ভাৰতীয় আদৰ্শত বৈৰাগ্য| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 4 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.
ভাৰতীয় আদৰ্শত বৈৰাগ্য| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 4
ভাৰতীয় আদৰ্শত বৈৰাগ্য
উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ
Chapter – 4
ভাৰতীয় আদৰ্শত বৈৰাগ্য
ক) অতি চমু প্রশ্ন: (মূল্যাংক -১)
১/ ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা?
উত্তৰ: ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। ভাৰতীয় আদর্শত বৈৰাগ্যই প্রথম স্থান লাভ কৰিছে।
২/ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰ: ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ।
৩। কর্ম কৰা কৌশলক ভগৱদগীতাত কি যোগ বুলি কৈছে?
উত্তৰঃ কর্ম কৰা কৌশলক ভগৱদগীতাত কর্মযোগ বুলি কৈছে।
৪/ তীৰ্থনাথ শৰ্মাৰ কাব্য গ্রন্থখনৰ নাম কি?
উত্তৰ: তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম ‘কামসেন্দুৰ’।
৫) তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি?
উত্তৰ: তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হৈছে সমাজ আৰু ব্যক্তি জীৱন ‘কল্যাণকৰ আৰু সুখদায়ক হ’বলৈ কর্ষণীয় গুণ দুটা হৈছে সত্য আৰু ধর্ম।
(খ) চমু প্রশ্ন: (মূল্যাংক ২/৩)
১/ ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?
উত্তৰ: ‘ভাৰতীয় আদর্শত বৈৰাগ্য ‘পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে এক মহৎ অর্থ সূচাইছে। মানুহে স্ব-উপার্জিত ধন-সম্পদ নিজে ভোগ কৰাৰ লগতে সমানে বিতৰণ কৰি বা দান কৰি ত্যাগ বা বৈৰাগ্য ধর্ম পালন কৰিব লাগে। থকা খিনিক সংযতভাবে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্রকৃত ত্যাগ। গতিকে ‘সংবিভাজ্য’ শব্দটিয়ে ভোগ আৰু ত্যাগ দুয়োটা কৰাকে বুজাইছে।
2/ ‘শ্রদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম ‘মানে কি?
উত্তৰ: শ্রদ্ধয়া দেয়ম্ মানে হৈছে শ্রদ্ধাৰে দান কৰিবা, অর্থাৎ দান কৰা সময়ত মনত শ্রদ্ধা-ভক্তি ৰাখি বিনয়ী হৈ দান কৰিব লাগে।
অশ্রদ্ধয়া অদেয়ম-মানে হৈছে অশ্রদ্ধাযুক্ত মন লৈ নিদিলে নহয়’ এনেভাবে দান কৰিব নালাগে। তেনে ভাবে দান কৰিলে দান কৰা নকৰা সমান হয়, অর্থাৎ দানৰ ফল নধৰে।
৩/ প্রকৃত ত্যাগ মানে কি বুজা?
উত্তৰঃ ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম। থকাইহে ত্যাগ কৰিব পাৰে, নথকাৰ বাবে ত্যাগ অর্থহীন। গতিকে থাকিও সংগতভাবে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই হৈছে প্রকৃত ত্যাগ। অর্থাৎ কেৱল নিজৰ সুখ সমৃদ্ধিৰ বাবেই উপার্জনৰ সমুদায় অংশ ব্যয় নকৰি আনৰ হিতৰ বাবেও ত্যাগ বা দান কৰাই হৈছে প্রকৃত ত্যাগ।
৪/ ঈশোপনিষদত ‘ভুঞ্জিথাঃ মানে কি বুজাইছে?
উত্তৰ: ঈশোপনিষদত ‘ভুঞ্জিথাঃ’ মানে হৈছে ভোগ কৰা।
উপনিষদে মানুহক ভোগ এৰি দি বনবাসী আৰু লাওলোৱা হৈ থকাৰ উপদেশ দিয়া নাই। ভোগ কৰাৰ কৌশলো বিশদভাবে বুজাই দিছে। মানুহে ত্যাগ কৰিহে ভোগ কৰিব লাগে। ব্যক্তিয়ে নিজে অর্জন ধন সম্পদ নিজে ভোগ কৰাৰ উপৰিও পৰিয়াল আৰু সমাজৰ কাৰণেও অর্পণ কৰিব লাগে।
৫/ ‘অতিথি দেৱো ভৱ’ মানে কি?
উত্তৰঃ ভাৰতীয় আদর্শ মতে অতিথিক দেৱতা জ্ঞান কৰা হয়। অতিথিক সেৱা শুশ্রূষা কৰাতো ভাৰতীয় জীৱনৰ এক উৎকৃষ্ট নিদর্শন। ‘ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘অতিথি’ শব্দটো বহল অর্থত ব্যৱহৃত হৈছে। ইয়াত অতিথি শব্দটোৱে সমাজৰ লোক সকলক বুজাইছে। ব্যক্তিৰ দায়িত্ব কেৱল নিজৰ আৰু পৰিয়ালৰ মাজতে সীমাবদ্ধ নাৰাখি সমাজৰ বাবেও অর্পিত হব লাগে। নিজৰ উপার্জিত ধন-সম্পদ কেৱল’ নিজৰ বাবে নহয়, সমাজৰ বাবেও ত্যাগ কৰিব লাগে। এয়ে হৈছে বাক্যাংশটিৰ তাৎপর্য।
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪/৫)
১/ ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ- কথাষাৰ বহলাই লিখা।
উত্তৰ ভাৰতীয় লোকে জীৱন-যাপনৰ বাবে মানি অহা ৰীতি-নীতি, আচাৰ-আচৰণ, উৎসৱ-পার্বণ আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে সামৰি লোৱা আন দিশবোৰৰ সামূহিক ৰূপটোৱেই হৈছে ভাৰতীয় সংস্কৃতি।
ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ। বেদৰ আধ্যাত্মিক জীৱনাদর্শই যুগে যুগে ভাৰতীয় লোকৰ জীৱন-যাপনত প্রভাৱান্বিত হৈ আহিছে। কর্ম, ভোগ, ত্যাগ আৰু চাৰি আশ্রম বা জীৱনৰ চাৰিটা স্তৰত পালন কৰিব লগীয়া বিধিসমূহ বেদ উপনিষদে সুন্দৰকৈ বুজাই দিছে।
সত্য, ধর্ম, দয়া, ক্ষমা, উদাৰতা, দান-দক্ষিণা, প্রেম, ভক্তি আদি গুণ সমূহ মানৱ জীৱনৰ বাবে অপৰিহাৰ্য। চাৰিবেদৰ নীতি-আদর্শৰ আধাৰতে ভাৰতীয় সংস্কৃতিয়ে এইবোৰ যুগ যুগ ধৰি বহন কৰি আহিছে। বেদ- উপনিষদৰ উপদেশ সমূহত এটা উজ্জ্বল সমৃদ্ধিময় জীৱন-যাপনৰ দিহা আছে আৰু পিছৰ পৰ্যায়ৰ ধৰ্মশাস্ত্র সমূহতো তাৰেই প্রতিফলন ঘটিছে। গতিকে বেদ-উপনিষদেই হৈছে ভাৰতীয় জীৱনাদর্শ আৰু সংস্কৃতিৰ মূল আধাৰ।
২/ চাৰি আশ্রম বুলিলে কি বুজা?
উত্তৰ: প্রাচীন ভাৰতীয় গ্রন্থসমূহত উল্লেখ কৰা অনুসৰি মনুষ্য জীৱনক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্রম বোলা হয়।
এই চাৰি আশ্রম হৈছে ব্রহ্মচর্য, গার্হস্থ, বানপ্রস্থ আৰু সন্যাস। চাৰিওটা স্তৰৰ পৃথক কর্ম পদ্ধতি বা জীৱন-যাপন প্রণালী এনেধৰণৰ –
ব্রহ্মচর্য – বেদ পাঠ আৰু ধর্মকৃত্য কৰা কাল অর্থাৎ শিক্ষা লাভৰ কাল।
গার্হস্থ – গৃহস্থ ধর্ম পালন বা সংসাৰৰ দায়িত্ব পালনৰ কাল।
বানপ্রস্থ – গৃহস্থী সুখ ভোগৰ পাচত ঈশ্বৰৰ উপাসনাৰ কাৰণে বনলৈ যোৱা কার্য।
সন্যাস – সংসাৰৰ সুখ ত্যাগ কৰি বৈৰাগ্য ধর্ম পালন কৰা, বা বৈৰাগী হোৱা।
৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে?
উত্তৰ: বৈৰাগ্য মানে হৈছে বিষয় বা ইন্দ্রিয়ভোগৰ প্রতি অনাসক্তি। ই এটা বিশেষ মনোধর্ম।
ভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। এই আদর্শমতে সংযতভাবে জীৱন যাপন কৰি প্রাপ্তিতো নিৰাসক্ত হৈ থকাজনেই হ ‘ল বৈৰাগী। ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। গতিকে গৃহস্থী জীৱনৰ কালচোৱাত সৎ পথত থাকি ধন-সম্পদ আহৰণত মনোনিৱেশ কৰিব লাগে। কিয়নো ধন-সম্পদ ‘বঢ়োৱাৰ ওপৰতে ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নির্ভৰ কৰে। আহৰণ কৰা ধন সম্পদ কেৱল নিজৰ সুখ ভোগৰ অর্থে ব্যৱহাৰ নকৰি পৰিয়াল, আচাৰ্য আৰু অতিথি সকলোৰে বাবে অর্পণ কৰিব লাগে। অর্থাৎ স্ব-উপার্জিত ধন-সম্পদ সংবিভাজ্য বা সমানে বিতৰণ কৰি ভোগ কৰাৰ কথা কোৱা হৈছে।
৪/ গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?
উত্তৰ: গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত দিয়া উপদেশবোৰ এনেধৰণৰ ‘সত্য কৰা, ধর্ম আচৰণ কৰিবা। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহবা। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্রমত প্রৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিবা। সত্যৰ পৰা বিচ্যুত নহবা, ধর্মৰ অর্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহবা। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা। ধন সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কার্য কৰিবা কিন্তু ধর্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা। দেৱকাৰ্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্রমাদগ্রস্ত নহবা। মাতৃক দেৱতাৰ দৰে মানিবা, পিতৃক দেৱতাৰ দৰে মানিবা, আচার্যক দেৱতাৰ দৰে মান্য কৰিবা। যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা। ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবা। ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা।”
৫/ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰ: বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন-যাপনৰ পৃথক-পৃথক প্রণালী আছে। ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ-উপনিষদ আদি প্রাচীন ধর্মগ্রন্থ সমূহ। এই গ্রন্থ সমূহৰ আদৰ্শতে ভাৰতীয় সকলৰ জীৱন ধাৰা প্রবাহিত হৈ আছে।
বৈৰাগ্য মানে হৈছে বিষয় বা ইন্দ্রিয়ভোগৰ প্রতি অনাসক্তি। অর্থাৎ সংযতভাবে জীৱন-যাপন কৰি প্রাপ্তিতো নিৰাসক্ত হৈ থকাজনেই হ’ল-
বৈৰাগী। নিজ কর্মৰ দ্বাৰা উপার্জিত ধন সম্পদ ত্যাগ বা সংবিভাজনৰ দ্বাৰা ভোগ কৰাৰ উপদেশ বেদ-উপনিষদে দিছে। ভাৰতীয় জীৱনাদর্শত কর্মই হৈছে ধর্ম। কর্ম কৰাৰ কৌশল বা কর্ম কৰাৰ আদর্শ আমাৰ ধৰ্মশাস্ত্র বোৰত সুন্দৰকৈ বর্ণিত হৈছে। ব্রহ্মচর্য স্তৰ শেষ কৰি গার্হস্থ্য জীৱনত প্রবেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে দিয়া উপদেশ সমূহ ভাৰতীয় জীৱনৰ মূল আদর্শ। সত্য, ধর্ম, দৈনন্দিন অধ্যয়ন আৰু দানৰ ক্ষেত্রত দিয়া গুৰুৰ উপদেশবাণী সমূহ সুন্দৰ জীৱন যাপনৰ বাবে উৎকৃষ্ট আহিলা।
ব্যক্তিৰ দায়িত্বৰ পৰিধি কেবল নিভৃতে সীমাবদ্ধ নাৰাখি পিতৃ-মাতৃ, পৰিয়াল, আচার্য বা শিক্ষাগুৰু আৰু সমাজৰ সকলো লোকৰ সুখ-সমৃদ্ধিৰ বাবে দায়িত্ব পালন কৰিব লাগে। এই খিনিয়ে হৈছে ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ মূল কথা।
H.S. পৰীক্ষাত অহা প্রশ্ন সমূহ:
১/ ‘পঞ্চপুষ্প ‘পুথিখনৰ ৰচক কোন? (H.S’13)
উত্তৰ: ‘পঞ্চপুষ্প ‘পুথিখনৰ ৰচক তীৰ্থনাথ শর্মা।
২/ কর্ম কৰা কৌশলক ভগৱদগীতাত কি বুলি অভিহিত কৰিছে? (HS’ 13, 14)
উত্তৰঃ কর্ম কৰা কৌশলক ভগৱদগীতাত যোগ বা কর্মযোগ বুলি অভিহিত কৰিছে।
৩। ‘কামসেন্দুৰ’ কবিতা পুথিখনৰ কোন? (HS’15)
উত্তৰঃ ‘কামসেন্দুৰ’ কবিতাপুথিখনৰ ৰচক তীর্থনাথ শর্মা।
৪। প্রকৃত ত্যাগ বুলিলে কি বুজা? (HS’16)
উত্তৰঃ থাকিও সংযতভাবে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্রকৃত ত্যাগ।
৫/ তীর্থনাথ শর্মা কোনখন মহাবিদ্যালয়ৰ প্রতিষ্ঠ্যাপক অধ্যক্ষ আছিল? (HS-17)
উত্তৰঃ তীর্থনাথ শর্মা গুৱাহাটীৰ প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ আছিল।
৬। ‘বৈৰাগ্য’ শব্দৰ অৰ্থ কি? (HS’18)
উত্তৰ: ‘বৈৰাগ্য ‘শব্দৰ অর্থ হৈছে বিষয় বা ইন্দ্রিয়ভোগৰ প্রতি অনাসক্তি,
৭/ ঈশোপনিষদৰ নিষেধ বাক্যটি কি? (H-S’19)
উত্তৰঃ ঈশোপনিষদৰ নিষেধ বাক্যটি হৈছে ‘মা গৃধঃ’, ইয়াৰ অৰ্থ হৈছে-নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰা।
৮/ সংঘতভাবে জীৱন-যাপন কৰি প্রাপ্তিতো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? (HS.’20)
উত্তৰ: সংঘতভাবে জীৱন-যাপন কৰি প্রাপ্তিতো নিৰাসক্ত হৈ থকাজনক বৈৰাগী বুলি কোৱা হয়।
৯/ সত্য আৰু ধর্ম কোনখন উপনিষদৰ প্রথম উপদেশ?”
উত্তৰ: সত্য আৰু ধর্ম তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ।
১০। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা? (H-S ’12)
উত্তৰঃ নিত্য বা দৈনন্দিন অধ্যয়নৰ দ্বাৰা প্রকৃত জ্ঞান আয়ত্ব কৰিব পাৰে।
বেদ-উপনিষদ আদি গ্রন্থ সমূহত কেনেকৈ এটা সমৃদ্ধিশালী জীৱন কটাব পাৰি, ব্যক্তিৰ দায়িত্ব আৰু কর্তব্যৰ পৰিধি আদি’ সকলোবোৰ সুন্দৰকৈ বর্ণনা কৰা হৈছে। এই সকলো বিধান আয়ত্ব কৰি এক সুন্দৰ জীৱন যাপন কৰিবৰ বাবে ব্যক্তিয়ে নিত্য অধ্যয়ন কৰা প্রয়োজন। নিত্য অধ্যয়নে ব্যক্তিক সৎ কর্ম, সৎ চিন্তা আদিৰ কৰ্ষণ কৰাত সহায় কৰে। সেয়ে এটা সুন্দৰ আৰু সমৃদ্ধিশালী জীৱন-যাপনৰ ক্ষেত্ৰত নিত্য অধ্যয়নৰ গুৰুত্ব অধিক।
১১/ ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ? (HS’14)
উত্তৰ: ব্যক্তিৰ দায়িত্বৰ পৰিধি কেৱল নিজতে সীমাবদ্ধ নহয়। এই পৰিধি ক্ৰমাৎ নিজৰ পৰা পৰিয়াল আৰু পৰিয়ালৰ পৰা সমাজলৈ বিস্তৃত। উপনিষদে এই কথা সুন্দৰকৈ ব্যাখ্যা কৰিছে। ‘মাতৃ দেৱো ভৱ’, ‘আচার্য দেৱো ভৱ, আৰু ‘অতিথি দেৱো ভৱ’; ইয়াত পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচার্য আৰু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা বুজাইছে। ব্যক্তিয়ে কেৱল নিজৰ কাৰণে ধন-সম্পদ অর্জন কৰাৰ উপদেশ দিয়া নাই। গতিকে নিজৰ লগতে পৰিয়ালৰ কাৰণে আৰু আচার্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজ খনৰ কাৰণেও নিজৰ অর্জিত ধন-সম্পদ-অর্পণ কৰিব লাগে।
১২/শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই? (HS’16)
উত্তৰ: শৰীৰধাৰী মানুহৰ কামৰ বাহিৰে আন উপায় নাই। মানুহে জীয়াই থাকিবলৈ বা স্ব-নির্ভৰশীল হৈ সুখ-সমৃদ্ধিৰে জীৱন কটাবলৈ ধন-সম্পদ অর্জন কৰিব লাগিব। এই ধন-সম্পদ অর্জন কৰাৰ একমাত্ৰ উপায় হৈছে কর্ম। গতিকে কর্ম কৰি ধন-সম্পদ অর্জন কৰিব লাগে আৰু অর্জন সেইবোৰ ভোগ কৰি দীর্ঘদিন জীয়াই থকাৰ বাঞ্ছা কৰিব লাগে। ভগৱদ -গীতাৰো মূল বাণী হৈছে ‘কর্মই ধর্ম’ সেয়ে কৰ্মৰ বাহিৰে মানুহৰ জীৱন-যাপনৰ আন উপায় নাই।
১৩/ ঋকবেদৰ মন্ত্রবিলাকত কিহৰ পৰিচয় পোৱা যায় ?
উত্তৰ: ঋকবেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায়। এই জীৱনাদর্শ হৈছে কৰ্ম কৰাৰ আদর্শ। অর্থাৎ এটা উজ্জ্বল সমৃদ্ধিময় জীৱন-যাপন কৰিবৰ বাবে ধন-সম্পত্তিৰ প্রয়োজন আৰু কৰ্ম অবিহনে সেই ধন সম্পদ আয়ত্ত কৰা অসম্ভব। ঋক্ – বেদে দৰিদ্ৰ আৰু অভাৱে বেৰি থকা জীৱনৰ চিত্ৰ দাঙি ধৰা নাই আৰু নিষ্কর্মাৰ এলেহুৱা জীৱনকো প্রশংসা কৰা নাই।
Mastering Class 12 Assamese ভাৰতীয় আদৰ্শত বৈৰাগ্য Chapter 4 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.
Class 12 Assamese ভাৰতীয় আদৰ্শত বৈৰাগ্য Chapter 4 Complete Question Answer
For More details check our Youtube Channel Assam Board Exam
🔗 Related Study Resources
Class 12 Education | Class 12 Political Science | Class 12 Assamese |
📲 Stay Connected
Get the latest updates and chapter releases via: