Assam Board Exam

মিলন| Class 12 Assamese Chapter 3 Complete Solution

মিলন | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 3 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


মিলন| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 3

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -3

মিলন

নলিনীবালা দেৱী


অতি চমু প্রশ্ন:

১।  নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়?

উত্তৰ: নলিনীবালা দেৱীক অতীন্দ্রিয়বাদী কবি ৰূপে জনা যায়।


২। নলিনীবালা দেৱীৰ আত্মজীৱনী খনৰ নাম কি?

উত্তৰ: নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম ‘এৰি অহা দিনবোৰ।’


৩। জাগৃতি কাব্যগ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?

উত্তৰ: জাগৃতি কাব্যগ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেমৰ মনোভাব প্রকাশ পাইছে।


৪। ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?

উত্তৰ: ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি তেওঁৰ চিৰ আৰাধ্য দেৱতা অর্থাৎ ভগৱানক বুজাইছে।


৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰ: নলিনীবালা দেৱীয়ে ‘অলকানন্দা’ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।


চমু প্রশ্ন:

১/ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।

উত্তৰ: নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হৈছে ‘স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা।


২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰশন দিয়ে?

উত্তৰ: কবিৰ পৰম আৰাধ্যজনে নিতে আহি তেওঁৰ মানসৰ কল্প কাননত দৰশন দিয়ে  নিশাৰ জোনাকী হৈ, আকাশৰ তৰা হৈ, আৰু ঊষাৰ হেঙুলী আভা হৈ।


৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?

উত্তৰ: কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। সেয়ে ‘আছা মোৰ নিজান কোণত’ বুলি তেওঁৰ চিৰআৰাধ্য ভগৱানক বুজাইছে।


৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি?

উত্তৰ: কবিয়ে প্রকৃতিজগতৰ বিভিন্ন বস্তুৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। তেওঁৰ আৰাধ্য দেৱতা অর্থাৎ ভগৱানে ঊষা ৰূপে সোণালী সাজ পিন্ধি নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা ‘কবিক দেখা দিয়ে বুলি কৈছে।


৫/ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?

উত্তৰ: কবিয়ে সপোনে-দিঠকে, দিনে-নিশাই প্রতিটো ক্ষণতে পৰমজনৰ অস্তিত্বক হৃদয়ত লৈ ফুৰে। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকোঁতে তেওঁৰ মানস পটত সেই পৰমজনা অর্থাৎ ভগৱানক দেখা পায়।


গ) দীঘল প্রশ্ন:

১/ নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলত: কি ভাবধাৰা প্রকাশ পাইছে, তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা।

উত্তৰ: অসমীয়া সাহিত্যত অতীন্দ্রিয়বাদী কবিৰূপে পৰিচিত নলিনীবালা দেৱীৰ কবিতাৰ স্বকীয় বৈশিষ্ট্য আছে। তেখেতৰ কবিতাসমূহত প্রধানকৈ আধ্যাত্মিক চেতনা সুন্দৰকৈ প্রকাশিত হৈছে। ভাৰতীয় ধর্ম, সংস্কৃতি আৰু দৰ্শনৰ প্ৰতি তেখেতৰ আছিল গভীৰ শ্রদ্ধা আৰু আনুগত্য। সেয়ে নিজৰ জীৱনৰ দুখ-বেদনাবোৰক ভাৰতীয় দর্শনৰ আদর্শেৰে বিচাৰ কৰি যি শান্তি আৰু শক্তি লভিছিল, তাক তেখেতে কবিতাৰ মাজেৰে ব্যক্ত কৰিছে। শান্ত-সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে।

‘মিলন’ কবিতাটোতো কবিৰ আধ্যাত্মিক চেতনা প্রকাশিত হৈছে। প্রকৃতিৰ জীৱ-জড় সকলো বস্তুৰ মাজতে কবিয়ে পৰমজনাৰ অস্তিত্ব বিচাৰি পাইছে। পুৱাৰ পৰা নিশা গভীৰ টোপনিলৈকে কবিয়ে নিজৰ হৃদয়ত পৰমজনাৰ অস্তিত্ব অনুভৱ কৰিছে। সেয়ে ‘মিলন’ কবিতাটিৰ আধাৰত আমি ক’ব পাৰোঁ যে নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলত: আধ্যাত্মিক ভাবধাৰা প্রকাশ পাইছে।


২) ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।

উত্তৰ: ‘মিলন’ কবিতাটিত কবিৰ অন্তৰাত্মা পৰমজনাৰ লগত অর্থাৎ সৃষ্টিকর্তা ঈশ্বৰৰ লগত মিলন হোৱাৰ কথা বুজাইছে।

কবি নলিনীবালা দেৱীএগৰাকী অতীন্দ্রিয়বাদী কবি আৰু তেওঁৰ কবিতাত ভাৰতীয় বেদান্ত দর্শনৰ স্পষ্ট প্রভাব দেখা যায়। ভাৰতীয় দর্শনৰ মূল আদর্শ হৈছে পৰমাত্মাৰ লগত আত্মাৰ মিলন ঘটা, য’ত সংসাৰ সমুদ্ৰৰ সকলো দুখ-যন্ত্ৰণাৰ পৰা জীৱই মুক্তি লাভ কৰিব পাৰে। কবি নলিনীবালা দেৱীয়েও তেওঁৰ বেদনা সিক্ত, শোকাতুৰ হৃদয়ৰ শান্তি আৰু মুক্তিৰ বাবে পৰমজনাৰ অস্তিত্ব নিজৰ হৃদয়ৰ মাজতে উপলব্ধি কৰে। পুৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে তেওঁ পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভব কৰে, আৰু এই অনুভৱক পৰমজনৰ সতে অন্তহীন মিলন বুলি অভিহিত কৰে।


৩/ কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা।

উত্তৰ: কবি নলিনীবালা দেৱীয়ে তেওঁৰ ‘মিলন ‘কবিতাটোত পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বস্তুৰ মাজতে দেখা পায়। তেওঁ মনোজগতৰ তীৰে তীৰে, বা মনৰ নিজান কোণত পৰম আৰাধ্যজনে অনবৰতে দৰশন দিয়ে। কবিতাটোত ব্যক্ত কৰা মতে কবিয়ে তেওঁৰ পৰমজনক এনেদৰে লগ পায় – নিশা জোনাকীৰ উজ্জ্বল দীপালিৰ মাজত, আকাশৰ তৰাৰ শাৰীৰ লগত, গধূলিৰ ম্লান পৰা এন্ধাৰৰ বুকুত, দোভাগ নিশা নিদ্ৰাৰত অৱস্থাত অবচেতন মনৰ সপোনত, ঊষাৰ সোণালী কিৰণ আৰু নিয়ৰ টোপালৰ মাজত আৰু শেৱালি বনত।

 এনেদৰে কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক পুৱাৰ পৰা গভীৰ -নিশালৈকে প্রতিটো ক্ষণতে ভিন ভিন ধৰণে দেখা পায় বুলি কৈছে।


৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা।

উত্তৰ: কবি নলিনীবালা দেৱী এগৰাকী অতীন্দ্রিয়বাদী কবি। তেওঁৰ কবিতাত ভাৰতীয় বেদান্ত দর্শনৰ প্রভাব স্পষ্ট। গভীৰ ভগবৎ প্রেম আৰু আধ্যাত্মিক চেতনাৰে তেওঁৰ কবিতা সমূহ সমৃদ্ধ। কবিতাটোত ‘তোমাৰ’ শব্দটোৰ দ্বাৰা পৰম ঈশ্বৰ পৰমেশ্বৰক বুজাইছে।

পৰমাত্মাৰ লগত আত্মাৰ মিলন ঘটাতেই জীৱই মুক্তি লাভ কৰে বুলি ভাৰতীয় বেদান্ত দর্শনে কয়। কবিয়েও তেওঁৰ সীমাহীন দুখ-যন্ত্রণাৰে ভৰা জীৱনৰ তিক্ততাৰ পৰা মুক্তি আৰু শান্তি লভিবৰ বাবে একাত্মভাবে পৰমজনৰ আৰাধনা কৰিছে আৰু তেওঁতেই নিজকে বিলীন কৰিছে। সপোনে-দিঠকে কবিয়ে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। সেই অনুভৱকে তেওঁ ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কৈছে।


৫/ ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ আলোচনা কৰা।

উত্তৰ: আধ্যাত্মিক মানে আত্মা সম্বন্ধীয় বা আত্মাত আশ্রয় কৰা। মিলন’ কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্রতিধ্বনি অনুভূত হৈছে। ভাৰতীয় বেদান্ত দর্শনৰ দ্বাৰা প্ৰভাৱিত কবি নলিনীবালা দেবীয়ে নিজৰ আত্মাত বিচাৰি পাইছে পৰমজনৰ অস্তিত্ব। তেওঁ সপোনে-দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। ঊষাৰ হেঙুলী কিৰণ, নিশাৰ জোনাকীৰ পোহৰ, গধূলিৰ তৰা ভৰা আকাশ আদি সকলো বস্তুৰ সৌন্দৰ্য সুষমাই কবিৰ ভগবৎ-প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। কবিতাটিৰ দ্বিতীয় স্তৱকত লিখিছে-

“সপোন পাৰৰ তুমি

প্রভু মোৰ আৰাধ্য পৰম

মানসৰ তীৰে তীৰে দিয়া আহি নিতে দৰশন””

এনেদৰে কবিৰ আত্মা পুৱাৰ পৰা দোভাগ নিশালৈকে তেওঁৰ চিৰ আৰাধ্য প্রভু বা পৰম ঈশ্বৰৰ সতে একাত্ম হৈ পৰে। কবিতা টোৰ প্ৰথমৰ পৰা শেষলৈকে এক গভীৰ আধ্যাত্মিক সুৰ বিৰাজ কৰিছে।


H.S. পৰীক্ষাত অহা প্রশ্ন-উত্তৰ:

১। কিমান চনত নলিনীবালা দেৱীয়ে ‘পদ্মশ্রী’ উপাধি লাভ কৰিছিল?

উত্তৰ: কবি নলিনীবালা দেৱীয়ে ১৯৫৮ চনত ভাৰত চৰকাৰৰ’পদ্মশ্রী’ উপাধি লাভ কৰিছিল।


২। নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি?(H.S.’19)

উত্তৰ: নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ হৈছে অতিন্দ্ৰীয়বাদ বা ৰহস্যবাদ আৰু ভগবৎ-প্রীতি।


৩/ ‘জাগৃতি’ কাব্য গ্রন্থৰ ৰচয়িতা কোন?

উত্তৰ: ‘জাগৃতি’ কাব্য গ্রন্থৰ ৰচয়িতা কবি নলিনীবালা দেৱী।


৪/ নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা কবিতাপুথি কেইখন কি কি? (H.S’19)

উত্তৰ: নলিনীবালা দেৱীৰ আধ্যত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা কবিতাপুথি কেইখন হৈছে- ‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘পৰশমণি’ ‘অলকানন্দা’ আৰু ‘অন্তিম সুৰ’।


৫/ নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্রন্থৰ ভালেমান কবিতাত স্বদেশ-প্ৰেমৰ সুৰ প্রবাহিত হৈছে? (H.S’20)

উত্তৰ: নলিনীবালা দেৱীৰ স্বদেশপ্রেমৰ সুৰ প্রবাহিত হোৱা কাব্যগ্রন্থ দুখন হৈছে-‘যুগ দেবতা’ আৰু’জাগৃতি’


৬। নলিনীবালা দেৱীয়ে ঊষাৰ আগমণৰ বৰ্ণনা কেনেদৰে দিছে? (H.S.22)

উত্তৰ: নলিনীবালা দেৱীয়ে ‘মিলন ‘কবিতাটোত বর্ণনা কৰা মতে ঊষাই সোনালী সাজ পৰিধান কৰি নিয়ৰৰ মালা গাঁথি আহে। তেতিয়া প্রকৃতি খনো তেনেই নিৰলা বা নিজান আৰু পক্ষীবোৰো নীৰৱ হৈ থাকে।


৭) মিলন কবিতাটিৰ মূলভাব লিখা। (H.S. 23)

উত্তৰ: অতিন্দ্রীয়বাদী কবি নলিনীবালা দেৱীৰ মিলন কবিতাটি আধ্যাত্মিক চেতনা প্রতিধ্বনিত হোৱা এটি সুন্দৰ কবিতা। কবি যিহেতু এগৰাকী ভাৰতীয় বেদান্ত দর্শনৰ অনুৰাগী, সেয়ে মিলন কবিতাটোত তেওঁৰ ভগবৎ-প্রীতি গভীৰ ভাবে প্রকাশ পাইছে।

ঈশ্বৰ নিৰাকাৰ। মানৱ লোকত ঈশ্বৰক কোনেও দেখা নাই।কিন্তু কবিয়ে এই নিৰাকাৰ ঈশ্বৰৰ অস্তিত্ব তেওঁৰ মনৰ নিভৃত কোণত অনবৰতে অনুভৱ কৰে। পৃথিৱীৰ সকলো বিষয়ৰ মাজতে তেওঁ পৰমজনৰ অস্তিত্ব উপলব্ধি কৰে। নিশাৰ জোনাকীৰ পোহৰ, গধূলিৰ তৰা -ভৰা আকাশ, ঊষাৰ হেঙুলী কিৰণ, এই আটাইবোৰৰ মাজত কবিয়ে দেখা পায় ঈশ্বৰৰ অস্তিত্ব। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে, আৰু তেওঁ এই অনুভৱক পৰমজনৰ সতে অন্তহীন মিলন বুলি অভিহিত কৰে।

এয়ে হৈছে ‘মিলন’ কবিতাটিৰ মূলভাব।


৮।’নিসুতি’ শব্দৰ অর্থ কি?

উত্তৰ: ‘নিসুতি’ শব্দৰ শব্দৰ অর্থ  নিতাল


৯। ‘মিলন’ কবিতাটি কবিৰ কোন খন কাব্য গ্রন্থৰ পৰা লোৱা হৈছে?

উত্তৰ: ‘মিলন’ কবিতাটি কবিৰ ‘সন্ধিয়াৰ সুৰ’ কাব্যগ্ৰন্থৰ পৰা লোৱা হৈছে।


১০। নলিনীবালা দেৱী অসম সাহিত্যসভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল?

উত্তৰ: নলিনীবালা দেৱী ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্রয়োবিংশ অধিবেশনৰ সভাপতি আছিল।


Mastering Class 12 Assamese মিলন Chapter 3 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.

Class 12 Assamese Chapter 3 মিলন Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel


  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment