আনন্দৰাম বৰুৱা | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 3 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.
আনন্দৰাম বৰুৱা| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 3
আনন্দৰাম বৰুৱা
উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ
Chapter -3
আনন্দৰাম বৰুৱা
উপেন্দ্র চন্দ্র লেখাৰু
ক) অতি চমু প্রশ্ন:
১/ আনন্দৰাম বৰুৱাৰ ক’ত জন্ম হৈছিল?
উত্তৰ: আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰ নামেৰে এখনি সৰু গাঁৱত।
২/ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?
উত্তৰ: ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল।
৩/ আনন্দৰাম বৰুৱাই কোনখন গ্রন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰ: আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত’ গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।
৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।
উত্তৰ: আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম হৈছে মেক্স মূলাৰ।
৫/ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?
উত্তৰ: আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্র আছিল কৰ্ম আৰু সাধনা।
খ) চমু প্রশ্নঃ
১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?
উত্তৰ: আনন্দৰাম বৰুৱাৰ বিশাল ব্যক্তিত্ব, জ্ঞান লাভৰ প্রতি থকা একাগ্রতা, অগাধ পাণ্ডিত্য, দেশপ্রেম, কর্মস্পৃহা আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া।
২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰ: আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰিব নোৱাৰাৰ কাৰণ আছিল ইউৰোপলৈ যোৱাৰ পথ আছিল অতি দুর্গম, আৰু বিলাতলৈ গ’লে জাত যোৱাৰ ভয়।
৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?
উত্তৰ: এজন জগত বিখ্যাত পণ্ডিত আৰু ৰজাঘৰৰ ডাঙৰ বিষয়ববীয়া হৈও আনন্দৰাম বৰুৱাই দুর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল।
৪/ আনন্দৰামৰ নিজ দেশৰ প্রতি ভক্তিও কম নাছিল’- বুজাই লিখা।
উত্তৰ: স্বদেশ আৰু স্বজাতিৰ অতি আনন্দৰাম বৰুৱাৰ ভক্তি আৰু শ্রদ্ধা অটুট আছিল। তেওঁ য’তেই সুযোগ পাইছিল তাতেই ‘প্রাগজ্যোতিষপুৰ’ আৰু কামৰূপ’ৰ উল্লেখ কৰি স্বদেশ প্রেমৰ পৰিচয় দিছিল। ‘প্রাগ-জ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল আৰু নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল।
৫/ কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰ: আনন্দৰাম বৰুৱা আছিল বিশাল ব্যক্তিত্বৰ গৰাকী। জ্ঞান লাভৰ প্রতি থকা একাগ্রতা, অগাধ পাণ্ডিত্য, দেশপ্রেম, কর্মস্পৃহা আদি গুণবোৰ আছিল তেখেতৰ চাৰিত্ৰিক বৈশিষ্ট্য। নিজ প্রতিভাৰ বলত ভাৰতীয় প্রশাসনীক সেৱাত নিযুক্ত প্রথমগৰাকী অসমীয়া হৈ জগতত চিৰকালব বাবে অসমীয়াৰ সন্মান বঢ়ালে। তেখেতৰ মূল্যবান সংস্কৃত গ্রন্থসমূহ জাতিৰ অমূল্য সম্পদ। এই আটাইবোৰ কথাৰ বাবে আনন্দৰাম বৰুৱা পুজ্য হৈ থাকিব
গ) দীঘল প্রশ্নঃ
১/ মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা।
উত্তৰ- সংসাৰৰ সকলো লোক মহান নহয় বা হ’ব নোৱাৰে। সকলোৰে জীৱন পদ্ধতি, কর্মস্পৃহা, লক্ষ্য, উদ্দেশ্য একে নহয়। তথাপিও জীৱশ্রেষ্ঠ মানুহ হিচাপে সংসাৰলৈ আহি সৎ আৰু আদর্শবান চৰিত্ৰৰ পৰিচয় দি যাব পৰাতে প্রকৃত পুৰুষার্থ প্রকাশ পায়। মহাপুৰুষ সকলে তেওঁলোকৰ কৰ্মৰ যোগেদি বহুতো চানেকি বা আদর্শ থৈ যায়। তেওঁলোকৰ আদর্শ চাই বা তেওঁলোকৰ পদাংক অনুসৰণ কৰি প্রত্যেকেই জীৱনটো মহান বা আদর্শবান কৰি গঢ়ি তুলিব পাৰে। মহাপুৰুষ সকলৰ আর্হি অনুসৰণ কৰি নিজক পৰিচালিত কৰিব পাৰিলে জীৱন মহীয়ান হৈ পৰিব।।
আনন্দৰাম বৰুৱাই এখন সাধাৰণ ঘৰত জন্ম লাভ কৰি অসাধাৰণ ব্যক্তিত্বৰ পৰিচয় দি গ’ল। তেওঁৰ ব্যতিক্রমী কৰ্মৰাজি আৰু গুণসমূহে এগৰাকী মহাপুৰুষৰ শাৰীত বহুৱালে। আনন্দৰাম বৰুৱাৰ আর্হি গ্রহণ কৰি বা তেওঁৰ পদাংক অনুসৰণ কৰি নতুন প্রজন্মই সাহস, মনোবল, উৎসাহ, কর্মস্পৃহা আহৰণ কৰি জগতত চিনাকি দিব পৰাকৈ নিজকে প্রস্তুত কৰি তুলিব পাৰিব।
মানবীয় চেতনা, জীৱনবোধ, সময়ৰ গুৰুত্ব, আদি অনেক কথা আদি মহাপুৰুষ সকলৰ জীৱনাদর্শৰ পৰা শিকিব পাৰো আৰু তেওঁলোকৰ পথেদি খোজ দিবলে সাহস গোটাব পাৰো।
২/ একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উত্তৰ: ‘একাগ্রতা’ মানে হৈছে এক মনা হোৱা, অর্থাৎ নিজৰ মনটোক বহু সুখী চিন্তাত নিমগ্ন নকৰি, একমুখী কৰি অধ্যৱসায় কৰা। আনন্দৰাম বৰুৱাই এই একাগ্ৰতা গুণৰ বাবেই লৰাকালতেই ‘অমৰকোষ’ গ্রন্থখনি কন্ঠস্থ কৰিব পাৰিছিল। সংস্কৃতৰ বিশাল সাগৰ মথি জগত বিখ্যাত পণ্ডিত সকলৰ শাৰীত বহিব পাৰিছিল আৰু সংস্কৃতৰ সুবৃহৎ গ্রন্থ লিখিব পাৰিছিল। কোনো বিষয়তে মনপুতি নালাগিলে মানুহৰ ভিতৰত নানা কুভাৱে ঠাই লয় আৰু মন অস্থিৰ কৰি তোলে। ফলত জীৱনত কৃতকার্য হোৱাৰ পৰা বিৰত হ’ব লগীয়া হয়। আনন্দৰাম বৰুৱাৰ মন আছিল সদায় একমুখী, জ্ঞান চর্চাৰ অনুৰাগ আছিল প্রবল। সেয়ে তেওঁ জ্ঞান লাভৰ কাৰণে সুদূৰ, ইউৰোপলৈ যাবলৈ সাহ কৰিব পাৰিছিল। জ্ঞান লাভৰ প্রতি থকা তেওঁৰ একান্তিক গুণৰ বাবে এজন সফল অসমীয়া হ’ব পাৰিছিল।
৩/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা -“কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যু স্বৰূপ।”
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত্ উপেন্দ্র চন্দ্র লেখাৰু দেৱে লিখা ‘আনন্দৰাম বৰুৱা” নামৰ পাঠটিৰ পৰা উদ্ধৃত।
অবিৰাম কৰ্মগতিতে আনন্দৰাম বৰুৱাই আনন্দ লভি জীৱন মহীয়ান কৰি গৈছে; তাৰ প্ৰসংগতে বাক্যশাৰীৰ অৱতাৰণা কৰিছে।
মানুহে জীৱনৰ বাটত আগুৱাই যোৱাৰ প্ৰধান সম্বল হৈছে কর্ম। সৎ উদ্দেশ্য আগত ৰাখি একাগ্রচিত্তে কর্ম কৰি গ’লে মানুহ কেতিয়াও ব্যর্থ হ’ব লগীয়া নহয়। মানুহৰ জীৱনটো তেনেই চুটি আৰু জ্ঞান লাভৰ সাগৰখন অসীম। গতিকে সময়ৰ গুৰুত্ব উপলব্ধি কৰি, এক পলো নষ্ট নকৰাকৈ কর্মত নিমগ্ন হ’ব লাগে। কর্মহীনতাই মানুহক শাৰীৰিক মানসিক দুয়োদিশতে পঙ্গু বা অকামিলা কৰি তোলে। কর্মহীন বা এলেহুৱা লোকে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে আৰু সুখ-সমৃদ্ধি আশা কৰাটোও তেওঁলোকৰ বাবে বৃথা। খ্যাতি, যশস্যা এইবোৰ মানুহৰ জীৱনলৈ আপোনা আপুনি নাহে। সেই বোৰ পাবলৈ হ’লে মানুহ হ’ব লাগিব প্রকৃত কর্মী, অধ্যবসায়ী আৰু জ্ঞান-পিপাসু। আনন্দৰাম বৰুৱাৰ জীৱন আহিয়েই তাৰ উৎকৃষ্ট উদাহৰণ।
৪/ আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্রহণ কৰিব পাৰোঁ বুজাই লিখা।
উত্তৰ: মহান লোক হ’বলে কোনো ডাঙৰ পৰিয়ালত জন্ম গ্রহণ কৰা বা ধন সম্পত্তিৰ অধিকাৰী হোৱাৰ প্রয়োজন নাই। তাৰ বাবে লাগে মাথো নিজৰ আগ্রহ, একাগ্রতা, ঐকান্তিক প্রচেষ্টা আৰু এটা সুদৃঢ় লক্ষ্য। লক্ষ্যত উপনীত নোহোৱালৈকে কৰি যাব লাগে একাগ্রচিত্তে, নিৰৱচিন্ন সাধনা। হ’ব লাগে উদ্যমশীল আৰু কর্মী। আনন্দৰাম বৰুৱাই নিজৰ একাগ্রতা, কর্মস্পৃহা, জ্ঞান-পিপাসু আদি গুণবোৰৰ বাবেই বিশাল ব্যক্তিত্বৰ অধিকাৰী, অসাধাৰণ জ্ঞানী আৰু পণ্ডিত হৈ জগতত খ্যাতি ৰাখিব পাৰিছিল। তেখেতে কৰ্মৰ যোগেদি আমালৈ বহুতো চানেকি বা আদর্শ থৈ গৈছে। সেই আদর্শ চাই কাম কৰিলে আমিও আমাৰ জীৱন মহান কৰি গঢ়ি তুলিব পাৰোঁ। আনন্দৰাম বৰুৱাৰ আদর্শ গ্রহণ কৰি আমিও জ্ঞানৰ সাগৰত বুৰ মাৰি জ্ঞানী হ’ব পাৰো, জ্ঞান অন্বেষণৰ কাৰণে দূৰ-দূৰণিলৈ যাবলৈ সাহস গোটাব পাৰো, অদম্য কর্মশক্তিৰে সফলতা আঁজুৰিব পাৰোঁ, স্বদেশ আৰু স্বজাতিৰ প্রতি দায়বদ্ধ হৈ বিশ্বত এখন উচ্চ আসনত বহুৱাবৰ বাবে চেষ্টা কৰিব পাৰোঁ। আনন্দৰাম বৰুৱাৰ জীৱনাদর্শৰ পৰা এনেদৰে আমি শিকিব লগীয়া আৰু কৰিবলগীয়া বহুতো কথা আৰু কাম আছে, যিবোৰৰ দ্বাৰা আমাৰ জীৱন সার্থক হোৱাত সহায়ক হব।
৫/ প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অবদান আগবঢ়াই গৈছে, বুজাই লিখা।
উত্তৰ: আনন্দৰাম বৰুৱা প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধক আছিল। তেওঁ যি কালত ইউৰোপলৈ গৈছিল, সেইকালত ভাৰতৰ পৰা নিচেই কম মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। গতিকে প্রাচ্য আৰু পাশ্চাত্যৰ আদর্শ, ভাবধাৰা আদিত এটা ডাঙৰ ব্যৱধান আছিল। আনন্দৰামৰ আগতে সংস্কৃত চর্চা বৰ বিশেষ ৰকমে হোৱা নাছিল। সেয়ে পাশ্চাত্যৰ লোকসকলে প্রাচ্যৰ জ্ঞানৰাজিৰ বিশেষ চর্চা কৰিবলৈ সুবিধা পোৱা নাছিল। আনন্দৰাম বৰুৱাই এই কাম উজু কৰি তুলিছিল। ভাৰতীয় আদর্শৰাজিক আনন্দৰামে পাশ্চাত্যত সন্মিলিত আৰু জনপ্রিয় কৰি তুলিছিল। এনেদৰে নিজৰ পাণ্ডিত্য আৰু কৰ্মৰ দ্বাৰা তেওঁ প্রাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল।
H.S পৰীক্ষাত অহা প্রশ্নসমূহ:
১। আনন্দৰাম বৰুৱাই লৰাকালতে কণ্ঠস্থ কৰা গ্রন্থখন কি আছিল?
উত্তৰ: আনন্দৰাম বৰুৱাই লৰাকালতে কণ্ঠস্থ কৰা গ্রন্থখনআছিল ‘অমৰ কোষ।
২/ উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱবৰৰ গ্ৰন্থখনিৰ নাম কি? (’17)
উত্তৰ: উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনিৰ নাম ‘কথা গুৰু চৰিত’।
৩/ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্রথমগৰাকী অসমীয়া কোন?
উত্তৰ: ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্রথমগৰাকী অসমীয়া আছিল আনন্দৰাম বৰুৱা
৪/ মানুহৰ সাৰবস্তু কি? (2014)
উত্তৰ: মানুহৰ সাৰবস্তু হৈছে জ্ঞান।
৫/ প্রকৃত মহৎ লোক সকলে দেশকালৰ সীমা কেনেদৰে অতিক্রম কৰে?
উত্তৰ: প্রকৃত মহৎ লোক সকলৰ গুণ-গৰিমা অতীত, বর্তমান আৰু ভবিষ্যৎ তিনিও কালতে ব্যাপী থাকে। তেওঁলোকৰ জ্ঞানৰ পৰিধিয়ে দেশ-বিদেশ একাকাৰ কৰে। অর্থাৎ প্রকৃত মহৎ লোকসকলৰ জ্ঞান, গুণ-গৰিমা কোনো স্থান-কালত সীমাবদ্ধ নাথাকে।
৬/ উপেন্দ্র চন্দ্র লেখাৰুৱে কি কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল? (13)
উত্তৰ: উপেন্দ্র চন্দ্র লেখাৰুৱে ‘অসমীয়া’ আৰু ‘বাংলা’-এই দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল।
৭/ আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? (’15)
উত্তৰ: আনন্দৰাম বৰুৱাৰ অনুসন্ধান স্পৃহা, কর্ম আৰু খ্যাতি অতুলনীয়। জ্ঞান লাভৰ প্রতি থকা একাগ্ৰতাৰ বাবে তেওঁ হৈ পৰিছিল অগাধ পাণ্ডিত্যৰ গৰাকী। বহুমুখী প্রতিভা, কর্মোদ্যম আৰু স্বদেশপ্রেম আদি গুণসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় মহৎ আৰু অমৰ।
৮/ কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? (16)
উত্তৰ: কৰ্ম আৰু সাধনা আছিল আনন্দৰামৰ জীৱনৰ মূলমন্ত্র। তেওঁ ইমানেই একনিষ্ঠভাবে কর্মত লিপ্ত হৈছিল আৰু জ্ঞান-চর্চাৰ অনুৰাগ প্রবল আছিল যে সংসাৰ বন্ধনৰ মোহে তেওঁক আকর্ষিত কৰিব পৰা নাছিল। জ্ঞান সমুদ্রত বুৰ গৈ থাকিবৰ বাবেই তেওঁ চিৰকুমাৰ ব্রত অৱলম্বন কৰিছিল।
৯/ ‘প্রকৃষ্ট ‘আৰু ‘অনিয়া-অনি’ শব্দ দুটাৰ অর্থ কি? (19)
উত্তৰ ‘প্রকৃষ্ট’ শব্দৰ অৰ্থ হৈছে উত্তম বা শ্রেষ্ঠ্য আৰু ‘অনিয়া-অনি’ শব্দৰ অর্থ হৈছে-পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা।
১০/ ‘তোমাৰে আনন্দ বৰুৱাই’- বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্রশস্তি গাইছে? (’20) (22)
উত্তৰঃ ‘তোমাৰে আনন্দ বৰুৱাই – বুলি ‘অসম সংগীত নামৰ কবিতাটোত লক্ষ্মীনাম বেজবৰুৱাই আনন্দৰাম বৰুৱাৰ প্রশস্তি গাইছে।
১১/ আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি?
উত্তৰ: আনন্দৰাম বৰুৱাৰ মতে কৰ্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যু স্বৰূপ
১২/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:
“কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।”
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য-সৌৰভৰ অন্তৰ্গত উপেন্দ্র চন্দ্র লেখাৰু দেৱে লিখা ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।
কর্মী লোক সকলে নিজ শ্রমৰ বলত কেনেকৈ জীৱন মহান কৰি তোলে আৰু নিষ্কর্মা বা এলেহুৱা লোকৰ জীৱনত কোনো উন্নতি নহয়, তাৰ প্রসঙ্গতে বাক্যশাৰী প্রয়োগ কৰা হৈছে।
জীৱনত উন্নতি কৰিবলৈ হ’লে বা সাফল্য লাভ কৰিবলৈ হ’লে কর্ম কৰিবই লাগিব। শ্রম বা কর্ম হৈছে জীৱনৰ উন্নতিৰ অমোঘ মন্ত্র। পৃথিৱীত এনে এজন মহান ব্যক্তি নাই, যি শ্রম নকৰাকৈ মহান হ’ব পাৰিছে। কর্মই মানুহক সিদ্ধিৰ বাট দেখুৱাই। আৰু জীৱন সার্থক কৰি তোলে। কর্মী লোকে স্ব-নির্ভৰশীল হৈ সুখ-শান্তিৰ আলয় গঢ়িব পাৰে। আনহাতে কর্মহীন বা নিষ্কর্মা লোকে নিজৰ জীৱনো সার্থক কৰিব নোৱাৰে আৰু সমাজ আৰু দেশৰ বাবে কোনো বৰঙণি আগবঢ়াব নোৱাৰে। এলাহৰ বশবর্তী হৈ তেনে লোকে কোনো কাম কৰিব নিবিচাৰে আৰু পৰমুখাপেক্ষী হৈ জীৱন কটাব লগীয়া হয়।
১৪/ ‘মানুহৰ সাৰ বস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূর্তিয়েই পূজনীয়।” প্রসঙ্গ সংগতি দশাহ ব্যাখ্যা কৰা। (H.S’23)
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তর্গত উপেন্দ্র চন্দ্র লেখাৰু দেৱে লিখা ‘আনন্দ ৰাম বৰুৱা’ নামৰ পাঠটিৰ পৰা উদ্ধৃত।
জ্ঞানে মানুহক মহান কৰি তোলে আৰু জ্ঞানী লোকসকল সকলোৰে আদৰ্শৰ পাত্ৰ আৰু পূজনীয় হয়; এই প্রসঙ্গতে বাক্যশাৰীৰ অৱতাৰণা কৰিছে।
সাৰবস্তু মানে হৈছে অতি লাগতিয়াল বা প্রয়োজনীয় বস্তু। মানৱ জীৱন সার্থক কৰি তুলিবলৈ হলে জ্ঞানৰ সাধনা কৰিব লাগে। জীৱন পথত যিমান পাৰি জ্ঞান বুটলিব লাগে। যি কোনো বিষয়ত প্রকৃত জ্ঞান আয়ত্ব নকৰিলে শিক্ষা আধৰুৱা হয় আৰু তেনে জীৱনৰ সার্থকতা নাথাকে। জ্ঞানে মানুহৰ জীৱনৰ বাট পোহৰাই তুলি মসৃণ পথৰ সন্ধান দিয়ে। যি সকল লোকে জ্ঞান চর্চা কৰে, প্রকৃত জ্ঞান আহৰণৰ বাবে সাধনা কৰে, তেনে লোকৰ জীৱন মহান হৈ পৰে আৰু সকলোৰে পূজনীয় হয়। আনন্দৰাম বৰুৱা আছিল জ্ঞানৰ সাধক। নিজৰ জ্ঞান বুদ্ধিৰ বলত অসাধ্য সাধন কৰাৰ বাবে তেওঁ আজিও সকলোৰে পূজনীয় হৈ আছে।
১৬/ উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদনা কৰা দুখন উল্লেখযোগ্য গ্রন্থৰ নাম লিখা।
উত্তৰ: উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা দুখন উল্লেখযোগ্য গ্রন্থৰ নাম হৈছে- ‘ভক্তি বিবেক’ আৰু ‘কথা সাহিত্য।
১৭। উপেন্দ্র নাম লেখাৰু অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?
উত্তৰঃ উপেন্দ্র নাম লেখাৰু ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তত্রিংশ অধিৱেশনৰ সভাপতি আছিল।
Mastering Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.
Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা Complete Question Answer
For More details check our Youtube Channel Assam Board Exam
🔗 Related Study Resources
Class 12 Education | Class 12 Political Science | Class 12 Assamese |
📲 Stay Connected
Get the latest updates and chapter releases via: