Assam Board Exam

বিশ্বখনিকৰ| Class 12 Assamese Chapter 2 Complete Solution

বিশ্বখনিকৰ| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


বিশ্বখনিকৰ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter –2

বিশ্বখনিকৰ


() ১। অসমীয়া সাহিত্যতজ্ঞানমালিনীৰ কবিহিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰ: অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে জনাজাত কবিগৰাকী হৈছে- মফিজুদ্দিন আহমদ হাজৰিকা।


/ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতাপুথি খনৰ নাম কি?

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতাপুথি খনৰ নাম ‘তত্ত্ব-পাৰিজাত’।


৩। বিশ্বখনিকৰ বুলি লেখকে কাৰ কথা কৈছে?

উত্তৰ: বিশ্বখনিকৰ বুলি লেখকে ত্ৰিজগতৰ সৃষ্টিকর্তা তথা ঈশ্বৰৰ কথা কৈছে।


৪।বিশ্বখনিকৰকোন শ্রেণীৰ কবিতা?

উত্তৰ: ‘বিশ্বখনিকৰ’ এটি আধ্যাত্মিক’ কবিতা।


/ মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি।


(খ) চমু প্রশ্নঃ

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হৈছে-

ক) সহজ-সৰল ঘৰুৱা ভাষাৰ প্রয়োগ আৰু সহজবোধ্য ৰূপকৰ সহায়ত আধ্যাত্মিক তত্ত্ব প্রকাশ।

খ) ছুফী সাধকসকলৰ ভাবধাৰাৰ দ্বাৰা প্রভাবিত।


২। কবিয়ে ঈশ্বৰক কিয়বিশ্বখনিকৰবুলি অভিহিত কৰিছে?

উত্তৰ: খনিকৰ মানে হৈছে শিল-কাঠ-মাটি আদিৰে মূর্তি নির্মাণ কৰোঁতা। কবিয়ে ঈশ্বৰক ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে কিয়নো ঈশ্বৰেই হৈছে বিশ্বব্রহ্মাণ্ডৰ সমগ্র জড়জগত আৰু জীৱজগতৰ সৃষ্টিকর্তা। তেওঁৰেই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকে গঢ়ি তুলিছে।


/ সন্তঃ, ৰজঃ, তমো গুণ কি বুজাই লিখা।

উত্তৰ: সত্ত্ব, ৰজ: আৰু তমো: এই তিনিটা গুণ, যাৰ শক্তিতে জগতৰ স্থিতি আৰু লয় হয়।

সত্ত্ব মানে সৎ বা উত্তম। এই গুণৰ দ্বাৰা মানুহ ধার্মিক, নম্ৰ আৰু শান্ত হয় আৰু জীৱন সুখদায়ক কৰি তোলে।

ৰজঃ গুণে অহংকাৰ আৰু সংসাৰৰ সুখৰ অভিলাষ জন্মায়। ই মানুহক বিষয়ত আসক্ত কৰে।

তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱক আলস্য আৰু নিদ্রাত ৰাখি মোহপাশত বন্দী কৰে। আৰু জীৱনলৈ অজ্ঞানতা নমাই আনে।


/ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হৈছে ‘জ্ঞানমালিনী’ আৰু তত্ত্ব – পাৰিজাত।


/ কবিয়েবিশ্বখনিকৰ কিয় সর্বব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে?

উত্তৰ: ‘বিশ্বখনিকৰ’ অর্থাৎ সমগ্র জড়জগত আৰু জীৱজগতৰ সৃষ্টিকর্তা ঈশ্বৰৰ মহিমা অপাৰ। সকলোতে তেওঁৰ পৰম সত্তা বিৰাজমান আৰু সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে। সকলো প্রাণীতে তেওঁৱেই আত্মাৰূপে। বিৰাজ কৰি আছে। তেওঁৰেই সকলোৰে জন্মদাতা আৰু পালন কৰোঁতা। সৃষ্টি, স্থিতি, প্রলয়ৰ তেওঁৱেই অধিকাৰী। সেয়ে কবিয়ে ‘বিশ্বখনিকৰ’ক সর্বব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে।


(গ) দীঘল প্রশ্নঃ

১।বিশ্বখনিকৰকবিতাটোৰ মাজেৰে কবিয়ে প্রকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্রকাশ কৰিব বিচাৰিছে?

উত্তৰ: ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্রকৃততে সৃষ্টিকর্তা ঈশ্বৰৰ কথা কৈছে।

ঈশ্বৰ বা ভগৱানেই হৈছে ত্রিলোকৰ সৃষ্টি। তেওঁ নিৰাকাৰ আৰু সর্বত্ৰতে বিৰাজমান। আজিলৈকে কোনেও ঈশ্বৰক দেখা নাই বা প্রত্যক্ষ কৰা নাই যদিও এক পৰম সত্তাৰ অস্তিত্ব সকলোৱে অনুভৱ কৰে। ঈশ্বৰৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা। সমগ্র জড়জগত আৰু জীৱজগতৰ তেওঁৱেই সৃষ্টিকর্তা। তেওঁৱেই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকে গঢ়ি তুলিছে, তেওঁক যদিও কোনেও দেখা নাপায়, তথাপি তেৱেই অন্তর্যামী, সর্বজ্ঞানী, বিশ্বৰ প্রাণ, আত্মা আৰু সর্বশক্তিমান সত্তা। এই সর্বশক্তিমান সত্তা তথা ঈশ্বৰৰ মহত্বকে ‘বিশ্বখনিকৰ’ কবিতাটোৰ যোগেদি কবিয়ে প্রকাশ কৰিব বিচাৰিছে।


)”সকলোতে আছে তেওঁ

কিন্তু নেদেখে কেও

ওৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাব প্রকাশ কৰিব বিচাৰিছে লিখা।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত মফিজুদ্দিন আহমদ হাজৰিকাদেৱে লিখা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।

ভগৱান নিৰাকাৰ আৰু নিৰঞ্জন। তেওঁ সর্বলোকতে বিৰাজমান। তেওঁ অন্তর্যামী, সর্বব্যাপ্ত। এইজনা মহিমাময়ী ভগৱানক চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্রত্যক্ষ কৰা নাই; তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে যে এক পৰম সত্তা আছে বা ঐশ্বৰিক শক্তি আছে, তাক সকলোৱে অনুভৱ কৰে। সেই পৰম সত্তাই সকলোৰে জন্মদাতা আৰু পালন কৰোঁতা। সকলো প্রাণীৰ মাজত তেওঁ আত্মাৰূপে বিয়পি আছে। মায়াৰ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে যদিও তেওঁক কোনেও বিচাৰি নাপায়।

কবিয়ে কবিতাফাঁকিৰ যোগেদি ভগৱানৰ সৰ্বব্যাপ্ত মহিমা আৰু অদৃশ্য শক্তিৰ দ্বাৰা তিনিভূৱনক লালন-পালন কৰি থকা সর্বশক্তি মান সত্তাক প্রকাশ কৰিব বিচাৰিছে।


৩।বিশ্বখনিকৰকবিতাটিৰ মূলভাৱ লিখা।

উত্তৰ: ‘বিশ্বখনিকৰ’ কবিতাটো কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ এটি দার্শনিক তথা আধ্যাত্মিক চিন্তাধাৰা সমৃদ্ধ সুন্দৰ কবিতা। কবিতাটোৰ যোগেদি কবিয়ে এই মহা বিশ্ব-ব্রহ্মাণ্ডৰ সৃষ্টিকর্তা, পালন কৰোঁতা, ঈশ্বৰৰ অদৃশ্য শক্তিক সুন্দৰকৈ প্রকাশ কৰিছে।

ত্রিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব সকলোৱে অনুভৱ কৰে, কিন্তু সেই পৰম সত্তা, পৰমেশ্বৰক আজিলৈকে কোনেও প্রত্যক্ষ কৰা নাই। সেই পৰম সত্তাইহে ব্রহ্মাণ্ডৰ সকলোকে আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমা অনন্ত। সকলোতে সেই পৰমসত্তা বিৰাজমান, আৰু তেওঁৰ অস্তিত্ব অনুভৱ কৰে। গছৰ প্ৰতিটো পাতেও তেওঁৰ মহিমাৰ কথাকে বখানে। তেওঁ মায়াৰ ওৰণিৰে মুখ ঢাকি সকলোৰে ওচৰত থাকে, কিন্তু কোনেও তেওঁক বিচাৰি নাপায়। সত্ত্বঃ, ৰজ:, তমঃ তিনিও গুণ তেওঁতে বিৰাজমান, অথচ তেওঁ নির্গুণ। জড়জগত, জীৱজগতৰ তেওঁৱেই সৃষ্টিকর্তা আৰু খনিকৰ ৰূপে সমগ্র বিশ্ব গঢ়োতা। কোনেও দেখা নাপায় যদিও তেওঁৱেই অন্তৰ্যামী, সর্বজ্ঞানী, বিশ্বৰ প্ৰাণ আৰু আত্মাৰূপে সর্বত্ৰতে বিয়পি থকা সর্ব শক্তিমান সত্ত্বা।

এয়ে হৈছে ‘বিশ্বখনিকৰ’কবিতাটোৰ মূলভাব।


৪।বিশ্বখনিকৰকবিতাটিত প্রকাশিত আধ্যাত্মিক দর্শনৰ চমু আভাস দিয়া।

উত্তৰ: কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ‘বিশ্বখনিকৰ’ কবিতাটিত আধ্যাত্মিক দর্শনৰ ভাব স্পষ্টকৈ প্রকাশ পাইছে। কবিতাটোৰ আৰম্ভণিৰ পৰা শেষলৈকে এক অন্তর্যামী, পৰম সত্তাৰ গুণানুকীৰ্ত্তন কৰা হৈছে। ব্রহ্মাণ্ডৰ সৃষ্টিকর্তা ঈশ্বৰৰ অস্তিত্ব, মহত্ব, আৰু সৰ্বশক্তিমান শক্তিক কবিয়ে সহজবোধ্য ৰূপকৰ সহায়ত সুন্দৰকৈ প্ৰকাশ কৰিছে।

কবিতাটোৰ মতে গ্রহ, তৰা, জোন, বেলি আদিয়ে ঈশ্বৰৰ মহিমাৰ বাবেহে মহাকাশত ওপঙি থাকিব পাৰিছে। তেওঁৰ কৃপাতেই সমস্ত বিশ্বৰ নৰ-নাৰী আত্মীয়তাৰ জৰীৰে বান্ধ খাই আছে। আনকি গছ-গছনিয়েও ঈশ্বৰৰ যশস্যাৰ বীণ বায়। তেওঁ সর্বব্রতে বিয়পি আছে, অথচ কোনেও দেখা নাপায়। চৰাচৰ জগতৰ সমস্ত প্রাণীৰ ধাৰা অব্যাহত ৰাখি তেওঁৱেই সর্বশক্তিমান সত্তাৰূপে, সকলোৰে জন্মদাতাৰূপে কর্তব্য পালন কৰি আছে।

কবিতাটোৰ শেষৰ শাৰীত কবিয়ে ঈশ্বৰৰ সৰ্বশক্তিমান সত্তাক এনেদৰে প্রকাশ কৰিছে

“নিশ্চয় নিশ্চয় তেৱেঁ

(দেখা নায়ো যদি কেৱে)

 অন্তযামী সর্বজ্ঞান, বিশ্ব- আত্মা প্ৰাণ

 সর্বব্যাপী সর্বশক্তিমান”

এনেদৰে বিশ্বখনিকৰ’ কবিতাটোত আধ্যাত্মিক দর্শনৰ ভাব অতি সুন্দৰকৈ প্ৰকাশ পাইছে।


৫/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

তেৱেঁ কাম তেৱেঁ কর্মী তেৱেঁ কাৰিকৰ

 নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

ঈশ্বৰেই যে খনিকৰ ৰূপে সমগ্র বিশ্বব্রহ্মাণ্ডখন সৃষ্টি কৰিছে, তাৰ প্রসঙ্গতেকবিতাফাঁকিৰ অৱতাৰণা কৰিছে

কবিৰ মতে সমগ্র জড়জগত আৰু জীৱজগতৰ সৃষ্টিকর্তা হৈছে পৰম ঈশ্বৰ, পৰমেশ্বৰ। কাৰিকৰে নিজৰ সৃষ্টিশীল প্রতিভাৰ দ্বাৰা একো একোটা শিল্পক জীৱন্ত ৰূপ দিয়ে। একেদৰে ঈশ্বৰেও তেওঁৰ ঐশ্বৰিক শক্তিৰ দ্বাৰা সমগ্র বিশ্বকে তিল তিলকে গঢ়ি তুলিছে।

সকলো বস্তুৰে সৃষ্টিৰ আঁৰত কাৰোবাৰ হাতৰ পৰশ থাকে। কবিৰ ভাবনাতো প্রশ্ন উদয় হৈছে যে এই বিশাল ব্রহ্মাণ্ড, গ্রহ-নক্ষত্র, তৰু-তৃণ, গছ-লতা, অসংখ্য প্রাণীৰে ভৰপুৰ কৰি সৃষ্টি কৰাৰ মূলতে আছে এক শক্তি, আৰু সেই শক্তিয়েই হৈছে নিৰাকাৰ ঈশ্বৰ। তেওঁৱেই নিখুঁট খনিকৰ ৰূপে সকলোবোৰ সৃষ্টি কৰিছে।


H.S. পৰীক্ষাত অহা প্রশ্নসমূহ:

১. অসম সাহিত্য সভাৰ দ্বাদশ গোলাঘাট অধিবেশনৰ সভাপতি কোন আছিল?- (H.S -09/11)

উত্তৰ: অসম সাহিত্য সভাৰ দ্বাদশ গোলাঘাট অধিবেশনৰ সভাপতি আছিল মফিজুদ্দিন আহমদ হাজৰিকা।


2/’তত্ত্বপাৰিজাতপুথিৰ ৰচক কোন? (HS’10)

উত্তৰ: ‘তত্ত্ব-পাৰিজাত ‘পুথিৰ ৰচক মফিজুদ্দিন আহমদ হাজৰিকা।


৩।তেওঁৰেহে মহিমাৰ

নাই কোনো ওৰপাৰ‘- ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে? (HS-’13)

উত্তৰ ইয়াত সৃষ্টিকর্তা ঈশ্বৰৰ মহিমাৰ কথা কোৱা হৈছে।


৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্রকাশ ঘটিছে?

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক দর্শনৰ প্ৰকাশ ঘাটছে।


/ গোমোস্তাশব্দটিৰ অর্থ লিখা। (HS’19)

উত্তৰ: গোমোস্তা শব্দটিৰ অৰ্থ হৈছে দোকানৰ হিচাপ-পত্র ৰখা কৰ্মচাৰী।


/ অর্থ লিখাঃযদিস্যাতো (HS-20)

উত্তৰ: ‘ যদিস্যাতো’ শব্দৰ অৰ্থ যদিও।


/ অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্রথম কোনগৰাকী কবিৰ কবিতাত প্রকাশ পাইছিল? (H.S’22)

উত্তৰ: অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্রথম মফিজুদ্দিন আহমদ হাজৰীকাৰ কবিতাত প্রকাশ পাইছিল।


/ তোমাৰ পাঠৰ অন্তৰ্গতজোনাকীকাকতৰ লগত জড়িত নোহোৱা কবি গৰাকী কোন? (HS.’23)

উত্তৰ: আমাৰ পাঠৰ অন্তৰ্গত ‘জোনাকী’ কাকৰ লগত জড়িত নোহোৱা কবি গৰাকী মফিজুদ্দিন আহমদ হাজৰিকা।


৯। মফিজুদ্দিন আহমদ হাজৰিকাৰ কাব্যকৃতিৰ বিষয়ে চমুকৈ লিখা। (Hs 2009,2011)

উত্তৰ: অসমীয়া সাহিত্যত ‘জ্ঞান মালিনীৰ’ কবি ৰূপে খ্যাত মফিছুদ্দিন আহমদ হাজৰিকা বিশেষভাবে উল্লেখযোগ্য। তেখেতৰ কবিতাৰ বিষয় আৰু ছন্দৰীতি অলপ সুকীয়া। সহজ সৰল ঘৰুৱা ভাষাৰ যোগেদি, সহজ বোধ্য ৰূপকৰ সহায়ত এইগৰাকী কবিয়ে তেখেতৰ কবিতাত আধ্যাত্মিক তত্ত্ব সুন্দৰভাবে প্রকাশ কৰি গৈছে। অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাৱধাৰা প্রথমে তেখেতৰ কবিতাতে প্রকাশ পায়। তেখেতৰ দুখন উল্লেখযোগ্য কবিতাপুথি হৈছে- ‘জ্ঞানমালিনী’ আৰু ‘তত্ত্ব- পাৰিজাত’।


১০। ত্ৰিলোক বুলিলে কি বুজা? (HS.’12,’14)

উত্তৰ: ত্রিলোক মানে ত্রিজগত, অর্থাৎ স্বর্গ, মর্ত্য আৰু পাতাল।


১১/ বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়? (HS-16, 17)

উত্তৰ: কবিতাটোত ‘বিশ্বখনিকৰ’ শব্দটোৰ দ্বাৰা বিশ্ব নির্মাণ কৰোঁতা, অর্থাৎ সৃষ্টিকর্তা ঈশ্বৰক বুজোৱা হৈছে। ঈশ্বৰৰ কোনো আকাৰ নাই বা তেওঁ নিৰাকাৰ।ঈশ্বৰৰ অস্তিত্বহে মানুহে অনুভৱ কৰে। চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও ঈশ্বৰক প্রত্যক্ষ কৰা নাই। সেয়ে ঈশ্বৰ বা বিশ্বখনিকৰক খেপিয়ালে পোৱা নাযায়।


১২/ ‘বিশ্বখনিকৰ কবিতাত কবিয়ে কুঁহিগজালিবুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে? (HS’20)

উত্তৰ: ‘বিশ্বখনিকৰ’ কবিতাত কবিয়ে কুঁহি গজালি বুলি উল্লেখ কৰা তিনিজোপা গছৰ নাম হৈছে পমা, চিচু আৰু পাৰলীক।


১৩/ প্রসঙ্গ-সঙ্গতি দর্শাই ব্যাখ্যা কৰা;

সত্ত্বঃ ৰক্তঃ তমো গুণ

সকলোতে নিৰগুণ

বোলে হুনু বিশ্বগিৰি সেই মহাজন। (H.S.’15, 23)

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ’ বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

সত্ত্বঃ, ৰজঃ, তমঃ, এই তিনিও গুণতে জগতৰ স্থিতি আৰু লয়, এই তিনিও গুণ ঈশ্বৰতে বিৰাজমান যদিও তেওঁ নির্গুণ। এই প্রসঙ্গতে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

সত্ত্বঃ গুণ সুখদায়ক, ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক আৰু ই মানুহক বিষয়ত আসক্ত কৰে। তমঃ গুণে জীৱক অজ্ঞানী কৰে আৰু মোহপাশত বন্দী কৰি ৰাখে। এই তিনিওটা গুণ ঈশ্বৰতে বিৰাজমান যদিও তেওঁ নির্গুণ, অর্থাৎ তেওঁ সুখত আসক্ত নহয়, বিষয়- বাসনাত আসক্ত নহয় আৰু মোহপাশতো বন্দী নহয়। তেওঁ নিস্পৃহ আৰু এইকেইটা গুণৰ বাহিৰত। তেওঁ সকলোৰে জন্মদাতা, বিশ্বৰ অধিকাৰী অথচ অনাসক্ত। নির্মোহ আৰু নিৰহংকাৰ। সকলো জীৱৰ আত্মাত তেওঁ স্থিতি লৈ আছে, অথচ তেওঁ নিৰাকাৰ।


Mastering Class 12 Assamese Chapter 2 বিশ্বখনিকৰ is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.

Class 12 Assamese Chapter 2 বিশ্বখনিকৰ Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment