মগনিয়াৰ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2. Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.
মগনিয়াৰ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 2 Page 2.
মগনিয়াৰ
উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ
Chapter -2
মগনিয়াৰ
যতীন্দ্ৰ নাথ দুৱৰা
অতিৰিক্ত প্রশ্নোত্তৰ
1. যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? (H.S 2015)
উঃ যতীন্দ্রনাথ দুৱৰাই ‘বনফুল’ কবিতাপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
2. কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা- কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? (H.S 2015)
নাইবা
যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোন গৰাকী ৰুচ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে?
উ : যতীন্দ্রনাথ দুৱৰাৰ মগনিয়া’ৰ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ “The Beggar” নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে।
3. অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন? (H.S 2016)
উঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতাৰ ৰচক হ’ল যতীন্দ্র নাথ দুৱৰা।
4. কবিয়ে লগ পোৱা মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণনা দিয়া। (H.S 2016)
উঃ কবিয়ে লগ পোৱা মগনিয়াৰজন আছিল বুঢ়া বেমাৰী। তেওঁৰ গাৰ হাড়-ছাল ওলোৱা, ওঁঠ দুটা শেতা আৰু চকু দুটা ৰঙা আছিল। তেওঁৰ উখহা অপৰিষ্কাৰ হাত আৰু গাত ফটা-কপোৰ আছিল দেখিলেই ধৰিব পাৰি তেওঁ দৰিদ্ৰতাৰ জ্বলন্ত প্রতিমূর্তি।
5. সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন। (H.S 2018)
উঃ যতীন্দ্রনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটাপ্রাপ্ত প্রথম গৰাকী অসমীয়া।
6. কথা কবিতা কোন শতিকাত সৃষ্টি হৈছিল? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়? (H.S 2018)
উঃ কথা কবিতা উনৈশ শতিকাত সৃষ্টি হৈছিল। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।
7. মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? (H.S 2020)
উঃ মগনিয়াৰ পাঠটি যতীন্দ্র নাথ দুৱৰাদেৱৰ কথা কবিতা নামৰপুথি খনৰ পৰা সংগ্ৰহ কৰা হৈছে।
8. যতীন্দ্র নাথ দুৱৰাই কোন চনত আৰু ক’ত জন্ম হয়?(H.S 2020)
উ : ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্র নাথ দুৱৰাৰ জন্ম হয়।
9. যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল? (H.S 2020)
উঃ যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চতুর্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।
10. ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। (H.S 2020)
উঃ ওমৰ খায়াম হ’ল ফাৰ্চী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুথি হ’ল—ৰুবায়ত।
11. যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? (H.S 2020)
উ : যতীন্দ্রনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়।
12. কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল? (H.S 2020)
উঃ কথা কবিতা ৰচনা কৰোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ ৰচনাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল।
13. কি হল একো কথা নাই”- ইয়াৰ কাৰণে অশেষ ধন্যবাদ”—কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাইলিখা। (H.S 2017)
উ : উক্ত কথাষাৰ যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ নামৰ কথা- কবিতাটোৰ পৰা তুলি অনা হৈছে। এই কথাষাৰ মগনিয়াৰজনে কবি যতীন্দ্রনাথ দুৱৰাক কৈছিল।
কবি এদিন বাটেৰে গৈ থাকোতে এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে কবিলৈ দুহাত আগবঢ়াই সহায়ৰ ভিক্ষা মাগিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত সেই সময়ত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে নিঃস্ব মগনিয়াৰ জনক একো দিবলৈ নাপাই অপৰাধবোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমৰ্থতা প্রকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ‘ককাই’ বুলি মগনিয়াৰ জনক সম্বোধি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। তাকে শুনি শেতা পৰা ওঁঠ দুটাৰে মগনিয়াৰ জনে বিস্মিত হৈ এটা হাঁহি মাৰিলে। তাৰ পাছত মগনিয়াৰ জনে কবিৰ হাত দুখনত দুর্বলভাবে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল প্রশ্নত উদ্ধৃত কথাখিনি কৈছিল।
নিঃস্ব মগনিয়াৰ জনে কবিৰ মানৱীয় গুণৰ বাবেই কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰ জনৰ পৰা এটা অমূল্য পাঠ সংগ্ৰহ কৰিলে। অৰ্থতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি। সেই কথাটো কবিয়ে মগনিয়াৰ জনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই যে নিঃস্বজনৰ মনতো আশাৰ সঞ্চাৰ কৰিব পাৰে তাকেই উক্ত কথা ফাঁকিৰ জৰিয়তে ক’বলৈ বিচৰা হৈছে।
Mastering Class 12 Assamese Chapter 2 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.
Class 12 Assamese Chapter 2 Complete Question Answer
For More details check our Youtube Channel Assam Board Exam