Assam Board Exam

জনতাৰ আহ্বান| Class 12 Assamese Chapter 4 Complete Solution

জনতাৰ আহ্বান | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 4 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


জনতাৰ আহ্বান | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 4

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter – 4

জনতাৰ আহ্বান


ক) অতি চমু প্রশ্ন:

১। অসমীয়া সাহিত্যসংস্কৃতি জগততৰূপকোঁৱৰঅভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তৰঃ অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে জ্যোতিপ্রসাদ আগৰৱালাক বিভূষিত কৰা হৈছে।


২। জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতাপুথি খনৰ নাম কি?

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতাপুথিখনৰ  নাম ‘লুইতৰ পাৰৰ অগ্নিসুৰ।


৩। জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম কি?

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম –‘শোণিতকুঁৱৰী’।


৪। জ্যোতিপ্রসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল?

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাই জার্মানীলৈ গৈ কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লৈছিল।


/ প্রথম অসমীয়া কথাছবি খনৰ নাম কি?

উত্তৰ: প্রথম অসমীয়া কথাছবি খনৰ নাম ‘জয়মতী’।


খ) চমু প্রশ্ন:

১। জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হৈছে-

ক) জাতীয়তাবাদ আৰু

খ) দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ।


২।আজি সুন্দৰৰ পূজাথাপনাত

যাচিবি কিহেৰে ষোড়শোপচাৰ‘- ষোড়শোপচাৰ কি বুজাই লিখা।

উত্তৰ: ষোড়শোপচাৰ হৈছে পূজাৰ ১৬ বিধ উপকৰণ। সেইবোৰ হৈছে-আসন, স্বাগত, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভষণ, গন্ধ, পুষ্প, ধূপ, দ্বীপ, নৈবেদ্য আৰু বন্দনা।


/ কবিতাটোত কবিয়েআজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বানবুলি কিয় কৈছে?

উত্তৰ: কবি জ্যোতিপ্রসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাটোত বর্ণনা কৰা মতে পৃথিৱীৰ জনতাই যেন এক নতুন চেতনাৰ অভ্যুদ্বয় বা ৰূপান্তৰ কামনা কৰিছে। অন্ধকাৰ নামি পোহৰৰ সন্ধানত যেন জনতা জাগ্রত হৈছে। সেয়ে তেওঁ কৈছে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান।


৪।হে মোৰ আলোকপূজাৰী প্রাণ“- কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ: কবি জ্যোতিপ্রসাদ আগৰৱালা আছিল এগৰাকী বিপ্লৱী কবি। সাহিত্য-সংস্কৃতি, ৰাজনীতি আদি সকলো দিশতে তেওঁ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছিল। সাতাম পুৰুষীয়া, পৰম্পৰাগত অন্ধকাৰ জন-জীৱনৰ ৰূপান্তৰ বিচাৰিছিল আৰু গীতে-মাতে তেওঁ নতুনত্ব অনাৰ প্ৰয়াস কৰিছিল, পৃথিৱীৰ সমূহ জনতাই যেন নতুন দিগন্তৰ পিনে ধাৱমান হৈছে, যাক কবিয়ে ‘আলোক পূজাৰী প্ৰাণ’ বুলি সম্বোধন কৰিছে।


৫) কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।

উত্তৰ: আধুনিক অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক জগতখনৰ প্রতিটো দিশতেই জ্যোতিপ্রসাদ অগ্রদূত স্বৰূপ। যিখিনি সময়ত ভাৰতবৰ্ষত প্রথম বোলছবিৰ প্ৰচলন হৈছিল, সেইখিনি সময়ৰ মাত্র তিনি বছৰৰ পিছতে জ্যোতিপ্ৰসাদে অসমীয়া বোলছবি নিৰ্মাণ কৰি এক অভূতপূর্ব দক্ষতাৰ পৰিচয় দিছিল। ১৯২৬ চনত উচ্চ শিক্ষা লাভৰ বাবে তেওঁ ইংলেণ্ডলৈ যায় যদিও কোনো ডিগ্রী নোলোৱাকৈ উভতি আহে। তাৰ পিছত জার্মানীলৈ গৈ তাত কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লয়। ১৯৩০ চনত অসমলৈ ঘূৰি আহি কথাছবিৰ কাম কৰাৰ মন মেলে। এই উদ্দেশ্যে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকৰ কাহিনী ভাগ লৈ তেওঁ ‘জয়মতী’ কথাছবি নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৯৩৪ চনৰ ১০ মার্চত ছবিখনে কলিকতাৰ ছবিঘৰত মুক্তি লাভ কৰে। ‘জয়মতী’ৰ পিছত তেওঁ ‘ইন্দ্র মালতী’ নামৰ দ্বিতীয় এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম হাতত লৈ ১৯৩৮ চনত ছবিখন নিৰ্মাণ কৰি উলিয়ায়। অসমীয়া সাহিত্য-সংস্কৃতিৰ বৰপথাৰখনলৈ সুন্দৰৰ ৰূপান্তৰ আনিবলৈ যথাসাধ্য প্রচেষ্টা চলোৱা এইগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, গল্পকাৰ, প্ৰৱন্ধকাৰ সাহিত্যিকক ‘ৰূপকোঁৱৰ’ আখ্যাৰে বিভূষিত কৰা হৈছে।


গ) দীঘল প্রশ্ন:

১।জনতাৰ আহ্বানকবিতাটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰ: ‘জনতাৰ আহ্বান ‘কবিতাটো ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ এটি জনজাগৰণ মূলক কবিতা। কবিতাটোত পৃথিৱীৰ জনতাৰ মনত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে। শিক্ষা-দীক্ষা, বিজ্ঞান, সমাজনীতি, ৰাজনীতি আদি সকলো দিশতে এক নতুন যুগৰ সূচনা হৈছে। গভীৰ অমানিশা ভেদ কৰি মানুহ পোহৰৰ দিশে ধাৱমান হৈছে। জনতা আজি সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লভা সর্ব-সাধাৰণ জনতাইও পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। এই ৰূপান্তৰৰ অভিযানত পৃথিৱীৰ জনতাই সংহতিৰ পুষ্প বিলাই শান্তিৰ সুৰভি চটিয়াই দিছে। জাগ্রত জনতাৰ আলোক বিজয়ী অভিমানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্র আজি সার্থক হৈছে। ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়। প্রমাণিত হৈছে জনতাৰ ৰায় সর্বশক্তিমান। এয়ে হৈছে ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথা।


২।জনতাৰ আহ্বানকবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাব প্রকাশ পাইছে বুজাই লিখা।

উত্তৰ: ‘জনতাৰ আহ্বান’ কবিতাটোত কবি জ্যোতিপ্রসাদ আগৰৱালাই সাধাৰণ জনতাক বোকাত জনম লোৱা মানুহ বুলি অভিহিত কৰিছে।বোকাত জন্ম হৈও পদুম ফুলে পোহৰ বিলায় আৰু সৌন্দর্য বর্ধন কৰে, একেদৰে সাধাৰণ মানুহেও মাটি-পানীৰ বক্ষ বিদাৰি, অন্ধকাৰ নামি পোহৰৰ দিশে গতি কৰিছে। মানুহৰ পৃথিৱীখনত পোহৰৰ পাহি মেলি, আকাশে-বতাহে শান্তিৰ সুৰভি বিয়পাই দিছে। জনতাৰ আলোক বিজয়ী অভিমানত সু-সংহত হৈ বিকশাই তুলিছে জনতাৰ পঙ্কজ ৰূপ

এনেদৰে ‘জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে সাধাৰণ মানুহক বিকশিত পদুম ফুলৰ লগত তুলনা কৰি ৰূপান্তৰৰ মাত্ৰাত, সুন্দৰৰ সাধনাত একীভূত হৈ মানৱতন্ত্ৰৰ জয়গান গোৱা বুলি বর্ণনা কৰিছে।


৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰ: ‘জন’ মানে মানুহ বা জনতা আৰু ‘তন্ত্র ‘মানে ক্ষমতা বা শাসন।’জনতাৰ আহ্বান’ কবিতাটোত কবি জ্যোতিপ্রসাদ আগৰৱালাই জনতন্ত্ৰৰ জয়গান গাইছে। তেওঁ প্রবুদ্ধ জনতাৰ স্বতন্ত্র জনতন্ত্র কামনা কৰিছে। ক্ষমতাত থকা সকল জ্ঞান-বুদ্ধিৰে পৰিপক্ক আৰু জনতাৰ মাজত ৰূপান্তৰৰ আলোক বিলাবলৈ তেওঁলোক হব লাগিব চিৰ জাগ্রত। এখন সু-সংহত সমাজ গঢ়ি উন্নতিৰ জখলাত বগাবলৈ, আৰু শান্তি-সম্প্রীতিৰে সুন্দৰৰ বীজ সিঁচিবলৈ জনতাৰ মাজত শিক্ষাৰ পোহৰ বিলাব লাগিব। লগতে এই জনতন্ত্র হ’ব লাগিব স্বতন্ত্র। আনৰ ওচৰত শিৰ নত নকৰাকৈ, নিজ শক্তি আৰু দক্ষতাৰ দ্বাৰা আলোক বিজয়ী হৈ জগতত চিনাকী দিয়াৰ প্রয়াসী হোৱাৰ কামনা কৰিছে কবিয়ে। এইদৰে কবিয়ে জনতন্ত্রৰ বা মানৱতন্ত্ৰৰ উত্থান ঘোষণা কৰিছে।


/ ‘জনতাৰ আহ্বানকবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।

উত্তৰ: ‘জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে বর্ণনা কৰা মতে পৃথিৱীৰ জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদয় হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে- বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ সাধনা হৈছে আৰু তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনতাত মগ্ন হৈছে। বোকাত জন্ম হোৱা সাধাৰণ জনতাই পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। সমাজৰ অন্ধকাৰ নামি, জ্ঞানৰ পোহৰেৰে আলোকিত হৈ আকাশত সৌন্দর্য সিঁচিবলৈ জনতা ওলাই আহিছে।

পৃথিৱীৰ জনতা সংহত হৈ, শান্তিৰ সুৰভি বিলাই জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিছে। জাগ্রত জনতাৰ আলোক বিজয়ী অভিযানে বর্তমানক কঁপাই তুলিছে। জনতাৰ দুর্নিবাৰ যাত্রাই জনতন্ত্রৰ জয়ৰ -ইংগিত বহন কৰিছে।


/ প্রসংগসংগতি দর্শাই ব্যাখ্যা কৰা:

 আজি জনতাৰ পঙ্কজ ৰূপ

জাগে পদুমৰ দৰে

বোকাত জনমা মানুহে আজি

আলোকলে উঠি আহে

বেলিমুৱা হৈ হাঁহে

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তর্গত, জ্যোতিপ্রসাদ আগৰৱালা দেৱে লিখা ‘জনতাৰ আহ্বান’ কবিতাটোৰ পৰা উদ্ধৃত।

সর্বসাধাৰণ জনতাইও যে আলোক সন্ধানী মাত্রাত খোজ মিলাই ৰূপান্তৰৰ অভিযানত অগ্ৰসৰ হৈছে, তাৰ প্রসঙ্গতে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে।

ৰূপান্তৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত দেখা পাইছে জাগ্রত হোৱা এক নতুন চেতনা। অন্ধকাৰ নামি-আলোকৰ শিখাৰে পৃথিৱী উজ্জ্বলাবলৈ সংহত জনতাৰ অপূর্ব অভিযান চলিছে। বোকাৰ পদুম ফুলে সৌন্দৰ্মৰ সুৰভি বিলোৱাৰ দৰে সাধাৰণ জনতাও সুন্দৰৰ সাধনাত মগ্ন হৈ, আলোক বিজয়ী অভিযানেৰে পৃথিৱী আকাশ মুখৰিত কৰি তুলিছে। মাটি-পানীৰ বক্ষ বিদাৰি ওলাই আহিছে আলোকৰ শিখা হৈ জগত পোহৰাবলৈ।


H.S. পৰীক্ষাত অহা প্রশ্নসমূহ:

) বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে? (HS’12)

উত্তৰ: বোকাত জন্মা মানুহে বেলিৰ ফালে মুখ কৰি হাঁহে।


2) ‘অভ্যুত্থানশব্দটোৰ অৰ্থ লিখা। (H-S’12)

উত্তৰ: ‘অভ্যুত্থান’ শব্দটোৰ অৰ্থ জাগৰণ।


) প্রবুদ্ধশব্দটোৰ অৰ্থ লিখা। (H-S.’13,15)

উত্তৰ: প্রবুদ্ধ শব্দটোৰ অৰ্থ হৈছে জ্ঞান লাভ কৰা।


/ সংহতিশব্দটোৰ অৰ্থ কি? (HS.’14)

উত্তৰ: ‘সংহতি’ শব্দটোৰ অর্থ-মিলন বা একীভূত।


/ মৰণোত্তৰ ভাবে প্রকাশিত জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাপুথি খনৰ নাম কি? (H.S.16, 18)

উত্তৰ: মৰণোত্তৰ ভাবে প্রকাশিত জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম- ‘লুইতৰ পাৰৰ অগ্নিসুৰ।’


৬। জ্যোতিপ্রসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰে? (HS:17)

উত্তৰ: জ্যোতি প্ৰসাদ আগৰৱালাই’শোণিত কুঁৱৰী ‘নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰে।


/ ‘প্রবুদ্ধ জনতাশব্দটোৱে কি বুজাইছে? (H-S’19)

উত্তৰ: ‘প্রবুদ্ধ জনতা’ শব্দটোৱে জাগ্রত জনতা বা জাগৰিত হোৱা জনতাক বুজাইছে।


/ জ্যোতিপ্রসাদ আগৰৱালাইইন্দ্ৰমালতিকথাছবিখন কোন চনত নির্মাণ কৰিছিল? (H.S. 20)

উত্তৰ: জ্যোতি প্রসাদ আগৰৱালাই ‘ইন্দ্ৰমালতি’ কথাছবিখন ১৯৩৯ চনত নির্মাণ কৰিছিল।


/ পূজাৰ ১৬ বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়? (HS22)

উত্তৰ: পূজাৰ ১৬ বিধ উপকৰণক এটা শব্দত ‘ষোড়শোপচাৰ’ বুলি কোৱা হয়।


১০।জনতাৰ আহ্বানকবিতাটোত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্রভাৱ পৰিলক্ষিত হয়? (HS23)

উত্তৰ: ‘জনতাৰ আহ্বান’ কবিতাটোত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্রভাৱ পৰিলক্ষিত হয়।


১১/ ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বানকবিতাটিত এই পংক্তি ফাঁকিৰে কি বুজাব খুজিছে? (Hs 12)

উত্তৰ: ‘জনতাৰ আহ্বান ‘কবিতাটোত উক্ত পক্তি ফাঁকিৰ দ্বাৰা কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা বুজাব খুজিছে। সুন্দৰৰ আৰাধনাৰে পৃথিৱীৰ জনতাই যি ৰূপান্তৰক আদৰিব খুজিছে, তাকেই কবিতাশাৰীৰ দ্বাৰা বুজাব বিচৰা হৈছে।


১২/ জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত নাটক তিনিখনৰ নাম লিখা (HS-13,17)

উত্তৰ: জ্যোতি প্রসাদ আগৰৱালা ৰচিত নাটক তিনিখনৰ নাম হৈছে শোনিতকুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’ আৰু ‘লভিতা


১৩/ সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে?

উত্তৰ: সুন্দৰৰ পূজা থাপনাত কবিয়ে ষোড়শোপচাৰ অৰ্থাৎ আসন, স্বাগত, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনাৰে উপচাৰ যচাৰ কথা কৈছে।


১৪। জ্যোতিপ্ৰসাদৰ গীত সমূহত কোন দুটা সুৰ ধ্বনিত হৈছে? (H-S14)

উত্তৰ: জ্যোতিপ্ৰসাদৰ গীত সমূহত কোমল-মধুৰ আৰু পৌৰুষদীপ্ত দুয়োটা সুৰ ধ্বনিত হৈছে।


১৫/ জ্যোতি প্রসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু কত হৈছিল? (2018)

 উত্তৰ; জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনত, ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত।


১৬/ ‘হে মোৰ আলোকপূজাৰী প্ৰাণবুলি কবিয়ে কাক, কি যাচিবলৈ আহ্বান জনাইছে? (H.S.’19)

উত্তৰ: ‘হে মোৰ আলোক পূজাৰী প্রাণ’ বুলি কবিয়ে দেশৰ জনতাক, অন্ধকাৰ নামি পোহৰলৈ গতি কৰিবৰ বাবে সুন্দৰৰ আৰাধনতাত ষোড়শোপচাৰ যাচিবলৈ আহ্বান জনাইছে।


১৭/ ‘জনতাৰ আহ্বানকবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে লিখা।

উত্তৰ: ‘জনতাৰ আহ্বান’ কবিতাটিত অজ্ঞানতাৰ আন্ধাৰ নামি জ্ঞান-শিক্ষাৰে দীপ্ত হোৱা জনতা বা প্রবুদ্ধ জনতাৰ জয় বিচাৰিছে, লগতে স্বতন্ত্র জনতন্ত্র বা জনতাৰ স্বাধীনতাৰ জয় বিচাৰিছে। যি জনতাই আলোকৰ শিখাৰে পৃথিৱীৰ আকাশ উজ্জ্বলাই তুলিব।


১৮/ প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা:

অভিনব এক জীৱনৰ ৰূপ,

 পুষ্পিত কৰি তুলিবলে

 আজি মানৱৰ জনজীৱনৰ

 সংহত অভ্যুত্থান;

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত, জ্যোতিপ্রসাদ আগৰৱালা দেৱৰ ‘জনতাৰ আহ্বান’ কবিতাটোৰ পৰা অনা হৈছে।

ৰূপান্তৰৰ পৃথিৱীত আলোক বিজয়ী অপূর্ব অভিমানত পৃথিৱীৰ জনতা একীভূত হোৱাৰ প্রসঙ্গত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

অজ্ঞান এন্ধাৰৰ প্ৰাচীৰ ভাঙি আজি পৃথিৱীৰ জনতা সংহত ৰূপত ওলাই আহিছে আলোকৰ পথেৰে জীৱনৰ জয়গান গাবলৈ। আৰম্ভ হৈছে সুন্দৰৰ পূজাৰ সাধনা। মানুহৰ পৃথিৱীখনত শান্তি-সম্প্রীতিৰ সুৰভি বিলাই, জীৱনৰ এক অভিনৱ ৰূপৰ পুষ্প বৰষিবলৈ পৃথিৱীৰ জনতা সন্মিলিত হৈছে। বিয়পি পৰিছে এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ বতৰা। সংহত জনতাৰ আলোক বিজয়ী দুর্নিবাৰ অভিমানৰ ৰং-ৰূপে বিশ্বৰ সৌন্দৰ্য অপূর্ব ৰূপত জিলিকাই তুলিছে।


Mastering Class 12 Assamese Chapter 4 জনতাৰ আহ্বান is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


Class 12 Assamese Chapter 4 জনতাৰ আহ্বান Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top