কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.
কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2
কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা:
উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ
Chapter -2
কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা:
ক) অতি চমু প্রশ্ন:
১। কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: কৈশোৰ কালৰ এটি বৈশিষ্ট্য হৈছে দ্রুত শাৰীৰিক আৰু মানসিক পৰিবর্তন।
২) কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?
উত্তৰ: ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়ছোৱাকে কৈশোৰ কাল বুলি জনা যায়।
৩। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি?
উত্তৰ: মানৱ জীৱনৰ কৈশোৰ কালছোৱাক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি।
৪/ নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে?
উত্তৰঃ নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে।
৫/ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?
উত্তৰ: কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়।
খ) চমু প্রশ্নঃ
১। কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰ: কৈশোৰ কাল হৈছে বয়ঃসন্ধি কাল। এই কালত দ্রুত গতিত শাৰীৰিক বিকাশ হয়। ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈর্ঘ্য আদি বৃদ্ধি হোৱাৰ লগতে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পার্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তিৰ ফলত শৰীৰৰ বিভিন্ন পৰিবৰ্তন, কণ্ঠস্বৰ পৰিবৰ্তন আদিয়েও দেখা দিয়ে।
২/ কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তন সমূহ ফঁহিয়াই লিখা।
উত্তৰ: কৈশোৰ কালত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্রত কিছু পৰিমাণে তাৰ প্রভাৱ পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ উৎকণ্ঠা জাগি উঠে আৰু ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হ’ব পাৰে। নিজৰ যুক্তি বিবেচনাৰ দ্বাৰা নতুন নৈতিকতা সমৃদ্ধ সমাজ গঢ়াৰ ইচ্ছা প্রবল হয়। অফুৰন্ত যৌৱন শক্তিৰ জোৱাৰৰ বাবে তেওঁলোকৰ মনত সৃষ্টি হয় বিশ্ব ভ্রাতৃত্ব আৰু নিঃস্বার্থ মনোভাব। ন্যায়ৰ বাবে যুঁজিবলৈও তেওঁলোক সংকল্পবদ্ধ হয়।
৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়?
উত্তৰ: মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ ইত্যাদি। কৈশোৰ কালতে মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে। শৈশৱ কালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাবে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ হয় কৈশোৰ কালতে। মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালত বৃদ্ধি পায়, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়।
৪। কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?
উত্তৰ: কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্রমত থকা চাৰিটা মৌলিক বিষয় হৈছে- ১) ভাষা শিক্ষণ, ২) গণিত,৩) বিজ্ঞান আৰু ৪) সমাজ বিজ্ঞান।
৫/ কিশোৰ সংস্কৃতি কি?
উত্তৰ: কৈশোৰ কালত দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে।সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ-সংস্কৃতি’, তাকে কিশোৰ সংস্কৃতি বুলি অভিহিত কৰা হয়।কিশোৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শতো এই সংস্কৃতিয়ে প্রভাৱ পেলোৱা দেখা যায়।
গ) দীঘল প্রশ্ন:
১। কৈশোৰ কালৰ আবেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।
উত্তৰ: মানৱ জীৱনৰ ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিকে কৈশোৰ কাল বোলা হয়। এই সময়ছোৱাত শাৰীৰিক, মানসিক, সামাজিক আদি বিভিন্ন দিশত পৰিবৰ্তন লক্ষ্য কৰা যায়।কিশোৰ কালত আবেগিক দিশৰ বিকাশ পূর্ণগতিত হয়। আবেগ-অনুভূতিৰ অত্যাধিক প্রৱণতাৰ ফলত বহু ক্ষেত্রত তেওঁলোকৰ জীৱন সম্পূর্ণভাবে আৱেগে পৰিচালিত কৰে। আৱেগৰ পূর্ণতম বিকাশে কিশোৰ-কিশোৰীৰ মনোজগতত আলোড়ন সৃষ্টি কৰে। এই আলোড়নৰ ফলত কেতিয়াবা তেওঁলোক হৈ পৰে আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা-নিৰাশাৰ দোমোজাত পৰি কেতিয়াবা অসুয়া স্বভাৱৰ আৰু বিদ্রোহী মনোভাবাপন্ন হোৱা দেখা যায়।সামাজিক বিকাশৰ ক্ষেত্ৰত কিশোৰ কালছোৱা অতি গুৰুত্বপূর্ণ। এই সময়ছোৱাত দলীয় মনোভাৱৰ লগতে সহমর্মিতাৰো উন্মেষ ঘটে, ফলত সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি’ যাক কিশোৰ সংস্কৃতি বোলা হয়। কিশোৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়। অৱশ্যে এই প্রভাৱ ধনাত্মক হোৱাতকৈ ঋণাত্মক হোৱাহে বেছি পৰিলক্ষিত হয়।
গতিকে দেখা যায় কৈশোৰ কালত হোৱা আৱেগিক আৰু সামাজিক বিকাশ এখন সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ দিশ।
২। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ বর্ণনা কৰা।
উত্তৰ: কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হল মাধ্যমিক শিক্ষা। ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে।
কৈশোৰ কালৰ শিক্ষা ব্যৱস্থাৰ ওপৰতে এটা জাতিৰ লক্ষ্য আৰু আদর্শক উপলব্ধি কৰিব পাৰি। কৈশোৰৰ শাৰীৰিক, মানসিক, আবেগিক, অথবা সামাজিক চাহিদাসমূহ পুৰণৰ অর্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, পর্যাপ্ত ঐচ্ছিক বিষয়ৰ প্রবর্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজৰ সুদৃঢ় যোগসুত্র, বিদ্যালয় আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পর্ক স্থাপন আদি বিষয়বোৰত গুৰুত্ব দিয়া দৰকাৰ। কেৱল পাঠ্যক্রম সংক্রান্ত কথাতে গুৰুত্ব নিদি সহপাঠ্যক্রমিক কার্যাৱলীকো গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত।এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদে প্রস্তুত কৰা জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ ৰ পৰামৰ্শাৱলী বিশেষভাবে প্রযোজ্য। এই পাঠ্যক্রম গাঁথনিৰ উদ্দেশ্য অনুসৰি স্কুলত প্রদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্র-ছাত্রীৰ মনৰ সংযোগ স্থাপন কৰিব লাগে আৰু পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আৱদ্ধ হৈ থাকিব নালাগে। জ্ঞানৰ পৰিধি কেৱল বিশেষ ক্ষেত্রত সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস দিয়াৰ বাবে যত্নপৰ হব লাগে। এই ক্ষেত্রত মূল্যবোধ শিক্ষাও বিশেষভাবে গুৰুত্বপূর্ণ।
শেষত কব পাৰি যে সংঘাতপূর্ণ কৈশোৰ কালৰ প্রতিশ্রুতিসম্পন্ন কিশোৰ-কিশোৰীক একো একোজন সুযোগ্য, সফল ব্যক্তিত পৰিণত কৰিবলৈ লাগে এক আদর্শ শিক্ষা পদ্ধতি য’ত আছে বৌদ্ধিক দক্ষতা বৃদ্ধি আৰু অনুভৱশীলতা সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ, এখন সর্বাঙ্গ সুন্দৰ সমাজ গঢ়াৰ প্রতীতি।
৩/ চমুটোকা লিখাঃ
ক) দিবাস্বপ্ন: দিবাস্বপ্ন মানে হৈছে অলীক কল্পনা। কৈশোৰ কালত প্রায় বোৰ লৰা-ছোৱালী দিবাস্বপ্নত মগ্ন হয়। কল্পনা শক্তিৰ অভূতপূর্ব বিকাশে কিশোৰ-কিশোৰীৰ মনত কল্পনাৰ মায়াজালে বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকক বিচৰণ কৰা দেখা যায়। দিবাস্বপ্নৰ যে কেৱল ঋণাত্মক দিশহে আছে, এনে নহয়। ইয়াৰ যোগাত্মক দিশ এটাও আছে, যিয়ে কৈশোৰৰ সৃজনী প্রতিভা বিকাশত সহায় কৰিব পাৰে। দিবাস্বপ্নৰ ফলত বহুতো কিশোৰ-কিশোৰীয়ে সংগীত, সাহিত্য, খেল আদিৰ মাধ্যমেৰে আত্মপ্রকাশ কৰিবলৈ যত্ন কৰে।
খ) বীৰপূজা: বীৰপূজাৰ অৰ্থ হৈছে কোনো ব্যক্তিৰ গুণৰ প্ৰতি আকৰ্ষিত হৈ গুণানুকীৰ্তন কৰা আৰু তেনে ব্যক্তিক আদর্শ হিচাপে গ্রহণ কৰা। এই বীৰ – পূজা কৈশোৰ কালৰ অন্যতম বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদর্শ গ্রহণৰ প্রবৃত্তি এই সময়ত প্রবল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰব অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক কিশোৰসকলে আদর্শ ব্যক্তি হিচাপে গ্রহণ কৰা দেখা যায়।
গ) অপৰাধ প্রবণ কিশোৰ: মানৰ জীৱনৰ কৈশোৰ কালতে আবেগিক দিশৰ পূর্ণ বিকাশ ঘটে। এই সময়ছোৱাত তেওঁলোকৰ মন সম্পূর্ণভাৱে আবেগে পৰিচালিত কৰে। ফলত কেতিয়াবা তেওঁলোক হৈ পৰে অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। আশা-নিৰাশাৰ দোমোজাত পৰি কেতিয়াবা তেওঁলোকৰ মনত বিভিন্ন সমস্যাই দেখা দিয়ে আৰু বিদ্রোহী মনোভাবাপন্ন হৈ পৰে। পৰিয়ালৰ প্রতি, সমাজৰ প্রতি তেওঁলোকৰ মনোভাৱ নেতিবাচক হৈ পৰে আৰু অপৰাধমূলক বা সামাজিক ব্যাধি স্বৰূপ কাম-কাজত লিপ্ত হয়। তেনেবোৰ কিশোৰেই হৈছে অপৰাধ প্ৰৱণ কিশোৰ।
৪। ‘কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্য হল-পৰিচিতিৰ সংঘাত।’- ব্যাখ্যা কৰা।
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা ড° স্বর্ণলতা দাসৰ -‘কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা’ শীর্ষক পাঠটোৰ অন্তর্গত।কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্য হল পৰিচিতিৰ সংঘাত বা Identity crisis, সাধাৰণতে কৈশোৰ কালত দিবাস্বপ্ন, বীৰপুজা আদি প্রবৃত্তিবোৰৰ বাবে কিশোৰ-কিশোৰীসকলক বাস্তৱতাৰ পৰা ফালৰি কাটি এক কল্পনাৰ ৰাজ্যলৈ টানি নিয়ে।তেওঁলোকৰ কল্পনাৰ লগত বাস্তৱতাৰ মিল নোহোৱাতে উৎপত্তি হয় পৰিচিতিৰ সংঘাত। বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্রভাৱত কৈশোৰ মনত এনে সংঘাত আহি পৰে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতখনৰ লগত তেওঁলোকৰ কাল্পনিক জগতৰ অমিলখিনিক নিজৰ বিচাৰ-বুদ্ধিৰে ফঁহিয়াই চাব নোৱাৰে। গতিকে কৈশোৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে পৰিচিতিৰ সংঘাত। সমাজ গঠনত এনে ধৰণৰ সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। আনকি পৰম্পৰাগত সমাজ গাঁথনি সলনি কৰাও দেখা যায়।
৫/ ‘বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট।” চমুকৈ আলোচনা কৰা।
উত্তৰ: বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱাই হৈছে কৈশোৰ কাল। এই সময়ছোৱাত দ্রুত শাৰীৰিক বিকাশ ঘটে। যৌৱন প্রাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিবৰ্তনে লৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ বিকাশ বা বৃদ্ধি ঘটায় আৰু নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। এই সময়ছোৱাত বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাব অনুভব হয়। আচলতে আমাৰ দেহত থকা অন্তঃ স্নাবী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা ‘জৈৱ-ৰসায়নিক প্রক্রিয়াৰ ফলতে এনে হয়। এই জৈৱ-ৰাসায়নিক প্রক্রিয়াত দেহৰ মৌন গ্রন্থি সমূহ সক্রিয় হৈ উঠি কিশোৰ সকলক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। সেয়ে যৌৱন প্রাপ্তিৰ লগে লগে কিশোৰ-কিশোৰী সকল বিপৰীত লিংগৰ প্রতি আসক্ত হৈ পৰে।
H.s পৰীক্ষাত অহা প্ৰশ্ন উত্তৰ
১) আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছে? (H.S.’13,15)
উত্তৰ: আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ ১৯৯৬ চনত গঠিত হৈছিল।
২) ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে? (HS -14)
উত্তৰ: ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে।
৩। ‘কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি? (H-S.’16)
উত্তৰ: ‘কৈশোৰ কালক এক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি।
৪/ মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দোমোজা’ বুলি কোনে অভিহিত কৰিছে? (H-S’ 19)
উত্তৰ একৈশ শতিকাৰ শিক্ষাৰ বাবে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-দোমোজা বুলি অভিহিত কৰিছে।
৫। কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে? (HS’20)
উত্তৰ: কৈশোৰ কালে শিশুৰ জগত আৰু প্রাপ্তবয়স্কৰ জগত সংযোগ কৰে।
৬। জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়? (HS’22)
উত্তৰ জীৱনৰ নৱজাগৰণৰ সময় বুলি কৈশোৰ কালক কোৱা হয়।
৭/ মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্রধান বিশেষত্ব লিখা। (HS ’23)
উত্তৰঃ মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্রধান বিশেষত্ব হৈছে এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্রম নাই। মানৱজাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাব পাৰি।
৮। কৈশোৰ কালত কি কি ক্ষেত্রত জটিল পৰিবৰ্তন দেখা যায়? (H.S.14)
উত্তৰ: কৈশোৰ কালত এটি কিশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্রত নানা জটিল পৰিবর্তনে দেখা দিয়ে।
৯/ কিশোৰ অৱস্থাপ্রাপ্তি কোন দুটি ক্ষেত্রত আগতীয়া হয়? (Hs 15)
উত্তৰ: লৰাতকৈ ছোৱালীৰ, আৰু শীতল জলবায়ুৰ দেশতকৈ গৰম-জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশোৰ অৱস্থাপ্ৰাপ্তি আগতীয়া হয়।
১০/ শিশুৰ নৈতিক বিকাশ বুলিলে কি বুজা? (HS.’16)
উত্তৰ: কৈশোৰ কালত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্রত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি উৎকণ্ঠা জাগি উঠে আৰু তাৰ ফলত মানসিক দন্দৰো সৃষ্টি হব পাৰে। নিজৰ যুক্তি বিবেচনাৰে তেওঁলোকে নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। তেওঁলোকৰ মনত নিঃস্বার্থ আৰু সার্বজনীন বিশ্ব-ভ্রাতৃত্বৰ মনোভাৱ গঢ়ি উঠে। ন্যায়ৰ হকে যুঁজিবলৈও তেওঁলোক প্রস্তুত হয়।শিশুমনত সৃষ্ঠি হোৱা এনেবোৰ নৈতিক পৰিবৰ্তনকে শিশুৰ নৈতিক বিকাশ বুলিব পাৰি।
১১। কিশোৰ-কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ প্ৰৱণতাৰ সৃষ্টি হয় বুজাই লিখা। (HS-17)
উত্তৰ: কিশোৰ-কিশোৰীৰ মনত অপৰাধ-প্রবণতাৰ সৃষ্টি হয় মূলত: সামাজিক বিকাশৰ বাবে। এই কালছোৱাতে দলীয় মনোভাৱৰ লগতে সহমর্মিতাৰ উন্মেষ হয় আৰু গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতা আদিৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি, এই উপসংস্কৃতি বা কিশোৰ সংস্কৃতিয়ে চাল-চলন, সাজ-পাৰ, বাক্ ভংগী, ধ্যান-ধাৰণা, ৰাজনৈতিক মতাদর্শ আদি সকলোপিনে যথেষ্ট প্রভাৱ পেলায়। বেছিভাগ ক্ষেত্রতে কিশোৰ সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্রতিহে ধাৱমান হয়, অর্থাৎ সামাজিক ব্যাধিস্বৰূপ মাদক-দ্রব্যৰ ব্যৱহাৰ, ড্রাগছৰ প্রতি আসক্তি বা অন্যান্য অপৰাধমূলক কাম-কাজত লিপ্ত হয়। তেওঁলোকে সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা প্রকাশ কৰি এখন অপৰাধমূলক জগতত বিচৰণ কৰিবলৈ ধৰে।
Mastering Class 12 Assamese Chapter 2 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা: is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.
Class 12 Assamese Chapter 2 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা: Complete Question Answer
For More details check our Youtube Channel Assam Board Exam
🔗 Related Study Resources
Class 12 Education | Class 12 Political Science | Class 12 Assamese |
📲 Stay Connected
Get the latest updates and chapter releases via: