’ল-

(ক) জয়মতী কুঁৱৰী

(খ) চক্ৰধ্বজ সিংহ আৰু

(গ) বেলিমাৰ।

৮। বেজবৰুৱাৰ জন্ম ক’ত আৰু কিমান চনত হৈছিল?

উত্তৰ: অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত ১৮৬৮ চনত বেজবৰুৱা দেৱৰ জন্ম হৈছিল।

৯। লক্ষ্মীনাথ বেজবৰুৱাই ক’ত আৰু কিমান চনত সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত বেজবৰুৱাই সভাপতিত্ব কৰিছিল।

১০।বেজবৰুৱাৰ দ্বাৰা ৰচিত হাস্য-ব্যংগ ৰচনা কেইখনৰ নাম লিখা?

উত্তৰঃ ১। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা।

২। কৃপাবৰ বৰুৱাৰ ওভতনি।

৩। বৰবৰুৱাৰ বুলনি আৰু

৪। বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি।

১১। লক্ষ্মীনাথ বেজবৰুৱাই কি কি জীৱনীমূলক গ্রন্থ ৰচনা কৰিছিল?

উত্তৰঃ ১। ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত।

২। শ্ৰীশ্ৰী শংকৰদেৱ। আৰু

৩। মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্রীমাধৱদেৱ।

১২। অসমীয়া চুটি গল্পৰ জনক কোন?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

১৩।বেজবৰুৱাই লিখা উপন্যাসখনৰ নাম কি?

উত্তৰ: পদুম কুঁৱৰী।

১৪। ‘বাঁহী’ আলোচনী কোনে সম্পাদনা কৰিছিল?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।


Mastering Class 12 Assamese Chapter 1 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.

Class 12 Assamese Chapter 1 Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment