মগনিয়াৰ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2. Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.
মগনিয়াৰ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2.
মগনিয়াৰ
উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ
Chapter -2
মগনিয়াৰ
যতীন্দ্ৰ নাথ দুৱৰা
ক) অতি চমু প্রশ্নঃ
১। অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰা।
২। কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ ১৮৯২ চনত।
৩। যতীন্দ্ৰ নাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উত্তৰ: ‘বনফুল’ৰ কবি বুলি কোৱা হয়।
8) ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়তৰ’ ভাৱানুবাদ।
খ) চমু প্রশ্নঃ
১। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। (H.S 2014, 2018, 2020)
উত্তৰঃ কথা-কবিতা এবিধ কবিতাই। ইয়াত ভাৱ প্ৰকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিবার্চন কৰি লোৱা হয়। কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হৈছে
(ক) কথা-কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক।
(খ) কথা-কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।
২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে? (H.S 2018)
উত্তৰ: কবিতা আৰু কথা-কবিতাৰ মাজত থকা পার্থক্যবোৰ হ’ল-
ক) কথা-কবিতা গদ্যত ৰচতি আনহাতে কবিতা পদ্যত ৰচিত।
খ) কথা-কবিতা চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত; কিন্তু কবিতা চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত হ’বই লাগিব তেনেকুৱা একো কথা নাই।
গ) কথা কবিতাত ৰূপকৰ সমাবেশ থাকে। আনহাতে সকলো কবিতাত প্রতীক বা ৰূপক নাথাকে।
(ঘ) কথা-কবিতাত ভাৱেই প্রধান বস্তু, ইয়াত মাত্র এটি কেন্দ্ৰস্থ ভাৱ থাকে। আনহাতে কবিতাত মাত্র এটি কেন্দ্ৰস্থ ভাৱ নাথাকে ।
৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথিখনৰ নাম কি? ( H.S 2015)
উত্তৰঃ ওমৰ খায়াম ফাৰ্চী ছুফী কবি। তেওঁ ৰচনা কৰা পুথিখন হ’ল- ‘ ৰুৱায়ত’।
8। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰ: কবিয়ে এদিন বাটেৰে গৈ থাকোতে বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ এজনক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় ভিক্ষা বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ মানবীয় সহানুভূতি, আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ পৰা পোৱা এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি কৈছে।
৫। ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।’- কোনে কি প্রসংগত এই উক্তি কৰিছিল?
উত্তৰঃ এই কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল।
এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড়-ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ’লহি। শেতা ওঁঠ, ৰঙা চকু, গাত ফটা কাপোৰ, উখহা অপৰিষ্কাৰ হাত মেলি মগনিয়াৰজনে কবিক সহায় খোজা দেখি কবিব দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰ জনক দিবলৈ কবিয়ে মোনাত একো বিচাৰি নাপালে, আনকি এখন ৰুমালো নাছিল কবিৰ ওচৰত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে তেতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমৰ্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ‘ককাই’ বুলি মগনিয়াৰ জনক সম্বোধি তেওঁক খং নকৰিবলৈ নকৰিবলৈ প্রশ্নত উদ্ধৃত কথাখিনি কৈছিল।
(গ) দীঘল প্রশ্ন
১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷ (H.S 2020)
উত্তৰঃ অসমীয়া সাহিত্য জগতৰ প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰা দেৱৰ “মগনিয়াৰ” কথা-কবিতাটো এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি সুন্দৰকৈ সাৱলীল ভাৱে অংকন কৰিছে ৷ কবিয়ে এদিন বাটেৰে গৈ থাকোতে বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ এজনক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰি আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷
২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ বিৰচিত ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ লক্ষণ অতি সুন্দৰভাৱে ফুটি উঠিছে-
(ক) ‘মগনিয়াৰ’ কথা-কবিতাটি গদ্যত ৰচিত।
(খ) কথা-কবিতা চিত্রধর্মিতাৰ ওপৰত প্ৰতিষ্ঠিত, যতীন্দ্ৰ নাথ দুৱৰাৰ “মগনিয়া” কথা কবিতাটোত চিত্ৰধর্মিতা স্পষ্টকৈ ফুটি ওলাইছে। ইয়াত সর্বস্বান্ত কবিৰ দৰিদ্ৰতা আৰু মগনিয়াৰ জনৰ দৰিদ্ৰতাৰ সুন্দৰ চিত্ৰ পৰিষ্কাৰকৈ প্ৰকাশ পাইছে।
(গ) কথা কবিতা ৰূপকাত্মক। ‘মগনিয়াৰ’ কথা-কবিতাটোত মগনিয়াজনক গোটেই মগনিয়াৰ শ্ৰেণীটোৰে প্রতীক তথা ৰূপ হিচাপে গ্রহণ কৰা হৈছে।
(ঘ) কথা-কবিতাত মাত্র এটি কেন্দ্ৰস্থ ভাৱ থাকে; ইয়াত মগনিয়াৰ জনৰ জৰিয়তে এই ভাব প্রকাশ পাইছে।
(ঙ) পাঠটি যদিও গদ্যত ৰচিত তথাপি ইয়াত কবিত্বময়ী ভাবৰ প্ৰকাশ ঘটিছে।
৩। কবি যতীন্দ্ৰ নাথ দুৱৰাৰ সাহিত্য-কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ অসমীয়া সাহিত্য জগতত বনফুলৰ কবি হিচাপে খ্যাত যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ জন্ম হয় ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত । কবি যতীন্দ্র নাথ দুৱৰাদেৱে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ৰচনা কৰা কবিতা পুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ তেওঁৰ একমাত্ৰ কথা-কবিতাৰ পুথি। ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই ‘ওমৰ তীর্থ’ পুথিখনি ৰচনা কৰে। ‘বনফুল’ কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। দুৱাৰাদেৱ আছিল এই বঁটা লাভ কৰা প্রথম জন অসমীয়া। ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুর্বিংশ অধিৱেশৰ তেওঁ সভাপতিত্বও কৰিছিল। ১৯৬৪ চনত শিৱসাগৰত এইজনা সাহিত্যিকৰ মৃত্যু হয়।
৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ৷
কবি এদিন বাটেৰে গৈ থাকোতে এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে কবিলৈ দুহাত আগবঢ়াই সহায়ৰ ভিক্ষা মাগিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত সেই সময়ত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমৰ্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ‘ককাই’ বুলি মগনিয়াৰ জনক সম্বোধি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। তাকে শুনি শেতা পৰা ওঁঠ দুটাৰে মগনিয়াৰ জনে বিস্মিত হৈ এটা হাঁহি মাৰিলে। তাৰ পাছত কবিৰ হাত দুখনত দুর্বলভাবে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল- “একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ। ইও যে এটা দান।”
নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্ৰহ কৰিলে। অৰ্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি। সেই কথাটো কবিয়ে মগনিয়াৰ জনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই যে নিঃস্বজনৰ মনতো আশাৰ সঞ্চাৰ কৰিব পাৰে তাকেই উক্ত কথা-কবিতাটিৰ জৰিয়তে ক’বলৈ বিচৰা হৈছে।
৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱ এদিন বাটেৰে গৈ থাকোতে এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে কবিলৈ দুহাত আগবঢ়াই সহায়ৰ ভিক্ষা মাগিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত সেই সময়ত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমৰ্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ‘ককাই’ বুলি মগনিয়াৰ জনক সম্বোধি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা, দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷
Mastering Class 12 Assamese Chapter 2 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.
Class 12 Assamese Chapter 2 Complete Question Answer
For More details check our Youtube Channel Assam Board Exam