Assam Board Exam

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ| Class 12 Assamese Chapter 5 Complete Solution

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 5 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 5

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -5

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ


১) অতি চমু প্রশ্নঃ

ক) “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্রবন্ধটো লেখকৰ কোনখন গ্রন্থৰ পৰা লোৱা হৈছে?

উত্তৰ:  ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ‘প্রবন্ধটো লেখকৰ’ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।


২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰ: বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণটো হৈছে যে এই ৰোগ একোবিধ অতি ক্ষুদ্র ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হয়।


৩/ আমাৰ বিশ্বব্রহ্মণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?

উত্তৰ: আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়।


৪। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰ: যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।


৫/ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰ: ড দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হৈছে ‘দৃষ্টি’।


খ) চমু প্রশ্ন:

১) ‘সপোনত পোৱা ঔষধ’ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?

উত্তৰ সপোনত পোৱা ঔষধ ৰোগীয়ে ব্যৱহাৰ কৰা উচিত নহয়, কিয়নো সেই ঔষধৰ কোনো সত্যাসত্যৰ প্রমাণ নাথাকে আৰু ৰোগৰ প্রকৃত ঔষধ হয়নে নহয় তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাথাকে। গতিকে সপোনত পোৱা ঔষধে ৰোগ নিৰাময় কৰাতকৈ, ৰুগীৰ অৱস্থা বেয়া কৰাৰহে সম্ভাৱনা থাকে।


২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যবান অবদান কি?

উত্তৰ: বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যবান অবদান হৈছে- বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি, যিবোৰৰ অবিহনে মানৱ জাতিৰ প্ৰগতি আৰু উন্নতি সম্ভৱ নহলহেঁতেন।


৩/ মুকলি মন মানে কি?

উত্তৰ: পাঠটিত ‘মুকলি মন’ শব্দটো বহল অৰ্থত ব্যৱহাৰ হৈছে। আঁকোৰ-গোজ হৈ পুৰণা কথাতে লাগি নাথাকি বা পুৰণা ৰীতি-নীতি, অন্ধবিশ্বাস আদিৰ মাজত সোমাই নাথাকি, নতুন কথা, নতুন চিন্তা আৰু নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে হৈছে মুকলি মন।


৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে?

উত্তৰ: ভূত-প্রেত, দেৱতা- অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। আগৰ দিনত মানুহ একেবাৰে অজ্ঞ আছিল। তেওঁলোকে বেমাৰ-আজাৰ আৰু প্রাকৃতিক পৰিঘটনা সমূহৰ কাৰণ নাজানিছিল। সেয়ে এইবোৰ কোনো অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। কিন্তু আধুনিক যুগত বিজ্ঞানে প্রমাণ কৰি দেখুৱাইছে যে ভূত-প্রেত, দেৱতা-অপদেৱতা বুলি কোনো শক্তি নাই।


৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?

উত্তৰ: আদিম যুগত জুইৰ আৱিষ্কাৰ এটা হঠাতে হোৱা পৰিঘটনা। এজন মানুহে শিলত শিল দলিয়াই থাকোতে জুই জ্বলি উঠিল। অর্থাৎ শিলেশিলে খহনি খোৱাৰ ফলত জুইৰ ফিৰিঙতি ওলাল আৰু তাৰ পৰাই পর্যবেক্ষণ কৰি জুইৰ আৱিষ্কাৰ কৰিলে।


গ) দীঘল প্রশ্ন:

১/ ‘আমাৰ বিশ্ব-ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’বিজ্ঞান’-কথাষাৰ বুজাই লিখা।

উত্তৰ: বিজ্ঞান হৈছে পৰীক্ষা-গৱেষণা আৰু প্ৰমাণৰ ভিত্তিত আহৰণ কৰা প্রণালীবদ্ধ জ্ঞান। ই সত্যৰ ওপৰত প্রতিষ্ঠিত। বিজ্ঞানৰ বলতে আজিৰ মানুহে প্রকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে।

আদিম অৱস্থাত মানুহে গ্রহ-নক্ষত্র, দিন-ৰাতি, বতাহ- বৰষুণ, বা আন প্রাকৃতিক দুযোগ সমূহ এক অলৌকিক শক্তিয়ে চলাই থাকে বুলি এক অমূলক ধাৰণা কৰিছিল। ক্রমান্বয়ে বিজ্ঞানৰ অগ্ৰগতিৰ ফলত আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষ্ম হ’ল। বিজ্ঞানীসকলৰ অনুসন্ধিৎসা , সুক্ষ্ম পৰ্যবেক্ষন আৰু সত্যৰ অনুসন্ধানৰ ফলত আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ  উৎপত্তি, গ্রহ-নক্ষত্ৰৰ আকাৰ, গতি বিধি, গঠন আদি অনেক ৰসহ্য ভেদ কৰিব পাৰিছে। বিজ্ঞানৰ উন্নত যন্ত্র-পাতি আৰু উন্নত প্রযুক্তি কৌশলৰ দ্বাৰা প্ৰকৃতিৰ গুপ্ত তত্ত্বসমূহ ভেদ কৰিব পাৰিছে বা মূল কাৰণ জানিব পাৰিছে। বিজ্ঞান অবিহনে এইবোৰ ৰহস্য হৈয়ে থাকিলহেঁতেন।


২/ বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।

উত্তৰ: বিজ্ঞানসন্মত  চিন্তা-চর্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হল বৈজ্ঞানিক মানসিকতা। এই মানসিকতা গঢ় লৈ উঠিবলৈ কোনো শিক্ষাগত অৰ্হতাৰ প্রয়োজন নহয়। ই নির্ভৰ কৰে ব্যক্তি এজনৰ যুক্তিপূর্ণ বিচাৰ-বিবেচনা আৰু এটা মুকলি মনৰ ওপৰত। গতিকে বিজ্ঞানৰ উচ্চ ডিগ্রী থকা লোকসকলহে যে বৈজ্ঞানিক মানসিকতাৰ গৰাকী, তেনে নহয়। উচ্চ শিক্ষিত মানুহো প্রায়ে প্রচলিত যুক্তিহীন ৰীতি-নীতি আৰু অন্ধবিশ্বাসৰ বশবর্তী হোৱা দেখা যায়। বিপৰীতে সমাজৰ নিৰক্ষৰ, হোৱা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে।

শেষত ক’ব পাৰি যে সকলো কার্যৰ একোটা কাৰণ থাকে, সেই কাৰণটোক যুক্তিপূর্ণভাবে বিচাৰ বিশ্লেষণ আৰু সত্যাসত্য নিৰূপণ কৰি সিদ্ধান্তত উপনীত হব পৰা গুণেই হৈছে বৈজ্ঞানিক মানসিকতা।


৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰ: সমাজ এখনৰ প্ৰগতিৰ মূল অন্তৰায় হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ।প্রাচীন কালত মানুহে বেমাৰ-আজাৰ, প্রাকৃতিক পৰিঘটনা বা আন বহুতো ঘটনাৰ কাৰ্য-কাৰণ সম্পর্কে জনা নাছিল। তেওঁলোকে সেইবোৰ কোনো ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। তেতিয়াৰে পৰা চলি অহা অনিষ্টকাৰী বা প্রগতিত বাধাৰ সৃষ্টি কৰা প্রথা বোৰ বা অন্ধবিশ্বাসবোৰ আজিও বহুত মানুহে বোপা-ককাৰ দিনৰে পৰা চলি আহিছে বুলি এৰিব নুখোজে। তেনে লোক সকলে বৈজ্ঞানিক ধ্যান-ধাৰণাৰ পৰা আঁতৰত থাকি সমাজৰ প্রগতিত পৰিপন্থী হৈ থিয় দিয়ে।

আনহাতে বিজ্ঞানৰ ব্যাপক প্রসাৰ, প্রয়োগ আৰু যুগান্তকাৰী আৱিষ্কাৰ সমূহৰ ফলত মানৱ জাতি আজি সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত হৈছে। মানৱ জীবনৰ প্রতিটো বিষয় বা ক্ষেত্ৰক বিজ্ঞানে সমৃদ্ধ কৰি তুলিছে। বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি প্রগতিৰ পথ মোকলাই দিছে। গতিকে বিজ্ঞান অধ্যয়ন কৰিলে আৰু বৈজ্ঞানিক মানসিকতাৰ গৰাকী হব পাৰিলে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ মনৰ পৰা আঁতৰিব আৰু বিজ্ঞানৰ ধ্যান-ধাৰণা মানুহে বিশ্বাস কৰিব আৰু আঁকোৱালী লব। সেয়ে আমাৰ সমাজ তথা দেশখনৰ উন্নতিৰ বাবে প্রত্যেকজন মানুহ বৈজ্ঞানিক মানসিকাৰ গৰাকী হ’ব লাগিব। অন্যথা আমাৰ দেশ সভ্যতাৰ মাত্র পথত বহু দূৰ পিছ পৰি ৰ’ব।


৪/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা- ‘বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।’

উত্তৰ: উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড দীনেশ চন্দ্র গোস্বামীৰ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীর্ষক পাঠটোৰ পৰা অনা হৈছে।

আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি প্রথা আৰু অন্ধবিশ্বাসৰ কবলত নিজৰ মনটোক আবদ্ধ নাৰাখি বিজ্ঞানৰ ন ন কথা আৰু সিদ্ধান্ত গ্রহণ কৰি বৈজ্ঞানিক মানসিকতাৰ গৰাকী হোৱাত গুৰুত্ব আৰোপ কৰিবলৈ বাক্যশাৰী প্রয়োগ কৰিছে।

বর্তমান যুগ হ’ল মন মুকলি কৰি ৰখাৰ যুগ। নজনা কথা জানিব বিচৰাটো মানুহৰ সহজাত প্রবৃত্তি। এই প্রবৃত্তিৰ বাবেই মানুহে নানা তথ্য উদ্‌ঘাটন কৰিছে, নানা বস্তু আৱিষ্কাৰ কৰিছে। শাৰীৰিক শক্তিকে দমন বা আয়ত্ব কৰিব নোৱাৰা বস্তু বা ঘটনা বুদ্ধি আৰু কৌশল প্রয়োগ কৰি বিজ্ঞানে নিজৰ নিয়ন্ত্রণলৈ আনিছে, আৰু বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা সুসংবদ্ধ ব্যাখ্যা আৰু জ্ঞান দিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ বাবেই মানুহৰ আহাৰ, আশ্রয় আৰু বস্ত্ৰৰ সমস্যা সমাধানৰ পথ সুগম হৈছে। কিন্তু, বর্তমানেও এচাম লোকে পুৰণি কলীয়া প্রথা, অন্ধবিশ্বাস কু-সংস্কাৰ আদিত নিজকে নিমজ্জিত কৰি ৰাখি সমাজ আৰু দেশৰ প্রগতিত অন্তৰায় হৈ থিয় দিছে। আমি উন্নত সমাজ ব্যৱস্থা আৰু দেশৰ প্রগতি বিচাৰিলে, আমাৰ মনবোৰ মুকলি হব লাগিব, অর্থাৎ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মনবোৰ মুকলি কৰি বৈজ্ঞানিক চেতনা বা মানসিকতা গঢ়ি তুলিব লাগিব।


৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বর্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ: বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজৰ অধিকাংশলোক অনেক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আছে। তাৰে তিনিটা হৈছে –

ক) ডাইনী হত্যা: ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ অন্ধবিশ্বাসী এচাম লোকে ‘ডাইনী’ বুলি সন্দেহ কৰি সমাজৰ কেতবোৰ দৰিদ্ৰ, নিঠৰুৱা, ৰুগীয়া তিৰোতাক নিষ্ঠুৰ ভাবে হত্যা কৰি আহিছে। ই’ অতি ঘৃণনীয় কার্য আৰু দণ্ডনীয় অপৰাধ।


খ) যাদু-মন্ত্ৰ আৰু তাবিজ: কিছুমান মানুহে বেমাৰ-আজাৰ হ’লে চিকিৎসকৰ কাষ নাচাপি বেজৰ ওচৰলৈ ঢাপলি মেলে। ভাগ্যক বিশ্বাস কৰা আন কিছুমানে কোনো কামত সফল হব নোৱাৰিলে বেজৰ ওচৰত ভাগ্য পৰীক্ষা কৰাই তাবিজ, জৰী আদি পৰিধান কৰে। যিবোৰ একেবাবে ভিত্তিহীন।


গ) আই লম্বা: মাজে সময়ে এক অদ্ভুত খবৰ ওলায় যে কোনোবা অঞ্চলৰ কাৰোবাৰ গাত আই লম্বিছে, সকলো কথা ধৰি দিব পাৰে বা ভৱিষ্যতৰ ভাল-বেয়া কৈ দিব পাৰে। খবৰ শুনা মাত্রকে চামে-চামে মানুহ আই লম্বা গৰাকীৰ ওচৰত ভাগ্য পৰীক্ষা কৰাবলৈ ঢপলিয়াই।

এনেকুৱা আৰু অসংখ্য অন্ধবিশ্বাস আমাৰ সমাজত প্রচলিত হৈ আছে, যিবোৰে মানুহৰ মন-মগজু অন্ধকাৰত ৰাখিছে আৰু সমাজ আৰু দেশৰ প্রগতিত প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে।


H.S. পৰীক্ষাত অহা প্রশ্নসমূহ:

১) বিজ্ঞান কি? (H.S’12)

উত্তৰ: বিজ্ঞান হৈছে পৰীক্ষা-নিৰীক্ষা, গৱেষণা আৰু প্ৰমাণৰ ভিত্তিত আহৰণ কৰা প্রণালীবদ্ধ জ্ঞান।


২/ দাঁতৰ পোকবোৰ প্ৰকৃততে কি? (H-S. 13,15)

উত্তৰ: দাঁতৰ পোকবোৰ প্ৰকৃততে চকুৰে মনিব নোৱাৰা কিছুমান অনুজীৱ।


৩। বসন্তৰোগ কিহৰ পৰা সৃষ্টি হয়? (H-S. 14,16)

উত্তৰ: বসন্তৰোগ একোবিধ অতি ক্ষুদ্র ভাইৰাচ বা বীজাণুৰ দ্বাৰা সৃষ্টি হয়।


৪) বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ শীর্ষক পাঠটো ক’পৰা লোৱা হৈছে? (H-S-17)

উত্তৰ: ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ শীর্ষক পাঠটো লেখকৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।


৫। বসন্ত ৰোগ প্রধানকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? (H-S-19)

উত্তৰ: বসন্তৰোগ প্রধানকৈ শীতলা দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল


৬। শব্দার্থ লিখা: উপকল্প। (H.S.20,22)

উত্তৰ: ‘উপকল্প’ শব্দৰ অৰ্থ হৈছে উপ-বিধি বা নিয়মৰ লেখীয়া।


 ৭/ বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? (H-s.12, 18, 22)

উত্তৰ: বসন্তৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে ভাইৰাচ নামৰ এবিধ ক্ষুদ্র বীজাণু। এই’ ভাইৰাচে আমাৰ শৰীৰত আক্ৰমণ কৰিলে বসন্তৰোগে দেখা দিয়ে।


৮/ ° দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা দুখন গ্রন্থৰ নাম লিখা। (HS-13)

উত্তৰ: ড° দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা দুখন গ্রন্থৰ নাম বৈজ্ঞানিক মানসিকতা’ আৰু ‘মোহনীয় বিশ্বব্রহ্মাণ্ড’।


৯/ বিশুদ্ধ খোৱা পানীৰ অভাৱত হ’পৰা যিকোনো দুবিধ ৰোগৰ নাম লিখা। (HS. 14)

উত্তৰ: বিশুদ্ধ খোৱা পানীৰ অভাৱত হ’ব পৰা যি কোনো দুবিধ ৰোগৰ নাম হৈছে ডায়েৰিয়া আৰু কলেৰা।


১০/ বিজ্ঞানীৰ কাম কি?(H-s. ’17, 22)

উত্তৰ: বিজ্ঞানীৰ কাম হৈছে- কোনো এটা বস্তু বা ঘটনা পর্যবেক্ষণ কৰা,জোখ-মাখ লোৱা, সত্যৰ অনুসন্ধান কৰা, আৰু বস্তু বা ঘটনাটোৰ ধর্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা।


১১/ ‘পদার্থ কণা-ত্বৰক কাক বোলে? (H-S.’18,20)

উত্তৰ: পদাৰ্থৰ ক্ষুদ্রতম কণাসমূহৰ বেগ ক্রমে বঢ়াই দিয়া যন্ত্র বিশেষক পদার্থ কণা-ত্বৰক বোলা হয়।


১২/ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যবান অবদান কি কি?(HS/20)

উত্তৰ: মানৱ জাতিলৈ বিজ্ঞানৰ বহু বেছি মূল্যবান অবদান কেইটা হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। এই কেইটা এই কাৰণেই মূল্যবান যে মানুহৰ মনত বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আদি গঢ় লৈ নুঠাহলে মানব সভ্যতাৰ বিকাশ নহলহেঁতেন।


১৩/ পর্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুর্বিধ যন্ত্ৰৰ নাম লিখা। (H5.123)

উত্তৰ: পর্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম হৈছে-এক্স-ৰশ্মিৰ দূৰবীণ আৰু অণুবীক্ষণ যন্ত্র।


১৪) আমি কিদৰে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰোঁ, চমুকৈ লিখা। (HS:13,15,17)

উত্তৰ: পুৰণিকলীয়া প্রথা বা ৰীতি-নীতি, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি সমাজৰ ব্যাধিবোৰ আঁতৰাই মানুহৰ মনত বৈজ্ঞানিক মানসিকতা গঢ় দিয়াটো অজিৰ দিনত নিতান্তই প্রয়োজন। সমাজৰ প্রত্যেকজন মানুহকে বৈজ্ঞানিক-মানসিকতাৰ গৰাকী কৰি তোলাটো সিমান সহজ কথাও নহয়। এই ক্ষেত্রত সজাগতা সৃষ্টিয়েই হল এটা উত্তম উপায়। পৰম্পৰাগত প্রথা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ ভয়াবহতা, বা এইবিলাকে সমাজ এখনক কেনেদৰে পংগু কৰি তোলে, তেনেবোৰ বিষয় সামৰি বিদ্যালয়ৰ পাঠ্যক্ৰমত পাঠ অন্তর্ভুক্ত হ’ব লাগে। তেতিয়া সৰুৰে পৰা ছাত্র-ছাত্রীৰ মনত সেইবোৰ মিছা বা ভিত্তিহীন বুলি ধাৰণা হ’ব আৰু বিজ্ঞানসন্মত চিন্তাধাৰাৰ প্রতি ধাউতি বাঢ়িব।

বৈজ্ঞানিক মানসিকতা গঢ়িবৰ বাবে আন এটা উপায় হৈছে-তথ্যচিত্র, প্রচাৰ মাধ্যম, বাটৰ নাট ইত্যাদি। এইবোৰ মাধ্যমৰ দ্বাৰা বিজ্ঞানভিত্তিক কাহিনী আৰু সমাজত চলি থকা কিছুমান অমানবীয় আৰু ভিত্তিহীন কাৰ্যকলাপৰ ঘৃণনীয়  ফল প্ৰচাৰ কৰিও মানুহৰ মনত বিজ্ঞান ভিত্তিক সজাগতাৰ সৃষ্টি কৰিব পাৰি।


১৫/ প্রকৃত বিজ্ঞানীৰ কাম কেনে হোৱা উচিত? (H.S.19)

উত্তৰ: কোনো এটা বস্তু বা ঘটনা ভালদৰে পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা ইত্যাদি বোৰেই প্রকৃত বিজ্ঞানীৰ কাম হোৱা উচিত।


১৬/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

‘আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।’

উত্তৰ: উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড° দীনেশ চন্দ্র গোস্বামীৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক পাঠটোৰ পৰা অনা হৈছে।

আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ বিষয়ে এতিয়ালৈকে যিমানবোৰ তথ্য লাভ কৰা হৈছে বা ৰহস্য ভেদ কৰিব পাৰিছে, সেই গোটেইবোৰ কেৱল যে বিজ্ঞানৰ বলতে হৈছে, তাৰ প্ৰসঙ্গতে বাক্যশাৰীৰ অৱতাৰণা কৰিছে।

আদিতে বিশ্বব্রহ্মাণ্ডখনৰ বিষয়ে মানুহৰ অনেক ভ্রান্ত ধাৰণা আছিল। চন্দ্র, সূর্য, পৃথিৱী আৰু আন গ্রহ-নক্ষত্র সমূহ প্রকৃততে কি, এইবোৰৰ সৃষ্টি, গতি-বিধি আদিৰ বিষয়ে মানুহ একেবাৰে অজ্ঞ আছিল। দূৰবীক্ষণ যন্ত্র আৱিষ্কাৰ কৰাৰ পিছত বিজ্ঞানীসকলে মহাকাশ সম্পর্কে বহু নতুন তথ্য লাভ কৰিবলৈ সক্ষম হ’ল। ক্রমান্বয়ে বিজ্ঞানৰ ইটোৰ পিছত সিটো উন্নত যন্ত্র পাতিৰ আৱিষ্কাৰ আৰু উন্নত প্রযুক্তি কৌশলৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ প্রকৃত ৰহস্য উদ্‌ঘাটন কৰি নানা তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ মানুহে এতিয়া মহাকাশৰ চুকে-কোণে বিচৰণ কৰিব পাৰিছে। এই আটাইবোৰ সাফল্যৰ মূলতে হৈছে বিজ্ঞান। বিজ্ঞান অবিহনে মানুহৰ মনত বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য ৰহস্য হৈয়ে থাকিলহেঁতেন।


Mastering Class 12 Assamese Chapter 5 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


Class 12 Assamese Chapter 5 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment