Assam Board Exam

কাঠমিস্ত্রীৰ ঘৰ| Class 12 Assamese Chapter 5 Complete Solution

কাঠমিস্ত্রীৰ ঘৰ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 5 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


কাঠমিস্ত্রীৰ ঘৰ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 5

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -5

কাঠমিস্ত্রীৰ ঘৰ

ধীৰেন্দ্র চন্দ্র দত্ত


আর্হি প্রশ্নঃ

(ক) অতি চমু প্রশ্নঃ

১) ‘কাঠমিস্ত্রীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো ১৯৩৯ চনত ৰচিত।


২। কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: কবি ধীৰেন্দ্ৰ চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম হৈছে-‘অভিযান।


৩/ কবিতাটিত ‘প্রবাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰ: কবিতাটিত ‘প্রবাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কাঠমিস্ত্রীয়ে সজা আচবাবৰ দ’মৰ কথা কোৱা হৈছে।


৪/ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰ: কবিতাটিত কবিয়ে কাঠমিস্ত্রীক বিশ্বশিল্পী বুলি অভিহিত কৰিছে।


৫/ কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰ: কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ নিজ বাহুবলেৰে সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।


খ) চমু প্রশ্নঃ

১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰ: কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হৈছে ৰাণ্ডা আৰু বটালি।


২/ ‘কাঠমিস্তীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰ: কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই এনেদৰে কৈছিল-

“মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হব ‘কাঠমিস্ত্রীৰ ঘৰ।’


৩/ কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তৰ: কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম হৈছে-টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি ইত্যাদি।


৪/ কাঠমিস্ত্রীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰ: কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্রেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।


৫। কবিয়ে কাঠমিস্ত্রীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে?

উত্তৰ: কবিয়ে কাঠমিস্ত্রীৰ লগতে কঁহাৰ, কমাৰ আদি সকলো শ্ৰমজীৱীকে নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে।


(গ) দীঘল প্রশ্নঃ

১) কবি ধীৰেন্দ্ৰ চন্দ্র দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰ: কবি ধীৰেন্দ্ৰ চন্দ্র দত্তৰ জন্ম হৈছিল ১৯১০ চনত, গোলাঘাটৰ কৰুণাটিং বাগিচাত। দেউতাক আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা।তেখেতে সৰুতেই দেউতাকক হেৰুৱাইছিল। ধীৰেন্দ্ৰ নাথ দত্তই দেৰগাঁও হাইস্কুলত ষষ্ঠ শ্রেণীলৈকে পঢ়ি আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰতে থাকি পঢ়িবলৈ লয়। দেশ আৰু জাতিৰ প্রতি সেৱা কৰাৰ মানসেৰে তেখেতে ১৯২৮ চনত সক্রিয় ভাবে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। তাৰ বাবে তেখেতে দুবছৰ জেলতো থাকিব লগা হয়। দহ বছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেখেত সাম্যবাদৰ প্রতি আকৃষ্ট হয় আৰু জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদর্শ অনুসৰি আপোচহীন ভাবে কৃষক’ তথা ‘বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। তেখেতৰ কাব্য সংকলন ‘অভিযান’ প্রকাশ পায় ১৯৩৬ চনত।১৯৭২ চনৰ ২২ অক্টোবৰ তাৰিখে যোৰহাট অসামৰিক চিকিৎসা লয়ত ৰক্তক্ষয় ৰোগত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হয়।


২/ কবিতাটিত কাঠমিস্ত্রীৰ শ্রম আৰু কষ্টৰ চিত্র কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।

উত্তৰ: ‘কাঠমিস্ত্রীৰ ঘৰ ‘কবিতাটোত কবিয়ে কাঠমিস্ত্রীৰ শ্ৰম আৰু কষ্টৰ এখন বাস্তৱ চিত্র সুন্দৰকৈ দাঙি ধৰিছে। অসহনীয় শ্রমৰ বোজা লৈ কাঠমিস্ত্রীয়ে  অর্থনৈতিক ভাবে সবল শ্রেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্রী তৈয়াৰ কৰে। নিজৰ শ্রম আৰু শিল্প দক্ষতাৰে ধনীক শ্রেণীটোৰ বাবেই তেওঁলোকে সাজি দিয়ে মায়াপুৰী সদৃশ একোটি অট্রালিকা, একোটি সুন্দৰ ঘৰ। কিন্তু তেওঁলোকৰ নিজৰ ঘৰ জৰাজীর্ণ। তেওঁলোকে আনৰ বাবে কলাসুলভ দক্ষতাৰে সুন্দৰ আকৃতিৰ চকী, মেজ, আলনা, বিচনা আজি সাজি দিয়ে ।অথচ তেওঁলোকৰ ঘৰত বহিবলৈ এখন কাঠৰ পীড়াও নাথাকে। এনেদৰেই তেওঁলোকে আনৰ বাবে শ্রম নিয়োজিত কৰি অভাৱত জুৰুলা হৈ থাকে। তেওঁলোকৰ শ্রম আৰু শিল্পদক্ষতাৰ প্রকৃত মর্যাদা নাপায়। তেঁওলোকৰ শিল্পসুলভ কলা-কৌশলতাৰে গঢ়ি দিয়া আৰামী চকীত বহি ধনী শ্রেণীটোৱে বিলাসী জীৱন কটায়। শ্রমিক সকলৰ পৰিশ্ৰমৰ ফলতেই অভিজাত শ্রেণীটোৰ দিনবোৰ ফৰকাল হৈ উঠে। কিন্তু শ্রমিকসকলৰ জীৱন অমাবস্যাৰ আউসীৰ আন্ধাৰে আৱৰি ধৰে। এইদৰেই ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত আমাৰ সমাজত থকা দুই বিপৰীত শ্ৰেণীৰ লোকৰ শ্রম আৰু কষ্টৰ চিত্ৰ এখন স্পষ্ট ৰূপত দাঙি ধৰা হৈছে।


৩/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

‘বিশ্বৰ যত কৰ্মীৰ দল

তেজ ঢালি গড়ে প্রসাদ উজ্জ্বল’

উত্তৰ: উদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত, কবি ধীৰেন্দ্র চন্দ্র দত্তই লিখা ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোৰ পৰা অনা হৈছে।

দুখীয়া শ্রমজীৱী কর্মী সকলে ধনী লোকসকলৰ মনোমোহা প্রাসাদ সাজোতে যি হাড় ভঙা পৰিশ্ৰম কৰিব লগীয়া হয়, তাৰ প্ৰসংগতে কবিতাশাৰীৰ অৱতাৰণা কৰা হৈছে।

সাধাৰণতে শ্রমজীৱী কর্মী সকল দুখীয়া, দৰিদ্ৰ। কঠোৰ শ্ৰমৰ বিনিময়ত তেওঁলোকে যি হাজিৰা পায়, তাৰেই টনাটনিকৈ নিজৰ পৰিয়াল পোহপাল দিয়ে। আনহাতে যাৰ বাবে তেওঁলোকে শ্রম কৰে, মনোমোহা অট্টালিকা বা প্রাসাদ, আচবাব আদি তৈয়াৰ কৰে, তেওঁলোক হৈছে সমাজৰ ধনী শ্ৰেণীৰ লোক। কর্মীসকলে কোনো বিশ্রাম নোলোৱাকৈ, উৎকট গৰমতো কপালৰ ঘাম মাটিত পেলাই নিজৰ শিল্পী সত্তাৰে ধনীক শ্রেণীৰ চাহিদা পূৰণ কৰে। অথচ এই শিল্পী কর্মী সকলে নিজৰ উচিত মূল্য, উচিত প্রাপ্যৰ পৰা বঞ্চিত হৈ আহিছে।


৪/ কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰ: শিল্প হৈছে এবিধ কলা, আৰু যি লোকে শিল্পকর্ম কৰে তেওঁৱেই শিল্পী। কাঠমিস্ত্রী সকলো সমাজৰ একো একোগৰাকী শিল্পী। তেওঁলোকে হাতেৰে, সাধাৰণ হাথিয়াৰ বা সঁজুলি ব্যৱহাৰ কৰিয়েই গঢ়ি তুলিব পাৰে শত ভঙ্গীৰ মনোমোহা আচবাব। নিৰস কাঠবোৰে তেওঁলোকৰ হাতত প্রাণ পাই উঠে। তেওঁলোকৰ শিল্পনৈপুন্যতাৰে তৈয়াৰ কৰা টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, টিপয় আদি আচবাব বোৰে মানুহৰ ঘৰ শুৱনি কৰে। তেওঁলোকৰ সৃষ্টি সুন্দৰৰ সৃষ্টি, যি মানুহক দিয়ে আনন্দৰ পৰিতৃপ্তি। নিপুন শিল্প কৌশলৰ দ্বাৰা নিৰস, কঠিন কাঠবোৰক বিভিন্ন ৰূপত জীৱন্ত কৰি তুলিব পৰা কাঠমিস্ত্রী সকল সঁচা অৰ্থত একোগৰাকী পাকৈত শিল্পী।


৫/ কাঠমিস্ত্রীকে ধৰি শ্রমজীৱী সকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰ: কাঠমিস্ত্রীকে ধৰি সকলো শ্রমজীৱী লোকে দেহৰ তেজ পানী কৰি ধনী মানুহৰ সুখৰ বাবে, তেওঁলোকৰ চাহিদা পূৰণৰ বাবে কাম কৰে। ইয়াৰ পিছতো তেওঁলোকৰ দুখৰ সীমা নাথাকে, অভাৱ দূৰ নহয়। তেওঁলোকে নিজৰ শ্ৰমৰ প্রকৃত মূল্য কেতিয়াও লাভ নকৰে। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোত সেয়ে কবিয়ে শ্রমজীৱী সকলৰ জীৱনৰ দুৰ্দশাৰ অৱসান বিচাৰিছে। শ্রমিকসকলে শ্রমৰ উচিত মূল্য পোৱাটো তেওঁ আশা কৰিছে। সেয়ে তেওঁ শ্রমিকসকলক নিজ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছে। অর্থাৎ সকলো শ্রমজীৱী ঐক্যবদ্ধ হৈ ধনী শ্রেণীৰ শোষণৰ বিৰুদ্ধে থিয় দিবলৈ কবিয়ে পৰামৰ্শ দিছে।


H.S. পৰীক্ষাত অহা প্রশ্ন-উত্তৰ:

১) কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোৰ কবিজনা কোন ? (HS:12)

উত্তৰ: ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোৰ কবিজনা হৈছে- ধীৰেন্দ্র চন্দ্র দত্ত।


২/ কাঠমিস্ত্রী কত থাকিবলগীয়া হয়? (H-S-15)

উত্তৰ: কাঠমিস্ত্রী আন্ধাৰ পঁজাত থাকিব লগীয়া হয়।


৩/ ‘কাঠমিস্ত্রীৰ ঘৰ’ শীর্ষক কবিতাটি ধীৰেন্দ্র চন্দ্র দত্তৰ কি কবিতা পুথিৰ পৰা লোৱা হৈছে?

উত্তৰ: ‘কাঠমিস্ত্ৰীৰ ঘৰ’ শীর্ষক কবিতাটি ধীৰেন্দ্র চন্দ্র দত্তৰ ‘অভিযান আৰু অন্যান্য কবিতা’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে।


৪/ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোত উল্লেখ থকা বিশ্বশিল্পী গৰাকী, কোন?

উত্তৰ; ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোত উল্লেখ থকা বিশ্বশিল্পী গৰাকী হৈছে-কাঠমিস্ত্রী।


৫/ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটো প্রথম কত প্রকাশ হৈছিল? (HS/20)

উত্তৰ: ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটো প্রথম প্রকাশ হৈছিল ১৯৩৯ চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্র সন্মিলনৰ মুখপত্র ‘মিলন’ত।


৬/ ‘ঝাণ্ডা’ শব্দৰ অৰ্থ লিখা। (HS’23)

উত্তৰঃ ঝাণ্ডা শব্দৰ অৰ্থ পতাকা।


৭। কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? (HS. 13,15,22)

উত্তৰ: কাঠমিস্ত্রীয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক মনোহৰ ৰূপ দিয়ে।


৮/ কাঠ খুলিবলৈ আৰু মিহিকৈ চুঁচিবলৈ কাঠমিস্ত্রীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে? (H.S-20)

উত্তৰ: কাঠমিস্ত্রীয়ে কাঠ খুলিবলৈ বটালি আৰু কাঠ মিহিকে চুঁচিবলৈ ৰাণ্ডা ব্যৱহাৰ কৰে।


৯/ ‘কাঠশিল্পীৰ ঘৰ’ কবিতাত বিলাসীৰ দলে কেনেকৈ দিন কটায় বুলি কোৱা হৈছে? (H-S.23)

উত্তৰ: ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাত প্রকাশ কৰা মতে বিলাসীৰ দলে আৰামী চকীত গা ঢালি দি প্রেমৰ সংগীত গাই জীৱন উপভোগ কৰে। উজ্জ্বল প্রাসাদৰ মায়াপুৰীত তেওঁলোকে অভাৱবিহীন, সুখৰ দিন কটায়।


১০/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা: (2019)

উঠা মিস্ত্রী কহাৰ, কমাৰ

আন্ধাৰৰ শেষ আহিল তোমাৰ

লোৱা অধিকাৰ নিজ বাহুবলে

 নিজে কৰা কৰ্মৰ,

 কাঠমিস্ত্রীৰ ঘৰ।

উত্তৰ: উদ্ধৃত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি ধীৰেন্দ্ৰ চন্দ্র দত্তই লিখা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।

কাঠমিস্ত্রীকে ধৰি অন্যান্য শ্রমজীবী সকলে বঞ্চিত হৈ অহা নিজ প্রাপ্য বা উপযুক্ত মূল্য দাবী কৰি লবলৈ আহ্বান জনাই কবিয়ে কবিতা শাৰীৰ অৱতাৰণা কৰিছে ।

কাঠমিস্ত্রীকে ধৰি কহাৰ, কমাৰ আদি লোকসকল অতি সাধাৰন দৰিদ্র শ্রেণীৰ লোক। দেহে খাটি খোৱা এই শ্রমিক সকল ধনী শ্রেণীৰ শোষণৰ বলি হৈছে আৰু কৰ্মৰ বিনিময়ত উপযুক্ত মূল্য পোৱাৰ পৰা বঞ্চিত হৈ আহিছে। ফলত তেওঁলোক দৰিদ্ৰতাৰ পৰা উধাব পৰা নাই। অভাৱ-অনটনে তেওঁলোকৰ জীৱন পঙ্গু কৰি পেলাইছে। সেয়ে কবিয়ে শ্রমিক সকলৰ শ্ৰমৰ মৰ্যাদা আৰু উচিত প্রাপ্য পোৱাৰ যি অধিকাৰ নিজ বাহুবলৰ দ্বাৰা আঁজুৰি লবলৈ আহ্বান জনাইছে।


Mastering Class 12 Assamese Chapter 5 কাঠমিস্ত্রীৰ ঘৰ is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.

Class 12 Assamese Chapter 5 কাঠমিস্ত্রীৰ ঘৰ Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment