Assam Board Exam

মূল্যবোধ-শিক্ষা| Class 12 Assamese Chapter 1 Complete Solution

মূল্যবোধ-শিক্ষা| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 1 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


মূল্যবোধ-শিক্ষা| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 1

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter –1

মূল্যবোধ-শিক্ষা


/ ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?

উত্তৰ: ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ।


২। প্রথম অৱস্থাতমূল্যশব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ: প্রথম অৱস্থাত ‘মূল্য শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল।


৩। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দৰেল‘ (moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

উত্তৰ: নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘মৰেল’ (moral) শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ পৰা হৈছে।


৪। মহর্ষি  টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি?

উত্তৰ: মহর্ষি টলষ্টয়ৰ মতে এজন ব্যক্তিৰ সৌন্দৰ্যবোধৰ উপলব্ধি খিনি নিজৰ গ্রহণযোগ্য দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে ই ব্যক্তিনিষ্ঠ।


/ ৰাষ্ট্রীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?

উত্তৰ: ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে।


(খ) চমু প্রশ্ন:

/ আদর্শবাদী দার্শনিক সকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি?

উত্তৰ: আদর্শবাদী দার্শনিক সকলৰ মতে মূল্যবোধ তিনিটা। সেইকেইটা হৈছে-সত্যম-শিৱম-সুন্দৰম। তেওঁলোকৰ মতে এই তিনিটা হৈছে-চিৰন্তন-মূল্যবোধ; যাৰ কোনো পৰিবর্তন নাই। এই মূল্যবোধ সমূহ সমাজতে আছে, মানুহৰ দায়িত্ব হল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা।


/ ভাৰতীয় দর্শনে মূল্যবোধক কেইটা শ্রেণীত ভাগ কৰিছে আৰু কি কি?

উত্তৰ: ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্রেণীত ভাগ কৰিছে। ভাগ কেইটা হৈছে ধর্ম, অর্থ, কাম আৰু মোক্ষ


৩। প্রকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?

উত্তৰ: প্রকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। আমাৰ সামাজিক জীৱন সুস্থভাবে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে।


/ সহজ অর্থত মূল্যবোধ মানে কি?

উত্তৰ: সহজ অর্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাবে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ – যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে।


/ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?

উত্তৰ: মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। সেই কেইটা হৈছে-

) যুক্তিনিষ্ঠতা: শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাবে বিচাৰ-বিশ্লেষণ কৰা।

) পৰোপকাৰিতা: আনৰ সুখ-দুখৰ প্রতি সহানুভূতিশীল হোৱা আৰু প্রয়োজন সাপেক্ষে সহায় কৰা।

) দায়িত্ববোধ: সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা।

) নৈতিক স্বতন্ত্রতা: নিজাববীয়াকৈ কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা।


(গ) দীঘল প্রশ্ন: (মূল্যাংক ৪/৫)

) আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? বুজাই লিখা?

উত্তৰ: আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। কিয়নো মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। কিন্তু বর্তমান যান্ত্রিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে, যাৰ ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে। বিলাসিতাপূর্ণ জীৱনৰ প্রতি মানুহ বেছি আকর্ষিত হৈছে। সেয়ে আদর্শবাদী সকলে ভাবে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুর্নীর্তিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াহে হব, যেতিয়া মানুহে মানুহক ভালপাবলৈ শিকিব; সহযোগিতা, অহিংসাভাব, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হব।

সমাজৰ প্রত্যেকজন ব্যক্তিয়েই আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব বুজি মন আৰু আত্মাৰ বিকাশৰ ওপৰত সচেতন হোৱা দৰকাৰ আৰু নতুন প্রজন্মক কেৱল বস্তুবাদী জগতখনতে সীমাবদ্ধ নাৰাখি আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰে সৎ পথৰ সন্ধান দিয়া উচিত।


২। নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা।

উত্তৰ: মানৱ জীৱনৰ তিনিটা মূল মূল্যবোধ হৈছে- সত্য, শিৱম আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে- নন্দনতাত্ত্বিক মূল্যবোধ।

নন্দনতাত্ত্বিক মূল্যবোধক আন কথাত সৌন্দর্যবোধ বুলিও ক’ব পাৰি। এই মূল্যবোধ কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্রতহে প্রযোজ্য, অপাৰ্থিব বস্তুৰ ক্ষেত্ৰত তাক প্রয়োগ কৰিব নোৱাৰি। নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হব পাৰে। মনোযোগেৰে চালে সকলো বস্তুৰে সৌন্দর্য উপভোগ কৰিব পাৰি।


৩। চিৰন্তন মূল্যবোধ সম্পর্কে চমুকৈ লিখা।

উত্তৰ: ‘চিৰন্তন ‘মানে চিৰদিন বর্তি থকা। আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম-শিৱম-সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ; যাৰ কোনো পৰিবৰ্তন নাই। এই মূল্যবোধ সমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। সূক্ষ্ম দৃষ্টিৰে চালে আৰু গভীৰ ভাবে উপলব্ধি কৰিব জানিলে আমাৰ চৌপাশৰ প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে আমি ইন্দ্রিয়গ্রাহ্য সুখ বা সুন্দৰতা বিচাৰি পাওঁ। সুন্দৰ প্রকৃতিখনৰ মাজতে চিৰন্তন মূল্যবোধ ব্যাপ্ত হৈ আছে।


৪) নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা।

উত্তৰ: মানুহ সামাজিক প্রাণী। নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদর্শ জড়িত হৈ থাকে। এটি শিশু জন্মৰ পিছৰ পৰা পৰিয়াল আৰু পৰিৱেশৰ দ্বাৰা প্রভাৱিত হয় আৰু সামাজিক নীতি-নিয়ম সমূহ আয়ত্ত কৰিলে লয়। সমাজৰ ৰীতি-নীতি মানি চলিবলৈ নৈতিকতাৰ প্রয়োজন। সমাজৰ গ্রহণযোগ্য নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ আদিকে নৈতিক আচৰণ বুলিব পাৰি। নৈতিক মূল্যবোধে মানুহক প্রভাৱিত কৰে আৰু সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্রশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্রতিফলন হয়। গতিকে নৈতিক মূল্যবোধৰ ধাৰণাই সমাজৰ গ্রহণযোগ্য নীতি-নিয়ম আচাৰ-ব্যৱহাৰ, উচ্চ আদর্শ আৰু মনোভাব আদি আটাইবোৰ সৎ প্রবৃত্তিক সামৰি লয়।


৫। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা।

উত্তৰ: ‘মূল্যবোধ ‘মানে হৈছে প্রচলিত ধ্যান-ধাৰণাৰ প্রতি সন্মান জনোৱা। এখন সুস্থ আৰু শৃংখলাবদ্ধ সমাজৰ বাবে এই মূল্যবোধ সৃষ্টি অতি আৱশ্যকীয়, মূল্যবোধ থকাৰ বাবেহে মানুহ অন্য জীৱ-জন্তুতকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। মূল্যবোধে সামাজিক জীৱন পৰিচালিত কৰে। মূল্যবোধৰ জৰিয়তেহে প্ৰকৃত জীৱন-নির্বাহৰ পদ্ধতি সম্পর্কে জ্ঞান আহৰণ কৰে। মূল্যবোধ অবিহনে মানৱ আচৰণৰ অৱক্ষয় হব আৰু সমাজ হৈ পৰিব পঙ্গু আৰু বিশৃঙ্গল। অর্থাৎ সামাজিক আচাৰ-আচৰণত অনৈতিকতাই বিৰাজ কৰিব। গতিকে মূল্যবোধৰ জ্ঞান আয়ত্ত কৰাটো প্রতিজন ব্যক্তিৰ দায়িত্ব।


H.S. পৰীক্ষাত অহা প্রশ্নসমূহ

১) ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? (HS. 13, 15]

উত্তৰ: ব্যক্তিয়ে মূল্যবোধ শিক্ষণ আৰু সামাজিকীকৰণৰ পৰা আয়ত্ত কৰে।


২। লেটিন ভাষাৰ ‘ম’ৰীজ শব্দটোৰ অর্থ কি? [HS ‘14.16]

উত্তৰ: লেটিন ভাষাৰ ‘ মৰীজ’ শব্দটোৰ অসমীয়া অর্থ হৈছে আচাৰ-ব্যবহাৰ, আৰু লোকাচাৰ।


৩। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ কি? [HS ’15)

উত্তৰ: ‘নৈতিক’ শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral),


৪) মোক্ষ বুলিলে কি বুজা? [HS’17]

উত্তৰ: মোক্ষ বুলিলে সংসাৰ বন্ধনৰ পৰা পোৱা মোচন বা মুক্তিক বুজায়।


৫/ মূল্যবোধৰ ত্ৰিনীতি কি? [HS ’19, 22]

উত্তৰ: ‘সত্যম, ‘শিৱম আৰু সুন্দৰম’-এই তিনিটা প্রধান মূল্যবোধক মূল্যবোধৰ ত্ৰিনীতি বুলি কোৱা হয়।


৬। নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী কি? HS 20,23]

উত্তৰ: নন্দনতাত্ত্বিক মূল্যবোধন চাবি-কাঠী হৈছে মনোযোগ।


৭/ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি? [HS-22]

উত্তৰ: মহর্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ নির্ভৰ কৰে সম্পূর্ণভাবে ব্যক্তিৰ নিজৰ গ্রহণযোগ্য ক্ষমতাৰ ওপৰত। তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়,ব্যক্তিনিষ্ঠহে।


৮/ মূল্যবোধ বুলিলে কি বুজা? ভাৰতীয় দর্শনত মূল্যবোধক কি কি ভাগত ভগোৱা হৈছে?

উত্তৰ: সহজ অর্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুন্দৰভাবে পৰিচালনা কৰিবৰ বাবে বা সমাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে।

ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা ভাগত ভাগ কৰিছে – ধর্ম, অর্থ, কাম আৰু মোক্ষ।


৯।চমুটোকা লিখা

 ক) আধ্যাত্মিক মূল্যবোধ: [HS ’23]

উত্তৰ: ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ-বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্রকৃত সুখৰ সন্ধান দিব পাৰে। বর্তমান সমাজত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে, যাৰ বাবে সমাজখন হৈ পৰিছে বিশৃংখল, দুর্নীতিপৰায়ণ আৰু অনৈতিক।

আধ্যাত্মিক মূল্যবোধৰ বিকাশ হব তেতিয়া, যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব; সহযোগিতা, অহিংসা ভাব, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ ‘ব।


১০)  বর্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা।

উত্তৰ: এখন সুস্থ, সজ আৰু মানবীয়বোধসম্পন্ন সমাজৰ বাবে মূল্যবোধৰ সৃষ্টি আৰু বিকাশৰ গুৰুত্ব অপৰিসীম। ভাৰতীয় সমাজ ব্যৱস্থা নানা জাতি-জনগোষ্ঠী, বিভিন্ন আর্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ দ্বাৰা গঠিত। গতিকে সামাজিক জীৱন সুস্থভাবে পৰিচালনা কৰিবৰ বাবে যিবোৰ নীতি-আদর্শ মানি চলিব লাগে, তাক সকলোৰে আয়ত্ত কৰা দৰকাৰ।

বর্তমান সমাজখন হৈ পৰিছে অতি বিশৃংখল। বস্তুবাদী জগতৰ ফালে মানুহ ধাৱিত হৈছে। বিলাসিতাপূর্ণ জীৱনৰ প্রতি মানুহৰ আকৰ্ষণ বাঢ়িছে। এইটো সত্য যে মূল্যবোধৰ অৱক্ষয়ৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুর্নীতি পৰায়ণ আৰু অনৈতিক। নিতৌ বৃদ্ধি পাইছে অপৰাধ প্রৱণতা। সেয়েহে মূল্যবোধৰ জ্ঞান বা মূল্যবোধ শিক্ষা আজিৰ সমাজৰ বাবে অতি প্রয়োজন হৈ পৰিছে।


১১। প্রকৃতিবাদী দার্শনিকৰ মতটি লিখা। [HS-14]

উত্তৰ: প্রকৃতিবাদী দার্শনিক সকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে, বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে।


১২/ কেনেধৰণৰ কাৰ্যৰ কোনো মূল্য আছে বুলি কব নোৱাৰি? [H-S ’14,’15]

উত্তৰ: মানুহে যিবোৰ কাৰ্য বা বস্তু নিবিচাৰে বা আশা নকৰে; যেনে- ক্ষুধা, অজ্ঞতা, বেমাৰ-আজাৰ, অশান্তি আদিৰ কোনো মূল্য আছে বুলি কব নোৱাৰি।


১৩/ মূল্যবোধে সমাজত প্রচলিত কোনবোৰ দিশক সামৰি লয়? [HS 16]

উত্তৰ সমাজত প্রচলিত ধর্মীয় বিশ্বাস, জীৱন দর্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কার্যাবলী এই আটাইবোৰ দিশ মূল্যবোধে সামৰি লয়।


১৪। ‘সত্যম্ শিৱম সুন্দৰম’ কথাষাৰৰ অর্থ কি? [HS’18]

উত্তৰ: ‘সত্যম্ শিৱম সুন্দৰম কথাষাৰ  অর্থ হৈছে- নন্দনতাত্ত্বিক সুখ বা আনন্দজনক। এই সুখ কেৱল পাৰ্থিৱ আক ইন্দ্রিয়গ্রাহ্য নন্দৰ ক্ষেত্রতহে প্রযোজ্য হয়।


১৫/ মূল্যবোধ সমূহৰ অর্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্রকাৰৰ নাম লিখা। [HS’19]

উত্তৰ: মূল্যবোধ সমূহৰ অর্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা। উল্লেখযোগ্য প্রকাৰ হৈছে -১) নৈতিক মূল্যবোধ, ২। আধ্যাত্মিক মূল্যবোধ, ৩। নান্দনিক মূল্যবোধ, ৪/ আর্থ-সামাজিক মূল্যবোধ


১৬। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে?[HS20]

উত্তৰ: ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সার্বভৌম গণতান্ত্রিক, সমাজবাদী আৰু ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে।


১৭। নৈতিক স্বতন্ত্রতা মানে কি বুজা? [HS-22]

উত্তৰ: নৈতিক স্বতন্ত্রতা মানে হৈছে নিজববীয়াকৈ কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতাই হৈছে নৈতিক স্বতন্ত্রতা।


১৮/’ধর্ম’ আৰু ‘মোক্ষ’ বুলিলে কি বুজা? [HS.23]

উত্তৰ: ‘ধর্ম’ হৈছে নৈতিক মূল্যবোধ, যিয়ে মানুহক কর্তব্য সম্পর্কে সকীয়াই দিয়ে।

আৰু ‘মোক্ষ’ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্রতিষ্ঠিত। অন্য ভাষাত মোক্ষ হৈছে সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ।


১৯। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা ১০টা মূল্যবোধ-কিকি?

উত্তৰ: ৰাষ্ট্ৰীয়শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা ১০টা মূল্যবোধ হৈছে-১। সংযম, (২) সহানুভূতি (৩) সহযোগিতা, (৪) অন্য সংস্কৃতিৰ প্রতি শ্রদ্ধা, ৫) পৰিষ্কাৰ-পৰিচ্ছন্নতা, (৬) নম্রতা, (৭) মানবতাবোধ, (৮) অহিংসা (৯) দেশপ্রেম আৰু (১০) সামাজিক দায়িত্ববোধ।


Mastering Class 12 Assamese মূল্যবোধ-শিক্ষা Chapter 1 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


Class 12 Assamese Chapter 1 মূল্যবোধ-শিক্ষা Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment